জ্ঞানদা কাকতী
Dainik Janambhumi
January 10, 2025
১৯৩৫ চনৰ ১০ মাৰ্চ– প্ৰতিগৰাকী অসমীয়াক গৌৰৱান্বিত কৰা এটি দিন৷ উক্ত দিনটোতেই বিশ্বৰ চলচ্ছিত্ৰৰ মানচিত্ৰত সংযোজিত হৈছিল এটি নতুন নাম– ‘জয়মতী’৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৰঘৰ জাতিস্কাৰ কৰি প্ৰথমখন ভাৰতীয় সবাক ছবি মুক্তিৰ মাত্ৰ চাৰি বছৰ পাছতেই চিত্ৰগৃহলৈ আহিছিল জ্যোতিৰ সপোনৰ ‘জয়মতী’৷ ছবিখন নিৰ্মাণৰ সিদ্ধান্ত আছিল দুঃসাহসিক৷ কোনোধৰণৰ সুবিধা নথকা অসমৰ দৰে এখন ৰাজ্যত কেৱল জাৰ্মানিত আহৰণ কৰা চলচ্ছিত্ৰ সম্বন্ধীয় জ্ঞানকে মূলধন হিচাপে লৈ ‘জয়মতী’ নিৰ্মাণৰ বাবে আগবাঢ়িছিল জ্যোতিপ্ৰসাদ আগৰৱালা৷
এই ছবিখনৰ নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আইদেউ সন্দিকৈয়ে৷ এখন ৰক্ষণশীল সমাজৰ অলেখ বাধা নেওচি তেওঁ চলচ্ছিত্ৰত অভিনয়ৰ বাবে ওলাই আহি সমাজৰ ৰোষত পৰিছিল৷ ছবিত অভিনয় কৰাৰ বাবে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰা হৈছিল৷ চিৰজীৱন আবিয়ৈ হৈ কটাইছিল এইগৰাকী শিল্পীয়ে৷ এই দুখৰ ভাৰ চিৰজীৱন বহন কৰি ২০০২ চনত ইহলীলা সম্বৰণ কৰে অভিনেত্ৰীগৰাকীয়ে৷ অসমীয়া চলচ্ছিত্ৰৰ বাবে চৰম ত্যাগ কৰিও এক যন্ত্ৰণাময় জীৱন কটাবলগীয়া হোৱা আইদেউ সন্দিকৈৰ প্ৰতি সেই সময়ৰ একাংশ লোকে যিধৰণৰ মনোভাব প্ৰদৰ্শন কৰিছিল সেয়া দেখি-শুনিও কিন্তু ইয়াৰ পাছৰ সময়ছোৱাত ছবি কৰিবলৈ ওলাই আহিছিল বহু অভিনেত্ৰী৷
‘জয়মতী’ মুক্তিৰ এটা দশকৰ পাছতেই আন এগৰাকী প্ৰতিভাসম্পন্ন অভিনেত্ৰীৰ আৱিৰ্ভাৱ ঘটিছিল৷ নাম তেওঁৰ জ্ঞানদা কাকতী৷ অসমীয়া চলচ্ছিত্ৰৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা এটি নাম৷ অপৰূপ সৌন্দৰ্যৰ অধিকাৰিণী এইগৰাকী খ্যাতিমান অভিনেত্ৰীয়ে দেশে স্বাধীনতা লাভৰ মাত্ৰ এটা বছৰ পাছতেই মুক্তিলাভ কৰা অসমীয়া চলচ্ছিত্ৰ ‘পাৰঘাট’ত অভিনয়ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছিল৷ জ্ঞানদা কাকতীৰ পিতৃ আছিল মঞ্চাভিনেতা দেৱেন দাস আৰু মাতৃ বিৰজা দাস৷ জ্ঞানদা কাকতীয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল৷ সৰু থাকোঁতে শ্বিলঙৰ অসম ক্লাব নামৰ সাংস্কৃতিক অনুষ্ঠানটোৰ উদ্যোগত হোৱা অনুষ্ঠানত স্কুলৰ পৰা ‘সতী বেউলা’ নামৰ এখন নৃত্য-নাটিকাত অভিনয় কৰিছিল৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা৷
কণমানি নৃত্যপটীয়সী জ্ঞানদা কাকতীৰ নৃত্য দেখি বিষ্ণু ৰাভাই তেওঁক মাতি নি ভূয়সী প্ৰশংসা কৰিছিল৷ আৰু এইদৰে তেওঁৰ অভিনয় যাত্ৰা আগবাঢ়িছিল৷ জ্ঞানদা কাকতীকো সেই সময়ত ছবিত অভিনয় কৰাৰ বাবে মাতৃ বিৰজা দাসে অনুমতি দিয়া নাছিল৷ কিন্তু বিবাহৰ পাছত স্বামী শিল্পী লোহিত কাকতীয়ে হয়তো শিল্পী জ্ঞানদা কাকতীৰ শিল্পীসত্তাক বুজি পাইছিল৷ অভিনয়ৰ লগতে ভাল গান গোৱা জ্ঞানদা কাকতীৰ দৰে শিল্পী এগৰাকীক উলিয়াই অনাৰ আঁৰৰ ব্যক্তিগৰাকী আছিল তেওঁৰ স্বামী৷ সেয়ে স্বামীৰ বাবে বিয়াৰ পাছত পুনৰ অভিনয়ৰ ক্ষেত্ৰখনত ভৰি থয় এইগৰাকী শিল্পীয়ে৷ আৰম্ভ হয় চলচ্ছিত্ৰত অভিনয় যাত্ৰা৷ ১৯৪৮ চনত মুক্তিলাভ কৰে জ্ঞানদা কাকতী অভিনীত ‘পাৰঘাট’ নামৰ ছবিখন৷ ইয়াৰ পাছৰখিনি ইতিহাস৷ কুৰিখনতকৈ অধিক ছবিত অভিনয় কৰে এইগৰাকী শিল্পীয়ে৷ ইয়াৰে কেইখনমান হৈছে– পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিণী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য ছবি আিছল ‘পূবেৰুণ’৷ ১৯৫৯ চনত মুক্তিলাভ কৰা এইখন ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে কেৱল অসমতে নহয়, দেশে-বিদেশে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পীগৰাকীয়ে৷ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ আমন্ত্ৰিত প্ৰথমখন অসমীয়া ছবি আছিল ‘পূবেৰুণ’৷
আৰু এই ছবিখনৰেই মুখ্য অভিনেত্ৰীগৰাকী আছিল জ্ঞানদা কাকতী৷ ছবিখন বাৰ্লিনত প্ৰদৰ্শনৰ সময়ত অভিনেত্ৰীগৰাকীও উপস্থিত আছিল আৰু দৰ্শক-সমালোচকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ সেই সূত্ৰে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত খোজ পেলোৱা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আছিল কাকতী৷ এই মহোৎসৱত অংশগ্ৰহণ কৰি কাকতীয়ে কেৰী গ্ৰাণ্ট, ছ’ফিয়া লৰেন আদিৰ দৰে প্ৰখ্যাত হলিউডৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পায়৷ বি বি চিক সাক্ষাৎকাৰ দিয়া প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰীও আছিল কাকতী৷ অভিনয় প্ৰতিভাৰ লগতে জ্ঞানদা কাকতীৰ ৰূপ-লাৱণ্যত মুগ্ধ হৈছিল দেশ-বিদেশৰ দৰ্শক৷ বাংলা ছবিৰ লগতে হিন্দী ছবিৰ বাবেও প্ৰস্তাৱ আহিব ধৰিছিল৷
কেইখনমান বাংলা ছবিত অভিনয়ো কৰিছিল৷ বিমল ৰয়ৰ দৰে প্ৰখ্যাত পৰিচালকৰ চকুত ধৰা দিছিল এইগৰাকী অভিনেত্ৰীয়ে৷ ৰয়ৰ ‘বন্দিনী’ ছবিখনত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে সেয়া প্ৰত্যাখ্যান কৰিবলগীয়া হয়৷ এইবোৰৰ উপৰি অসমৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰো প্ৰথম ঘোষিকা আছিল কাকতী৷ আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল৷ দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফ’ন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে৷
ইমানবোৰ প্ৰতিভাৰে মহীয়ান হৈয়ো এইগৰাকী শিল্পীয়ে জীৱনকালত যিমান নাম-যশ, সন্মান লাভ কৰিব লাগিছিল তাৰ পৰা যেন বঞ্চিত হৈছিল৷ তেওঁৰ সমকালীন বলিউডৰ অভিনেত্ৰীসকলৰ সৈতে সমানে ফেৰ মাৰিব পৰা হোৱা সত্ত্বেও হয়তো অসমৰ দৰে এখন প্ৰান্তীয় ৰাজ্যৰ বাসিন্দা হোৱা বাবেই এইগৰাকী অভিনেত্ৰীয়ে জীৱনত বহু কিবাকিবি হেৰুৱাব লগা হ’ল৷ ‘ট্ৰেজেডি কুইন’ মীনা কুমাৰীৰ সমসাময়িক কালৰ এইগৰাকী অভিনেত্ৰীৰ অসমীয়া ছবিজগতলৈ যি অতুলনীয় অৱদান তাৰ বাবে অসমবাসীয়ে চিৰকাললৈ স্মৰণ কৰিব জ্ঞানদা কাকতীক৷
Share This