ডিজিটেল ডেস্ক : উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী এতিয়া লাখ লাখ মানুহেৰে ভৰি পৰা কংক্রিটৰ অৰণ্য বুলি ক'লে ভুল কোৱা নহ'ব। মানুহৰ ঘনত্ব যিমানেই বাঢ়িছে, সিমানেই গুৱাহাটী ধ্বংসৰ গৰাহলৈ গতি কৰিছে। মানৱসৃষ্ট সমস্যাই গুৱাহাটীত জীৱন ধাৰণ দুর্বিষহ কৰি তুলিছে। উৰণীয়া সেতু নির্মাণকে ধৰি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজ চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীত প্ৰদূষণৰ মাত্রা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। একেদৰে কৃত্রিম বান বা যি বুলিয়েই অভিহিত নকৰক কিয়, গুৱাহাটীৰ আবদ্ধ পানীয়ে ইয়াৰ বাসিন্দাক বছৰ বছৰ ধৰি জলা-কলা খুৱাই আহিছে। নলা-নর্দমাবোৰ প্লাষ্টিক-পলিথিন, জাবৰ-জোঁথৰেৰে পূৰ্ণ হৈ ৰাজপথে কদর্য ৰূপ ধাৰণ কৰিছে। এজাক বৰষুণতে প্ৰতি বছৰে কৃত্রিম বানত বুৰি আহিছে এই মহানগৰ। শেহতীয়াভাৱে উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যু হোৱা ঘটনাই গুৱাহাটীৰ উন্নয়নৰ স্বৰূপ উদঙাইছে। ইয়াৰ পূর্বেও এনে বহু ঘটনা সংঘটিত হৈছে। মুঠতে বসবাসৰ বাবে যেন ক্রমাৎ অনুপযোগী হৈ আহিছে গুৱাহাটী। প্ৰদূষণৰ কথা নক'লোৱেইবা।
ব্যক্তিগত তথা অন্যান্য যান-বাহনবিলাকে ব্যাপক আৰু ভয়ানকভাৱে বায়ু প্রদূষণ কৰি আছে, বিষাক্ত কার্বন নির্গমন ঘটাইছে আৰু ইয়াৰ ফলত গুৱাহাটীৰ বায়ু অতি নিম্নমানৰ হৈছে। বর্তমান সময়ত গুৱাহাটী মহানগৰত শ্বাস-প্রশ্বাসজনিত ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা অভূতপূর্ব হাৰত বৃদ্ধি পোৱাৰ অন্যতম কাৰক হৈছে এই প্রদূষণ। চিকিৎসক, পৰীক্ষাগাৰ, হস্পিটেল আদিৰ তথ্যৰ পৰাই ইয়াৰ সত্যতা আৰু ভয়াৱহতা উপলব্ধি কৰিব পাৰি। বায়ু প্ৰদূষণত নাইবা প্রদূষিত বায়ুত পার্টিকুলেট মেটাৰ ২.৫ (পি এম ২.৫) অধিক পৰিমাণে পোৱা যায় আৰু বেছিভাগ লোকৰ মৃত্যুৰ প্ৰধান কাৰণ এই পি এম ২.৫। পি এম ২.৫ হ'ল বায়ুত থকা ক্ষুদ্রতম পদার্থকণা, যিবিলাক ধূলি, ধোঁৱা, জুয়ে পোৰা আৱৰ্জনাৰ ক্ষুদ্র কণা, জুলীয়া পদার্থ কণা আদিৰে গঠিত। এই পি এম ২.৫ মানুহৰ শৰীৰত শ্বাস-প্রশ্বাসৰ জৰিয়তে প্ৰৱেশ কৰে। এইবোৰ পোনপটীয়াকৈ মানুহৰ হাঁওফাঁওত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত কৰ্কট ৰোগকে ধৰি বিভিন্ন জটিল ৰোগত মানুহ আক্রান্ত হয়। পি এম ২.৫ৰ বাবে কৰ্কট ৰোগৰ উপৰি অন্যান্য ৰোগতো বহু লোক আক্রান্ত হৈ আহিছে। বিশেষকৈ বয়োজ্যেষ্ঠ পুৰুষ-নাৰী, শিশু আদি বায়ু প্ৰদূষণৰ চিকাৰ হয়।এনে এক সময়তে গুৱাহাটী মহানগৰীত সেউজীয়াৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে প্ৰতিগৰাকী বাসিন্দাই। এই ছেপ্টেম্বৰ মাহতো এতিয়া উৎকট গৰমত মহানগৰীৰ বাসিন্দই জলা-কলা খাইছে। শৰৎ ঋতুৰ যি নান্দনিক সৌন্দর্য সেয়া এতিয়া মহানগৰীৰ নাগৰিকে অনুভৱ কৰিব নোৱাৰে। শৰতৰ অনাবিল আনন্দ, শেৱালিৰ সুগন্ধই আমোলমোল কৰা পৰিৱেশ এটাৰ অভাৱ মহানাগৰিক জীৱনৰ প্ৰতিগৰাকী বাসিন্দাই অনুভৱ কৰে। ইয়াৰ কাৰণো অৱশ্যে আমিয়েই। পাহাৰ ধ্বংস কৰি, বিল পুতি, গছ-গছনি কাটি ঘৰ সাজি থকাৰ পৰিণতি আমি এতিয়া ভুগিব লাগিছোঁ। গুৱাহাটীতেই নহয়, পৃথিৱীক সেউজীয়াৰ আচ্ছাদনেৰে সহনশীল কৰি তোলা, বাসোপযোগী কৰি জীৱনময় কৰি ৰখা গছবোৰৰ সংখ্যা সর্বত্র দিনে দিনে কমি আহিছে। মানুহে কাটি তহিলং কৰিছে অৰণ্য। ইয়াৰ কু-প্রভাৱ লাহে লাহে সমগ্র বিশ্বতে দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ সকলো সহজাত নিয়মৰ বিপৰীতে গৈ মানুহে নিজৰেই সর্বনাশ মাতি আনিছে। বিগত কেইটামান বছৰত গুৱাহাটীত উৰণীয়া সেতু নির্মাণৰ বাবেও বহু গছ কাটি তহিলং কৰা হৈছে।
অতি শেহতীয়াভাবে উৰণ সেতু নিৰ্মাণৰ বাবে ৰাইজৰ প্রবল বাধা সত্ত্বেও আমবাৰী, দীঘলীপুখুৰী পাৰৰ গছ কাটিবলৈও কুণ্ঠাবোধ কৰা নাই চৰকাৰে। মুঠতে সেউজীয়া গছৰ ছাঁত জিৰাবলৈ গুৱাহাটীত এতিয়া গছৰ অভাৱ। ভাবিলে আচৰিত লগা কথা। যিখন গুৱাহাটীক এসময়ত সেউজীয়াই আৱৰি আছিল, গুৱাহাটীৰ সৌন্দৰ্যক লৈ প্ৰতিগৰাকী অসমীয়াই গৌৰৱবোধ কৰিছিল সেই গুৱাহাটীত এতিয়া কৰ্মৰ খাতিৰতহে মানুহে বসবাস কৰি আছে। গুৱাহাটী আৰু এতিয়া সপোনৰ চহৰ হৈ থকা নাই। কেইবাটাও বিলৰে পৰিপূৰ্ণ গুৱাহাটীত এতিয়া সেউজীয়া পৰিৱেশ বিচাৰি হাহাকাৰ কৰিব লগা অৱস্থা। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ ভিন্ন অঞ্চলত দ্রুতহাৰত বনাঞ্চল সংকুচিত হৈ আহিছে। এইদৰে চলি থাকিলে এক ভয়াৱহ ভৱিষ্যতৰ সম্মুখীন হ'ব লাগিব আমি। শৰৎ ঋতু আমাৰ বাবে যেন সাধুকথাহে হৈ পৰিব। অৱশ্যে অসম চৰকাৰে মাজে সময়ে গছপুলি ৰোপণৰ কিছু কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ৰ চৌহদত নিৰ্বাচিত গছৰ পুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কোটি কোটি গছপুলি ৰোপণৰ লক্ষ্য লৈ চৰকাৰে সেয়া কাৰ্যকৰীও কৰিছে। কিন্তু এইবোৰ কাৰ্যক্ষেত্রত কিমান ফলদায়ক হয় সেয়া সময়েহে ক'ব।