অন্তৰ্বিৰোধ

Dainik Janambhumi December 07, 2024

বিগত কেইটামান বছৰ ধৰি আমাৰ দেশত এক ৰাষ্ট্ৰ, এক দেশ, এক আইন, এক ভাষা, এক নিৰ্বাচন আদি কিছুমান বাণী বৰকৈ শুনা গৈছে৷ এই ‘এক’ শব্দটো একে ধৰণৰ বা একে (identical) অৰ্থত ব্যৱহৃত হয়৷ কেতিয়াবা এক ধৰ্ম, এক সংস্কৃতি বুলিও দুই-এক মহলে ধবনি দিব খোজে৷ এই ‘এক’তে  যতমানে জটিলতা৷ সমৰূপী (Uniform) আৰু একৰূপী একে কথা নহয় আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এই পৃথিৱীত বহুত্ব বা বৈচিত্ৰ্যক অৱজ্ঞা কৰি বলপূৰ্বক ‘একত্ব’ কাৰো ওপৰত আৰোপ কৰা নাযায়৷

কিন্তু বহুধা বিভক্ত আমাৰ সমাজত তেনে এটা প্ৰৱণতা সৰ্বদাই বিৰাজমান৷ গোষ্ঠী বিভাজন, জাত-বৰ্ণ বিভাজন, অৰ্থনৈতিক শ্ৰেণী বিভাজন আদিয়ে আমাৰ সমাজত একোটা প্ৰভাৱশালী আৰু এটা তুলনামূলকভাৱে দুৰ্বল শ্ৰেণীৰ সৃষ্টি কৰে৷ এই প্ৰভাৱশালী শ্ৰেণীয়েই দুৰ্বল শ্ৰেণীৰ ওপৰত ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিক-সাংস্কৃতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰে৷ শক্তিশালী শ্ৰেণীয়ে তেওঁলোকৰ স্বাৰ্থৰ অনুকূল ধৰণৰ ভাবধাৰা, মূল্যবোধ দুৰ্বল শ্ৰেণীৰ ওপৰত জাপি দিয়ে৷ তাকে কৰিবলৈ যাওঁতে তেওঁলোকে যুক্তি দিয়ে যে সেই ধৰণৰ পথ অৱলম্বন কৰিলেই দুৰ্বলসকলৰ মংগল৷ কিন্তু দুৰ্বল-সবলসকলৰ মাজত অন্তৰ্নিহিত হৈ থকা দ্বন্দ্বৰ বাবেই দুৰ্বলসকলে সবলসকলৰ সকলো কথা বিনাচৰ্তে মানি ল’ব নোখোজে৷ তাতেই আৰম্ভ হয় সামাজিক-ৰাজনৈতিক সংঘাত আৰু সংকট৷ প্ৰভাৱশালী মহলৰ হাতত থাকে ৰাষ্ট্ৰ ক্ষমতা৷ এই ক্ষমতাৰ প্ৰয়োগ বা অপপ্ৰয়োগেৰে সংখ্যাগৰিষ্ঠ দুৰ্বলসকলক সৈমান কৰিব খোজে৷ আজিৰ ভাৰতবৰ্ষ এনেধৰণৰ দ্বন্দ্বৰে অস্থিৰ হৈ পৰিছে৷

ভাৰতীয় মানুহৰ মানসিকতা সমধৰ্মী বা (Uniform) বা সমৰূপী কেতিয়াও নাছিল৷ জাতি-ধৰ্ম-ভাষা-নৃগোষ্ঠী সংস্কৃতিৰ ভিন্নতা ভাৰতবৰ্ষৰ ক্ষেত্ৰত এক ঐতিহাসিক সত্য৷ তদুপৰি পূব-পশ্চিম, উত্তৰ-দক্ষিণলৈ ভূমিভাগৰ যি বিশালতা– এই সমগ্ৰ ভূখণ্ডক লৈ এখন ভাৰতবৰ্ষ কেতিয়াও ইতিহাসৰ পাতত বিচাৰি পোৱা নাযাব৷ ভাৰত বিভাজন (pertition)ক লৈ এতিয়াও বহু ধৰণৰ বিবদমান বিষয়ৰ আলোচনা-সমালোচনা হৈ থাকে৷ ভৌগোলিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে ভাৰতবৰ্ষ সদায়েই বিভাজিত আছিল৷ ব্ৰিটিছ ঔপনিৱেশিক শাসকেহে পাৰস্পৰিক  সংঘাতত লিপ্ত ৰাজ্যসমূহ দখল কৰি একেটা প্ৰশাসনিক গাঁথনিৰ অন্তৰ্ভুক্ত কৰি ‘একদেশ’ কৰিছিল৷ বহুদেশক একদেশ কৰা ব্ৰিটিছেই ভাৰতবৰ্ষ এৰিবৰ সময়ত দেশখনক ভৌগোলিকভাৱে, ধৰ্মীয়, জাতিগতভাৱে বিভাজিত কৰি যায়৷ অৱশ্যে ভাৰতীয় সমাজৰ অন্তৰ্নিহিত দ্বন্দ্বকে প্ৰয়োগ কৰি ব্ৰিটিছে এই কাম কৰে৷ যদিও ঔপনিৱেশিক শাসনৰ এক সূত্ৰ আছিল ‘বিভাজন আৰু শাসন’, ভাৰতীয় সমাজত বিভাজনৰ বীজ আগৰে পৰাই আছিল৷

ইয়াৰ কাৰণ আছিল ভাৰতীয় মানসিকতা বুলি কোনো নিৰ্দিষ্ট চিন্তা বা মনোগাঁথনিৰ ৰূপ আমাৰ নাছিল৷ আন ধৰ্ম-জাতিৰ কথা বাদেই, ভাৰতীয় হিন্দুসকলৰ কথাই ধৰা যাওক৷ হিন্দুসকলৰ ধৰ্মশাস্ত্ৰ, উপাস্য দেৱ-দেৱী, উপাসনা পদ্ধতি, জন্ম-মৃত্যু-বিবাহ সম্পৰ্কীয় লোকাচাৰৰ মাজত ভিন্নতা আছে৷ শাক্ত, শৈৱ, বৈষ্ণৱ আদি নানা পন্থাৰ মাজত বিৰোধ বিদ্যমান৷ একে ভাৰতীয় মাটিত উদ্ভৱ আৰু বিকশিত হোৱা বৌদ্ধ, জৈন, শিখ আদি ধৰ্মৰ লগত হিন্দু ধৰ্মৰ মৌলিক প্ৰভেদ আছে৷ সেইফালৰ পৰা এক দেশ, এক ধৰ্মৰ কথা ক’বলৈ গ’লে ব্যাৱহাৰিক দিশতে নানা বিৰোধ আৰু সংঘাতে দেখা দিব৷ তদুপৰি উত্তৰৰ আৰ্যবৰ্তৰ ভাষা-সংস্কৃতি আৰু দাক্ষিণাত্যৰ ভাষা-ধৰ্ম-সংস্কৃতিৰ মাজতো অনেক বিৰোধ বিদ্যমান৷ সেইফালৰ এক ধৰ্ম-সংস্কৃতি-এক নীতিৰ শ্ল’গান দিয়াটো সহজসাধ্য হৈ থকা নাই৷ টনা-আঁজোৰা চলি আছে চলি থাকিব৷ ভাৰতীয় মানসিকতাৰ এনে বিৰোধ আভাষ আৰু নানা প্ৰাচীন তথা সামন্তগন্ধী সংস্কাৰৰ প্ৰভাৱৰ বাবেই ভাৰতৰ জনজীৱনৰ প্ৰৱাহমানতাও বাধাগ্ৰস্ত হৈ আহিছে৷ যুগে যুগে ইয়াৰ ফলত নানা ৰক্তাক্ত অধ্যায়ৰো সৃষ্টি হৈছে৷ শিক্ষা-বিজ্ঞান-প্ৰযুক্তি আদিত ভাৰতবৰ্ষৰ পশ্চাদপদতাৰ আঁৰতো ইয়াৰ প্ৰভাৱ আছে৷ গভীৰ কোনো বৈজ্ঞানিক বা বৌদ্ধিক বিষয়ৰ আলোচনা-পৰ্যলোচনতকৈ এতিয়াও ভাৰতবৰ্ষত আলোচনাৰ বিষয় হৈ পৰিছে কোনো জন্তুৰ মাংস খোৱা-নোখোৱা, বিভিন্ন গোষ্ঠী, সম্প্ৰদায়-ধৰ্মৰ যুৱক-যুৱতীৰ মাজত বিবাহ হোৱা-নোহোৱা, এগৰাকী মহিলাই কেইটা সন্তান জন্ম দিয়া উচিত–আদি বিষয়বোৰ৷ এনেবোৰ বিষয়ত ৰাজহুৱাকৈ চৰ্চা কৰিবলৈ, জনসাধাৰণৰ এটা অংশই আন এটা অংশৰ বিৰুদ্ধে ৰাজহুৱাকৈ ঘৃণা-বিদ্বেষ বৰ্ষণ কৰিবলৈ অকণো লজ্জাবোধ নকৰে৷ ভাব-ভাষা আৰু আচৰণৰ শালীনতা-সৌজন্যতা ৰক্ষা কৰাটো সভ্যতা আৰু সংস্কৃতিৰ লগতে ভাৰতীয়সকল আচলতে কেনে সভ্যতা আৰু সংস্কৃতিৰ উত্তৰাধিকাৰী?

আজিৰ ভাৰতবৰ্ষ চূড়ান্ত অবক্ষয়ৰ গ্ৰাসত৷ ৰাজনৈতিক নেতা, ক্ষমতাত অধিষ্ঠিত মন্ত্ৰী-বিষয়া আদিয়ে মুখেৰে যিমানেই বঢ়া-বচন নকওক– আমাৰ অৰ্থনীতিয়ে দ্ৰুতভাৱে নিম্নগামী হৈ গৈ আছে সেই কথা আৰু গোপন কৰিব পৰা অৱস্থাত নাই৷ সংঘাত-অস্থিৰতা দিনকদিনে বৃদ্ধি পাই গৈ আছে৷ সংস্থাপনহীনতা-উন্নয়নহীনতা, অত্যাৱশ্যকীয় দ্ৰব্যৰ মূল্যবৃদ্ধি, নাৰীৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান অপৰাধ, সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ প্ৰতি ভাবুকি আদি এশ এবুৰি অতি অগ্ৰাধিকাৰ ভিত্তিত আলোচনা হ’ব লগা বিষয় তল পেলাই, কেৱল ধৰ্ম, খাদ্য-অখাদ্য, গোষ্ঠী-সম্প্ৰদায় আদিৰ কথাবোৰৰ জোৰদাৰ প্ৰচাৰ চলোৱা হৈছে৷ ক্ষমতাৰ ৰাজনীতিত থকা মাুহবোৰৰ প্ৰতি মানুহৰ ক্ষোভ আৰু অসন্তুষ্টি বাঢ়িছে৷ অথচ এনে বিষয়সমূহক এলাগী কৰি মানুহৰ প্ৰকৃত সমস্যাক গৌণ কৰি কিবা যেন এখন নতুন ৰাজনৈতিক মায়াজাল সৃষ্টি কৰা হৈছে৷ এয়াও সম্ভৱ হৈছে ভাৰতীয় মানসিকতাৰ উদাসীনতাৰ ধৰ্মীয় প্ৰভাৱৰ বাবেই৷ ‘ভাগ্যত যি আছে’ কপালত যি আছে’ ধৰণৰ নেতিবাচক প্ৰৱণতাৰ বাবে৷ বাস্তৱ সমস্যাৰ প্ৰতি নিস্পৃহতাই ভাৰতীয় মানসিকতা নেকি?

Share This