গ্ৰন্থৰ ভৱিষ্যতৎ

dainik janambhumi October 23, 2025

দৈনিক জনমভূমিঃ A room without books is like a body without a soul.' - Cicero 'কিতাপ নথকা একোটা কোঠা আত্মাবিহীন এটা শৰীৰৰ দৰে'। ৰোমান দার্শনিক মার্কুজ টুলিউচ চিচেৰ'ৰ এই বিখ্যাত উক্তিৰ বিষয়ে হয়তো সকলোবে জানে। এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনৰ সমান্তৰালকৈ একোটা জাতিৰ বিকাশ, সভ্যতাৰ ক্ৰমবিৱৰ্তনত গ্রন্থই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

পৌৰাণিক সময়ৰ যিকোনো লিখিত মাধ্যমৰ পৰা ক্ৰমবিৱৰ্তিত হৈ বর্তমানত উপনীত হোৱা ছপা মাধ্যমৰ গ্ৰন্থই একোটা জাতিসত্তাৰ ইতিহাস ভবিষ্যৎ প্রজন্মৰ বাবে আগবঢ়াই আহিছে। সেঁতুৰ দৰে গঢ়ি তোলা যোগসূত্ৰৰ বাবেই গ্ৰন্থৰ মাধ্যমক যুগে যুগে সম্মানৰ দৃষ্টিৰে চাই আহিছে প্ৰজন্মৰ পৰা প্ৰজন্মই। ইমানৰ পাছতো শেহতীয়াকৈ যেন ক'ৰবাত চন্দপতন ঘটিছে। মাতৃভাষাক লৈ উদাসীন একোটা জাতিৰ অমনযোগ আৰু অৱহেলাৰ পৰিণতিত গ্ৰন্থৰ ভৱিষ্যত সন্দিহান হৈ পৰাই নহয় জাতিটোকো ক্রমশ সংকটৰ গৰাহলৈ ঠেলি দিছে। অসমীয়া ভাষা তথা অসমীয়া গ্ৰন্থৰ ভৱিষ্যতক লৈ সততে এই সমালোচনা হৈ আহিছে। মুখ্যতঃ ডিজিটেল মাধ্যমৰ আগ্রাসনক এই ক্ষেত্ৰত দোষাৰূপ কৰা যায় যদিও অধ্যয়নৰ প্ৰতি অনীহা আৰু মাতৃভাষাৰ প্ৰতি উচিত সন্মান আৰু শ্ৰদ্ধাৰ অভাৱহে ইয়াৰ মূল কাৰণ।

উল্লেখযোগ্য যে গ্রন্থ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবেই হওক বা নতুন প্ৰজন্মক অধ্যয়নৰ বাবে আগ্রহী কৰি তোলাৰ বাবেই হওক অসম চৰকাৰে ২০২৫ বৰ্ষটোক গ্রন্থবর্ষ হিচাপে ঘোষণা কৰিছে। এইক্ষেত্ৰত বিভিন্ন ঠাইত চৰকাৰী উদ্যোগত গ্রন্থমেলা অনুষ্ঠিত কৰা সিদ্ধান্ত এটা অতি আশাব্যঞ্জক বতৰা। বিগত কেইটামান বছৰৰ পৰা চৰকাৰী উদ্যোগত ভিন্ন জিলাত প্রকাশন পৰিষদে গ্রন্থমেলা অনুষ্ঠিত কৰি অহাৰ দৰেই এইবাৰো ২২ অক্টোবৰ অৰ্থাৎ আজিৰ পৰা ৬ জানুৱাৰীলৈকে পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যুটীয়া উদ্যোগত অসম প্রকাশন পৰিষদে বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ, মঙলদৈ আৰু যোৰহাটত আঠখন গ্ৰন্থমেলাৰ আয়োজন কৰিছে। কেৱল এয়াই নহয় যুৱ লেখকক উদ্‌গনি জনাবলৈ এক হাজাৰ যুৱ লেখকক ২৫ হাজাৰ টকাৰ এককালীন সাহাৰ্য্যৰে যুৱ লেখক সম্মানৰ বিশেষ পদক্ষেপ লোৱা চৰকাৰে আনকি চৰকাৰী কৰ্মচাৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে এক হাজাৰকৈ টকা প্ৰদানৰ কথাও ঘোষণা কৰিছে।

স্বাভাৱিকতে চৰকাৰৰ এই উদ্যোগক ইতিবাচক আখ্যা দিলেও ইয়াক লৈ মিশ্রিত প্রতিক্রিয়াৰো উদ্ভৱ হৈছে। কিয়নো চৰকাৰী এই উদ্যোগৰ সময়তে ধ্রুপদী মর্যাদা পোৱা অসমীয়া ভাষাৰ গ্ৰন্থই উপযুক্ত বজাৰৰ অভাৱত সন্দাৱস্থাৰ সন্মুখীন হৈছে। পাঠ্য-পুথিৰ বাহিৰে ছপা মাধ্যমৰ অৱস্থা এতিয়া তেনেই দুখলগা। অৰুণোদয়ৰ পৰা আৰম্ভ হোৱা বাতৰি কাকতৰ স্বর্ণিল যাত্ৰাত এতিয়া যেন চন্দপতন হ'বলৈ ধৰিছে । ক'ভিড মহামাৰীয়ে মষিমূৰ কৰিব খোজা বাতৰি কাকত উদ্যোগটো কেইটামান বিশেষ কাকতগোষ্ঠীয়ে কষ্টেৰে জীয়াই ৰখাৰ বিপৰীতে পঢ়ুৱৈৰ অভাৱত ক্রমশ কাকত বিক্রেতাই মূৰে কপালে হাত দিবলগীয়া হৈছে। বহু পুৰণি কাকত বিক্রেতা প্রতিষ্ঠান তথা গ্ৰন্থৰ বিক্রেতাই বিক্ৰীৰ অভাৱত এই ব্যৱসায় ত্যাগ কৰিব লগা হৈছে। মূলতঃ অসমীয়া ভাষাৰ পঢ়ুৱৈৰ অভাৱৰ বাবেই বর্ধিত খৰচত মূৰ দাঙিব নোৱৰা কেইবাখনো বাতৰি কাকত বন্ধ হৈ যোৱাৰ লগতে ইতিমধ্যে প্রকাশ বন্ধ হৈ গৈছে কেইবাখনো নামজ্বলা-আলোচনীও।

নব্বৈৰ দশন্ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ণ সৃষ্টি কৰা কেইবাখনো বিনোদনধর্মী আলোচনীৰ প্ৰকাশ ইতিমধ্যে বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱা বিস্ময় আলোচনীখন পুনৰ প্ৰকাশ কৰিবলৈ সাহস গোটোৱাটো ইয়াৰ মাজতে এটা ভাল খবৰ। আশ্চর্যজনক প্ৰতিবছৰে শাৰদীয় আলোচনী প্ৰকাশৰ ক্ষেত্ৰত অভিজাত আয়োজন  কৰা বাংলা শাৰদীয় আলোচনীৰ সংখ্যাও দুই-এবছৰত তেনেই কমি অহাটো ছপা মাধ্যম তথা গ্রন্থ উদ্যোগৰ বাবে অশুভলক্ষণ। অসমতো শাৰদীয় বা বসন্ত আলোচনীৰ ক্ষেত্ৰত এই পর্যন্ত দৈনিক জনমভূমি কাকত গোষ্ঠীৰ বাহিৰে কোনেও ধাৰাবাহিকতা বজাই ৰাখিব পৰা নাই। গ্রন্থ উদ্যোগৰ ভৱিষ্যৎ আৰু ছপা মাধ্যমৰ দুৰৱস্থাৰ এই ভয়াৱহ সন্ধিক্ষণত চৰকাৰী কৰ্মচাৰীক কিতাপ কিনিবলৈ এক হাজাৰকৈ টকা দিয়াটো আচলতে এটা চৰকাৰী চমকহে। স্বাভাৱিকতেই গ্ৰন্থপ্ৰেমীৰ বাবে গ্রন্থ উদ্যোগটোক পুনৰুদ্ধাৰৰ বাবে কিতাপ কিনিবলৈ টকা দিয়াৰ সলনি অধ্যয়নৰ পৰিৱেশ গঢ়িবলৈ বাধ্যতামূলক ব্যবস্থা গ্রহণ কৰাৰহে প্ৰয়োজন।

মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয় এফালৰ পৰা বন্ধ হৈ অহাৰ এনে দুর্দিনত লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক কৰিবৰ বাবে আইনী যুদ্ধ চলাবলগীয়া হোৱা পৰিস্থিতিয়ে সূচায় ভাষাটোক লৈ চৰকাৰ বাবে হতাশজনক। চৰকাৰে এইসমূহ দিশত উচিত পদক্ষেপ নল'লে কিতাপ কিনিবলৈ চৰকাৰী কৰ্মচাৰীক টকা দিয়া, যুব কিম্বা জনতাৰ অৱহেলাৰ কথা। গাঁৱে-ভূঞে থকা একালন পথিভঁৰালসমূহৰ অস্তিত্বহীনতাও ভাষাটোৰ লগতে গ্রন্থ উদ্যোগটোৰ লেখকক এককালীন সাহার্য্য দিয়া এইবোৰক হিতাধিকাৰী আঁচনিৰ অংশ বুলিবলৈ কাৰো সময় নালাগিব।

ভাষাটোৰ প্রতি শ্রদ্ধা আৰু অধ্যয়নৰ প্ৰতি স্পৃহা নাথাকিলে, জনতা বা চৰকাৰী পক্ষৰ সদিচ্ছা আৰু উচিত প্রচেষ্টা অবিহনে গ্রন্থ উদ্যোগ জীয়াই নাথাকে। জীয়াই নাথাকে এটা জাতি। প্ৰাণৰ শিল্পী জুবিন গার্গেও কৈ গৈছে 'কিতাপ নথকা এটা জাতিক গামোচাই

Share This