ধৰ্মক জানোহো মই

Dainik Janambhumi December 24, 2024

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক মোহন ভাগৱতে যোৱা কেইদিনমানত ধৰ্ম সম্পৰ্কে, মন্দিৰ- মছজিদ কেন্দ্ৰিক সংঘাতৰ বিষয়ে এনে কিছুমান কথা কৈছে, যিবিলাকে সংঘৰ সন্দৰ্ভত মানুহৰ চিন্তা-ধাৰণাক খেলিমেলি লগাই দিছে৷ ভাগৱতে বিভিন্ন অনুষ্ঠানত দিয়া ভাষণত কৈছে ‘ৰাম মন্দিৰ নিৰ্মাণ কৰি কোনো নেতা হ’ব নোৱাৰে’, ‘সকলো মছজিদতে মন্দিৰৰ সন্ধান কৰিব নালাগে’, ‘ধৰ্ম সন্দৰ্ভত প্ৰকৃত :ানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত ধৰ্মীয় সংঘাতবিলাক হৈছে’ ইত্যাদি ইত্যাদি৷

যোৱা আঢ়ৈটা দশকত ভাৰতত যিবিলাক ধৰ্ম-কেন্দ্ৰিক বিবাদ হৈছে, ৰাজনৈতিক বাদানুবাদ হৈছে তাত হিন্দুত্ববাদী শক্তিবিলাকৰ প্ৰধান ভূমিকা আছে৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ইয়াৰ বাহিৰত নহয়৷ যোৱা জ্ঝটা দশকত স্বাধীনতাৰ আগে-পিছে আমাৰ দেশত সংঘটিত সাম্প্ৰদায়িক ঘটনাবিলাকৰ আঁৰৰ শক্তিবিলাকৰ সম্পৰ্কেও দেশবাসীৰ ধাৰণা আছে৷ তেনে অৱস্থাত মোহন ভাগৱতৰ উল্লিখিত মন্তব্যবিলাকে জনসাধাৰণৰচিন্তাত নতুন খোৰাক দিছে৷ আমাৰ ৰাজ্যত ধৰ্মৰ এটা নিজস্ব পৰিৱেশ বিদ্যমান৷ সেই পৰিৱেশ উদাৰ আৰু সাৰ্বজনীন৷

দেশৰ বহু ঠাইত চকুত পৰা ধৰ্মীয় গোড়ামী, চাকচিক্য আমাৰ সমাজত দেখা পোৱা নাযায়৷ মহাপুৰুষ শংকৰদেৱে দেখুৱাই যোৱা পন্থাৰে আমাৰ বৃহত্তৰ সমাজখন প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে প্ৰভাৱিত৷ এক ভাৰতীয় সত্তাৰ ভিতৰত থাকিলেও ইয়াত ধৰ্মৰ ধাৰণা কিছু সুকীয়া৷ ধৰ্মক জানোহো মই যতাহাত প্ৰবৃত্তি নাইযঅধৰ্মকো নিবৃত্তি নোহয় য হৃদিস্থিত হুয়া তুমি য যেন কৰাবাঁহা স্বামী য হৃষীকেশ কৰিয়ো তেনয়৷’ আমাৰ সমাজৰ চিন্তা-চেতনাক এনেকুৱা কিছুমান সং:াই নিয়ন্ত্ৰণ কৰি থাকে৷ গুৰুজনাই আমাক ধৰ্মত মতি স্থিৰ কৰিবলৈ ভগৱান কৃষ্ণক হৃদয়ত বিৰাজ কৰাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কৈছে৷ ধৰ্ম হৈছে পাৰাপাৰহীন সমুদ্ৰ৷ ধৰ্মৰ সেই বিশাল সাগৰ মন্থন কৰি তাৰ অমৃত আত্মস্থ কৰাৰ সামৰ্থ্য বেছিভাগ মানুহৰে নাথাকে৷ বেছিভাগ মানুহেই অধৰ্মকো প্ৰশ্ৰয় দিবলৈ নিবিচাৰে৷ তেনে অৱস্থাত পৰম শক্তিমান ভগৱানক হৃদয়ত ধাৰণ কৰি শুদ্ধা-শুদ্ধৰ বিচাৰৰ ক্ষমতা সেই ভগৱানৰ পৰাই পোৱাৰ কামনা কৰাৰ বাদে পৰম ভক্তৰ গত্যন্তৰ নাই৷ পৰম ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণৰ ইয়াতকৈ সৰল সং:া একো নাই৷

আমাৰ সমাজখনক গুৰুজনাই এই পথেৰেই আগবঢ়াৰ পৰামৰ্শ দিছে, সেইকাৰণে ধৰ্ম-কেন্দ্ৰিক সংঘাতবোৰৰ ঔচিত্যক আমাৰ মানুহে বৰ বেছি বুজি নাপায়৷  আমাৰ অসমীয়া সমাজে শ্ৰীমন্ত শংকৰেদৱৰ একান্ত শিষ্য চান্দসাইৰ কাহিনী শুনিছে৷ বুজি পায় চান্দসাই ভক্তিৰ গভীৰতাৰ মৰ্ম৷ ‘যৱন’ বুলি কোৱা মুছলমান চান্দসায়ে হেনো প্ৰথম শ্ৰীমন্ত শংকৰদেৱৰ ধ্যানমগ্ন চতুৰ্ভুজ ৰূপ দেখি ভক্তিত গদগদ হৈ স্ব-ধৰ্ম এৰি গুৰুজনাৰ ধৰ্মত শৰণ লৈছিল৷ এই চৰিত্ৰ কিম্বা কাহিনীক লৈ কালান্তৰত বাদানুবাদ বহুত হৈছে, কিন্তু আমাৰ সমাজে লাভ কৰা মূল বাৰ্তাটো হৈছে যে গুৰুজনাই আগবঢ়াই থৈ যোৱা ধৰ্মীয় পথটোত জাতি-শ্ৰেণীৰ কোনো ভেদাভেদ নাই৷ বিশাল ধৰ্মৰ সাগৰখনৰ মন্থনৰ অৱশেষ অমৃত সদৃশ শ্ৰীকৃষ্ণক হৃদয়ত ধাৰণ কৰি সেই কৃষ্ণৰ শ্ৰৱণ কীৰ্তনেৰেই মুক্তিলাভৰ সন্ধান বিচৰাটোৱেই সাধাৰণ মানুহৰ সন্মুখত থকা একমাত্ৰ পথ৷ আমাৰ দেশৰ জনসাধাৰণে যোৱা আঢ়ৈটা দশকত ধৰ্মৰ নামত সামাজিক সংঘাতৰ বহু ঘটনা দেখিছে, শুনিছে৷ মন্দিৰ-মছজিদৰ সংঘাতত পৱিত্ৰ ভাৰতভূমি তেজেৰে ৰাঙলী হৈছে৷ পৰম পৱিত্ৰ গো-মাতাক কেন্দ্ৰ কৰি বহু অনাকাংক্ষিত ঘটনা ঘটিছে৷ হিন্দু -মুছলমানৰ বিদ্বেষৰ এনেকুৱা কিছুমান বিষবাষ্প বিয়পাই দিয়া হৈছে যে বহুতে এতিয়া পুনৰ নিজক প্ৰশ্ন কৰিব লগা হৈছে আমাৰ ধৰ্ম আচলতে কি?

মোহন ভাগৱতৰ শেহতীয়া এই বক্তব্যখিনিক বহু মানুহে ভালপোৱাৰ কাৰণ হ’ল মানুহৰ অন্তৰত বিৰাজ কৰি থকা ধৰ্ম-কেন্দ্ৰিক উদাৰতা৷ মোহন ভাগৱতে এতিয়া এই প্ৰসংগবিলাক কিয় চৰ্চালৈ আনিছে সেয়াও গুৰুত্বপূৰ্ণ বিষয়৷ ৰাম মন্দিৰ নিৰ্মাণেৰে কোনোবা নেতা হ’ব পাৰে নে নোৱাৰে সেয়া বেলেগ কথা, কিন্তু ৰাম মন্দিৰক নিৰ্বাচনী ইছ্যু কৰিছিল বিজেপিয়ে৷ বাবৰি মছজিদৰ পাছত নতুন নতুন মছজিদত মন্দিৰৰ সন্ধান বিচাৰি ইটোৰ পাছত সিটো আইনী বিবাদত লিপ্ত হৈছে হিন্দুত্ববাদী ব্যক্তি-অনুষ্ঠান কিছুমান, সাধাৰণ মানুহ নহয়৷ তদুপৰি, ধৰ্মৰ নামত সংঘাতত লিপ্ত হোৱাৰ নিজস্ব প্ৰৱণতাও খাটিখোৱা মানুহৰ নাথাকে৷

এচাম ন্যস্ত স্বাৰ্থজড়িত চক্ৰইহে এই বিবাদবিলাকৰ সূত্ৰপাত ঘটায়৷ বিবাদত লিপ্ত হোৱা এই চক্ৰবোৰৰ ধৰ্মৰ জ্ঞান কিমান আছে সেইটো জনা নাযায়, কিন্তু এওঁলোকে ধৰ্মক নিজৰ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে৷ মহাপুৰুষ দুজনাৰ উদাৰ আধ্যাত্মিক চিন্তাৰে বিধৌত আমাৰ এই প্ৰান্তত তেনেকুৱা ধৰ্মান্ধ চিন্তাই বৰ বেছিকৈ সমাজখনক কলুষিত কৰিব পৰা নাই আৰু নোৱাৰেও৷ মোহন ভাগৱত তথা সংঘ পৰিয়ালৰ ধৰ্মীয় উদাৰতাৰ পৰিৱৰ্তিত চিন্তাবোৰ আচলতে দেশৰ অন্য কিছুমান ঠাইৰ ধৰ্মীয় সংঘাত বিচৰা চক্ৰবোৰৰ বাবেহে গুৰুত্বপূৰ্ণ৷ ধৰ্মান্ধ পক্ষপাতিত্বমূলক চিন্তা-কম¸ৰ্ক নিৰুৎসাহিত কৰিবলৈ ভৱিষ্যতে সংঘই কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ’ব৷

Share This