ডিজিটেল ডেস্কঃ ক্ষমতাত থকা ৰাজনৈতিক দলে ক্ষমতা ধৰি ৰাখিবলৈ, ভোটাৰক আকৃষ্ট কৰিবলৈ নানা আঁচনি সময়ে সময়ে ঘোষণা কৰি থকাটো এতিয়া এটা অতি সাধাৰণ কথা হৈ পৰিছে। ৰাইজক আঁচনিমুখী বা আঁচনি-নিৰ্ভৰ কৰি ৰখাৰ উপৰি যোৱা কেইটামান বছৰ ধৰি ছাত্ৰ-ছাত্ৰীকো নানা আঁচনিৰ অধীনলৈ অনাৰ এটা প্ৰক্ৰিয়া চলি আছে। কাৰণ আজিৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰাই সৃষ্টি হ'ব ভৱিষ্যতৰ ভোটাৰ। কিন্তু ছাত্র-ছাত্ৰীক ৰাজনৈতিক লাভালাভৰ খেললৈ টানি অনাৰ এটা সুদূৰপ্ৰসাৰী বিপৰীত প্রতিক্রিয়া থাকিব পাৰে।
ছাত্ৰ-ছাত্ৰীক প্রয়োজনীয় সা-সুবিধাসমূহ প্ৰদান কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব। কাৰণ ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যৎ। কিন্তু তাকে কৰিবলৈ যাওঁতে এই কথা অত্যন্ত সতর্কতাৰে লক্ষ্য ৰাখিব লাগিব যে ইয়াৰ পৰা যাতে হিত সাধন কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ কোনো ক্ষতি কৰা নহয়। এতিয়া দেশত সকলো ক্ষেত্রতে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন হৈছে। আনকি ছাত্র-ছাত্রী, শিক্ষকৰ ওপৰত চকু ৰাখিবলৈ, নিয়ন্ত্ৰণ কৰিবলৈ এপ ব্যৱস্থা প্রয়োগ কৰা হৈছে।
গতিকে এতিয়াৰ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে ম'বাইল ফ'ন। নামভৰ্তিৰ সময়ৰ পৰা অন্য কিছু শৈক্ষিক-অনা শৈক্ষিক কামতো ম'বাইল ফ'ন ব্যৱহাৰ শিক্ষান্ত পৰীক্ষাৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়লৈ অপৰিহাৰ্য কৰি তোলা হ'ল। মূলপাঠ্য বিষয়ৰ লগতে ম'বাইল ফ'ন ব্যৱহাৰৰ প্রয়োজনীয়তা যোগ কৰি দিয়াৰ ফলত এই ম'বাইল ফ'নে ল'ৰা-ছোৱালীৰ কুমলীয়া মনত প্রভাৱ পেলাবলৈ আৰম্ভ কৰিছে। পাঠ্য বিষয়তকৈ অপাঠ্য আৰু উপৰুৱা বিষয়ত ছাত্র-ছাত্রীয়ে মন নিৱিষ্ট কৰা, বহুমূলীয়া সময় অপচয় কৰাৰ এটা পথ মুকলি হৈছে। শিক্ষাৰ দৰে এটা সংৱেদনশীল বিষয় লৈ হঠাতে আহি পৰা এনে পৰিৱৰ্তনৰ ফলাফল কি হ'বগৈ সেয়া অনিশ্চত।
চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্রিয়তা অর্জন কৰিবলৈ, নিজৰ ৰাজনৈতিক কাম-কাজৰ ভৱিষ্যতে অংশীদাৰ কৰিবলৈ যাওঁতে এনে কিছুমান কাম কৰি আছে যাৰ যথাৰ্থতাক লৈ প্রশ্ন উত্থাপিত হৈ আছে। আজিকালি বিদ্যালয়-মহাবিদ্যালয়ৰ বহু সময় আপল'ড-ডাউনল'ডতে পাৰ হয়। শিক্ষা সেতু-সমর্থ সেতু আদি নাম দি ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ ওপৰত নানা ব্যৱস্থা জাপি দিয়া হৈছে। ব্যৱস্থাটো লাহে লাহে কেৰেলাতকৈ গুটি দীঘলৰ দৰে হৈ গৈ আছে। চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় আদিত বিনামূলীয়া নামভৰ্তি ব্যৱস্থা কৰা হৈছে। আনহাতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইচ্ছামতে নামভৰ্তিৰ মাচুল আৰু নানা অজুহাতত অন্যান্য মাচুল আদায় কৰিবলৈ এৰি দিয়া হৈছে। ছাত্র-ছাত্রীক আঁচনিৰে বান্ধিবলৈ যোৱা চৰকাৰে অলপতে শিক্ষার্থীক আকৰ্ষণ কৰিবলৈ এটা ডাঙৰ ঘোষণা কৰিলে। কোনো বিশদ আলোচনা নোহোৱাকৈ ততাতৈয়াকৈ কৰা এই ঘোষণাই স্বয়ং বিজেপি চৰকাৰ প্ৰৱৰ্তিত নতুন শিক্ষা নীতিৰ উদ্দেশ্য উলংঘা কৰা দেখা গৈছে। অলপতে বিহালীত এখন সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে মেট্রিক পৰীক্ষার্থীক পৰীক্ষাৰ ছমাহৰ আগৰ পৰা টিউশ্যন কৰিবলৈ মাহে তিনিশ টকাকৈ চৰকাৰে দিব।
অর্থাৎ ছাত্র-ছাত্রীক টিউশ্যন-নিৰ্ভৰ কৰি তোলাত এইবাৰ চৰকাৰেও সহায় কৰিব। টিউশ্যন বা ক'চিঙৰ এখন ডাঙৰ বজাৰ আছে। অসমতো, অসমৰ বাহিৰতো। এই বজাৰ অত্যন্ত ব্যয়বহুল। সাধাৰণ অভিভাৱকে ইয়াৰ ব্যয় বহন কৰাটো অত্যন্ত কঠিন। টিউশ্যন আৰু ক'চিঙৰ এই বজাৰৰ লগত জড়িত হৈ আছে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো। মেডিকেল ইঞ্জিনিয়াৰিং, চিভিল ছার্ভিচ, নেট, জে আৰ এফ আদিৰ বাবেও আছে বৃহৎ বৃহৎ টিউশ্যন বা ক'চিং চেণ্টাৰ। কিন্তু বৰ্তমান চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতিত এই টিউশ্যন ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ অৱসান ঘটোৱাৰ চিন্তা কৰা হৈছে। চৰকাৰৰ শিক্ষা নীতি-২০২০ৰ অনুচ্ছেদ ৪.৩৭-৩ কোৱা হৈছে।- while Board exams for grades 10 and 12 will be continued, the existing system of Board and entrance examinations shall be reformed to eliminate the need for undertaking coaching classes. অৰ্থাৎ দশম-দ্বাদশ পৰ্যায়ৰ পৰীক্ষা ব্যৱস্থা থাকিলেও ব'ৰ্ডৰ আৰু প্ৰৱেশিকা পৰীক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ কৰা হ'ব, যাতে কোনো প্ৰৱেশ পৰীক্ষা তথা ক'র্চিং বা টিউশ্যনৰ প্ৰয়োজনীয়তা নাথাকে। বিহালীত মুখ্যমন্ত্রীয়ে কৰা ঘোষণা দেখোন নিজৰ চৰকাৰৰ 'বাষ্ট্রীয় শিক্ষা নীতি' ঘোষণাৰ বিপৰীতে গ'ল। দৰিদ্ৰ পৰিয়ালৰ পৰীক্ষাৰ্থীৰ বাবে মেট্ৰিকৰ পূৰ্বে দিব খোজা এই তিনশ টকা যথেষ্ট আর্থিক সকাহ হ'ব পাৰে, তাক অস্বীকাৰ কৰিব পৰা নাযায়'। কিন্তু কোনো আলোচনা-পর্যালোচনা নকৰি নাইবা পৰিণাম চিন্তা নকৰি হঠাতে কৰা ঘোষণাই কোনো সুফল নিদিবও পৰে।
ইফালে উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় বৰ্ষত দিয়া বিনামূলীয়া পাঠ্যপুথি সময়মতে যোগান ধৰা হোৱা নাই। পাছত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ বহু বেছি পৰিমাণে যোগান ধৰা হয়। অধিকাংশই অব্যৱহৃতভাৱে বিদ্যালয়-মহাবিদ্যালয়ৰ চুকে-কোণেই পৰি থাকে। ধাৰ কৰি চলা দেশত এয়া অপব্যয় আৰু অপচয়। শিক্ষাৰ উৎকৰ্ষৰ বাবে প্রয়োজন এটা সুস্থ শৈক্ষিক বাতাৱৰণৰ। অসমত যিটো বর্তমান দিনক দিনে ম্লান পৰি আহিছে চৰকাৰৰ ভুল নীতি আৰু অতিমাত্রা আমোলাতান্ত্রিক হস্তক্ষেপৰ বাবে। মেট্ৰিক পৰীক্ষাৰ্থীক টিউশ্যন ফীজ দিয়াৰ চৰকাৰী ঘোষণা কোনো ৰাজনৈতিক দলৰ ভোটৰ দিশত কিবা লাভদায়ক হলেও ই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত কিবা অৱদান যোগাব বুলি ক'ব নোৱাৰি।