ডিজিটেল ডেস্ক: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মঙলবাৰে প্ৰকাশ হ'ল। শিক্ষার্থীৰ জীৱনৰ দিশ নির্ণয়কাৰী এই পৰীক্ষাৰ ৪টা শাখাত অৱতীর্ণ হোৱা মুঠ ৩,২২,৭২৩গৰাকী পৰীক্ষাৰ্থীৰ গড়ে ৮১.৫৪ শতাংশ উত্তীর্ণ হোৱাটোৱে এখন উজ্জ্বল ছবিয়েই তুলি ধৰিছে বুলি ক'ব লাগিব এইবাবেই যে ইমান বিশাল সংখ্যক পৰীক্ষাৰ্থী উত্তীর্ণ হোৱাটো এসময়ত কল্পনাতীত আছিল।
অৱশ্যে, যোৱা দশকটোত ইয়াতকৈ ভাল ফল হোৱাৰো উদাহৰণ আছে। ২০২৪ বৰ্ষত যেনেদৰে ৮৮.৬৪% পৰীক্ষাৰ্থী এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ নজিৰ আছে, তেনেদৰে ২০২৫ বৰ্ষত ৭৯.২৬% উত্তীৰ্ণৰ হাৰো পৰীক্ষাটোৰ ইতিহাসত নথিবদ্ধ হৈ আছে। এইবাৰ সৰ্বাধিক উত্তীৰ্ণৰে অভিলেখ গঢ়িছে বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থীসকলে, উত্তীৰ্ণৰ হাৰ ৮৯.৭৯ শতাংশ। সফল শিক্ষার্থীসকলক আমি অভিনন্দন জনাইছোঁ।
প্রথমতেই উল্লেখ কৰা হৈছে যে এই পৰীক্ষা শিক্ষার্থী এগৰাকীৰ জীৱনৰ গতি নিৰ্ণয়ৰ এক ডেওনা। এই ডেওনাখন পাৰ হোৱাৰ পাছতে সন্মুখলৈ আহে বিভিন্ন পথ। কোনটো পথেৰে শিক্ষার্থীগৰাকী আগবাঢ়িব তাৰ বাছনি এতিয়াই কৰিব লাগিব। শিক্ষার্থীগৰাকীয়ে পৰীক্ষাটোত পোৱা নম্বৰ এই বাছনিৰ মূল ভিত্তি বুলি ধৰা হয় যদিও, নিজৰ ইচ্ছা, সামর্থ্য আৰু লক্ষ্য নির্ধাৰণ কৰিব পৰা দক্ষতাৰ ওপৰতহে আচলতে নিৰ্ভৰ কৰে শিক্ষার্থীগৰাকীৰ পৰৱৰ্তী জীৱনৰ সফলতা-বিফলতাৰ পৰিণতি।
পেছাদাৰী অভিজ্ঞতাৰ অভাৱ, কি পঢ়িব, কি হ'ব তাক নির্ণয় কৰিবলৈ সন্মুখীন হোৱা প্রচণ্ড চাপ, যথোচিত পৰামৰ্শদাতাৰ অভাৱ আদি সমস্যাবিলাকে শিক্ষার্থী এগৰাকীক 'কেৰিয়াৰ' নিৰ্বাচন কৰোঁতে প্রায়ে বিবুধিত পেলায়। কেতিয়াবা এনেকুৱাও হয় যে দশম বা দ্বাদশ শ্ৰেণীত পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি লোৱা সিদ্ধান্ত পাছলৈ ভুল প্রমাণিতও হ'ব পাৰে, যাৰ বাবে শিক্ষার্থী এগৰাকী 'কেৰিয়াৰ' গঢ়াৰ সংগ্ৰামখনত সন্তুলন ৰখাত ব্যৰ্থ হৈ পৰাৰ উদাহৰণো নথকা নহয়। এটা অধ্যয়নত প্রকাশ পোৱা তথ্য মতে, ৫৭ শতাংশ শিক্ষার্থীৰেই তেওঁলোকৰ ভৱিষ্যতৰ 'কেৰিয়াৰ'ক লৈ কোনো স্পষ্ট ধাৰণা নাথাকে। সন্মুখত দেখা পোৱা বিভিন্ন ধৰণৰ পথ, অভিভাৱকৰ পৰা পোৱা হেঁচা আৰু নিজৰ দক্ষতা আৰু সামর্থ্য সম্পর্কে নিজস্ব কোনো ধাৰণা নথকা বাবে পথ নির্বাচনত বেছিভাগ শিক্ষার্থীয়েই বিভ্রান্ত হোৱা দেখা যায়। এটা সমীক্ষা মতে, একোগৰাকী শিক্ষার্থীৰ সন্মুখত আঢ়ৈ শতাধিক 'কেৰিয়াৰ'ৰ সুযোগ থকা অৱস্থাত ৯৩ শতাংশ শিক্ষার্থীয়ে ইয়াৰ ৭টামানৰ বিষয়েহে জানে। পৰম্পৰাগত 'কেৰিয়াৰ'ৰ প্ৰতি অধিক মনোনিৱেশ কৰাৰ ফলত জীৱনক উজ্জ্বল কৰি তুলিব পৰা অন্য কিবা পথ গ্রহণ কৰা উচিত আছিল নেকি তাক গুৰুত্ব নিদিয়াকৈয়ে পাৰ হয় বহুতৰ জীৱন। তদুপৰি, শৈক্ষিক জীৱনৰ হেঁচাৰ মাজত সিদ্ধান্ত লোৱাত ভুল হোৱাৰ সম্ভাৱনাৰ আতংকত ভুগিও দিশহাৰা হোৱা দেখা যায় বহু শিক্ষার্থী। পথ নির্বাচনত এনেকুৱা বিভ্রান্তি থাকিব পাৰে যদিও, ইয়াৰ মাজতে 'কেৰিয়াৰ' গঢ়াৰ জটিল সংগ্রামখনত জয়ী হৈ নিজৰ জীৱনক জ্যোতিষ্মান কৰাৰ উদাহৰণো আছে বহুত। আগতে পথবোৰ কম আছিল, সুযোগ আছিল সীমাবদ্ধ; কিন্তু এতিয়া অভাৱনীয় কিছুমান সুযোগ শিক্ষার্থীৰ সন্মুখলৈ আহিছে।
মেডিকেল, ইঞ্জিনিয়াৰিং, কমার্চ, আৰ্টছ পঢ়াৰ এসময়ৰ পৰম্পৰাগত সীমাবদ্ধ ক্ষেত্ৰৰ ঠাইত এতিয়া কৃত্রিম বুদ্ধিমত্তা, ৰ'ব'টিক্স, ডেটা ছায়েন্স, চাইবাৰ ছিকিউৰিটি, ডিজিটেল মার্কেটিঙৰ দৰে বিষয় পঢ়াৰ সুযোগ আহিছে, যিবিলাক বিষয়ত উত্তীর্ণ হ'লে, প্রদর্শন ভাল হ'লে বিশ্বজুৰি নিযুক্তিৰ এখন বিশাল সম্ভাৱনাৰ ক্ষেত্ৰ মুকলি হ'ব পাৰে। কলা আৰু বাণিজ্য শাখাতো আছে এনে বহু শাখা, যাৰ জৰিয়তে কেৱল চাকৰিয়ে নহয় আত্মসংস্থাপনৰো সুযোগ পোৱাৰ থল থাকিব। উজনি অসমৰ এগৰাকী বিশিষ্ট চিকিৎসকে এঠাইত কৈছিল- আমাৰ মেধাবী শিক্ষার্থীসকলে ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাত গুৰুত্ব দিয়ে, কিন্তু বি এছ চি নাৰ্ছিং পঢ়িবলৈ বিচৰা শিক্ষাৰ্থীৰ সংখ্যা কম। কিন্তু বি এছ চি নাৰ্ছিং উত্তীর্ণ হোৱাসকলৰ সমগ্র বিশ্বজুৰি চাহিদা আছে, উপার্জনো কৰিব পাৰে বহুত। 'ৱৰ্ল্ড ইকনমিক ফ'ৰাম'ৰ ৭ জানুৱাৰী, ২০২৫ তাৰিখে প্রকাশ পোৱা এখন প্রতিবেদনত কোৱা হৈছে যে চলিত দশকটোত বিশ্বৰ পৰিৱৰ্তিত প্রয়োজনৰ জোৰা মাৰিবলৈ ১৭০ নিযুত নতুন চাকৰিও সৃষ্টি হ'ব। ইয়াৰ ভিতৰত কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ ক্ষেত্ৰখন অন্যতম। চাকৰি সৃষ্টি হ'ব পৰা সৰ্বোচ্চ শাখাটো হ'ব 'ফার্ম বৰ্কাৰ'।
২০৩০ চনৰ ভিতৰত এই ক্ষেত্ৰখনত সর্বাধিক ৩৪ লাখ চাকৰিৰ সৃষ্টি হ'ব। তদুপৰি, ছফ্টৱেৰ ডেভেলপাৰ, ফুড প্রচেছিং, নাৰ্ছিং ক্ষেত্রতো ওলাব বহু পদ। প্রতিবেদনখনত আৰু বহু দিশৰ কথা আছে; সকলোবোৰৰ উল্লেখ ইয়াত সম্ভৱ নহয়। আগ্রহীসকলে যথাস্থানত সন্ধান কৰিলে এই বিষয়ে জানিব পাৰিব। প্রতিবেদনখনৰ পৰা পোৱা বার্তাটো হ'ল দ্রুতগতিত পৰিৱৰ্তন হৈ থকা বিশ্বখনত অদূৰ ভৱিষ্যতে সংস্থাপনৰ নাটনি নহ'ব। কিন্তু ক্ষেত্ৰসমূহ নতুন হ'ব পাৰে। বিশ্বত সর্বাধিক তৰুণ প্রজন্ম বাস কৰা ভাৰতেই বিশ্বৰ এই চাহিদাৰ বহুলাংশ পূৰণ কৰিব লাগিব। গতিকে, উঠি অহা প্রজন্মটোৱে এই দিশবিলাকৰ প্রতি দৃষ্টি ৰাখি নিজক প্রস্তুত কৰি তুলিবলৈ চেষ্টা কৰা উচিত। তথ্য প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগত এই সুযোগবোৰৰ বাবে পথ নিৰ্বাচন কৰাটো জটিল নিশ্চয় নহ'ব।