এখন ছবিৰ বিষয়ে

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক : ক্ষমতাই শেষ কথা নহয়। দেশ এখনৰ ইতিহাস হ'ল উন্নয়ন আৰু প্ৰগতিৰ ইতিহাস। সমাজবদ্ধ হৈ থকাটো মানুহৰ এটা মৌলিক প্রৱণতা। মানুহৰ প্ৰকৃতি আৰু প্রবৃত্তিয়ে সামাজিক চৰিত্ৰ নিৰূপণ কৰে। খাদ্য-বস্ত্ৰ আৰু বাসস্থান মানুহৰ মৌলিক প্রয়োজন। ইয়াৰ পাছতহে আহে ভাষা-ধর্ম, জাতি-গোষ্ঠীৰ কথা। মানুহৰ প্রবৃত্তি আৰু প্ৰৱণতাতে অন্তর্নিহিত থাকে নানাধৰণৰ বিৰোধ আৰু দ্বন্দ্ব। সেই দ্বন্দ্বৰ প্ৰতিফলন ঘটে সমাজতো। সেই সমাজ যেতিয়া অধিক সুসংগঠিত হৈ ৰাষ্ট্ৰৰ ৰূপ লয়- ৰাষ্ট্ৰতো বিভিন্নধৰণৰ দ্বন্দ্ব-সংঘাতে মূৰ দাঙি উঠিব পাৰে। সেয়া অতি স্বাভাৱিক কথা। যিহেতু ৰাষ্ট্ৰ পৰিচালনাৰ কর্তৃত্ব লাভৰ বাবে দেশৰ বিভিন্ন শক্তিৰ মাজত প্রতিদ্বন্দ্বিতা বা প্রতিযোগিতা চলে সেয়েহে ৰাষ্ট্ৰত ক্ষমতাকেন্দ্রিক দ্বন্দ্ব-সংঘাতে আন সকলো দ্বন্দ্ব-সংঘাতক অতিক্রম কৰি গৈ মূল দ্বন্দ্বৰ ৰূপ লয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ইতিহাস চালেই সেই কথা ধৰিব পাৰি। ভাৰতবৰ্ষৰ প্ৰাচীন ঐতিহ্যৰ মূল সুৰেই হ'ল বৈচিত্র্য আৰু বহুত্ব। বৈচিত্র্য আৰু বহুত্বৰ অন্তৰালত নিহিত বৈশিষ্ট্যই হৈছে নানাধৰণৰ সংঘাত আৰু সমন্বয়। ভাৰতীয় পৰম্পৰাত সংঘাত যেনেকৈ সত্য, সমন্বয়ো সমানেই সত্য। একধর্মিতা বা সমধর্মিতাতকৈ বৈচিত্র্যৰ গুৰুত্ব অধিক। বেদৰ সংখ্যাই চাৰিখন। পুৰাণ-উপপুৰাণৰ সংখ্যা ওঠৰখনকৈ। মহাকাব্য দুখন। তদুপৰি বৌদ্ধ-জৈনৰ ধৰ্মীয় পৰম্পৰা বৈদিক পৰম্পৰাৰ পৰা সম্পূৰ্ণ পৃথক। ভাৰতীয় পটভূমিত বিভিন্ন স্বতন্ত্ৰ সৰু-বৰ ৰাজ্য ব্রিটিছ উপনিৱেশৰ অধীনলৈ গৈ পৰস্পৰৰ সান্নিধ্যলৈ আহিছিল। ব্রিটিছে শাসন ক্ষমতা দখল কৰিছিল তেনে শাসক গোষ্ঠীৰ পৰা যাৰ ধর্ম আছিল ইছলাম। ঔপনিৱেশিক শাসকৰ ধৰ্ম আছিল খ্রীষ্টান। অর্থাৎ, ভাৰতেই তেনে এখন দেশ য'ত বিশ্বৰ প্ৰায় সকলোবোৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি তথা আদিবাসী জনগোষ্ঠীসমূহৰ স্বকীয় লোকাচাৰৰ আন্তঃসংযোগ ঘটিছে। সেয়া ভাৰতৰ মহত্ত্বৰ পৰিচয়। ঔপনিৱেশিক যুগত উপনিৱেশৰ সীমাবদ্ধতাৰ মাজত ভাৰতীয় জনগোষ্ঠীসমূহৰ মাজত থকা দ্বন্দ্ব-সংঘাতে নতুন ৰূপ লৈছিল। কিন্তু স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা লাভৰ পাছত সংবিধান ৰচনাই ভাৰতক বিশ্বৰ ভিতৰত এখন আগশাৰীৰ সভ্য আৰু গণতান্ত্রিক ৰাষ্ট্ৰৰূপে পৰিচয় আৰু স্বীকৃতি দিলে। সাম্প্রদায়িক শক্তিসমূহে পাৰস্পৰিক ঘৃণা-বিদ্বেষক প্ৰৰোচিত কৰা সত্ত্বেও কিন্তু দেশৰ স্বাধীনতা সংগ্রামীসকলে সেই পথ গ্রহণ নকৰি ভাৰতৰ পৰম্পৰা আৰু ঐতিহ্যৰ আদৰ্শ অনুসৰি জাতি-ধর্ম-বর্ণ-গোষ্ঠী নির্বিশেষে সকলোকে একত্রিত কৰি, নাগৰিকক সম অধিকাৰ, সম মৰ্যাদাৰ ভিত্তিত সংগঠিত কৰি নতুন ভাৰত ৰাষ্ট্ৰৰ নিৰ্মাণ কৰিলে। ভাৰতবৰ্ষৰ দৰে নানা প্রাচীন আৰু মধ্যযুগীয় কু-সংস্কাৰৰ আৱেশত থকা এখন দেশত গণতন্ত্র প্রতিষ্ঠা আছিল অতি প্রত্যাহ্বানমূলক। কিন্তু সেয়া সম্ভৱ হৈ উঠিল। ভাৰতবৰ্ষ এখন সাংবিধানিক গণতান্ত্রিক ৰাষ্ট্ৰৰূপে বিশ্বত সমাদৃত হৈ উঠাৰ পাছত বর্তমান যেন নতুনকৈ কিছুমান দুঃচিন্তাৰ উদ্ৰেক হৈছে।

যোৱা বাৰ বছৰ ধৰি ধৰ্মীয় মৌলবাদ আৰু সাম্প্রদায়িকতাই ভাৰতত নতুন ৰূপত মূৰ দাঙি উঠিছে। দেশ অস্থিৰ কৰি তুলিছে। মাজে মাজে কেতবোৰ অবাঞ্ছিত ঘটনাই ভাৰতক বিশ্বৰ সন্মুখত লজ্জিত কৰি তুলিছে। তেনে এটা শেহতীয়া ঘটনা এইবাৰ হৈ পৰিছে অসমকেন্দ্রিক। অলপতে অসমৰ শাসক দলৰ নিজস্ব প্ৰচাৰ ব্যৱস্থাৰ এনে এটা ভিডিঅ' আপলোড কৰা হ'ল য'ত দেখুওৱা হৈছে- অসমৰ এজন সাংসদ আৰু লোক সভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈক এটা বিশেষ ধর্মীয় গোষ্ঠীৰ বেশত তুলি ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে গুলী কৰিছে। প্রথমে এটা ধেমেলীয়া বা হাস্যৰসাত্মক ভিডিঅ' বুলি ভবা হৈছিল যদিও অন্তর্নিহিত অৰ্থৰ ফালৰ পৰা এই ডিভিঅ' অনাকাংক্ষিত আৰু উদ্বেগজনক। এই বিষয় লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রীয়ে এই ভিডিঅ'ৰ লগত তেওঁ জড়িত নহয় বুলি স্পষ্টীকৰণ দিছে। অৱশ্যে ইয়াক লৈ ইতিমধ্যে আৰক্ষী থানাত গোচৰ তৰা হৈছে। উচ্চ ন্যায়ালয়ত গোচৰ দিছে কোনোপক্ষই। আনকি উচ্চতম ন্যায়ালয়েও এই গোচৰ শুনানিৰ বাবে গ্রহণ কৰিছে। সৰু আৰু সাধাৰণ যেন লগা ঘটনা একোটাৰো যে সুদূৰপ্ৰসাৰী প্ৰতিক্রিয়া হ'ব পাৰে, এয়া তাৰে প্রমাণ। সেইবাবেই ৰাজনৈতিক দল আৰু নেতাই সংযম আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো একান্তই আৱশ্যক। অন্তৰত যি কথাই নাথাকক কিয়, প্রকাশভংগীয়ে তাক বিৰূপ ৰূপত উপস্থাপন কৰি দিব পাৰে।

সংসদীয় ৰাজনীতিত বহুমত বহুপথৰ সংস্কৃতিৰ প্ৰভাৱ থাকে। সন্ত ৰামকৃষ্ণ পৰমহংসই এই বহুমত বহুপথ 'যত মত তত পথ' আখ্যা দি ইয়াৰ মাজত থকা বিৰোধ নিৰসনৰ চেষ্টা কৰিছিল। মত নিমিলাজন বিপক্ষ বা প্রতিপক্ষ হ'ব পাৰে কিন্তু শত্রু নহয়। গণতান্ত্রিক ৰাজনীতিৰ এয়া এটা গৃহীত নীতি। তেনেস্থলত ৰাজনৈতিক প্রতিপক্ষৰ লগত মতাদর্শগত বিৰোধৰ পথ এৰি যদি কোনোবাই ব্যক্তিগত, সংকীর্ণ বিষয়ক লৈ বিৰোধ-বাদানুবাদত লিপ্ত হয় তেন্তে তাৰ পৰা দেশৰ জনতাৰ লাভ হ'ব লগা একো নাথাকে। বৰঞ্চ ৰাইজৰ বিভিন্ন অংশৰ মাজত তিক্ততা বৃদ্ধি পায়। চৰকাৰ তথা শাসন তন্ত্ৰ আৰু তাৰ নেতৃত্ব দিয়াসকলৰ দায়িত্ব হ'ল তেনে তিক্ততা বা বিৰোধৰ উপশম ঘটোৱাহে, প্ৰৰোচিত কৰা নহয়। সংবাদ মাধ্যমৰ দায়িত্ব হ'ল বিস্ফোৰক পৰিস্থিতিত স্বাভাৱিক অৱস্থালৈ অনাৰ বাবে কাম কৰা। চৰকাৰ আহিব, যাব। নতুন নেতা-মন্ত্রী আহিব, যাব। কিন্তু আমাৰ দেশখন সদায় থাকিব। দেশৰ মংগল সাধন নকৰা কাৰ্যক আমি প্ৰতিৰোধ কৰিব লাগিব।

Share This