অস্ত্ৰৰ বিৰুদ্ধে

dainik janambhumi June 04, 2025

২০২২ চনৰ ১১ জুনত সমগ্ৰ আমেৰিকাত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ আইনৰ দাবী কৰি। সেই সময়ত তাত নির্বিচাৰ গুলীবর্ষণেৰে সংঘটিত দুটা গণহত্যাৰ পাছতেই হৈছিল এই প্রতিবাদ। ৰাজপথলৈ ওলাই অহা প্রতিবাদকাৰীসকলৰ শ্ল'গান আছিল 'গুলী খোৱাৰ পৰা ৰক্ষা পৰিবলৈ মোক স্বাধীনতা লাগে।' মাৰণাস্ত্ৰৰ মুক্ত ব্যৱহাৰৰ বিৰুদ্ধে হোৱা সেই গণ প্রতিবাদলৈ সমর্থন দিছিল তদানীন্তন মার্কিন ৰাষ্ট্ৰপতি জ' বাইডেনে।

প্রতিবাদকাৰীসকলে মার্কিন কংগ্ৰেছৰ প্ৰতি আহ্বান জনাইছিল, যাতে শীঘ্ৰে বন্দুকৰ নিৰাপত্তা বিধেয়ক এখন গৃহীত কৰা হয়। কিন্তু দুর্ভাগ্যৰ কথা ৰিপাব্লিকানসকলৰ বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। সেই বছৰৰ ২৪ মে'ত টেক্সাছৰ এখন প্রাথমিক বিদ্যালয়ত হোৱা গুলীবর্ষণত ১৯টি শিশু আৰু দুগৰাকী বয়সস্থ লোকে প্রাণ হেৰুৱাইছিল। তাৰ পূৰ্বে নিউয়ৰ্কৰ এঠাইত হোৱা গুলীবর্ষণত মৃত্যু হৈছিল ১০জন লোকৰ। এটা সমীক্ষাত প্রাপ্ত তথ্য মতে, ১৯৬৬ চনৰ পৰা ২০১২ চনৰ ভিতৰত বিশ্বত হোৱা জনবহুল স্থানত নির্বিচাৰ গুলীবর্ষণ (Mass shooting) ৰ ঘটনাসমূহৰ এক তৃতীয়াংশই আমেৰিকাত সংঘটিত হৈছিল। বিশ্বৰ আটাইতকৈ ঐশ্বর্যশালী, আটাইতকৈ শক্তিশালী আৰু প্রভাৱশালী ৰাষ্ট্ৰখনৰ জনসাধাৰণ এনে এটা ভয়াৱহ পৰিস্থিতিৰ মাজত বাস কৰিবলগীয়া হোৱাৰ একমাত্র কাৰণ হ'ল তাত জনসাধাৰণক বন্দুক ৰাখিবলৈ চৰকাৰে দিয়া অনুমোদন আৰু মুকলি পৰিৱেশ। দেশখনৰ সংবিধানৰ দ্বিতীয় সংশোধনীৰ জৰিয়তে আমেৰিকাৰ নাগৰিকে লগত বন্দুক ৰাখিব পৰাৰ অনুমতি প্রদান কৰা হৈছিল। দেশৰ তথা নাগৰিকৰ নিৰাপত্তাৰ দিশ বিবেচনা কৰাৰ লগতে তাত পূৰ্বৰে পৰা অব্যাহত থকা বন্দুক সংস্কৃতি ৰক্ষা কৰাৰ বাবে তাৰ সংবিধানত এই দফাৰ সংযোজন কৰা হৈছিল।

সেই চিন্তাৰ তিনি শতিকাৰ পাছত আজি মার্কিন জনতাই বন্দুকৰ নিয়ন্ত্ৰণ বিচাৰি ৰাজপথলৈ ওলাবলগীয়া হোৱাটো তাৎপর্যপূর্ণ ঘটনা। উল্লিখিত কথাখিনি আহিল বৰ্তমান আমাৰ ৰাজ্যত চৰকাৰে একাংশ লোকক বন্দুকৰ অনুজ্ঞাপত্র প্রদান কৰিবলৈ গ্রহণ কৰা কেবিনেট সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত। ৰাজ্যৰ কেতবোৰ স্পৰ্শকাতৰ আৰু দুর্গম অঞ্চলৰ খিলঞ্জীয়া লোকক বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে এইসকল লোকৰ নিৰাপত্তাৰ কথা বিবেচনা কৰি। নগালেণ্ড, অৰুণাচল, মেঘালয় আৰু মিজোৰাম- এই ৪খন প্রতিবেশী ৰাজ্যৰ অসমৰ সৈতে থকা কেতবোৰ অতি স্পৰ্শকাতৰ অংশত ভূমি বিবাদক কেন্দ্ৰ কৰি প্রায়ে সংঘাত-সংঘর্ষ চলি থাকে। এইবোৰ এলেকাৰ খিলঞ্জীয়া অসমীয়াক চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ নিদিয়ে। চৰকাৰে কাক বন্দুক ৰাখিবলৈ দিব সেয়া স্পষ্ট। বাংলাদেশী মূলৰ ধৰ্মীয় সংখ্যালঘু লোকৰ বসতিপ্রধান অঞ্চলবোৰত থকা খিলঞ্জীয়াৰ নিৰাপত্তাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা বুলি চৰকাৰে প্ৰকাশ কৰিছে। সিদ্ধান্তটোক লৈ ইতিমধ্যে মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছেই। নিৰাপত্তাহীনতাত ভোগা বুলি গণ্য কৰি সৰ্বসাধাৰণ লোকক বন্দুক ল'বলৈ চৰকাৰে উৎসাহিত কৰাৰ এটা সময় আহিব বুলি অসমবাসীয়ে কল্পনাই কৰা নাছিল। গণতান্ত্রিক দেশত নাগৰিকক নিৰাপত্তা দিয়াৰ যথেষ্ট ব্যৱস্থা চৰকাৰৰ আছে। আইন-আদালত আছে।

এইবোৰক চেৰাই গৈ আত্মৰক্ষাৰ বাবে বন্দুক ব্যৱহাৰৰ অনুমতি দিয়া চৰকাৰৰ সিদ্ধান্তই চৰকাৰী ব্যৱস্থাবোৰ যথোপযুক্ত নহয় বুলিয়ে ভাবিবলৈ বাধ্য কৰাইছে। এই বিষয়ত কিছুমান প্রশ্ন অহাটো অৱধাৰিত। প্রথম কথা হ'ল- অসম আন্দোলন আৰু বড়োসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনৰ সময়ৰ কিছুমান সাম্প্রদায়িক সংঘৰ্ষৰ বাদে সাধাৰণ সময়ত ৰাজ্যত এনে পৰিৱেশৰ সৃষ্টি হৈছে নেকি, য'ত খিলঞ্জীয়া মানুহে প্ৰাণৰ সংশয়ত দিন কটাবলগা হৈছে? বাংলাদেশী মূলৰ ধৰ্মীয় সংখ্যালঘু বসতিপ্রধান এলেকাত সন্দেহ-ভীতিৰ কিছু পৰিৱেশ নথকা নহয়। খিলঞ্জীয়াক উৎপীড়নৰ ঘটনাৰো দুই এটা উদাহৰণ নথকা নহয়; সেই বুলি এনেকুৱা অঞ্চলৰ খিলঞ্জীয়াই জীৱনৰ নিৰাপত্তাৰ বাবে হাতত বন্দুক ল'ব লগীয়া অৱস্থা হৈছেনে? যদি পৰিৱেশ সেই স্তৰলৈকেই গৈছে, মুষ্টিমেয় খিলঞ্জীয়াই বন্দুকৰ অনুজ্ঞাপত্ৰ লৈ নিজক তথা অঞ্চলটোক সুৰক্ষিত কৰি ৰাখিব পাৰিবনে? যদি এনেবোৰ অঞ্চলত বৈধ আৰু অবৈধ বন্দুকৰ সংঘাত হয় তেনেহ'লে তেনে পৰিৱেশে মূৰকত কাক লাভৱান কৰিব? এই চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূৰ্বে ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা পৰিস্থিতিবিলাক সূক্ষ্মভাৱে পৰ্যালোচনা কৰি লোৱা উচিত আছিল। শতিকাৰ পিছত শতিকাজুৰি বন্দুক সংস্কৃতিৰ লগত অভ্যস্ত হৈ থকা মার্কিন জনতায়ো বন্দুকৰ অপপ্রয়োগৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰ বন্দুকৰ বিৰুদ্ধে প্রতিবাদ কৰিব লগা কিয় হৈছে সেয়াও বিবেচনালৈ অনা উচিত। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ যুৱকে হাতত বন্দুক তুলি লৈছিল। তেওঁলোকেও বন্দুক ডকাইতি কৰিবলৈ লোৱা নাছিল, উদ্দেশ্য আছিল জাতিৰ মুক্তিৰ বাবে সশস্ত্র সংগ্রাম। কিন্তু সেই বন্দুকবোৰ কাৰ বিৰুদ্ধে ব্যৱহাৰ হ'ল, সেই বন্দুক সংস্কৃতিয়ে জাতিক কি দিলে তাৰ বিস্তৃত ব্যাখ্যাৰ প্ৰয়োজন নাই। আচলতে নাগৰিক জীৱনৰ সৈতে বন্দুক জীণ নোযোৱা এটা বস্তু। পাৰিলে জনসাধাৰণক ইয়াৰ পৰা আঁতৰাই ৰখা ভাল। অসমৰ যিবোৰ স্পৰ্শকাতৰ অঞ্চলৰ মানুহৰ কথা ভাবি চৰকাৰে এই সিদ্ধান্ত লৈছে সেই মানুহক সুৰক্ষা দিব পৰা অন্য বিধিগত পথ বহুত আছে।

Share This