ডিজিটেল ডেস্ক : আঘোণ মাহ সোমাল। অসমীয়া দিনপঞ্জীৰ অষ্টম মাহ আঘোণক সংস্কৃতত 'মার্গশীর্ষ' বুলি কোৱা হয়। এই নামৰ উৎপত্তি হৈছে 'মৃগশিৰা' নক্ষত্ৰৰ পৰা। বঙালী বর্ষপঞ্জী মতে আঘোণক 'অগ্রহায়ণ' বোলা হয়। পূর্বতে অগ্রহায়ণক বছৰৰ প্রথম মাহ বুলি ধৰা হৈছিল। 'অগ্রহায়ণ' শব্দৰ আভিধানিক অর্থ হ'ল বছৰৰ শ্ৰেষ্ঠ ব্রীহি (ধান) উৎপন্ন হোৱা সময়। এক অর্থত আঘোণ মানেই গাখীৰতী শইচৰ সম্ভাৱনাৰ মাহ। স্নিগ্ধ শৰতৰ মুকলি প্ৰকৃতিয়ে শীতলৈ নঙলা খুলি দিয়াৰ সময় এই আঘোণ মাহ। প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি আঘোণ মাহৰ আৰম্ভণিৰ পৰাই সংগোপনে আৰম্ভ হয় জাৰকালিৰো। কলাখাৰ তৈয়াৰ কৰা কাতিমহীয়া প্ৰখৰ ৰ'দ আঘোণমহীয়া হৈ পৰে ৰাগিলগা। আঘোণক লৈও যে কবিৰ কত কবিতা, কত গান! আচলতে আঘোণ মানেই উন্মাদনাৰ মাহ। কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সপোন ৰচা কৃষকৰ সপোনে পক ধৰাৰ সময় আঘোণ। চহা অসমীয়া জনজীৱনত আঘোণ হেঁপাহ আৰু প্ৰাপ্তিৰ মাহ। অসমীয়া পৰম্পৰা অনুসৰি এই মাহটো শস্য চপোৱাৰ সময়। অসমীয়া সমাজ মূলতঃ গাঁওপ্রধান তথা কৃষিপ্রধান। চহা অসমীয়া সমাজৰ অধিকাংশ মানুহে আহাৰ-শাওণ মাহত কপালৰ কেঁচা ঘাম মাটিত পেলাই নাঙলৰ ফালেৰে সীৰলু টানি মাটি চহাই শইচ ৰোপণ কৰে। সেই বীজ অংকুৰিত হৈ আহিন মাহত গেঁৰ ধৰি কাতি মাহত গাখীৰতী হৈ পৰে। কাতি বিহুত বন্তি প্রজ্বলিত কৰি শইচৰ পোক-পতংগক ধ্বংস কৰাৰ লগতে লখিমীক পোহৰৰ বাট দেখুৱাই দিয়া শইচডৰাই লাহে লাহে সোণালী বৰণ ধৰে। সঁচা অৰ্থত আঘোণ মানেই ভোগৰ মাহ। কৃষকৰ সপোনস্বৰূপ ন ধানৰ চাউল উলিয়াই প্রসাদ আগবঢ়াই 'ন লগোৱা' প্ৰথাৰে সোণোৱালী ধান চপোৱা কৃষক ৰাইজে ধান চপাই অটাই 'ন খোৱা' পাতে এই আঘোণৰে শেষলৈ। কিন্তু অসমীয়াৰ আয়ুসৰেখা সদৃশ আঘোণ একেই আছেনে! শইচ, পথাৰ, নৈৰে আবৃত চহা অসমীয়া জনজীৱনত যেন এক বৃহৎ কেৰোণ লাগিছে। সোণোৱালী হৈ থকা বহু পথাৰ আজিৰ সময়ত উদং হৈ পৰি আছে। থলগিৰী অসমীয়াৰ ভূমিত বহিৰাগত বণিক গোষ্ঠীৰ আগ্রাসন হৈছে। খেতিৰ ভৰপক বতৰত অসমৰ পথাৰবোৰত দেখা গৈছে ইটা ভাতীৰ ক'লা ধোঁৱা।
উল্লেখযোগ্য যে অসম এখন কৃষিপ্রধান ৰাজ্য হিচাপে বিবেচিত হৈ অহাই নহয়, অসমৰ কৃষিজাত সামগ্রী বিশ্বজুৰি চৰ্চিত হৈ আহিছে। অসমৰ কণীজহা, বৰা ধানৰ পৰা ভোটজলকীয়া, কণজলকীয়ালৈকে বৈচিত্র্যপূর্ণ কৃষিজাত সামগ্ৰীৰ উৎপাদনক লৈ অসমৰ নাম সততে উচ্চাৰিত হয়। আনকি ৰপ্তানি বাণিজ্যৰ ক্ষেত্রতো অসমত উৎপাদিত কেতবোৰ সামগ্রীয়ে বিশেষ দৃষ্টি আকর্ষণ কৰি আহিছে। এইক্ষেত্রত কাৰ্বি আংলঙৰ আদা, বোকা চাউল, জহা চাউল, কাজি নেমু ইত্যাদি অন্যতম, যিকেইটা সামগ্রীয়ে ইতিমধ্যে 'জি আই' (geographi-cal indication) টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এয়া অসমৰ বাবে গৌৰৱৰ বিষয়। পিছে কৃষিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ পাছতো অসমত কৃষি বিপ্লৱ গঢ়ি তুলিব পৰা নাই অসমীয়াই। ইয়াৰ মূল কাৰণ ভৌগোলিক কেতবোৰ পৰিঘটনাৰ লগতে চৰকাৰী বঞ্চনা।
আনহে নালাগে, এইবাৰ খৰাংপীড়িত ৰাজ্যত নাঙল ধৰিবই নোৱাৰিলে বহু কৃষকে। পাৰি থোৱা কঠীয়া বহু অঞ্চলত বুঢ়া হৈ যোৱাৰ পাছতো ভূঁই ৰুব নোৱৰা কৃষকক সকাহ দিবলৈ ৰাজ্যৰ জলসিঞ্চন নামৰ চৰকাৰী বিভাগটোও ধোঁৱাচাঙত উঠি থকাৰ অভিযোগহে উঠি আহিছে। প্রণিধানযোগ্য যে অসমৰ মুঠ কৃষিভূমি ২৬. ৯৯ লাখ হেক্টৰ যদিও জলসিঞ্চন আঁচনিৰ ব্যৱস্থা আছে মাথোঁ ২.৬০ লাখ হেক্টৰ কৃষিভূমিতহে। বছৰৰ বানে প্রায়েই কৃষিভূমি উছন কৰিলেও চৰকাৰে এনে উদ্বাস্তু কৃষকক সাহায্য দিয়াৰ সলনি এইখিনি কৃষকক লৈ প্ৰতিবছৰে ৰাজনীতিহে কৰি আহিছে। থলুৱা কৃষকৰ বাবে জলসিঞ্চন আঁচনি যিদৰে ধোঁৱাচাঙত সেইদৰে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা, কৃষকলৈ ঋণ আঁচনি ইত্যাদিও অর্থহীন হৈ থকা দেখা গৈছে থলুৱা কৃষকৰ ক্ষেত্ৰত। শুঁৰ পোক, চৰহা পোক, টুপলি কটা পোক, গান্ধী পোক ইত্যাদিৰ আক্ৰমণত মূৰে-কপালে হাত দিবলগীয়া হোৱা কৃষকে সঁচলৈকে ধান ৰাখিব নোৱৰাৰ বিপৰীতে দুর্ভাগ্যজনকভাবে এনে কৃষককো ঢুকি পোৱা নাই ফচল বীমা যোজনাৰ দৰে তথাকথিত অভিলাষী আঁচনিয়ে। কৃষকক পাৱাৰটিলাৰ, ট্ৰেক্টৰ ক্ৰয়ৰ বাবে ৰাজসাহায্য প্রদান কৰা, কম সুতত ঋণ প্রদান ইত্যাদি আঁচনিৰ সুবিধাও পৰিকল্পিত প্ৰচাৰৰ অভাৱত থলুৱা কৃষকে ভুকে নোপোৱাকৈ মধ্যভোগী একাংশইহে লাভ কৰি আহিছে। ইয়াৰ বাহিৰেও চৰকাৰে অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ দৰে কিছুমান ভোটসৰ্বস্ব আঁচনিৰে থকা মাটিখিনিতো খেতি কৰিব নোখোজা, শ্রম কৰিব নোখোজা সোৰোপা জাতি এটাৰো যে জন্ম দিছে সেয়া ধুৰুপ। তাৰ মাজতে এইবাৰ বান আৰু খৰাঙৰ দৰে বিধি-পথালিৰ মাজতো নাঙলেৰে সপোন ৰচিব খোজা চহা অসমীয়াৰ বাবে আঘোণে কঢ়িয়াই আনিছে অযুত সম্ভাৱনাৰ বতৰা। কিয়নো আঘোণ কেরল শস্য চপোৱাৰ সময় নহয়, আঘোণ কৃষকৰ কৃচ্ছ্ৰসাধনাৰ অমোঘ প্রাপ্তি, চহা অসমীয়াৰ বাবে এক উদযাপন এই আঘোণ।