আজিৰ সম্পাদকীয়, কৃত্রিম বুদ্ধিমত্তা সন্মিলন

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক: জুইৰ আৱিষ্কাৰৰ পৰা ক্ৰমবিৱৰ্তন আৰু বিকাশৰ হাজাৰ হাজাৰ বছৰীয়া ধাৰাৰে প্রৱাহ ঘটি জ্ঞান-বিজ্ঞানৰ উত্তৰণেৰে মানৱ সভ্যতাৰ এতিয়া আর্টিফিচিয়েল ইন্টেলিজেন্স (এ আই), অর্থাৎ কৃত্রিম বুদ্ধিমত্তাৰ স্তৰত প্ৰৱেশ ঘটিছে। 

কৃত্রিম বুদ্ধিমত্তা তথ্য-প্রযুক্তিৰ ক্ষেত্ৰৰ এনে এক সংযোজন যি মানৱ সভ্যতাক অদূৰ ভৱিষ্যতে ক'লৈ লৈ যাব তাক কল্পনা কৰাও কঠিন। যেনেকৈ ই মানৱ সভ্যতাৰ কল্পনাতীত বিকাশৰ বহু দুৱাৰ মুকলি কৰি দিয়াৰ নিশ্চিত সম্ভাৱনা আছে তেনেকৈ ই 'ফ্রাংকেষ্টাইন' হৈ মানৱ সভ্যতাৰ ধ্বংসৰো কাৰণ হ'বগৈ পাৰে নেকি সেই সংশয়ো নোহোৱাকৈ থকা নাই। এই কৃত্রিম বুদ্ধিমত্তাক লৈ বিশ্বত অন্তহীন চিন্তা-চর্চা, জল্পনা-কল্পনা চলি থকা অৱস্থাতে নতুন দিল্লীৰ 'ভাৰত মণ্ডপম'ত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে দুদিনীয়া 'এ আই ইমপেক্ট ছামিট', অর্থাৎ কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱ বিষয়ক সন্মিলন। 

দক্ষিণ গোলার্ধত অনুষ্ঠিত এইখনেই এনেধৰণৰ সৰ্ববৃহৎ সন্মিলন। তিনিটা 'P'ৰ 'সূত্ৰ'ক গুৰুত্ব দি এই সন্মিলনখন অনুষ্ঠিত হৈছে- (১) জনসাধাৰণ (People), (২) বিশ্ব (Planet) আৰু প্ৰগতি (Progress)। ইয়াৰ 'পীপল', অর্থাৎ জনসাধাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া বিষয়সমূহ হৈছে- মানুহৰ অধিকাৰবিলাকক সুৰক্ষা দিয়া, সেৱা লাভৰ পৰিৱেশৰ বিস্তাৰ ঘটোৱা, বিশ্বাসৰ বাতাৱৰণ নিৰ্মাণ কৰা, আৰু সমাজৰ সকলো স্তৰে কৃত্রিম বুদ্ধিমত্তাৰ উপকাৰসমূহ উপভোগ কৰাটো নিশ্চিত কৰা। 'প্লেনেট', অর্থাৎ আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে ই যাতে ইন্ধন-যোগ্য (En-ergy efficient) ব্যৱস্থা এটাৰ গঢ় দিব পাৰে, সম্পদৰ যোগ্য ব্যৱহাৰত ভূমিকা পালন কৰিব পাৰে আৰু এনেকুৱা ব্যৱস্থাৰ নিৰ্মাণ কৰিব পাৰে যাতে বতৰ আৰু পৰিৱেশৰ সন্তুলন ৰক্ষা কৰিব পৰা যায়। 

আনহাতে, প্রগতি অর্থাৎ 'প্রগ্ৰেছ'ৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ। উদ্ভাৱনৰ জৰিয়তে অর্থনৈতিক আৰু প্ৰযুক্তিৰ বিকাশত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, সামর্থ্যৰ বিকাশ ঘটোৱা আৰু উৎপাদন আৰু উন্নয়নৰ ক্ষেত্ৰত এ আই বা কৃত্রিম বুদ্ধিমত্তাৰ সৰ্বোচ্চ ব্যৱহাৰৰ বিভিন্ন চিন্তা-পৰিকল্পনা এই দুদিনীয়া সম্মিলনৰ প্রধান লক্ষ্য। স্বাস্থ্য, শিক্ষা, উৎপাদন, নির্মাণ, সেৱা আদি খণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰে সমগ্ৰ ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সাধন কৰিব পৰা সম্ভাৱনাবোৰৰ বিষয়ে ইতিমধ্যে ব্যাপক চর্চা হৈছেই। তেনেস্থলত এই কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রখনত যিয়েই নেতৃত্ব দিব পাৰিব সিয়েই হ'ব ভৱিষ্যতৰ বিশ্বৰো নিয়ন্তা। সেই দৃষ্টিকোণৰ পৰা নতুন দিল্লীত এনে এখন সম্মিলন আয়োজন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্রভাৱ অৱধাৰিত। এই সন্মিলনলৈ ফ্রান্স, ব্রাজিলকে ধৰি আঠখন দেশৰ ৰাষ্ট্ৰপতি, দুখন দেশৰ উপ-ৰাষ্ট্ৰপতি, সাতখন দেশৰ প্ৰধানমন্ত্ৰী আহিছে। আৰু ২০খন দেশৰ শীর্ষস্থানীয় নেতাও আহিছে সন্মিলনখনলৈ। আহিছে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান, বিশ্বৰ ৪০টা আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া। 

সর্বমুঠ ২.৫ লাখ লোকে অংশগ্রহণ কৰিব এই সন্মিলনত। এই তথ্যখিনিৰ পৰাই গম পোৱা যায় সন্মিলনখনৰ বিশালতা আৰু গুৰুত্ব কিমান! এই সন্মিলনখন উদ্বোধনৰ প্রাক্‌ক্ষণত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ প্রতিষ্ঠান পি টি আইক দিয়া সাক্ষাৎকাৰত এটা লক্ষণীয় কথা হৈছে। তেখেতে কৈছে যে ২০৪৭ত 'বিকশিত ভাৰত' নিৰ্মাণৰ যি লক্ষ্য স্থিৰ কৰা হৈছে তাৰ দুটা মূল শক্তি হৈছে দেশৰ যুৱ প্ৰজন্ম আৰু দক্ষতাসম্পন্ন লোকৰ বিশাল সংখ্যা। ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম প্রধান 'আই টি হাব', ই বিশ্বৰ তৃতীয় বৃহৎ 'ডিজিটেলাইজড্' ৰাষ্ট্ৰ। আমেৰিকা আৰু চীনৰ পিছতে ভাৰতৰ স্থান। গতিকে, ভবিষ্যতে কৃত্রিম বুদ্ধিমত্তা নিয়ন্ত্রিত যিখন বিশ্ব হ'ব তাত ভাৰতে নেতৃত্ব লোৱাৰ প্ৰয়াস কৰিব এই বিশাল যুৱ, প্রযুক্তিদক্ষ শাক্তিৰ জৰিয়তে। 

নতুন দিল্লীৰ 'এ আই ইমপেক্ট ছামিট' সেই লক্ষ্যৰেই এটা ঢাপ বুলি ধাৰণা কৰিব পাৰি। আগতেই কোৱা হৈছে যে কৃত্রিম বুদ্ধিমত্তাৰ বৰ্ধিত ব্যৱহাৰে যেনেকৈ প্ৰগতিৰ সম্ভাৱনাৰ নতুন নতুন দুৱাৰ মুকলি কৰিছে তেনেকৈ কিছুমান ঋণাত্মক প্রভাৱৰো দুৱাৰ মুকলি কৰিছে। আশংকা কৰা হৈছে যে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ফলত চাকৰি কমি যাব, ধনী-দুখীয়াৰ ব্যৱধান আৰু বৃদ্ধি হ'ব, বিভিন্ন ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি হ'ব, ব্যক্তিগত গোপনীয়তা নোহোৱা হ'ব, মানুহৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিব, ভুৱা তথ্য, 'ডীপফেক'ৰ দৰে নতুন বিষয়ে অবিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰিব, মানুহৰ সক্ষমতা কমিব ইত্যাদি। এই বিষয়বিলাকৰ সন্মুখীন কেনেকৈ হ'ব তাৰ বিষয়ে কোনো স্পষ্ট ব্যাখ্যা আজিলৈকে বিশ্ববাসীয়ে পোৱা নাই। আমাৰ দেশত বর্তমান সংস্থাপনহীন শিক্ষিত যুৱক-যুৱতীৰ সংখ্যা প্রায় ২৮ নিযুত। তদুপৰি, দেশত বিদ্যমান ধনী-দুখীয়াৰ বিশাল প্রভেদ। এতিয়াও দেশৰ প্রায় ৭৫ নিযুত মানুহ চৰম দাৰিদ্র্যৰ মাজত বাস কৰিব লাগে। 

গতিকে, ভৱিষ্যতৰ দিনবোৰত এ আই-এ যেনেকৈ সম্ভাৱনাৰ দুৱাৰ খোলাৰ আশা আছে, তেনেকৈ দৰিদ্ৰ, সংস্থাপনহীনসকলৰ বাবে অন্ধকাৰ নমাই অনাৰ আশংকাও নোহোৱা নহয়। নতুন দিল্লীৰ 'এ আই ইমপেক্ট ছামিট'এ এনে আশংকা, দুর্ভাবনাৰ সমাধান কেনেকৈ দিব সেয়াহে লক্ষণীয় হ'ব।

Share This