মৃত্যুদূত

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : খলা-বমা পথ অতিক্ৰম কৰি অৰ্থপূর্ণভাৱে আগুৱাই যাব পৰাটোৱেই জীৱন। জীৱন অমূল্য। জীৱনক ভালপোৱাটো বা জীৱনটোৰ প্রতি প্রেম থকাটো জীয়াই থকাৰ প্রথম চর্ত। কিন্তু বহু সময়ত জীৱন যাপন আৰু জীৱন উদ্যাপনৰ মাজত পাৰ্থক্য বিচাৰ নকৰাৰ বাবেই মানুহ বিপদত পৰে। বিশেষকৈ স্বাধীনতাপিয়াসী নতুন প্রজন্মটোৰ বাবে যেন জীৱনক লৈ উপলব্ধি তেনেই বস্তুবাদত সীমাবদ্ধ। হয়তো সেইবাবেই এটা সুস্থিৰ জীৱন চর্যা লাভ কৰাৰ পৰিৱেশ তথা ক্ষমতা থকাৰ পাছতো এনে একাংশই বাছি লয় খলা-বমা পথ, য'ত ৰৈ থাকে মৃত্যুদূত। ইচ্ছাকৃত বা অনিচ্ছাকৃত যিভারেই নহওক, এনে পথত খোজ পেলাই, এনে সংগৰ দোষত পৰিয়েই জীৱনক লৈ হেতালি খেলিবলৈ কুণ্ঠাবোধ নকৰে বহুতে। এনে বহু পৰিস্থিতিত তেওঁলোকে অপৰাধ সংঘটিত কৰাই নহয়, অপৰাধৰ বলিও হয়। হতাশা, নিৰাশাত মানসিকভাবে ভাৰাক্রান্ত হৈ পৰাও দেখা যায়। কিন্তু এই সমগ্র পৰিস্থিতিত নিৰীহ কিছুৱে হেৰুৱাব লগা হয় বহুমূলীয়া জীৱন। 

শেহতীয়াকৈ গুৱাহাটীৰ মঠঘৰীয়াৰ দুৰ্ঘটনাটোৱে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ঘটনাটোৱে সকলোকে ভবাই তুলিছে। পুৱতি নিশা চাৰি বজাত গুৱাহাটী মহানগৰীৰ ৰাজপথত এখন ৰৈ থকা ট্রাকত প্রচণ্ড খুন্দাৰে দুর্ঘটনা সংঘটিত কৰা এখন চাৰিচকীয়া বাহনৰ তিনি যুৱতী আৰোহী থিতাতে নিহত হয়। আপাতঃ দৃষ্টিত এয়া এটা ভয়ংকৰ পথ দুর্ঘটনা। আনকি একেদিনাই মাজনিশা গুৱাহাটীৰ জু-ৰোড তিনিআলিতো প্রায় একেদৰে ডিভাইডাৰত খুন্দিয়ায় এখন তীব্রবেগী বাহনে, য'ত আৰোহী যুৱক-যুৱতীৰ প্রায় আটাইকেইজনেই আহত হয়। মাত্র কিছুদিন পূর্বে নলবাৰীৰ এটা হুঁচৰি দলৰ গাড়ীও নিশা দুর্ঘটনাত পতিত হয়, য'ত এগৰাকী নতুন প্রজন্মৰ প্রতিভাসম্পন্ন যুৱতীয়ে অকাল মৃত্যুক সাবটি লয়। পথ দুর্ঘটনা নতুন কথা নহয় তথা শেহতীয়াকৈ উদ্বেগজনকভাবে বৃদ্ধি পাইছে পথ দুর্ঘটনাৰ সংখ্যা। পূর্বেও গুৰুতৰ পথ দুৰ্ঘটনাৰ সংখ্যা নিচেই কম নাছিল আৰু এই দুর্ঘটনাসমূহৰ বাবে মূলতঃ পথৰ দুৰৱস্থাক দায়ী কৰা হৈছিল। আনকি দুর্গম ভগা-ছিগা পথ তথা পথ সুৰক্ষাবিহীন কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথক মৃত্যুদূত পর্যন্ত আখ্যা দিয়া হৈছিল। পাচে এতিয়া তেনে নহয়। চৰকাৰৰ কৃপাত অসমৰ বাট-পথ আগতকৈ যথেষ্ট উন্নত হ'ল, বাট-পথ সুচল হ'ল। কিন্তু সুচল বাট-পথতো দুর্ঘটনাৰ সংখ্যা নকমিল, বৰঞ্চ বাঢ়িলহে। ইয়াৰ কাৰণ তীব্রগতি, সুৰাৰ আসক্তি আৰু ভোগবাদী মানসিকতাই মূল। শেহতীয়াকৈ মঠঘৰীয়াৰ দুর্ঘটনাটোও এনে চিন্তাৰেই ফল বুলিলেও অত্যুক্তি কৰা নহ'ব। পুৱতি নিশালৈকে অভিজাত বাৰত সুৰা সেৱন কৰি, ঘণ্টাত ১০০-কিঃমিঃৰ ওপৰৰ গতিৰে বাহন চলাই, পথৰ কাষত ৰৈ থকা বাহনত খুন্দা মৰা দুর্ঘটনাগ্রস্ত বাহনখনৰ চালক চামিম আহমেদক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত ঘটনাটোৰ ন ন তথ্য পোহৰলৈ আহিছে, য'ত ই দুর্ঘটনা নহৈ হত্যাৰ দৰে ষড়যন্ত্র হোৱাৰো সন্দেহ প্রকাশ কৰিছে। কিন্তু এই সকলো তথ্য আলোচনাৰ বিপৰীতে এটা কথাই স্বাভাৱিকতে চিন্তাৰ উদ্রেক কৰে যে কি তাড়নাত উচ্চশিক্ষিত, সংস্কৃতিরান ঘৰৰ উন্নত কেৰিয়াৰৰ যুৱক-যুৱতীসকলে পুৱতি নিশালৈকে মহানগৰীৰ বাৰত বহি থকাৰ লগতে ৰাজপথত ধুমুহাৰ গতিত বাহন চলোৱাৰ সম্পৰীক্ষা কৰিব লগা হয়। 

মৃত্যুৰ পাছত যুৱতীকেইগৰাকীৰ বিৰুদ্ধে তথাকথিত সমাজৰ একাংশই সুৰা সেৱন কৰা আৰু নিশা দুপৰলৈ বাহিৰত ঘূৰি ফুৰাক লৈ তীব্ৰ চৰিত্ৰহননত নামিছে যদিও এয়া সঠিক আচৰণ নহয়। কিয়নো এনে কাণ্ড তেওঁলোকে সদায় কৰে বুলিও কোনেও নিশ্চিতি দিব পৰা নাই। কিন্তু ঊর্ধ্বমুখী কেৰিয়াৰ গ্রাফেৰে এটা ভাল সুস্থিৰ জীৱন সন্মুখত থকাৰ পাছতো কিহৰ বাবে ক্ষন্তেকীয়া এনে আনন্দৰ ভাগ ল'বলৈ তেওঁলোক ওলাই গৈছিল তাৰ মনোবৈজ্ঞানিক আলোচনা এটাৰ নিতান্তই দৰকাৰ। ইয়াৰ আগতেও এনে ঘটনা অনেক ঘটিছে। অলপতে গোলাঘাটৰ এগৰাকী শিক্ষিত যুৱতীৰ গুৱাহাটীৰ ভাৰাঘৰত মিছা কথা কৈ উদণ্ড সংগীৰ সৈতে মাজনিশা শ্বিলং ফুৰিবলৈ গৈ সন্দেহজনক দুর্ঘটনাত মৃত্যু হৈছিল, যাৰ আজি পর্যন্ত সঠিক তথ্য উদ্‌ঘাটন নহ'ল।

তথ্য অনুসৰি, ভাৰতবৰ্ষত স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰা লোকৰ সংখ্যাতকৈ পথ দুর্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাবটি লোৱাৰ ঘটনা গড় হিচাপত বেছিকৈ হয়। পথ দুর্ঘটনা মূলতঃ ব্যাপক হাৰত ট্রেফিক আইন উলংঘা আৰু যান-বাহন আৰক্ষীৰ অৱহেলাৰ ফলতেই যে সংঘটিত হয়, সেয়া প্রতিপন্ন হৈ আহিছে। বিশেষকৈ নিশাৰ সময়ত নিচাসক্ত চালকৰ উপদ্ৰৱ আৰু তীব্রগতি মৃত্যুদূতৰ দৰে হৈ পৰিছে। সুৰামত্ত অৱস্থাত বাহন চলোৱাৰ বিৰুদ্ধে অসম চৰকাৰে চৰ্তসাপেক্ষ দুবছৰ পৰ্যন্ত কাৰাবাস, ১৫ হাজাৰ টকাৰ জৰিমনা আৰু অনুজ্ঞাপত্র বাতিলৰ দৰে কঠোৰ বিধি প্ৰস্তুত কৰাৰ পাছতো ৰাজ্যত সুৰামত্ত চালকৰ তাণ্ডৱ অব্যাহত আছে। আনকি মঠঘৰীয়াৰ দৰেই ৰাজ্যৰ কেইবাটাও গুৰুতৰ পথ দুর্ঘটনা সুৰামত্ত চালকৰ উদ্ভণ্ডালিৰ বাবেই সংঘটিত হৈছে। আনহাতে, পথ দুর্ঘটনাৰ আনটো গুৰুতৰ কাৰণ হৈছে তীব্রগতি। সততে পথ সুৰক্ষাৰ বিজ্ঞাপন দিয়া আৰক্ষীৰ নাকৰ তলত নিশা হ'লেই সুৰাৰ সাম্রাজ্য হৈ পৰা মহানগৰীত সুৰামত্ত চালকক নাকী লগাব নোৱৰাটো প্ৰশাসনৰ চৰম দুর্বলতা। আনহাতে, নতুন প্ৰজন্মৰ ক্ষণিক ভোগবাদী মানসিকতা আৰু পাশ্চাত্যৰ শৈলীৰ অন্ধ অনুকৰণৰ উচ্ছৃংখল জীৱনশৈলীক নিয়ন্ত্রণ কৰিব নোৱাৰিলে এনে দুর্ভাগ্যজনক ঘটনা যে ৰোধ কৰাটো সম্ভৱ নহয়, সেয়াও নিশ্চিত। অমূল্য জীৱনটোক ভাল পোৱাৰ লগতে উচিত সন্মান দিয়াৰ শিক্ষা আচলতে প্রত্যেকেই লোৱা উচিত।

Share This