ডিজিটেল ডেস্ক : দেশ বুলি কওঁতে যি ভূখণ্ডৰ কথা আহে, যাৰ মাটি-পানী, গছ-গছনিৰ মাজত একোজন মানুহ জন্ম হৈ ডাঙৰ-দীঘল হয়, তাৰ প্রতি স্বাভাৱিকতে মানুহৰ এটা আৱেগিক টান থাকে। আমাৰ দেশেই আমাৰ জন্মভূমিও-কর্মভূমিও। স্বদেশ আমাৰ প্রাণতকৈও প্রিয়। ৰামায়ণত ৰামচন্দ্ৰই জন্মভূমিক স্বর্গতকৈও অধিক মহিমামণ্ডিত বুলি কৈছিল। সেই দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্রশ্নটো অত্যন্ত জৰুৰী। সেই দায়িত্বত নিয়োজিত থাকে আমাৰ সেনা বাহিনী। সেনাৰ স্থল, জল আৰু বায়ুৰ তিনিওটা বিভাগে তিনিধৰণে দেশৰ সুৰক্ষা নিশ্চিত কৰে। আমি প্রাচীন কালৰে পৰা দেখি আহিছোঁ যে কাৰণে-অকাৰণে একোখন দেশে তাৰ চুবুৰীয়া আন এখন দেশক আক্রমণ কৰে, সেই দেশত নিজৰ আধিপত্য স্থাপন কৰিব খোজে। সেইবাবেই প্ৰাচীন কালৰে পৰা দেশৰ সুৰক্ষাৰ প্রশ্নই বিশেষ গুৰুত্ব লাভ কৰি আহিছে। কেৱল চুবুৰীয়া দেশেহে যে আক্রমণ কৰে কথাটো তেনে নহয়। ভাৰত আক্ৰমণ কৰিবলৈ আলেকজেণ্ডাৰ সুদূৰ গ্ৰীচৰ পৰা আহিছিল। মধ্যপ্রাচ্যৰ শক্তিও আহিছিল ভাৰত জয় কৰিবলৈ। ইংৰাজসকল আহিছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা। অধিকাৰ কৰিছিল বিভাজিত ভাৰতবর্ষক, কিন্তু আজি সেই দিন নাই। স্বাধীন গণতান্ত্রিক আৰু সাৰ্বভৌম ভাৰতবৰ্ষই এতিয়া কোনো শক্তিৰ ওচৰত সেও নামানে। ভাৰতৰ গৌৰৱ, ভাৰতৰ শক্তি, এই দেশৰ সেনা বাহিনী। নানা কঠিন প্রত্যাহ্বান ওফৰাই দি আমাৰ সেনা বাহিনীয়ে দেশৰ গৌৰৱ আৰু পৰিচয় ৰক্ষা কৰি আহিছে। আমাক সুৰক্ষা প্রদান কৰি আহিছে।
দেশৰ সেনা বাহিনী হ'ল কঠোৰ অনুশাসনৰ মাজত প্রশিক্ষিত এটা দায়বদ্ধ আৰু দেশপ্রেমিক শক্তি। তেওঁলোকৰ জীৱন দেশৰ নিৰপত্তা প্রদানৰ বাবে উছৰ্গিত। কিন্তু ক্ষমতাৰ ৰাজনীতি কৰা দলসমূহ তেনেদৰে অনুশাসিত নহয়। একোজন সেনাৰ ক্ষেত্ৰত যেনেধৰণৰ অৰ্হতা বা দক্ষতা প্রয়োজন ৰাজনৈতিক নেতাৰ সেইখিনি নাথাকিবও পাৰে। সেনা বাহিনীৰ বাবে দেশ বা দেশৰ সুৰক্ষা প্রথম আৰু একমাত্র বিবেচনা। ইয়াৰ বিপৰীতে ৰাজনৈতিক নেতাৰ প্ৰথম স্বাৰ্থ হ'ল তেওঁৰ দল। তাৰ পাছতহে দেশৰ কথা। সেইবাবেই একাংশ ৰাজনৈতিক নেতাই দেশৰ সেনা বাহিনীক লৈও কেতবোৰ আপত্তিজনক মন্তব্য কৰা দেখা যায়। সেনা বাহিনীৰ মনোবল হ্রাস কৰিব পৰা ধৰণৰ মন্তব্য অবাঞ্ছিত আৰু নিন্দনীয়। ভাৰতবৰ্ষ সাংবিধানিকভাৱে এখন ধৰ্ম নিৰপেক্ষ দেশ। ধৰ্ম নিৰপেক্ষতাই ভাৰতবৰ্ষক শক্তিশালীহে কৰিছে, দুৰ্বল কৰি তোলা নাই। তাৰ প্ৰমাণ পূর্বেও আমি পাইছোঁ, শেহতীয়া ভাৰত-পাকিস্তানৰ তিনিদিনীয়া যুদ্ধতো পাইছোঁ। ধর্মান্ধ মুছলিম ৰাষ্ট্ৰ পাকিস্তানক আক্রমণ কৰি এশিকনি দিয়াত আমাৰ সেনা বিষয়া-জোৱানসকলে প্রাণটাকি যুঁজিলে। সেনাৰ মাজত জাতি-ধর্ম-বৰ্ণৰ কোনো সংকীর্ণতা নাথাকে। এইবাৰ এগৰাকী জন্মসূত্রে মুছলমান ভাৰতীয় সেনা বিষয়াৰ সাহস, শৌৰ্য আৰু বীৰত্ব চৰ্চাৰ বিষয় হৈ পৰিছিল। পাছত শাসক দলৰ এগৰাকী নেতা, এখন প্ৰদেশৰ মন্ত্ৰীয়ে মন্তব্য কৰিলে যে সন্ত্রাসবাদীৰ ভগ্নীয়ে তেওঁলোকক উপযুক্ত শিক্ষা দিলে। সন্ত্রাসবাদীৰ ধৰ্মত মুছলমান আমাৰ মহিলা সেনা বিষয়াগৰাকীও মুছলমান। গতিকে সংকীর্ণ আৰু সাম্প্রদায়িক ৰাজনীতিত অভ্যস্ত নেতাজনক আৰু পায় কোনে? ফটককৈ, কোনো নভবা নিচিন্তাকৈ এটা উদ্ভৎ মন্তব্য কৰি দিলে। সেনা বাহিনীকো ৰাজনীতিৰ মাজলৈ টানি আনিলে। এই মন্তব্য কৰাৰ বাবে ন্যায়ালয়ৰ নির্দেশত গোচৰ ৰুজু কৰা হৈছে যদিও দলৰ ফালৰ পৰাও তেওঁক কোনো ধৰণৰ সতর্কীকৰণ কৰা দেখা নগ'ল। এয়া শুভলক্ষণ নহয়। ৰাজনৈতিক দলৰ প্ৰধান স্বার্থ হ'ল ক্ষমতা দখল আৰু সেনাব প্রধান দায়িত্ব হ'ল দেশৰ সুৰক্ষা। এটা বাজনৈতিক দলব বিকল্প হ'ব পাৰে আন এটা ৰাজনৈতিক দল বা মর্চা। কিন্তু সেনা বাহিনীৰ কোনো বিকল্প নাই। সেই কথা আমি পাহৰি যাব নালাগিব। দেশতকৈ দল ডাঙৰ হ'ব নোৱাৰে। লাচিত বৰফুকনৰ মুখৰ কথাৰ দৰে দেশতকৈ মোমাই ডাঙৰ নহয়। সেই বাবেই সেনাৰ সফলতা, বীৰত্বক লৈ কোনো ৰাজনৈতিক দলে নির্বাচনী ইছ্যু কৰিব নালাগে। তাকে কৰিলে সেনা বাহিনীৰ গুৰুত্বক অৱমাননা কৰা হয়। চৰকাৰ যি দলেই নচলাওক কিয়-সেনাসকলে নিজৰ নীতিত স্থিৰ থাকিব। নেতা আহিব যাব।
দেশ আৰু দলৰ স্বাৰ্থক একাকাৰ কৰা নাযায়। তেনে কৰিলে বিপর্যয়ৰহে সূচনা হোৱাৰ আশংকা থাকে। উদাহৰণস্বৰূপে বেনিটো মুছোলিনি আৰু এডলফ হিটলাৰে দেশ আৰু দলক সমার্থক কৰি এক ধৰণৰ একনায়কত্ববাদী, স্বেচ্ছাচাৰী শাসন' চলাইছিল। ইটালি আৰু জার্মানিৰ এই দুয়ো নায়ক অতি শক্তিশালী হৈ উঠি সমগ্র বিশ্বকে কঁপাই তুলিছিল। কিন্তু ইমান শৌর্য-বির্য-শক্তি সত্ত্বেও এই দুয়োজনৰ অন্তিম পৰিণতি কি হ'ল সেয়া আজি ইতিহাস। ৰাজনীতি আৰু সেনা বাহিনীক একাকাৰ কৰাৰ ই আছিল ফলশ্রুতি।
ভাৰতবৰ্ষই জন্মৰ পাছৰে পৰা নিজকে এখন উন্নত ৰাষ্ট্ৰত পৰিণত কৰিবলৈ কঠোৰ প্ৰচেষ্টা চলাই আহিছে। এই ক্ষেত্রত চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আৰু চীনৰ পৰা সদায়েই প্রত্যাহ্বান আহিছে। দেশৰ প্ৰতিৰক্ষাত অধিক গুৰুত্ব দিব লগা হৈছে। চুবুৰীয়া ৰাজ্যই কেতিয়াও নিবিচাৰে ভাৰতবৰ্ষ শক্তিশালী হৈ উঠক। ঠিক তেনেদৰে আমেৰিকাৰ দৰে বৃহৎ শক্তিয়েও নিবিচাৰে ভাৰতবৰ্ষই এটা বিশ্বশক্তি ৰূপে মূৰ দাঙি উঠক। তেনে ক্ষেত্ৰত ভাৰতৰ জাতি-ধর্ম-দল-মত নির্বিশেষে সকলো নাগৰিকৰ সংহতিক ঊর্ধ্বত তুলি ধৰাটো অতি প্রয়োজন। সেনা বাহিনীক উৎসাহিত কৰিবলৈ যাওঁতে আমি সাৱধান হ'ব লাগিব। দলৰ স্বার্থ, ক্ষমতাৰ স্বাৰ্থ, নিৰ্বাচনৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক, নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰশ্নক সর্বাধিক গুৰুত্ব দিব লাগিব।