শিল্পীৰ সাম্প্রদায়িক মন্তব্য

dainik janambhumi January 23, 2026

ডিজিটেল ডেস্ক : বলিউড আৰু বিতর্ক, যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। প্রতিদিনেই, প্রতিমুহূর্তত কিবা নহয় কিবা বিতৰ্কত সাঙোৰ খাই পৰে মায়ানগৰী মুম্বাইৰ সৰু-বৰ তাৰকাৰ নাম। এই বিতর্কত শেহতীয়াভাৱে সাঙোৰ খাই পৰিছে ভাৰতীয় চলচ্চিত্র জগতৰ কিংবদন্তি শিল্পী, অস্কাৰ বিজয়ী শিল্পী এ আৰ ৰহমানৰ নাম। মৃদুভাষী, লোকহিতৈষী এইগৰাকী সংগীতজ্ঞৰ ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যি অৱকদান, সেয়া সঁচাকৈয়ে অকল্পনীয়। এ আৰ ৰহমানে (আল্লা ৰাখা ৰহমান) এতিয়ালৈকে সাতটা ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা, দুটা একাডেমি বঁটা, দুটা গ্রেমী বঁটা, এটা বাফটা বঁটা, এটা গ'ল্ডেন গ্ল'ব বঁটা, ছটা তামিলনাড়ু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, পোন্ধৰটা ফিল্মফেয়াৰ বঁটা আৰু ষোল্লটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ) কে ধৰি অলেখ বঁটা-সম্মান লাভ কৰিছে। প্ৰধানকৈ তামিল আৰু হিন্দী ছবিৰ লগত ঘনিষ্ঠ যদিও ভালেমান আন্তঃৰাষ্ট্ৰীয় ছবিতো বিগত তিনি দশকৰো অধিক কাল জড়িত এইগৰাকী সুৰকাৰ, পৰিচালক, প্রযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞই। ভাৰতৰ সংগীত ক্ষেত্ৰখনৰ অন্যতম সফল সংগীত পৰিচালকসকলৰ অন্যতম এ আৰ ৰহমানক ২০১০ চনত ভাৰত চৰকাৰে দেশৰ তৃতীয় সর্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্রদান কৰিছে। ১৯৯৭ চনত 'মা তুঝে চালাম' শীর্ষক গীতেৰে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰা এইগৰাকী প্রখ্যাত শিল্পী হঠাৎ দেশজুৰি চৰ্চালৈ অহাৰ কাৰণ তেওঁৰ গীতৰ জনপ্রিয়তা নহয়। 'মা তুঝে চালাম'- যিটো গীতেৰে প্রতিটো গণৰাজ্য দিৱস নাইবা প্রতিটো স্বাধীনতা দিৱসত সমগ্র দেশত গুঞ্জবিত হয়, যিটো গীতক ৰাষ্ট্ৰীয় গৰ্বৰ প্রতীক বুলি ক'লে ভুল কোৱা নহ'ব, তেনে এটি গীত, নাইবা দুটাকৈ একাডেমি বঁটাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰা, 'শ্লামডগ মিলিয়নেয়াৰ' ছবিৰ 'জয় হো' শীর্ষক ছুপাৰহিট গীতেৰে জনতাৰ নয়নৰ মণি হোৱা সংগীতৰ আশ্চৰ্যস্বৰূপ শিল্পীগৰাকীক লৈ দেশৰ এক শ্ৰেণীৰ জনতা ক্ষুব্ধ হৈছে, তেওঁৰ সৃষ্টিক লৈ নহয়, তেওঁ শেহতীয়াভাৱে কৰা এটা মন্তব্যক লৈহে। শেহতীয়াভারে সংগীতজ্ঞগৰাকীয়ে বি বি চিক দিয়া এক সাক্ষাৎকাৰত কৈছে যে বিগত আঠ বছৰত তেওঁ বলিউডত ছবিৰ কাম কমকৈ লাভ কৰিছে। ইয়াক লৈ সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁৰ মতে, ইয়াৰ আঁৰৰ কাৰক হয়তো সাম্প্রদায়িক বা ধার্মিক হ'ব পাৰে। ই শিল্পীগৰাকীৰ সাম্প্রদায়িক মনোভাব উদঙাই দিছে। তেওঁ উক্ত সাক্ষাৎকাৰটোত এই কথা ক'ব বিচাৰিছে যে মুছলমান ধৰ্মাৱলম্বী হোৱা বাবে বর্তমান সময়ত তেওঁ কাম লাভ নকৰে আৰু সম্প্রতি চলচ্চিত্র উদ্যোগত এনে কিছু লোকে বৃহৎ সিদ্ধান্ত গ্রহণ কৰি আহিছে, যিসকল সৃষ্টিশীল নহয়, নাইবা এনে কিছু লোক সত্তাত আছে, যিসকলে এতিয়া গোটেই ব্যৱস্থাটোতেই পৰিৱৰ্তন আনিছে। সাক্ষাৎকাৰ গ্ৰহণকাৰীজন আছিল পাকিস্তানী মূলৰ ব্ৰিটিছ সাংবাদিক হাৰুণ ৰছিদ। তেওঁ ভাৰতত পক্ষপাত আৰু ভাৰতীয় সমাজত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সন্দর্ভত ভালেমান প্রশ্ন কৰে। কিন্তু এই কথা পাহৰিলে নহ'ব যে এ আৰ ৰহমান আছিল এগৰাকী তামিল হিন্দু। নাম আছিল দিলীপ কুমাৰ। ধৰ্মান্তৰিত হৈ তেওঁ হৈ পৰে এ আৰ ৰহমান। তেনেস্থলত এইধৰণৰ সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা মন্তব্য তেওঁ কিয় কৰিব লগা হ'ল। 'মোজার্ট অব মাদ্রাজ' বুলি একে খিনি ভাৰতীয়ই অভিধা দিয়াৰ সময়ত এবাৰো ভাবি চোৱা নাছিল যে তেওঁ হিন্দু নে মুছলিম। যিগৰাকী শিল্পীয়ে অটল বিহাৰী বাজপেয়ীৰ প্রধানমন্ত্ৰিত্বৰ সময়ৰ পৰা বৰ্তমানৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনতো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি অলেখ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, তেনে এগৰাকী ব্যক্তিৰ মুখত এনে সাম্প্রদায়িক মন্তব্য শোভা পায়নে? ২০২০ চনত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প ভাৰতলৈ আহোঁতে তেওঁৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে আয়োজন কৰা নৈশ ভোজত যিগৰাকী শিল্পীয়ে আমন্ত্রণ লাভ কৰিছিল, সেই সময়ত তেওঁৰ মনলৈ সাম্প্রদায়িকতাৰ ভাব অহা নাছিল নে? সেই নৈশ ভোজত দেশৰ কিছু অতি নির্বাচিত ব্যক্তিকহে আমন্ত্রণ জনোৱা হৈছিল আৰু এই তালিকাত আছিল ৰহমানৰ নাম। বিগত কিছু বছৰত শিল্পীগৰাকীৰ সৃষ্টিয়ে পূৰ্বৰ দৰে সফলতা লাভকৰিবলৈ সক্ষম হোৱা নাই যদিও হিন্দুসকলৰ শ্ৰেষ্ঠ মহাকাব্য ৰামায়ণক লৈ নির্মাণ হোৱা ভাৰতীয় চলচ্চিত্র ইতিহাসৰ সৰ্ববৃহৎ ব্যয়বহুল ছবি 'ৰামায়ণ'ৰ সংগীতৰ কামো লাভ কৰিছে। আটাইতকৈ উল্লেখনীয় কথাটো হ'ল- তেওঁক কাম দিয়া সৰহসংখ্যকেই হিন্দু ধৰ্মৰ।

বিগত প্রায় ৩৫ বছৰ ধৰি ৰোজা, ব'ম্বে, দিল চে, তালকে ধৰি ভালেমান ছবিৰ জৰিয়তে বিশ্বজুৰি প্রসিদ্ধি লাভ কৰা ৰহমানে এই বিতর্কিত মন্তব্যৰ জৰিয়তে এই কথাই প্রমাণিত কৰা নাইনে যে তেওঁ প্রথমতে এগৰাকী মুছলমান লোক, পাছতহে শিল্পী আৰু ভাৰতীয়। কিন্তু যি সময়ত বিপুল খ্যাতি লাভ কৰিছিল, সেই সময়ত তেওঁ এনে কথা কিয় কোৱা নাছিল? ২০২৫ চনত নিজে সংগীত পৰিচালনা কৰা ছবি এখন সন্দর্ভতো সমাজ বিভাজন কৰা ছবি বুলি মন্তব্য কৰি নিজৰ স্বৰূপ উদঙাই দিছে শিল্পীগৰাকীয়ে। কেৱল মুছলিম হোৱাৰ বাবেই যদিহে তেওঁ ভেদভাবৰ সন্মুখীন হৈছিল, তেতিয়াহ'লে ২০২৪ চনতো তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলেহেঁতেননে? ভাৰতীয় চলচ্চিত্র উদ্যোগে সদায়েই কামক প্রাধান্য দি আহিছে। ভাৰতীয় চলচ্চিত্র জগতৰ তিনি ছুপাৰষ্টাৰ ক্রমে শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানৰ অকল্পনীয় জনপ্রিয়তাই এই কথাৰ জলজল-পটপট উদাহৰণ। মহম্মদ ইউছুফ খান ওৰফে দিলীপ কুমাৰৰ জনপ্রিয়তাৰ কথাও আমি পাহৰিলে নহ'ব। ভাৰতীয় চলচ্চিত্র উদ্যোগে ধর্মক

কেতিয়াও চোৱা নাই। কেৱল প্রতিভাকহে গুৰুত্ব দি আহিছে। মুছলিম হোৱাৰ বাবে কাম নোপোৱাৰ যি অভিযোগ, সেয়া সম্পূর্ণ ভিত্তিহীন বুলিলে ভুল কোৱা নহ'ব। অতি শেহতীয়াভাৱে শিল্পীগৰাকীয়ে নিজৰ বক্তব্যৰ অপব্যাখ্যা হোৱা বুলি মন্তব্য কৰাৰ লগতে তেওঁ নিজকে ৰাষ্ট্ৰৰ প্রতি কৃতজ্ঞ বুলি স্বীকাৰ কৰিছে যদিও তেওঁ কৰা মন্তব্যৰ বাবে প্ৰতিগৰাকী সংগীতপ্রেমী আজি আশাহত। ৰহমানৰ দৰে শিল্পীৰ পৰা এটা জাতিয়ে এনে সাম্প্রদায়িক কথা কাহানিও আশা নকৰে।

Share This