ডিজিটেল ডেস্ক : শাসকীয় দলৰ নেতা-মন্ত্রীসকলে উন্নয়নৰ ঢাক-ঢোল বজাই থাকোঁতেই নানা ধৰণৰ অবাঞ্ছিত সংবাদে দেশৰ চিন্তাশীল মহলৰ দুঃচিন্তা, উদ্বিগ্নতা বৃদ্ধি কৰিছে। অর্থনৈতিক-বাণিজ্যিক অৱস্থাৰ উন্নয়ন অবিহনে এখন দেশক অগ্ৰসৰ বুলিব নোৱাৰি। ঘৰ-দুৱাৰ, বাট-পথ, দলং নির্মাণো উন্নয়নৰ কাৰক হ'ব পাৰে কিন্তু সূচক নহয়।
বৰ্তমানৰ শাসক দলৰ চৰকাৰে কেন্দ্ৰত তৃতীয় কার্যকাল আৰু ৰাজ্যত দুটা কার্যকাল শাসনত আছে। নানা আঁচনি, কার্যব্যৱস্থা সত্ত্বেও কিন্তু দেশৰ অর্থনৈতিক উন্নয়নৰ এখন স্পষ্ট ছবি তুলি ধৰিব পৰা নাই। ২০২৭ৰ ভিতৰত ভাৰত ৫ ত্রিলিয়ন ডলাৰৰ অর্থনীতি হ'ব বুলি দাবী কৰা হৈছে যদিও শেহতীয়া তথ্য অনুসৰি ঋণ-জি ডি পি অনুপাত (Debt to GDP ratio)ৰ ক্ষেত্ৰত ৮১.৪% হাৰেৰে ভাৰতৰ স্থান বিশ্বৰ ভিতৰত ৩৫। চৰকাৰী তথ্যমতেই দেশৰ বাণিজ্যিক ঘাটি ৪১.৭ বিলিয়ন ডলাৰ হৈছেগৈ। সংবাদ মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰি বহু কথা প্ৰচাৰৰ পৰা আঁতৰাই ৰখাৰ পাছতো যিখিনি কথা সৰকি আহিছে- সেইখিনিৰ পৰাই বহু কথা কৌতূহলী নাগৰিকে জানিব পাৰিছে। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ ক্রমহ্রাস মান অৱস্থা। মার্কিন ডলাৰৰ বিপৰীতে এই বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ এক ডলাৰৰ মূল্য ভাৰতীয় টকাৰ প্রায় নব্বৈৰ ওচৰ চাপিছে। মাত্র কেইটামান বিন্দু পাৰ হ'লেই এক ডলাৰ সমান হৈ পৰিব ৯০ (নব্বৈ) টকা। ইউ পি এৰ চৰকাৰৰ দিনত মার্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস পাওঁতে বর্তমান ক্ষমতাত থকা দলে, তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু এতিয়াৰ দেশৰ প্রধানমন্ত্রীজনে নানা কটু সমালোচনা কৰিছিল। দেশৰ অর্থনীতি ধ্বংস কৰাৰ অভিযোগ তুলিছিল। কিন্তু সেই সময়তো এক ডলাৰৰ মূল্য ভাৰতীয় তেৱন্ন (৫৩) টকাৰ তললৈ নমা নাছিল। বর্তমান হৈ পৰিছে প্রায় নব্বৈ টকা। অথচ এসময়ত টকাৰ মূল্য হ্রাসক লৈ ইমান উদ্বিগ্ন হোৱা, প্রতিবাদ কৰা দলৰ এতিয়া কোনো বিশেষ প্রতিক্রিয়া নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এনে এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ সামান্য উল্লেখৰ বাদে কোনো বিশেষ আলোচনা-পর্যালোচনা নাই। কেৱল দেশৰ উন্নয়নৰ লগত সংযোগ সংগতি নথকা বিষয় লৈহে চৰকাৰ ব্যস্ত। এনে ধৰণৰ দেশ আৰু জনতাৰ স্বার্থ জড়িত, ভৱিষ্যৎ জড়িত বিষয়ত আজি চৰকাৰ চলোৱাসকলে কোনো প্রণালীবদ্ধ আলাপ-আলোচনা কৰা নাই। সংকটৰ উৎস সন্ধান কৰি পৰিত্ৰাণৰ উপায়ো বিচৰা নাই। কেবল আদানি গোষ্ঠীৰ সংকটৰ জোৰা মাৰিবলৈ ৰাজহুৱা খণ্ডৰ জীৱন বীমা নিগম, ষ্টেট বেংক অব ইণ্ডিয়াক ধন যোগান দিবলৈ বাধ্য-বাধকতাৰহে সৃষ্টি কৰিছে।
হিতাধিকাৰী আঁচনি, নিৰৱচ্ছিন্ন নিৰ্মাণ কাৰ্যৰে উন্নয়নৰ চমক দিব খোজা হৈছে যদিও অসমৰ অৰ্থনৈতিক অৱস্থা, আজিৰ দৰে এটা অৱস্থাত কেতিয়াও উপনীত হোৱা নাছিল। আজি অসম এখন সম্পূর্ণ ঋণ নিৰ্ভৰ ৰাজ্যত পৰিণত হৈছে। আয়-ব্যয়ৰ, বিনিয়োগ-মুনাফাৰ কোনো সংগতিপূর্ণ খতিয়ান আমি লাভ কৰা নাই। কোনো ধৰণৰ অৰ্থনৈতিক সমীক্ষাও কেতিয়াও হোৱা নাই। কেৱল ঋণ আৰু ঋণ। এই ঋণ লব্ধ ধনৰ পৰাই আঁচনি চলিছে। একাংশ প্রভাৱশালী লোকে ব্যৱসায়ৰ নামত কোটি কোটি টকাৰ ৰাজসাহায্য গৈছে। প্ৰচাৰ চমকৰ নামত ব্যয় হৈছে। কিন্তু দেশৰ উন্নয়নত তাৰ প্ৰতিফলন ঘটা নাই। জনমূৰি আয় বৃদ্ধি হোৱা নাই। সৰ্বসাধাৰণৰ জীৱন ধাৰণৰ মানো উন্নত হোৱা নাই। এই ঋণ দেশ হিতকৰ বুলি ক'ব পৰা পৰ্যায়ত নাই। কাৰণ ঋণৰ ক্রমবর্ধমান গতিয়ে প্রমাণ কৰিছে যে এই ঋণৰ ধন বালিত পানী ধলাৰ দৰে হৈছে। কিবা এটা অজ্ঞাত বালিময় গাঁতে যেন এই ধন শুহি পেলাইছে। বৃদ্ধি পাইছে অসমৰ জনমূৰি ঋণৰ পৰিমাণ। এতিয়া অসমৰ জনমূৰি ঋণৰ পৰিমাণ হৈছেগৈ ৪২,৪১৮.৫৮ টকা। একেদৰে ৰাজ্য চৰকাৰে মাহে মাহে গ্রহণ কৰা ঋণৰ পৰিমাণ এক কোটি চৌৱন্ন লাখ তিনিশ তেত্রিশ ঊনপঞ্চাশ কোটিলৈ বৃদ্ধি পাইছে। সাধাৰণ পাটিগণিতৰ সূত্ৰৰে এই সংখ্যা লিখিবলৈ অসুবিধা। তৰুণ গগৈ চৰকাৰৰ পৰৱৰ্তী দহ বছৰত অসমত এনে কি সাংঘাতিক উন্নয়ন হ'ল যে তাৰ বাবে ইমান ভয়ংকৰ পৰিমাণৰ ঋণ ল'ব লগা হ'ল? ঋণ যিহেতু ইয়াক পৰিশোধ কৰিব লাগিব নির্দিষ্ট শতাংশ সূতসহ। এই ধন ক'ৰ পৰা আহিব? সিমানখিনি উপাৰ্জন কৰিব পৰা অৱস্থা বর্তমান অসমত আছেনে? পূৰ্বৰ উদ্যোগ ধ্বংস কৰি নতুন কিবা বিনিয়োগৰ যি সপোন দেখুওৱা হৈছে তাৰ প্ৰতিও এতিয়া মানুহৰ মনত সন্দেহ হৈছে। বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ নামত বিদেশত ব্যয়বহল বহু অনুষ্ঠান পতা হ'ল। এন জি অ' এটাই চৰকাৰী সাহায্যৰে পতা তেনে এটা অনুষ্ঠানৰ নামতে ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱালোঁ। কিন্তু বিনিময়ত পালোঁ কি?
বৰ্তমান ডলাৰৰ বিপৰীতে এছিয়া মহাদেশৰ ভিতৰত সবাতোকৈ বেয়া অৱস্থাত আছে ভাৰতীয় টকাৰ। চৰকাৰ ব্যস্ত আছে যিকোনো প্ৰকাৰে নিৰ্বাচনী ব্যবস্থা খেলি-মেলি কৰি হ'লেও ক্ষমতা দখল কৰাত। ভাৰতত যেতিয়া পৰিকল্পনা আয়োগ আছিল, প্রতিবছৰে ৰাজ্য চৰকাৰসমূহলৈ কিমান ধন আবণ্টন হ'ব তাৰ এটা ৰূপৰেখা ৰাইজে জানিব পাৰিছিল। এতিয়া পৰিকল্পনা আয়োগ নাই। ৰাজ্যৰ বাবে কেন্দ্ৰই বার্ষিক ধাৰ্য কৰা ধনৰ কথা ৰহস্যৰ গৰ্ভত। ৰাজ্যই যদি যথা সময়ত মঞ্জুৰিকৃত ধন লাভ নকৰে তেন্তে ঋণ ল'ব লগা হয়। অসম বৰ্তমান ঋণৰ জালত বন্দী। পৰিত্ৰাণৰ পথ বিচাৰি পোৱা নাই বাবেই হয়তো মুখ্যমন্ত্রীকে ধৰি একাংশ নেতাৰ মুখত বঢ়া বচন শুনিব লগা হৈছে।