আচৰণ

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : সৌ তাহানিতে প্রাচীন ভাৰতীয় দার্শনিক চাণক্যই কৈ গৈছে 'ভাল আচৰণৰ দ্বাৰা বন্ধুৱেই নহয়, শত্ৰুৰ মনো জয় কৰিব পাৰি।' ভাল আচৰণ বা ব্যৱহাৰ মানুহৰ জীৱনৰ দাপোণ স্বৰূপ, য'ত নিজৰ চৰিত্ৰ প্ৰতিবিম্বিত হয়। চিটিবাছ বা ৰাজহুৱা প্ৰস্ৰাৱগাৰ একোটাৰ দেৱালতো সততে লিখি থোৱা দেখা যায় 'আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়' বাক্যশাৰী। কিয়নো মানুহ মাত্রেই আচৰণৰ দাস। মনোবিজ্ঞানৰ মতে আচৰণ হৈছে জীৱই বিভিন্ন পৰিস্থিতিত বাহ্যিক অথবা অভ্যন্তৰীণ, সচেতন, অৱচেতন, সুপ্ত, গুপ্ত, স্বেচ্ছামূলক, বলপূর্বক আদি কাৰকৰ প্ৰতি প্ৰদৰ্শন কৰা এক সামগ্রিক সঁহাৰি। জীৱ মানে ইয়াত মানুহৰ উপৰি আন জীৱকুলৰ কথাও কোৱা হৈছে। জীৱিত যিকোনো জীৱই সঁহাৰি বা আচৰণ প্ৰদৰ্শন কৰে। কিন্তু মানুহৰ বাবে এই আচৰণত ভাল, বেয়া ইত্যাদি গুণক সাঙুৰি লোৱা হয়, কিয়নো আন জীৱৰ পৰা মানুহ জাতিটোক এই আচৰণেহে পৃথক কৰে। আচৰণ ভিন্ন হ'লেও আন জীৱৰ বিপৰীতে মানুহৰ মাজত ভাল আচৰণে প্ৰভাৱ বিস্তাৰ কৰা উচিত, কিয়নো ভাল আচৰণ, সদাচাৰ ইত্যাদিয়ে মানৱীয় গুণক প্রতিনিধিত্ব কৰে। এইবোৰ ভিন্ন সময়ত সমাজ বিজ্ঞানী আৰু মনোবিজ্ঞানীয়ে দিয়া মানুহ আৰু মানৱীয় আচৰণৰ সংজ্ঞা। পিছে শেহতীয়াকৈ মানুহৰ আচৰণত বিস্তৰ সলনি হৈছে। সলনিতকৈয়ো গুৰুত্বপূৰ্ণ কথা মানুহৰ আচৰণৰ অধঃপতন হৈছে। সাধাৰণ জীৱন যাপন কৰা মানুহ বাদেই সমাজৰ প্ৰতিপত্তিশালী, অভিজাত আৰু তথাকথিত গুণী জ্ঞানী বুলি সমাজত গুৰুআসন পোৱা মানুহৰেই আচৰণৰ বৈপৰীত্যই এতিয়া সকলোৰে চকু কপালত তুলিছে। আচৰণৰ অধঃপতন হৈছে সবাতোকৈ বেছি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত নেতা-পালিনেতাসকলৰ। শেহতীয়া প্রেক্ষাপটত সর্বত্র এয়া স্পষ্ট হৈছে। ক'ৰবাত যদি আন্দোলনৰ নামত আন্দোলনকাৰী নেতাই থু পেলাইছে আন ক'ৰবাত নেতাই অশালীন শব্দৰে প্রতিপক্ষক আক্ৰমণ কৰিছে। আনকি সংবিধানৰ নামত শপত লৈ সদনত বহা জনতাৰ প্ৰতিনিধিয়ে খোদ সদনৰ ভিতৰত অধ্যক্ষৰ ফালে চোঁচা লৈছে, প্রতিপক্ষক খেদা মাৰি গৈছে। গালি-গালাজ, অশালীন আচৰণৰ কথাটো ক'বই নালাগে। অসমৰ বাহিৰৰ নেতা-পালিনেতাৰ কথা বাদ দিয়ো খোদ অসমতেই আচৰণকেন্দ্রিক যি দুৰৱস্থাৰ উদ্ভৱ হৈছে সি সঁচাই চিন্তনীয়।

অসমৰ বাঘা বাঘা ৰাজনৈতিক নেতাৰ মুখ-চুপতি, গালি-গালাজ, ঠাট্টা-মস্কৰাই এতিয়া ঠাই লৈছে ৰাজনীতিত। তেওঁলোকৰ মুখৰ বচন, তেওঁলোকৰ চাল-চলন, পৰস্পৰৰ লগত কৰা আচৰণে শিষ্টাচাৰী অসমীয়া জাতিটোৰ ভৱিষ্যতলৈকে অশনি সংকেত কঢ়িয়াইছে। সদাচাৰ অসমীয়া জাতিৰ প্ৰতিফলন। কিন্তু অসমৰ ৰাজনীতিত এতিয়া সদাচাৰ অচল টকা। গাদী আৰু ক্ষমতাৰ খঁকে এতিয়া অভিজাত শ্রেণী অথবা ৰাজনৈতিক নেতাৰ চৰিত্ৰ নগ্নৰূপত উদঙাই দিছে। অসমীয়া জাতিৰ সহনশীলতা, ভাষাৰ লালিত্য, সম্ভাৱৰ আদান-প্রদান, সন্মানিতজনৰ প্ৰতি কৰা শালীনতা আদি সম্প্ৰতি জনপ্রতিনিধিৰ আচৰণত তিলমানো দেখিবলৈ পোৱা নাযায়। ভিন্ন সময়ত বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত বৰ বৰ নেতাৰ অশালীন বাক্যবাণ, বেয়া আচৰণে তীব্র খলকনিৰ সৃষ্টি কৰি আহিছে। এই আচৰণকেন্দ্ৰিক বিতর্কত আছে প্রাচীন ৰোমৰ সম্ৰাট নিৰ'ৰ পৰা ম্যুচ 'লিনি, কিম জং উন, ড'নাল্ড ট্রাম্প আদিৰ দৰে নেতাৰ নাম। ভাৰতত এনে নেতাৰ সংখ্যা বেছিহে। সদনৰ কাম-কাজ আৰু ৰাজনৈতিক মেল-মিটিঙত এনে নেতাৰ চৰিত্ৰ সহজতে উদং হয়। এই তালিকা দীঘলীয়া হ'লেও সৎ আচৰণৰ বাবে চিৰকাল জনমানসত উজলি থকা বহু নেতাৰ নামো আমি সসন্মানে লৈ আহিছোঁ। এনে ৰাজনৈতিক নেতাৰ তালিকাত আব্রাহম লিংকনৰ পৰা অটল বিহাৰী বাজপেয়ীলৈকে বহুকেইগৰাকী দিগগজ জনপ্রতিনিধিৰ নাম আমি ল'ব পাৰোঁ। কিন্তু সামগ্রিকভাৱে আচৰণ সঠিক নোহোৱাৰ বাবেই সততে বিতর্কত থকা নেতাই সুলভ এতিয়া। আনকি একাংশ ৰাজনৈতিক নেতা, জনপ্রতিনিধিয়ে সংবাদমেল পাতি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিয়ো সাংবাদিকক ঠাট্টা-মস্কৰা, গালি-গালাজ কৰাৰ ঘটনা সংঘটিত হৈছে। আনকি মতৰ অমিল হ'লেই শাসক- বিৰোধীৰ কাজিয়াই ব্যক্তিগত পর্যায়ত আক্রমণাত্মক হৈ পৰাই নহয়, সামাজিক মাধ্যমত এনে বিষয়ক লৈ হোৱা দুই পক্ষৰ নির্লজ্জ দ্বন্দ্বই সদাচাৰ বোলা শব্দটো যে বর্তমান ৰাজনীতিত শেষ হৈ গৈছে তাকেই বাৰে বাৰে সোঁৱৰাই আহিছে। অলপতে নির্বাচনকেন্দ্রিক মিত্ৰতাৰ এক বৈঠকত বিৰোধী দলৰ সকলো সিদ্ধান্তক চেৰ পেলাই প্ৰচাৰ মাধ্যমৰ পৰা ৰাজনৈতিক ক্ষেত্রখনলৈ সকলোতে মাত্রাধিক চৰ্চাৰ বিষয় হৈ পৰিল এজন অবিবাহিত ৰাজনৈতিক নেতাৰ বিবাহৰ প্ৰসংগহে। কিয়নো সেই বৈঠকতে তেনেই চেলেপু পৰিচয়েৰে আন এজন বিশিষ্ট নেতাই উল্লিখিত ডেকা নেতাজনৰ বিবাহৰ প্ৰসংগ আনিছিল। লক্ষণীয়ভাৱে এই ক্ষেত্রত সংবাদ মাধ্যমো পিছ পৰি ৰোৱা নাই। ভিন্ন সময়ত একাংশ সাংবাদিকৰ অশিষ্ট আচৰণো বিতৰ্কৰ কেন্দ্রবিন্দু হৈ আহিছে। 

আনহাতে চেলিব্রিটিসকলৰ ক্ষেত্ৰত আচৰণকেন্দ্রিক বিতর্ক সর্বাধিক বুলিলেও ভুল কোৱা নহ'ব। সমাজত লাভ কৰা আসন, জনতাৰ মৰমক নেওচি ওভতগোৰে নচা এনে ব্যক্তিৰ আচৰণে কৱল ব্যক্তিগতভাৱে ক্ষতি নকৰে, এনে আচৰণ সমাজ আৰু ভৱিষ্যৎ প্রজন্মৰ বাবেই ক্ষতিকাৰক। কাৰণ সদাচাৰ, সদ্ব্যৱহাৰ আদিয়ে ব্যক্তিৰ নৈতিক চৰিত্ৰক প্রতিনিধিত্ব কৰে আৰু নৈতিকতাইহে এখন সমাজ সুস্থ কৰি ৰাখিব পাৰে। শব্দ ব্রহ্ম। সামাজিকভাৱে কৰা অশিষ্ট শব্দ বা আচৰণে কেৱল এজন ব্যক্তিক নহয় এখন সমাজৰ আত্মাক আঘাত কৰে। এই কথা সমাজক প্রতিনিধিত্ব কৰা প্রত্যেকজন ব্যক্তিয়ে মনত ৰখা উচিত।

Share This