ডিজিটেল ডেস্কঃ ২০১৫ চনত বিহাৰৰ এখন নির্বাচনী প্রচাৰ সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে বিহাৰৰ মানুহবোৰেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বুদ্ধিমান। কি উদ্দেশ্যত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰী লোকৰ সন্দৰ্ভত এই মন্তব্য দিছিল পিছৰ কথা, কিন্তু মোদীৰ মুখৰ পৰা এনে এটা বিশেষণ ওলোৱাটো গুৰুত্বপূর্ণ। দেশৰ যিকেইখন ৰাজ্যৰ পৰা সর্বাধিক আই এ এছ, আই পি এছ বিষয়া ওলায় তাৰ ভিতৰত দ্বিতীয় স্থানতে আছে বিহাৰ। দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ আছিল বিহাৰৰ।
৮০ৰ দশকত 'সম্পূর্ণ ক্রান্তি' আন্দোলনৰ নেতৃত্ব দি প্ৰথমবাৰৰ বাবে কংগ্ৰেছক ক্ষমতাচ্যুত কৰা নেতাগৰাকী আছিল বিহাৰৰ জয়প্রকাশ নাৰায়ণ। 'জননায়ক' কপূৰী ঠাকুৰ, নীতিশ কুমাৰ, জগজীৱন ৰাম, লালু প্রসাদ যাদৱ, ৰামবিলাস পাছোৱান, জর্জ ফার্ণাণ্ডেজৰ দৰে নেতাসকলৰ দেশৰ ৰাজনীতিত কিমান বিশাল প্রভাৱ আছিল বা এতিয়াও আছে তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। বিজেপিৰ অন্যতম প্রতিষ্ঠাতা লালকৃষ্ণ আদৱানিৰ ঐতিহাসিক 'ৰথযাত্রা'ৰ ৰথখন ৰুদ্ধ কৰিছিল বিহাৰত লালু প্রসাদ যাদৱে। মহাত্মা গান্ধীয়ে প্রথম 'চম্পাৰণ আন্দোলন'ৰ জৰিয়তে তেওঁৰ ধাৰাৰ স্বাধীনতা সংগ্ৰামৰ সূচনা কৰিছিল বিহাৰৰ পৰা। এনেকুৱা অনেক উল্লেখযোগ্য ব্যক্তি আৰু ঘটনাৰ সমাহাৰ ঘটা বিহাৰে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনক নিজস্ব এক ভূমিকাৰে আজিও সকলোৰে বাবে ৰাজ্যখনক লক্ষণীয় কৰি ৰাখিছে। ২০১৪ৰ 'মোদী ছুনামী'ৰ জৰিয়তে দেশজুৰি বিজেপিৰ একাধিপত্য প্রতিষ্ঠা হোৱাৰ পাছতো যিকেইখন ৰাজ্যই বিজেপিৰ ধলৰ মাজত নিজৰ এক সুৰীয়া ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰাখিব পাৰিছে তাৰ ভিতৰত বিহাৰ অন্যতম। বহু ৰাজনৈতিক ধুমুহা, গুৰুতৰ শাৰীৰিক সমস্যাৰ পাছতো আজিও প্রাসংগিক ৰাজনৈতিক চৰিত্ৰ হৈ আছে লালু প্রসাদ যাদৱৰ দৰে নেতা। সেইখন বিহাৰত অহা নৱেম্বৰ মাহৰ প্রথম পষেকত হ'ব বিধানসভাৰ নিৰ্বাচন, যিটো নির্বাচনক লৈ কেৱল বিহাৰৰ জনতাৰে নহয়, সমগ্ৰ দেশৰ জনতাৰ আছে তীব্র কৌতূহল।
কেইদিনমানৰ আগলৈকে ৰাজ্যখনক লৈ ব্যাপক চর্চা হৈ আছিল তাত নির্বাচন আয়োগে সম্পন্ন কৰা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ বাবে। কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ ইচ্ছা সাপেক্ষে নির্বাচন আয়োগে সম্পন্ন কৰা এই বিশেষ সংশোধনীৰ জৰিয়তে কেইবা লাখ 'ভুৱা ভোটাৰ'ৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। নির্বাচন আয়োগে সোমবাৰে ঘোষণা কৰিছে যে বিহাৰত এইবাৰ যিটো নির্বাচন হ'ব, সেয়া হ'ব দেশৰ ইতিহাসৰ আটাইতকৈ ভাল নির্বাচন আৰু ইয়াৰ আৰ্হিৰেই পৰৱৰ্তী সময়ত দেশৰ অন্য নির্বাচনবিলাকো পৰিচালনা কৰা হ'ব। ইয়াৰ অৰ্থ এইটোৱেই হ'ব পাৰে যে ৰাজ্যখনৰ এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত অধিকভাৱে ভোটাৰক প্ৰভাৱিত কৰিব পৰা ধনবল-বাহুবলৰ জৰিয়তে ভোটদান নিয়ন্ত্ৰণ কৰাৰ কোনো সুৰুঙা নাৰাখিব নির্বাচন আয়োগে। অৱশ্যে, এয়া কিমানদূৰ সম্ভৱ হ'ব সেয়া সময়ত দেখা পোৱা যাব। যি নহওক, এইবাৰৰ নির্বাচনটো যে বিহাৰবাসীৰ বাবে এক নতুন পৰীক্ষা হ'ব সেয়া নিশ্চিত। ইয়াৰ পূৰ্বে ২০১৫ আৰু ২০২০ত যি দুটা বিধানসভাৰ নিৰ্বাচন হৈছিল তাত ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)ৰ প্ৰদৰ্শন আছিল অতি শক্তিশালী। ২০১৫ত সমগ্র দেশত বিজেপিৰ লহৰ উঠাৰ সময়ত আৰ জে ডি, নীতিশ কুমাৰৰ জে ডি (ইউ) আৰু কংগ্ৰেছৰ 'মহাগঠবন্ধন' -এ সংখ্যাগৰিষ্ঠতা লাভ কৰি বিহাৰত চৰকাৰ গঠন কৰিছিল। পাছত নীতিশ কুমাৰৰ দল সেই 'মহাগঠবন্ধন'ৰ পৰা ওলাই অহাত চৰকাৰৰ পতন ঘটি জে ডি (ইউ)-বিজেপিৰ মিত্ৰজোঁট (এন ডি এ)ৰ চৰকাৰ প্ৰতিষ্ঠা হয়। ইয়াৰ পাছত ২০২০ৰ নিৰ্বাচনত এন ডি এৰ সেই মিত্ৰজোঁটৰ বিৰুদ্ধে আৰ জে ডি-কংগ্ৰেছ-বাওঁ দলৰ 'মহাগঠবন্ধন'-এ শক্তিশালী প্রতিদ্বন্দ্বিতা আগবঢ়ায়। সেই তীব্র যুঁজত এন ডি এ-ই ১২৫খন আৰু 'মহাগঠবন্ধন'-এ ১১০খন আসন লাভ কৰি ইয়াকেই প্রতিপন্ন কৰে যে মহাশক্তিমান বিজেপিৰ অহৰহ তীব্ৰ হেঁচাৰ পাছতো বিহাৰত লালু প্রসাদ-তেজস্বী যাদৱৰ নেতৃত্বাধীন আৰ জে ডিৰ শক্তি এতিয়ালৈকে উপেক্ষা কৰিব নোৱৰা হৈয়ে আছে।
এনে এক ৰাজনৈতিক পটভূমিৰে ৰাজ্যখন আগবাঢ়িছে পৰৱৰ্তী বিধানসভাৰ নির্বাচনলৈ। নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাই প্রকাশ হোৱা এক প্রাক্ নির্বাচনী সমীক্ষাই আছে। এনে এক ৰাজনৈতিক পটভূমিৰে ৰাজ্যখন আগবাঢ়িছে পৰৱৰ্তী বিধানসভাৰ নির্বাচনলৈ। নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাই প্রকাশ হোৱা এক প্রাক্ নির্বাচনী সমীক্ষাই ৰাজ্যখনত পুনৰ এন ডি এ-ই ক্ষমতাধিষ্ঠিত হ'ব বুলি প্রকাশ কৰিছে যদিও এইখনেই প্রকৃত ছবি বুলি ক'ব পৰা হোৱা নাই। যোৱা আগষ্ট মাহত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে তেজস্বী যাদৱ আৰু আন বিৰোধী নেতাসকলক কাষত লৈ ৰাজ্যখনত যি 'ভোটাৰ অধিকাৰ যাত্রা' উলিয়ালে তালৈ জনসাধাৰণৰ সঁহাৰি আছিল ব্যাপক। আনহাতে, প্রকাশ পোৱা প্ৰাক্ নির্বাচনী সমীক্ষাটোত বিহাৰৰ জনসাধাৰণে কাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত ২৭% ই নীতিশ কুমাৰক বিচৰাৰ বিপৰীতে ২৫%ই তেজস্বী যাদৱক মুখ্যমন্ত্ৰী ৰূপে পচন্দ কৰাটো ওলাই পৰিছে। গতিকে, বিহাৰৰ জনসাধাৰণৰ শক্তিশালী অংশ এটা যে এতিয়াও 'মহাগঠবন্ধন'ৰ লগত আছে সেইটো নিশ্চিত।
এতিয়া যিহেতুকে দুটা জোঁটৰ মাজত নির্বাচন হ'ব, গতিকে দুয়োেপক্ষৰ বাবে আসন ভাগ-বাটোৱাৰাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিব। এহাতে এন ডি এত নীতিশ কুমাৰ আৰু ছিৰাগ পাছোৱানৰ মাজত কাক বিজেপিয়ে বেছি গুৰুত্ব দিব সেইটোৰ ওপৰত ফলাফল বহুখিনি নিৰ্ভৰ কৰিব, আনহাতে কংগ্ৰেছ-আৰ জে ডিয়ে সংঘাত নোহোৱাকৈ আসনৰ বিষয়টো নিষ্পত্তি কৰিবলৈ সমান হ'ব নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব 'মহাগঠবন্ধন'ৰ ভৱিষ্যৎ। বিহাৰৰ জনসাধাৰণৰ বাবে এইবাৰৰ নিৰ্বাচনটো এক অগ্নিপৰীক্ষা হ'ব।