ডিজিটেল ডেস্ক : ইতিহাস সৃষ্টি কৰি গঠন হোৱা ষষ্ঠদশ অসম বিধানসভাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম অধিৱেশনখনে অন্য এক ইতিহাস ৰচনা কৰাৰ দুৱাৰডলিত উপস্থিত হৈছে। ষষ্ঠদশ অসম বিধানসভাৰ গঠনক ঐতিহাসিক বুলি কোৱাৰ অৰ্থ হ'ল এই বিধানসভা গঠন হৈছে সর্বকালৰ অভিলেখ গঢ়ি সাব্যস্ত কৰা ৮৫.৭৩ শতাংশ ভোটদানৰ জৰিয়তে। তদুপৰি, এই বিধানসভা গঠন হৈছে শাসক বিজেপি মিত্ৰজোঁটৰ প্ৰতি অভূতপূর্ব বিশাল জনসমর্থনৰ জৰিয়তে, যাৰ পৰিপ্ৰেক্ষিতত ১২৬জনীয়া বিধানসভাত ১০২খন আসনতে উপৱিপষ্ট হৈ শাসকীয় জোঁটটোৱে নিজৰ ঈপ্সিত পৰিকল্পনা ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আনহাতে, এই বিধানসভাই গঢ়িবলৈ যোৱা ইতিহাস হৈছে- অহা ২৬ মে'ত এই বিধানসভাত উত্থাপন হ'ব অতি প্রত্যাহ্বানমূলক উমৈহতীয়া দেৱানী সংহিতা (ইউনিফর্ম চিভিল ক'ড) বিধেয়ক।
এই বিধেয়ক গ্ৰহণ কৰা দেশৰ চতুৰ্থখন ৰাজ্য হ'ব অসম। ইতিপূর্বে উত্তৰাখণ্ড আৰু গুজৰাটত এই বিধেয়ক গৃহীত হৈছে। আনহাতে গোৱাই ১৯৬১ চনত পৰ্টুগীজৰ পৰা স্বাধীনতা লাভ কৰি ভাৰতৰে সৈতে যুক্ত হোৱাৰে পৰাই তাত উমৈহতীয়া আইনী সংহিতা বলৱৎ হৈ আছে। জন-গাঁথনিৰ দিশৰ পৰা গোৱা, উত্তৰাখণ্ড আৰু গুজৰাট অসমৰ লগত নিমিলে। অসমত ৬১.৪৭ শতাংশ হিন্দু লোক থকাৰ বিপৰীতে ৩৪.২২ শতাংশ মুছলমান। (২০১১ চনৰ লোকপিয়লৰ তথ্য এয়া, পৰৱৰ্তী লোকপিয়লত এই হাৰৰ পৰিৱৰ্তন ঘটিব)। ৰাজ্যৰ ৯খন জিলা মুছলমান সংখ্যাগৰিষ্ঠ। ধুবুৰী জিলাত ৭৯ শতাংশ মুছলমান, দক্ষিণ শালমাৰা-মানকাচৰত ৯৫ শতাংশ, বৰপেটাত ৭০ শতাংশ, দৰঙত ৬৪ শতাংশ। হাইলাকান্দি, কৰিমগঞ্জ, গোৱালপাৰা, নগাঁও, মৰিগাঁৱতো মুছলমান জনসংখ্যা ৫২ৰ পৰা ৬০ শতাংশৰ ভিতৰত। এওঁলোক গৰিষ্ঠ সংখ্যকেই পূব পাকিস্তান বা বাংলাদেশৰ পৰা প্ৰব্ৰজিত। এনে এখন ৰাজ্যত উমৈহতীয়া দেৱানী সংহিতা আইন প্রণয়ন কৰিবলৈ আগবঢ়াটো সাহসী সিদ্ধান্ত বুলিয়েই ক'ব লাগিব এইবাবেই যে এই আইনে মূলতঃ মুছলমান সমাজৰ বহুতৰে মাজত থকা পৰম্পৰাক পোনপটীয়াকৈ আঘাত কৰিব। অৱশ্যে, একাংশ উদাৰপন্থী মুছলমানে উমৈহতীয়া দেৱানী সংহিতালৈ মুকলি সমর্থন আগ নবঢ়োৱাকৈও থকা নাই। উল্লেখ কৰা উচিত যে ৬০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় কার্যকালৰ প্ৰথমখন কেবিনেট বৈঠকতে এই বিধেয়কৰ খচৰাত অনুমোদন জনোৱা হৈছে। লগতে এই কথাও উল্লেখ কৰা উচিত যে অসমৰ খিলঞ্জীয়া জনজাতীয় সমাজ এই প্ৰস্তাৱিত আইনৰ আওতাত নপৰিব। বিধেয়কখনত সন্নিৱিষ্ট দুটা মূল দফা হৈছে- (১) বহু বিবাহ কঠোৰভাৱে নিষিদ্ধ কৰা আৰু (২) বিবাহৰ ন্যূনতম বয়স নির্ধাৰণ আৰু বিবাহ পঞ্জীয়ন বাধ্যতামূলক কৰা। তদুপৰি, সাম্প্রতিক সমাজত নতুনকৈ বিস্তাৰ লাভ কৰিবলৈ ধৰা 'লিভ ইন ৰিলেশ্যন' অর্থাৎ বিবাহ নোহোৱাকৈ কৰা সহবাসক আইনৰ গণ্ডীৰ মাজলৈ আনিব খোজা হৈছে আৰু পৈতৃক সম্পত্তিত কন্যাৰ অধিকাৰ পুত্ৰৰ সমান কৰিব খোজা হৈছে। অসমত মুছলমানক (বিশেষকৈ প্ৰব্ৰজিত মূলৰ লোকক) বাদ দি হিন্দুকে ধৰি অন্যান্য ধর্মীয় লোকৰ মাজত বহু বিবাহ ব্যৱস্থা প্রায় নোহোৱা হৈ পৰিছে।
অপৈণত বয়সত বিবাহো হিন্দু সমাজত নোহোৱাৰ নিচিনাই। গতিকে, অসমত উমৈহতীয়া দেৱানী সংহিতা (ইউ চি চি) বলৱৎ হোৱাৰ লগে লগে প্ৰব্ৰজিত মূলৰ মুছলমান সমাজত প্রচণ্ড আঘাত পৰিব। এই লোকসকলৰ মাজত, মূলতঃ চৰ-চাপৰি অঞ্চলত বহু বিবাহ আৰু কম বয়সীয়া সন্তানৰ বিবাহ বিদ্যমান। শিক্ষাৰ অভাৱ আৰু দৰিদ্ৰতা নিমজ্জিত উল্লিখিত সমাজত হৈ থকা বহু বিবাহ আৰু বাল্য বিবাহৰ পৰম্পৰাই আমাৰ সামগ্রিক সমাজ ব্যৱস্থাটোত কি ধৰণৰ অবাঞ্ছিত অৱস্থাৰ সৃষ্টি কৰিছে সেয়া দোহৰাৰ প্ৰয়োজন নাই। আমাৰ ৰাজ্যৰ জন-গাঁথনিৰ বৰ্তমানৰ সন্তুলনহীন অৱস্থাটো ইয়াৰেই পৰিণতি। ইয়াৰ সৈতে জড়িত হৈ পৰিছে ৰাজ্যৰ অৰ্থনৈতিক দিশৰো কেতবোৰ গুৰুতৰ বিষয়। গতিকে, এনে পৰিৱেশ-পৰিস্থিতিৰ মাজত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে দিয়া প্রতিশ্রুতি অনুসৰি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ষষ্ঠদশ বিধানসভাৰ প্ৰথম অধিৱেশনতে উমৈহতীয়া দেৱানী সংহিতা বিধেয়ক উত্থাপনৰ বাবে লোৱা সিদ্ধান্ত এক সাহসী আৰু ঐতিহাসিক পদক্ষেপ বুলি ক'বই লাগিব। ইয়াৰ পূৰ্বে ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে তিনি তালাক ব্যৱস্থাৰ অৱসান ঘটাইছিল। বহু বিবাহেই হওক বা বাল্য বিবাহেই হওক, আধুনিক সমাজে পৰিত্যাগ কৰা এই অশুভ সামাজিক ব্যৱস্থাবিলাক সেই শ্রেণীটোৱে বিশেষ বিশেষ উদ্দেশ্যত অব্যাহত ৰখাৰ ফলত আমাৰ দৰে ৰাজ্যৰ জন-গাঁথনিত প্রভাৱ পেলোৱাটো ইয়াৰ খিলঞ্জীয়াসকলৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে, লগতে সেইসকলৰ সামাজিক পৰিৱেশটোও যে দূষিত কৰি ৰাখিছে সেই দিশটো তেওঁলোকৰ শিক্ষিত চামটোৱে নস্যাৎ কৰিব পৰা নাই। সেই সমাজৰ নাৰীয়ে এটা মর্যাদা লাভ নকৰা, ক্রীতদাসৰ দৰে জীৱন-নিৰ্বাহ কৰিবলগীয়া হোৱা, সন্তান জন্ম দিয়া এটা মেচিনত পৰিণত হোৱা কথাটো একৈশ শতিকাৰ সমাজ ব্যৱস্থাৰ বাবে অতি পৰিহাসৰ কথা। উমৈহতীয়া দেৱানী সংহিতাই সেই শোষিত নাৰীসকলক এই পংকিল অৱস্থাৰ পৰা উদ্ধাৰ পোৱাৰ পথো হয়তো প্রশস্ত কৰিব।