গৌৰৱ গগৈৰ অধ্যায়

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক : পাকিস্তানৰে সম্পৰ্ক! প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এই বিষয়টো এটা কৌতূহলৰ বিষয়। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ সময়ৰ অনাকাংক্ষিত পৰিৱেশ তথা তৎপৰৱৰ্তী সময়ৰ ঘটনা-প্রৱাহে এনে এটা মনস্তত্ত্ব গঠন কৰি দিছে যে পাকিস্তানৰে সম্পৰ্কৰ বিষয়টোক কোনেও সহজভাৱে গ্রহণ কৰিব নোৱাৰে। স্বৰাজোত্তৰ সময়ত হোৱা কেইবাখনো যুদ্ধ তথা অবিৰাম সংঘাতৰ মাজতে চিৰবৈৰী প্রতিৱেশী ৰাষ্ট্ৰ দুখনৰ মাজত নিয়মমাফিক কূটনৈতিক সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ক্ৰীড়াৰ সম্পর্ক আছে যদিও কোনো সামাজিক সম্পর্ক নাই। বিদেশত বেলেগ পৰিৱেশত দেশ দুখনৰ নাগৰিকৰ মাজত কিবা সূত্রে সম্পর্ক স্থাপন হ'লেও ভাৰতত এনে সম্পৰ্কৰ কথা কল্পনাৰো অতীত। সীমান্তৱর্তী অঞ্চলৰ কিছুমান পৰিয়ালৰ মাজত পাৰিবাৰিক কিম্বা ধর্মীয় সম্পর্ক থাকিলেও দুয়োপক্ষৰ মাজত আহ-যাহৰ সহজ পৰিৱেশ নাই। এনে অৱস্থাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সংযোগ তথা সম্পৰ্কৰ এটা অধ্যায় চর্চালৈ তথা তদন্তৰ পৰ্যায়লৈ আনি দিয়াত অসমবাসী কৌতূহলী হৈ পৰা স্বাভাৱিক। দুটা দিশত এই সম্পৰ্কৰ কথা প্রকাশ পাইছিল- এটা হৈছে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা আৰু দ্বিতীয়টো হৈছে গগৈৰ পত্নীয়ে পাকিস্তানৰ এটা এন জি অ'ৰ অধীনত পাকিস্তান আৰু ভাৰত উভয় দেশতে কাম কৰা। এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে তদন্ত সম্পন্ন কৰি দাখিল কৰা প্ৰতিবেদনৰ কিছু অংশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদমেলযোগে প্রকাশ কৰে। 

এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা প্রকাশ কৰিলে সেইখিনি কথা তেওঁ ইয়াৰ পূৰ্বেও কেইবাবাৰো সংবাদ মাধ্যমত ব্যক্ত কৰি আহিছিল। এই অনুসৰি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হৈছে- তেওঁ কিয় পাকিস্তান ভ্রমণলৈ গৈছিল আৰু তাত থকা দহ দিনত তেওঁ কি কৰিছিল? আনহাতে, পত্নী এলিজাবেথ ক'লবার্ন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হৈছে তেওঁ পাকিস্তানৰ আলী তৌকিৰ শ্বেখ নামৰ ব্যক্তিগৰাকীৰ এন জি অ'ত নিযুক্ত হৈ ৰহস্যজনক কামত প্রবৃত্ত হৈছিল আৰু আনকি ভাৰতত কাম কৰি থকা অৱস্থাতো তেওঁক সেই পাকিস্তানী ব্যক্তিগৰাকীৰ সংস্থাটোৱেই ধন দি আছিল। সাধাৰণ দৃষ্টিৰে এই দুয়োটা ঘটনাকেই একপক্ষীয়ভাৱে অপৰাধ বুলি কৈ দিব পৰা নাযায়, যেতিয়ালৈকে গগৈ দম্পতীৰ পাকিস্তান কেন্দ্রিক কাম-কাজখিনি কি আছিল বা কেনেধৰণৰ আছিল সেয়া তন্ন-তন্নকৈ পৰীক্ষা কৰা নহয়। কিন্তু ৰাষ্ট্ৰখন যিহেতুকে পাকিস্তান, গতিকে তালৈ যোৱাৰ উদ্দেশ্যক লৈ সন্দেহৰ উদ্রেক ঘটাত অস্বাভাৱিকতা নাই। কোনো ভাৰতীয়ই বিশেষ উদ্দেশ্য নাথাকিলে পাকিস্তান ভ্ৰমণৰ কথা চিন্তা নকৰে। গৌৰৱ গগৈৰ পত্নীৰ ক্ষেত্ৰত পাকিস্তানলৈ যোৱা, পাকিস্তানত থকা বা তাত কাম কৰাত অস্বাভাৱিকতা নাই, কিয়নো তেওঁ ব্রিটিছ নাগৰিক। তেওঁৰ বাবে ভাৰতীয় ভাবাৱেগৰ বিশেষ মূল্য নাই; পাকিস্তান, ভাৰত তেওঁৰ বাবে একেই, কিন্তু মুখ্যমন্ত্রী ড° শর্মাই পোহৰলৈ অনাৰ লগে লগে বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ হ'ল তেওঁলোক অসম তথা দেশৰ এগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাৰ সন্তান আৰু বোৱাৰী। যি সময়ত গৌৰৱ গগৈ দম্পতীৰ পাকিস্তান কেন্দ্রিক ঘটনা ঘটি আছিল তেতিয়া পিতৃ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল। গতিকে, কোনো সাধাৰণ চাকৰিজীৱীয়ে পাকিস্তান ভ্রমণ কৰা আৰু গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাৰ মাজত পাৰ্থক্য আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো চর্চালৈ অনা বা ইয়াক তদন্তৰ আওতাত সুমুওৱাৰ আঁৰত ৰাজনৈতিক অভিপ্রায় আছে নে নাই সেয়া ধর্তব্য নহয়, মুঠ কথা হ'ল যদি এই বিষয়টোৰ আঁৰত সঁচাকৈয়ে কিবা বিশেষ উদ্দেশ্য নিহিত হৈ আছে সেয়া পোহৰলৈ অহা উচিত। অসম চৰকাৰে বিষয়টোৰ পৰৱৰ্তী তদন্তৰ দায়িত্ব গৃহ মন্ত্রালয়লৈ হস্তান্তৰৰ সিদ্ধান্ত ঘোষণা কৰিছে। গৃহ মন্ত্রালয়ে নিশ্চয় বিষয়টোৰ গুৰুত্ব অনুসৰি তদন্ত কৰি অভিযোগসমূহৰ সত্যাসত্য নিৰূপণ কৰিবলৈ সক্ষম হ'ব। 

ৰাজ্যৰ বিৰোধী নেতাসকলে এই বুলি প্রতিক্রিয়া প্রকাশ কৰিছে যে যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট হয়েই, তেন্তে তেওঁ কেনেকৈ লোকসভাৰ বিৰোধী পক্ষৰ উপ-দলপতিৰ দৰে সাংবিধানিক দায়িত্বত থাকিব পাৰিছে! প্রশ্নটো সঠিক। কিন্তু ভাৰত-পাকিস্তানৰ মাজত কূটনৈতিক সম্পর্ক আছে। গতিকে, বৈধ প্রক্রিয়াৰে ভিছা লৈ পাকিস্তানলৈ যাব পাৰি। কিন্তু গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল আৰু তাত তেওঁ কি কৰিছিল সেই প্রশ্নটোহে তুলিছে অসম চৰকাৰে। আচলতে বিষয়টো উত্থাপন হোৱাৰ সময়তে গৌৰৱ গগৈয়ে সকলো কথা খোলাখুলিকৈ অসমবাসীৰ আগত কৈ দিয়া হ'লে বিষয়টো হয়তো ইমান দূৰ আগ নাবাঢ়িলেইহেঁতেন। এতিয়া যিহেতুকে বিষয়টো আইনী আৰু ৰাজনৈতিক দুয়োটা পাকচক্রতে সোমাই পৰিছে, গতিকে ইয়াৰ বিশ্লেষণ তেনেদৰেই হ'ব আৰু প্ৰভাৱো তেনেদৰেই পাৰিব। গৃহ মন্ত্রালয়ে সোনকালে বিষয়টোৰ তদন্ত কৰি নিষ্পত্তি কৰা উচিত।

Share This