ডিজিটেল ডেস্ক : শিশুজন্মৰ ক্ষণটো শিশু আৰু মাতৃ উভয়ৰ বাবেই এক বিশেষ ক্ষণ। চিন্তা আৰু উদ্বিগ্নতাৰে সময় পাৰ কৰে পৰিয়ালৰ সদস্যই। সেই নির্দিষ্ট দিনলৈ বাট চাই থাকে। বহুতেই বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত সন্তানসম্ভৱা মাতৃক ভৰ্তি কৰি বিপদমুক্ত হ'ব খোজে। আনহাতে চৰকাৰী চিকিৎসালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন হোৱাৰ পাছত গৰ্ভধাৰণৰ সময়ৰ পৰা সন্তান প্ৰসৱলৈ বিশেষ তদাৰকৰ ব্যৱস্থা হৈছে। চৰকাৰী চিকিৎসালয়সমূহত থকা তেনে ব্যৱস্থা সম্পৰ্কত সংবাদ মাধ্যমত বিজ্ঞাপন প্রকাশ কৰি থকা হয়। সেয়েহে বহুত অভিভাৱকে আজিকালি বেচৰকাৰী চিকিৎসালয়তকৈ কম খৰচী চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ ব্যৱস্থা কৰে। তদুপৰি জিলা বা আঞ্চলিক পৰ্যায়ৰ চিকিৎসালয়তকৈ মানুহে মেডিকেল কলেজৰ মাতৃ-শিশু বিভাগত অধিক ভৰসা কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বর্তমান উত্তৰ-পূব ভাৰতৰ এখন আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান ৰূপে স্বীকৃত। সেয়েহে স্বাভাৱিকভাৱেই উন্নতমানৰ চিকিৎসা আৰু মাতৃত্বৰ বাবে সন্তানসম্ভৱাক জি এম চিলৈ নিয়াটোত বহুতেই অগ্রাধিকাৰ দিয়ে। অলপতে জি এম চিত আই চি ইউত থকা নৱজাত সন্তান বিছনাৰ পৰা পৰি মৃত্যু হ'ব লগা, গুৰুতৰভাৱে আহত হোৱা যি ঘটনা ঘটিল সেই ট্রেজেডিয়ে কেৱল এগৰাকী মাতৃ বা এটা পৰিয়ালকে শোক কাতৰ কৰি তোলা নাই, ৰাজ্যখনৰ সকলো সংবেদনশীল লোকক শোকস্তব্ধ কৰিছে। লগতে যোৱা কিছুবছৰ ধৰি স্বাস্থ্যখণ্ডৰ উন্নয়ন আৰু সেৱাৰ মান উৎকৰ্ষ সাধনৰ চৰকাৰী প্ৰচাৰৰ অন্তঃসাৰ শূন্যতাকে তুলি ধৰিছে।
শেহতীয়াকৈ অসমৰ দুটা কথা বিশেষ চকুত পৰা ধৰণে প্ৰচাৰিত হৈছে- এটা নতুন নতুন বিশ্ববিদ্যালয় মুকলি কৰা আৰু আনটো নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা। জনসংখ্যা আৰু বর্ধিত চাহিদালৈ চাই অসমত নতুন চিকিৎসা মহাবিদ্যালয় খোলাত আপত্তি কৰাৰ থল নাই। কিন্তু একোখন চিকিৎসা মহাবিদ্যালয় মানে কেইটামান ঘৰৰ সমষ্টি নহয়। ইয়াৰ দুই ধৰণৰ আন্তঃগাঁথনি অত্যাৱশ্যকীয়। তাৰে এটা হ'ল ঘৰ-দুৱাৰ, চিকিৎসা আৰু ৰোগ ধৰা পেলোৱা বা চিনাক্তকৰণৰ বাবে প্রয়োজনীয় বিভিন্ন যন্ত্র-পাতি, সা-সঁজুলি। আনটো হ'ল সেই যন্ত্রপাতি চলোৱা প্রয়োজনীয় অর্হতাসম্পন্ন লোক। ইয়াৰ পাছত আহিব শিক্ষক-চিকিৎসক তথা বিশেষজ্ঞ। তাৰ পাছত ছাত্র-ছাত্রী। আনহাতে চিকিৎসা মহাবিদ্যালয়ৰ লগত সংযুক্ত হৈ থকা হস্পিটেলত ৰোগৰ চিকিৎসা আৰু প্রয়োজনীয় ব্যৱস্থাপনাৰ বাবে লাগিব চিকিৎসকৰ উপৰি নাৰ্ছ আৰু আন সহায়কাৰী কৰ্মচাৰী। এই সকলোবোৰৰ প্ৰয়োজনীয় অনুপাতত নিয়োগ অবিহনে মেডিকেল কলেজ হস্পিটেল চলিব নোৱাৰে। 'মেডিকেল কলেজ এণ্ড হস্পিটেল'ৰ অৰ্থ হ'ল এক ব্যাপক আৰু সংগতিপূর্ণ কর্মযজ্ঞ। ইয়াৰ যথার্থ পৰিচালনাৰ বাবে আৰু উদ্দেশ্য ফলপ্রসু কৰি তুলিবৰ বাবে চৌবিশ ঘণ্টাৰ বাবেই এক সজাগ আৰু সচেতন পর্যালোচনা ব্যৱস্থা থাকিব লাগিব। কৰ্মৰত চিকিৎসক, চিকিৎসাকর্মীয়ে কামৰ উপযুক্ত বাতাৱৰণ পাব লাগিব। কিন্তু বর্তমান প্রকাশিত বিভিন্ন বাতৰিৰ পৰা জানিব পৰা গৈছে যে প্রয়োজন অনুপাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসক আৰু বিশেষকৈ নাৰ্ছৰ সংখ্যা কম। আই চি ইউত থাকিব লগা ত্রিশ-চল্লিশটি নৱজাত শিশুৰ চোৱাচিতাৰ দায়িত্ব এগৰাকী নাৰ্ছৰ ওপৰত থাকে। তদুপৰি কেতিয়াবা একেগৰাকী নাৰ্ছে একেৰাহে দুটা ছিফটৰ দায়িত্ব পালন কৰিব লগা হয়। চিকিৎসা এবিধ জৰুৰী সেৱা। প্রয়োজনীয়সংখ্যক নাৰ্ছ বা চিকিৎসাকর্মী নাথাকিলে জৰুৰী পৰিস্থিতিৰ উদ্ভৱ হ'বই। তেন্তে চৰকাৰে কিয় প্রয়োজনীয়সংখ্যক নাৰ্ছ বা চিকিৎসাকর্মীৰ নিযুক্তি দিয়া নাই।
এনে আৱশ্যকীয় চৰ্ত পূৰণ নকৰাকৈ যদিহে স্বাস্থ্য খণ্ডত চৰকাৰে 'বিপ্লৱ' চলাই আছে, তাৰ কৃতিত্ব দাবী কৰি আছে-তেন্তে এদিন বিপর্যয় হ'বই। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলতে যদি এনে হৈছে তেন্তে নতুনকৈ বিভিন্ন ঠাইত মুকলি কৰি থকা চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলতো এদিন এনে ঘটনা নহ'ব সেই কথা অস্বীকাৰ কৰিব পাৰিনে? যোৱা বিশ বছৰৰ অধিক সময় বর্তমানৰ মুখ্যমন্ত্ৰীয়েই স্বাস্থ্য মন্ত্রী ৰূপে দায়িত্বভাৰ পালন কৰিছিল। আজিৰ অসমত স্বাস্থ্যখণ্ডৰ অৱস্থা বৰ ভাল নহয়। জনসংখ্যা অনুপাতে চিকিৎসক নাই আজিৰ অসমত। তদুপৰি বৰ্তমান যিসকলে কাম কৰি আছে তাৰো বহুতেই স্বেচ্ছা অৱসৰ লৈ চাকৰি এৰিছে। স্বাস্থ্যখণ্ডত চলি আছে আমোলাতান্ত্রিক হেমাহি। শক্তিশালী নেতা-মন্ত্ৰীৰ খাতিৰৰ মানুহেই আছে বিভিন্ন পদৱীত। তথাপি এই অৱস্থা। মেডিকেল কলেজৰ নামত, চিকিৎসালয়ৰ নামত বৃহৎ বৃহৎ ভৱন নির্মাণ কৰা হৈছে। ঠিকাদাৰে ধন আদায় লৈছে। কিন্তু সেই ঘৰৰ ভিতৰত আত্মা অর্থাৎ চিকিৎসক, নাৰ্ছ আৰু আন যাৱতীয় ব্যৱস্থাৰ অভাৱ। অথচ উন্নয়নৰ ঢাক-ঢোল বজাই থকা হৈছে। নানা আঁচনি চলাই থকা হৈছে। প্রতিমাহে বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে চৰকাৰে লৈয়েই আছে। অথচ ইমানৰ পাছতো আই চি ইউৰ দেৱশিশুকেইটাক আমি সুৰক্ষা দিব পৰা নাই।