চীন-ভাৰতৰ বন্ধুত্ব

dainik janambhumi September 04, 2025

ডিজিটেল ডেস্ক : আমাৰ দেশৰ প্ৰথমগৰাকী প্রধানমন্ত্রী জৱাহৰলাল নেহৰু চীনৰ কিমান শুভাকাংক্ষী আছিল সেই বিষয়ে ইতিহাসৰ পৃষ্ঠাত বিস্তৃতভাৱে উল্লেখ আছে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ তেতিয়াৰ চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইৰ সৈতে মিলি বিখ্যাত 'পঞ্চশীল' নীতি উদ্ভাৱন কৰিছিল নেহৰুৱে। সেই সম্পর্ক তেনেদৰেই অব্যাহত থকা হ'লে বিশ্বত এই যৌথ শক্তিৰ প্ৰভাৱ কিমান গভীৰ হ'লহেঁতেন, সেয়া অনুমান কৰা কঠিন নহয়। কিন্তু ১৯৫৯ চনত তিব্বতৰ উত্থান আৰু একে সময়তে আকচাই চীনৰ বিবাদ নিষ্পত্তি কৰাত ব্যর্থ হোৱাৰ লগে লগে দেশ দুখনৰ মাজৰ সংঘাত ইমান ব্যাপক হৈ পৰিল যে আজিলৈকে সেই ঘুণে ধৰা সম্পৰ্কক প্রতিবেশী বৃহৎ আৰু শক্তিমান ৰাষ্ট্ৰ দুখনে সহজ কৰি তুলিবলৈ সক্ষম হোৱা নাই।

১৯৬২ চনৰ চীনা যুদ্ধই সেই ঘা টুকুৰা প্ৰায় স্থায়ীয়েই কৰি পেলালে। মাজে মাজে পৰস্পৰৰ মাজৰ সম্পৰ্ক উন্নত কৰিবলৈ প্রচেষ্টা অৱশ্যে চলি নথকা নহয়। এইক্ষেত্ৰত ভাৰতীয় নেতৃবর্গই সময়ে সময়ে যথেষ্ট আন্তৰিকতাপূর্ণ উদ্যোগ গ্রহণ কৰি আহিছিল যদিও আর্থিক আৰু সামৰিক দুয়ো দিশৰ পৰাই যথেষ্ট শক্তিশালী হৈ বিশ্বৰ অন্যতম 'ছুপাৰপাৱাৰ'ত পৰিণত হোৱাৰ পৰিপ্ৰেক্ষিতত চীনৰ নেতাসকলৰ আত্মম্ভৰিতাও বাঢ়ি যোৱাত তেওঁলোকে ভাৰতক যথোচিত মর্যাদা প্রদান কৰা নাছিল। মাজে মাজে দেশখনে সীমাকেন্দ্ৰিক পৰিস্থিতিৰ সৃষ্টি কৰি, ভাৰতীয় এলেকা কৌশলেৰে হস্তগত কৰি ভাৰতক অস্বস্তিতহে পেলাই আহিছিল। কিন্তু পৰিৱেশ-পৰিস্থিতি সকলো সময়তে একে হৈ নাথাকে। আজি এনে এক অৱস্থাৰ সৃষ্টি হৈছে, যাৰ বাবে বেইজিঙে নতুন দিল্লীৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াবলৈ নিজেই বাধ্য হৈছে। দেশখনৰ টিয়ানজিনত অনুষ্ঠিত ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে যি ধৰণে আতিথ্য দিলে, যেনেকৈ বুকুত সাবটি আপোনত্ব প্রদর্শন কৰিলে, সেয়া যোৱা ৬ দশকৰ ইতিহাসৰ বিৰল ঘটনা বুলিয়েই ক'ব লাগিব।

অনস্বীকার্য যে এই অৱস্থাটো সম্ভৱ হ'বলৈ সুযোগ দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ট্রাম্পৰ স্বৈৰাচাৰী শুল্ক যুদ্ধই দেশবিলাকৰ সন্মুখলৈ আনি দিয়া প্রত্যাহ্বানৰ পৰিণতি এয়া। আমেৰিকাৰ দম্ভক প্রতিহত কৰিবলৈ হ'লে ভাৰতক যে এই মুহূর্তত অতি প্রয়োজন, সেই কথা চীন আৰু ৰাছিয়াৰ লগতে এই শিবিৰৰ অংশীদাৰ অন্য ৰাষ্ট্ৰবোৰে বুজি পোৱাৰ বাবেই টিয়ানজিন সন্মিলনত প্রকট হৈ উঠিল এই বিৰল পৰিৱেশ। কিন্তু প্রশ্ন অৱশ্যেই উঠিব যে আমেৰিকাৰ শুল্ক যুদ্ধই আনি দিয়া মিত্ৰতাৰ এই ব্যতিক্ৰমী পৰিৱেশ কিমান দিনলৈ বৰ্তি থাকিব বা চীন-ভাৰতৰ বন্ধুত্ব দীর্ঘস্থায়ী হ'বনে? অনস্বীকার্য যে নিৰাপত্তা আৰু বিকাশৰ স্বাৰ্থত চীন-ভাৰতৰ সম্পৰ্ক দীর্ঘস্থায়ী হোৱাটো অতি জৰুৰী। কিন্তু দেশ দুখনৰ মাজত হেঙাৰ বহুত আছে। সীমান্তকেন্দ্রিক সংঘাত, অবিশ্বাসৰ পৰিৱেশ, আর্থিক অসমতা, 'বেল্ট এণ্ড ৰ'ড ইনিচিয়েটিভ'ৰ জৰিয়তে পাকিস্তানৰ সৈতে গঢ়ি উঠা চীনৰ ঘনিষ্ঠ সম্পর্ক, দক্ষিণ চীন সাগৰত আধিপত্যকেন্দ্রিক সংঘাত আদি বিষয়বিলাকে প্রায়ে ভাৰত-চীনৰ মাজত বিবাদৰ পৰিৱেশ ৰচনা কৰি আহিছিল। এইবিলাক বিষয়ত বুজাবুজি নহ'লে কেৱল আমেৰিকাৰ পৰা অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত হোৱা সাম্প্রতিক মিত্রতা স্থায়ী হ'ব বুলি ধাৰণা কৰিব নোৱাৰি। আনহাতে, লক্ষণীয় কথাটো হ'ল ৰাষ্ট্ৰপতি ট্রাম্পে সর্বাধিক ৫০% শুল্ক আৰোপ কৰি ভাৰতৰ সৈতে শত্রুতাৰ পৰিৱেশ ৰচনা কৰি ভাৰতক চীনৰ কাষ চপাই দিয়া বিষয়টোক আমেৰিকাৰ বেছিভাগ প্রভাৱশালী মানুহেই ভাল পোৱা নাই। ইয়াৰ পৰা আমেৰিকাহে বেছি ক্ষতিগ্রস্ত হ'ব বুলি বহু মার্কিন নেতাই মুকলিকৈয়ে ক্ষোভ- অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

এই অংশটোৱে বিনষ্ট হ'বলৈ ধৰা ভাৰত-মার্কিন সম্পৰ্কৰ বিষয়টোৰ শুধৰণি হোৱাটো বিচাৰে। এছ চি অ' সন্মিলনত যি সময়ত প্রধানমন্ত্রী মোদীয়ে পুটিন আৰু জিন পিঙৰ লগত আলিংগন, কৰমৰ্দন কৰি হাঁহি-মাতি সদ্ভাৱৰ নতুন অধ্যায় বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিছিল, সেই মুহূর্ততে ড'নাল্ড ট্রাম্পৰ টীমৰ এজন প্রধান সদস্য তথা মার্কিন বিদেশ সচিব মার্ক' কবিঅ'ই 'এক্স'ত দিয়া এটা প'ষ্টত ভাৰত-মার্টিন সম্পর্কক 'একৈশ শতিকাৰ এক সংজ্ঞায়িত সম্পর্ক (Defining relationship)' বুলি আখ্যা দি কৈছে যে এই সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কই এক নতুন উচ্চতাত আৰোহণ কৰিবলৈ চেষ্টা কৰিছে। 'এই সময়ছোৱাত আমি প্রগতি আৰু সম্ভাৱনাৰ সেই ক্ষেত্ৰবিলাকত দৃষ্টিপাত কৰিছোঁ, যি আমাৰ সম্পৰ্কক আগবঢ়াই নিব। উদ্ভাৱন, উদ্যমিতাৰ পৰা প্ৰতিৰক্ষা আৰু দ্বিপাক্ষিক সম্পর্কলৈ বিভিন্ন বিষয়ে দেশ দুখনৰ সম্পৰ্কৰ যাত্ৰাত ইন্ধন যোগাইছে।' মার্ক' কবিঅ'ৰ এই সময়ত এই 'প'ষ্ট'টোৰ অৰ্থ আছে। আমেৰিকাই ভাৰতৰ সৈতে বন্ধুত্ব বিচ্ছিন্ন হোৱাটো বিচৰা নাই। গতিকে শুল্ক সংঘাতৰ ফলত সৃষ্টি হোৱা বৰ্তমানৰ পৰিস্থিতিৰ পৰা মুক্ত হ'বলৈ তথা ভাৰত-মার্কিন সম্পর্ক অক্ষুণ্ণ ৰাখিবলৈ অদূৰ ভৱিষ্যতে আমেৰিকাৰ ভিতৰৰ পৰাই প্রচেষ্টা চলিব পাৰে। ভূ-ৰাজনীতিত কোনো কথাই অসম্ভৱ নহয়। এনে অৱস্থাত যদি ভৱিষ্যতে ভাৰত-মার্কিন সম্পৰ্ক পূৰ্বৰ দৰে সহজ হৈ পৰে, তেনেহ'লে চীন-ভাৰতৰ সম্পৰ্কৰ স্তৰটো কেনেধৰণৰ হ'ব?

ইতিহাসে দেখুৱাই দিয়ে যে বেইজিং আৰু ৱাশ্বিংটনৰ লগত একে সময়তে সম্পৰ্কৰ সন্তুলন ৰক্ষা কৰাটো সহজ কথা নহয়। ভাৰতীয় নেতৃত্বই অৱশ্যে যোৱা দশকটোত কূটনৈতিক সম্পৰ্কবোৰৰ ক্ষেত্ৰত অতি চতুৰালিৰে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে চীন আৰু আমেৰিকাৰে সম্পৰ্কৰ ক্ষেত্ৰতো একে ধৰণৰ চতুৰালিয়েই প্ৰদৰ্শন কৰিব।

Share This