চৌহদ মাতৃ

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্ক : শিৰোনামত ব্যৱহাৰ কৰা 'চৌহদ মাতৃ' শব্দটো নিশ্চয় আচহুৱা যেন লাগিছে। মাতৃৰ আকৌ চৌহদৰ ভিতৰ-বাহিৰ কি কথা আছে! কিন্তু আচহুৱা হ'লেও 'চৌহদ মাতৃ'ৰ ব্যৱহাৰ আৰম্ভ হৈছে আমাৰ দেশৰে কোনো কোনো ঠাইত। পৰিৱৰ্তিত সময় আৰু পৰিৱেশে সৃষ্টি কৰা কিছুমান অনাকাংক্ষিত আৰু অপ্রীতিকৰ পৰিস্থিতিৰ পৰা সকাহ পাবলৈ নতুনকৈ আৰম্ভ হৈছে এই 'চৌহদ মাতৃ (Campus mother)ৰ ধাৰণা, এষাৰি আপ্ত বাক্য আছে- 'A Mother Understand what a child does not say, সন্তানৰ ব্যক্ত-অব্যক্ত বেদনাৰ যথাৰ্থতে উপলব্ধি কৰিব পাৰে এগৰাকী মাতৃয়েহে। এগৰাকী মাতৃৰ দুবাহুৰ মাজত সোমাই যি স্বস্তি পোৱা যায়, সেই অনুভৱ আন কোনেও দিব নোৱাৰে। মাতৃত্বৰ নিবিড় সান্নিধ্যই দিয়া সেই অনন্য অনুভব বিকল্পহীন হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰিৱৰ্তিত সময় তথা সমাজ ব্যৱস্থাত কিছুমান স্পৰ্শকাতৰ সময়ত প্রয়োজন হোৱা মাতৃৰ সান্নিধ্যৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈকে সৃষ্টি হৈছে এই 'চৌহদ মাতৃ'ৰ ধাৰণাৰ। আমাৰ দেশৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোত এনে কিছুমান শাখা আছে য'ত বিৰাজ কৰে অতিমাত্রা প্রতিযোগিতামূলক পৰিৱেশ, ইয়াত নিহিত হৈ থাকে এটা কঠিন লক্ষ্যত উপনীত হোৱাৰ সপোন। ফলত এনে শিক্ষানুষ্ঠানত পঢ়া বুজন অংশৰ শিক্ষার্থীয়ে পাঠ্যক্ৰমৰ জটিলতা, নিজৰ সপোন আৰু সামর্থ্যৰ সৈতে তাল মিলাব নোৱাৰি বা সেই সময়ৰ অন্য কিছুমান দ্বন্দ্বৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই গভীৰ হতাশাত ভুগিবলৈ আৰম্ভ কৰে। এনে কিছুমান শিক্ষার্থীয়ে আত্মহননৰ পথ গ্রহণ কৰাও পৰিলক্ষিত হয়।

২০০৫ চনৰ পৰা ২০২৪ চনলৈ এই ২০ বছৰত দেশৰ আই আই টিসমূহত ১১৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। ইয়াৰে ৯৮গৰাকীয়ে শিক্ষানুষ্ঠানৰ চৌহদৰ ভিতৰতে আত্মহননৰ পথ গ্রহণ কৰিছিল। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি) সমূহৰ ছাত্ৰ সংগঠনবিলাকে মিলি চলোৱা এক সমীক্ষাত প্রকাশ পাইছে যে চৰম পথ গ্রহণ কৰা এই শিক্ষার্থীসকলৰ ৬১ শতাংশয়েই এই পথ গ্রহণ কৰে পাঠ্যক্ৰমৰ ব'ব নোৱৰা হেঁচাৰ বাবে। নিৰাপত্তাহীনতাত ভুগি আত্মহত্যা কৰে ১২ শতাংশই, ১০ শতাংশই পাৰিবাৰিক সমস্যাৰ বাবে আৰু বাকী ৬ শতাংশই আত্মহননৰ পথ লয় শিক্ষানুষ্ঠানৰ চৌহদত হোৱা নিৰ্যাতনৰ বাবে। কেৱল আই আই টিবিলাকতে নহয়, অনুৰূপ অৱস্থা বিৰাজ কৰিছে আই আই এম আৰু এন আই টিসমূহতো। ২০২৩ চনৰ ২৯ মার্চত সংসদত দাখিল কৰা তথ্যৰ ভিত্তিত প্রকাশ পোৱা এটা বাতৰি মতে, ২০১৯ চনৰ পৰা সেই বর্ষলৈকে এই ৫ বছৰত আই আই টি, আই আই এম আৰু এন আই টিসমূহত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ সংখ্যা ৬১গৰাকী। ইয়াৰে ১১গৰাকী ছাত্রী। এই তথ্যখিনিয়েই দেশৰ আটাইতকৈ গুৰুত্বপূর্ণ বুলি বিৱেচিত শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ অন্তর্দ্বন্দ্বৰ অৱস্থাটো অনুভৱ কৰিবলৈ যথেষ্ট। অন্তর্দ্বন্দ্বই অনা হতাশাৰ পৰা শিক্ষার্থীসকলক মুক্ত কৰিবলৈ এনে প্রতিষ্ঠানসমূহৰ কৰ্তৃপক্ষই পৰিস্থিতিৰ বিশদ পর্যালোচনা কৰিছে। পাঠ্যক্ৰমৰ বোজা লাঘৱ কৰাকে ধৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও বিভিন্ন মাধ্যমত প্রকাশ পাইছে, কিন্তু এনে পদক্ষেপে উচ্চ শিক্ষাৰ এই প্রতিষ্ঠানসমূহক শংকামুক্ত কৰিব পৰা নাই। এনে পৰিপ্ৰেক্ষিততে খড়গপুৰ আই আই টিৰ কৰ্তৃপক্ষই বিৱেচনালৈ আনিছে চৌহদ মাতৃ (Campus mother)ৰ ধাৰণাটো। আই আই টিৰ চৌহদত থকা মাতৃসকল, তেওঁলোক অধ্যাপিকাই হওক বা অনা-শৈক্ষিক কর্মচাৰীয়েই হওক সেইসকলৰ জৰিয়তে শিক্ষার্থীসকলক মাতৃত্বৰ ছাঁ দি তেওঁলোকক চাপমুক্ত তথা হতাশামুক্ত কৰি ৰখাৰ বিকল্প উপায়ৰ পদক্ষেপ গ্রহণ কৰিছে কর্তৃপক্ষই। এই সম্পর্কীয় যিটো প্রকল্প খড়গপুৰ আই আই টি কর্তৃপক্ষই গ্ৰহণ কৰিছে তাৰ নাম দিয়া হৈছে 'হার্ট' ('HEART'- Help, empower and resiliently thrive: A mother's touch for campus wellness)। এই বিষয়ে ব্যাখ্যা কৰি আই আই টি খড়গপুৰৰ অধ্যাপিকা সুমন চক্রৱৰ্তীয়ে ইতিমধ্যে সংবাদ মাধ্যমক কৈছে যে প্রতিষ্ঠানটোৰ চৌহদত যিসকল মাতৃয়ে বাস কৰে তেওঁলোকে মাতৃৰ অনুভৱেৰে বুজিব পাৰিব যে তেওঁলোকৰ সন্তানসদৃশ শিক্ষার্থীসকলে কি সমস্যাত ভুগি আছে। সেই মতে তেওঁলোকে শিক্ষার্থীসকলক সান্নিধ্য দি আৱেগিকভাৱে তেওঁলোকক সমস্যাবোৰৰ পৰা উপশম দিয়াত সহায় কৰিব পাৰিব। নিশ্চিতভাৱে সাম্প্রতিক সময়ত এইটো এটা আদর্শনীয় পদক্ষেপ বুলি ক'ব পৰা যায়, কিয়নো যিসময়ত এগৰাকী শিক্ষার্থী উচ্চ শিক্ষাৰ প্রতিষ্ঠানবোৰৰ চৌহদত প্ৰৱেশ কৰে তেওঁৰ মানসিক অৱস্থাটো অতি স্পৰ্শকাতৰ হৈ থাকে। প্রাপ্তবয়স্কতা প্রাপ্তিৰ এই ক্ষণটোত বিক্ষিপ্ত চিন্তাই এনেয়ো এই বয়সৰ শিক্ষাৰ্থীসকলক ভাৰাক্ৰান্ত কৰি ৰাখে, তেনে অৱস্থাত অতি কঠিন পাঠ্যক্ৰমৰ মাজত সোমোৱাৰ লগে লগে এওঁলোকৰ বহুতেই তাল মিলাব নোৱৰা হৈ থাকে।

গতিকে, মাতৃত্বৰ পৰশেৰে এনে শিক্ষাৰ্থীক আৱেগিক সমর্থন দিব পাৰিলে তেওঁলোকে আৱেগিক সমস্যাবোৰৰ পৰা সকাহ লাভ কৰি অধ্যয়নত প্রবৃত্ত হ'বলৈ উৎসাহ পাব। অৱশ্যে, 'চৌহদ মাতৃ'ৰ আঁচনিখনৰ ৰূপায়ণত আন্তৰিকতাৰ ওপৰত ইয়াৰ ফলাফল নিৰ্ভৰ কৰিব। কেৱল উচ্চ শিক্ষাৰ প্রতিষ্ঠান বুলিয়েই নহয়, পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিশু-কিশোৰ, যৌৱনপ্ৰাপ্তিৰ গুৰুত্বপূৰ্ণ সময়খিনিত বহুতেই পৰ্যাপ্তভাৱে মাতৃৰ দুবাহুৰ মাজৰ অনন্য অনুভৱৰ পৰিৱেশটো বিভিন্ন কাৰণত নোপোৱা হৈ আহিছে। আই আই টি খড়গপুৰৰ শেহতীয়া পদক্ষেপটোৱে সেয়েহে সকলোকে এক সকীয়নিও দিছে যে কেৱল পার্থিব সা-সুবিধা সন্তান এটিৰ বাবে যথেষ্ট নহয়, সন্তানৰ বিকাশত মাতৃৰ উমটোৰ এক সুকীয়া গুৰুত্ব আছে।

Share This