ডিজিটেল ডেস্ক : ক্ষমতাত থকা দলৰ নেতা-মন্ত্ৰীৰ বিভিন্ন সময়ৰ ঘোষণা, কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় তথা দপ্তৰ আৰু চৰকাৰৰ নিয়ন্ত্ৰিত বিভিন্ন সংস্থা আদিৰ সংবাদ মাধ্যমত অবিৰতভাৱে প্ৰকাশিত বিজ্ঞাপনসমূহত চকু ফুৰালে যিকোনো এজন সাধাৰণ জ্ঞান থকা মানুহেই বুজি পাব যে দেশখন এটা চূড়ান্ত উন্নয়নৰ শিখৰত আৰোহণ কৰিবলৈ গৈ আছে। নানা চমকপ্রদ তথ্য-পাতি আলোকচিত্ৰৰে সেই কথা সাব্যস্ত কৰিব খোজা হৈছে। কিন্তু অর্থনৈতিক উন্নয়ন প্রসংগৰ কিছুমান বুনিয়াদী বিষয়ক লৈ যেতিয়াই প্রশ্ন উত্থাপন কৰা হয়- তেতিয়াই নানা কৌশলেৰে তেনে প্রশ্ন এৰাই চলিব খোজা হয়। নাইবা চৰকাৰৰ ব্যৰ্থতা আৰু দুৰ্বলতাক ন্যায্যতা দিবলৈ কিছুমান অপ্রাসংগিক বিষয়ৰ অৱতাৰণা কৰা হয়। বর্তমান ভাৰতবৰ্ষত চৰকাৰসমূহৰ এনে প্ৰৱণতা ৰাইজৰ সতর্ক দৃষ্টিত ধৰা নপৰাকৈ থকা নাই। শেহতীয়াকৈ বিশ্ব বেংকৰ ঋণী দেশসমূহৰ এখন তালিকা প্রকাশ হৈছে। এই তালিকাত বিশ্বৰ ঋণগ্রস্ত দেশসমূহৰ ভিতৰত ৩.২৮ বিলিয়ন ডলাৰেৰে শীর্ষস্থান লাভ কৰিছে এন ডি এশাসিত আৰু নৰেন্দ্ৰ মোদীৰ প্রধানমন্ত্ৰিত্বৰ তৃতীয় কাৰ্যকালৰ দেশ ভাৰতবৰ্ষই। এইখিনিতে এই কথাও মনত ৰখা ভাল যে চৰকাৰে ঋণ লোৱা বিশ্ব বেংকেই একমাত্র বিত্তীয় প্রতিষ্ঠান নহয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন তেনে বহু প্রতিষ্ঠান আছে, যাৰ পৰা দেশে ঋণ লৈছে। তেনে দেশৰ বা প্রতিষ্ঠানৰ তালিকা ৰিজার্ভ বেংক অব ইণ্ডিয়াৰ অধীনত থাকে। বিশ্বৰ সকলো দেশেই কম-বেছি পৰিমাণে বিভিন্ন প্রতিষ্ঠানৰ পৰা ঋণ লয়। দেশীয় মূলধনৰ অপর্যাপ্ততা আৰু বিভিন্ন প্রকল্প আৰু উন্নয়নৰ বিভিন্ন ক্ষেত্রত বিনিয়োগৰ বাবেই ঋণ লোৱাটো অনিবার্য হৈ উঠে। কিন্তু ঋণ লোৱাৰ আগৰ অৱস্থা আৰু পৰৱৰ্তী অৱস্থা একেই হৈ নাথাকে। বিনিয়োগৰ পাছত উন্নয়নৰ গতি ক্ৰমাৎ আগবাঢ়িব লাগিব। যদিহে বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণৰ পাছতো বছৰৰ পাছত বছৰ ধৰি অৰ্থনৈতিক উন্নয়নৰ ৰেখাডাল ঊর্ধ্বগামী নহৈ একেদৰেই গৈ থাকে, তেন্তে বুজিব লাগিব ক'ৰবাত কিবা কেণা আছে। ড° মনমোহন সিঙৰ প্রধানমন্ত্ৰিত্বৰ কালত ভাৰতবৰ্ষৰ উন্নয়নৰ যি গতিধাৰা আছিল বৰ্তমানৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সেই ধাৰাকে ধৰি ৰাখিব পৰা নাই। ছন্দপতন ঘটিছে। বহু আঁচনি প্রকল্প ঘোষণা কৰা হৈছে। মনমোহন সিং চৰকাৰৰ কাৰ্যকালৰ তুলনাত ভাৰত চৰকাৰৰ ৰাজহৰ হাৰ আৰু ৰাজহ বৃদ্ধিৰ পৰিমাণ যে বৃদ্ধি পাইছে, সেই কথা চৰকাৰীভাৱেই মাজে মাজে স্বীকাৰ কৰা হয়। তেনে এক পৰিস্থিতিত ভাৰতৰ অৰ্থনৈতিক বিকাশ কিয় ক্ষতিগ্রস্ত হৈছে সেয়া চিন্তনীয়। তাৰ এটা পুনৰীক্ষণৰ প্ৰয়োজন আহি পৰিছে।
আমাৰ অসমৰ দৃশ্যপট দিনে দিনে অধিক উদ্বেগৰ কাৰণ হৈ পৰিছে। মাহে গড়ে এহেজাৰ কোটিৰ পৰা দুই হাজাৰ কোটিলৈ ঋণ গ্রহণ নকৰিলে অসম চৰকাৰৰ বিত্ত বিভাগৰ চকা নুঘূৰা অৱস্থা। ভাৰতবৰ্ষ বা কেন্দ্রই যিদৰে পূৰ্বৰ আন সকলো চৰকাৰৰ সমগ্ৰ কাৰ্যকালৰ মুঠ ঋণৰ পৰিমাণতকৈ অধিক ঋণ লৈছে- ঠিক তেনেদৰে আমাৰ ৰাজ্য চৰকাৰেও ঋণ গ্ৰহণৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। কিন্তু ঋণৰ অনুপাতে উন্নয়নৰ হাৰ বৃদ্ধি হৈছেনে? উত্তৰ নেতিবাচক। বিজ্ঞাপনত ঢাক-ঢোল বাজিছে। কিন্তু বাস্তৱ ক্ষেত্রত তৃণমূল পর্যায়ত কি হৈছে। এখনৰ পাছত আনখন উন্নয়ন আঁচনি। মহিলা সবলীকৰণৰ নামত মহিলাক অর্থনৈতিকভাবে স্বাৱলম্বী কৰি তোলাৰ পৰিকল্পনা নাই। মাহে মাহে নির্দিষ্ট পৰিমাণৰ ধন দি কোনোমতে পেটে-ভাতে চলিব পৰা কৰা হৈছে। কৰ্মক্ষেত্ৰৰ পৰা আঁতৰাই আনি, শ্রমবিমুখ কৰি শাসক দলৰ সভা-সমিতিত উপস্থিত থাকিবলৈ বাধ্য কৰা হৈছে। লাখপতি বাইদেউ কৰিব খোজা হৈছে চৰকাৰী ধনেৰে, কোনো উৎপাদনমুখী কাৰ্যৰ জৰিয়তে নহয়। এনে কেতবোৰ চমকপ্রদ আঁচনিৰে হয়তো ক্ষমতাৰ ৰাজনীতি শক্তিশালী হ'ব, কিন্তু অর্থনীতিৰ ৰেখা অধোগামী হ'ব। পৰিতাপৰ কথা এয়ে যে এতিয়া চৰকাৰী আঁচনিৰ গুণ-গান আৰু মন্ত্ৰীৰ ভাষণ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীকো শুনিবলৈ বাধ্য কৰা হৈছে। এয়া পৰিতাপৰ কথা এই বাবেই যে আমাৰ ভবিষ্যৎ প্রজন্মক আমি হিতাধিকাৰীৰ ৰূপত নহয়, একোজন সক্ষম আৰু কর্মকুশল নাগৰিকৰ ৰূপতহে দেখিব খোজো।
অসমত এই মুহূর্তত সকলোৰে বাবে এটা অতি বিস্ময়কৰ প্ৰশ্ন হ'ল-প্রায় লাখ-কোটি টকা ঋণ লাভ কৰাৰ পাছতো ৰাজ্যখনৰ উন্নয়নত সেই মূলধনৰ কোনো প্রতিফলন ঘটা নাই কিয়? ঋণৰ ধন প্ৰকৃতাৰ্থত উন্নয়নমূলক ক্ষেত্রত বিনিয়োগ হ'লে তাৰ পৰা প্রতিদান (return) পোৱা যায়। একাংশ লোক অন্ততঃ উপার্জনক্ষম হৈ হিতাধিকাৰীৰ তালিকাৰ পৰা ওলাই আহি এটা উন্নততৰ অৱস্থালৈ যোৱাৰ ব্যৱস্থা আশা কৰা যায়। কিন্তু ইয়াৰ বিপৰীতে আমি দেখিছোঁ কি? ঋণৰ পৰিমাণো ক্রমবর্ধমান আৰু তাৰ সমান্তৰালভাবে হিতাধিকাৰীৰ পৰিমাণো ক্রমবর্ধমান। এয়া উন্নয়নৰ লক্ষণ নে? এনে উন্নয়নৰ মডেল বা আৰ্হিয়ে দৰিদ্ৰক অধিক দৰিদ্ৰ কৰে। দৰিদ্ৰ হ'লে চৰকাৰ বা নেতাৰ মুখাপেক্ষী হয়। ইয়াৰ বিপৰীতে নেতা-পালিনেতা, মন্ত্রী-বিষয়া দিনকদিনে অধিক সম্পদশালী হৈ গৈ থাকে। এই কথাৰ কোনো দৃষ্টান্ত দেখুৱাব নালাগে, সকলোরে দেখি বা বুজি আছে। উন্নয়নৰ এনে অন্তৰ্বিৰোধী সূত্ৰ সলনি কৰিবৰ হ'ল।