আজিৰ সম্পাদকীয়, কংগ্ৰেছৰ দুৰ্দিন

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক: অসম প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, দুবাৰৰ বিধায়ক, ছাত্ৰ অৱস্থাৰ পৰাই দলটোত গভীৰ আন্তৰিকতাৰে সেৱা আগবঢ়োৱা, বহু ঘাত-প্রতিঘাতৰ মাজতো অবিচল হৈ থাকি শতিকা পুৰণি দলটোক সাবটি ধৰি থকা ভূপেন বৰাৰ দৰে নেতা এগৰাকীয়ে মনত অসন্তুষ্টি লৈ দলটোৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱাটো কংগ্ৰেছৰ বাবে আক্ষৰিক অৰ্থতেই এক মোক্ষম আঘাত। 

ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পর্যায়ৰ নেতালৈকে বহুতেই এই সময়ত দল এৰি নাযাবলৈ ভূপেন বৰাক কাকুতি-মিনতি কৰিছে যদিও বৰা নিজৰ সিদ্ধান্তত প্রায় অটল হৈ থাকে আৰু অহা ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব বুলি মঙলবাৰে নিশা ঘোষণা কৰে। তিনি দশক কাল একাত্ম হৈ থকা দলটো এৰাটো বৰাৰ বাবে কষ্টকৰ সিদ্ধান্ত হ'লেও স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাসভৱনলৈ গৈ বৰাক বিজেপিলৈ আদৰিবলৈ ৰঙা দলিচা পাৰি দিয়া, বিধানসভাৰ নিৰ্বাচনত গেৰুৱা দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দুটা সমষ্টি এৰি দিব বুলি মুকলিকৈ প্ৰকাশ কৰাৰ পাছতে বৰাই তেওঁৰ ৰাজনীতিৰ নতুন ইনিংছৰ সিদ্ধান্ত লয়। 

ক্ষমতাৰ ৰাজনীতি কৰা কোনো ব্যক্তিয়ে সাধাৰণতে এনেকুৱা সুযোগ হাতৰ পৰা এৰাই যাবলৈ নিদিয়ে। ভূপেন বৰায়ো এই সুযোগ প্রত্যাখ্যান নকৰিলে। ভূপেন বৰাৰ দৰে নিষ্ঠাৱান কংগ্ৰেছী এজনক দলত ৰাখিব নোৱৰাটো নেতৃত্বৰ ব্যৰ্থতা বুলিয়েই ক'ব লাগিব। ভূপেন বৰাৰ পদত্যাগ-পত্ৰখন এ আই চি চিৰ সভাপতি মল্লিকার্জুন খৰ্গে আৰু দলৰ মুখ্য নেতা ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা হৈছে। গতিকে, ইয়াত সন্নিবিষ্ট বিষয়সমূহ জনা নাযায়, কিন্তু যিখিনি কথা পোহৰলৈ আহিছে আৰু ভূপেন বৰায়ো সংবাদ মাধ্যমৰ আগত আংশিকভাৱে প্রকাশ কৰিছে, তাৰ পৰা গম পোৱা যায় যে যোৱা বছৰৰ মে' মাহত প্রদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিবলগীয়া হোৱাৰ পৰা বৰ্তমানৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বৰ সময়ছোৱাত তেওঁ যথেষ্ট তিক্ততাৰ মাজত দলত থাকিবলগীয়া হৈছিল। বৰাক হেনো গৌৰৱ গগৈৰ 'লবী 'টোৱে পদে পদে উপেক্ষা কৰি আহিছিল। 

২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত বিহালী বিধানসভাৰ নিৰ্বাচনত বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থীৰ ৰূপত চি পি আই (এমএল) ৰ বিবেক দাসক অৱতীৰ্ণ কৰাবলৈ তদানীন্তন সভাপতি ভূপেন বৰা প্রায় সন্মত হৈছিল যদিও গৌৰৱ গগৈৰ বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল আৰু নিৰ্বাচনৰ কিছুদিন আগলৈকে বিজেপিৰ সৈতে জড়িত হৈ থকা জয়ন্ত বৰা নামৰ বিশেষ গণভিত্তি নথকা ব্যক্তিগৰাকীক প্রার্থিত্ব দিয়া হৈছিল। তাৰ ফল কি হ'ল সেয়া সকলোৱে জানে। সেই সংঘাত পৰৱৰ্তী সময়বোৰতো অব্যাহত থাকিল। অভিযোগ উঠা মতে, গৌৰৱ গগৈয়ে ভূপেন বৰাক বিশ্বাসতে নল'লে। 

আনহাতে, গৌৰৱ গগৈ প্রদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত ৰকিবুল হুছেইনৰ দলটোত নিয়ন্ত্রণ বৃদ্ধি পোৱাটো আছিল ভূপেন বৰাৰ অসন্তুষ্টিৰ অন্যতম প্রধান কাৰণ। ভূপেন বৰাই বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছক এ পি চি চি (আৰ) অর্থাৎ অসম প্রদেশ কংগ্ৰেছ কমিটী (ৰকিবুল) বুলিহে গণ্য কৰে। বৰাই সোমবাৰে পুৱা পদত্যাগ কৰাৰ পাছত বিয়লিলৈ সাংবাদিকৰ আগত স্পষ্টকৈয়ে কৈছে যে গৌৰৱ গগৈৰ সভাপতিত্বত প্রদেশ কংগ্ৰেছ যি ৰাস্তাৰে আগবাঢ়ি গৈছে, সেই ৰাস্তাৰে দলটো বেছিদিন জীয়াই নাথাকে। আওপকীয়াকৈ তেওঁ এই কথাই বুজাইছে যে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ মুছলমান নেতাসকলক প্রাধান্য দিয়াৰ যি নীতি লৈ কাম কৰি আছে সেই নীতিয়ে সংখ্যাগুক এলেকাত বিৰূপ প্ৰভাৱ পেলাব। বৰাই এই কথাবিলাক নেতৃত্বক কেইবাবাৰো কোৱা বুলি সোমবাৰে সাংবাদিকৰ আগত উল্লেখ কৰি স্পষ্ট কৰি দিয়ে যে এই মৌলিক বিষয়বিলাক নিষ্পত্তি নোহোৱাকৈ তেওঁ পদত্যাগ প্রত্যাহাৰ কৰিব নোৱাৰে। ভূপেন বৰাই এনেকৈ বিষোদগাৰ কৰাৰ পৰা বুজা গৈছিল যে তেওঁ কংগ্ৰেছৰ বুকুত পুনৰ সোমোৱাৰ আশা নাই আৰু অৱশেষত সেইটোৱেই হ'ল। এনেকুৱা এজন নেতাক একাষৰীয়া কৰি ৰাখি পদত্যাগ কৰিবলৈ সুবিধা দিয়াটোৱেই আচলতে কংগ্ৰেছৰ আত্মঘাতী ৰাজনীতি। ইয়াৰ পূৰ্বে অসম প্রদেশ কংগ্ৰেছৰ দুগৰাকীকৈ প্ৰাক্তন সভাপতিয়ে পদত্যাগ কৰিছিল। ভুৱনেশ্বৰ কলিতা আৰু ৰিপুন বৰা। এই দুগৰাকী নেতাই কংগ্রেছ ত্যাগ কৰাক লৈ কোনো ধৰণৰ ধুমুহা বলা নাছিল, যিটো এতিয়া ভূপেন বৰাৰ ক্ষেত্ৰত হৈছে। তাৰ পৰাই ধাৰণা কৰিব পাৰি ভূপেন বৰাৰ প্ৰভাৱ দলটোত কিমান গভীৰ আছিল। অৱশ্যে, নির্বাচনৰ আগৰ এই সময়খিনিয়েও বৰাৰ পদত্যাগৰ বিষয়টোক গুৰুত্বপূৰ্ণ কৰি তুলিছে। যি নহওক, তেওঁৰ পদত্যাগৰ পৰিৱেশ ৰচনা কৰি দিয়াটোক এইবাবেই কংগ্ৰেছৰ আত্মঘাতী ৰাজনীতি বুলি ক'ব পাৰি, কাৰণ বিজেপিৰ আগ্রাসী ৰাজনীতিৰ বিৰুদ্ধে তিষ্ঠি থাকিবলৈ ভূপেন বৰাৰ দৰে সন্মুখৰ পৰা যুঁজিব পৰা নেতাৰ বৰ প্ৰয়োজন আছিল। 

২০১৪ৰ ৰাজনৈতিক ছুনামিৰ পাছত বিজেপিলৈ কংগ্রেছী নেতা-কৰ্মীৰ সোঁত বৈছে। কিছুমানৰ এখন ভৰি কংগ্ৰেছত, আনখন ভৰি বিজেপিত থকাটো লুকাই থকা নাই। এই সময়ত দলটোক ধৰি ৰাখিব পৰা নেতা এজনৰ বৰ প্ৰয়োজন আছিল দলটোত। কিন্তু বাস্তৱ পৰিস্থিতি এনেকুৱা যে এতিয়াও দলটোত সমূহীয়া স্বাৰ্থতকৈ ন্যস্ত স্বাৰ্থৰ গুৰুত্ব দিয়া নেতাহে বেছি আছে। ফলত নেতাসকলৰ মাজৰ সংঘাতত প্রদেশ কংগ্রেছ জৰ্জৰিত। এই অভ্যন্তৰীণ সংঘাতৰ অৱস্থাটো ভালদৰে বুজি পায় কাৰণেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভূপেন বৰালৈ বিজেপিৰ ৰঙা দলিচা পাৰি দিয়াৰ লগতে ক'ব পাৰিছে যে প্রদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াও কিছুদিনৰ পাছত বিজেপিত সোমাব। এনে ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত কংগ্রেছ কিমান দিন টিকি থাকে আৰু কাক লৈ টিকি থাকে সেয়া লক্ষণীয় হ'ব।

Share This