সংঘবদ্ধ শক্তি

dainik janambhumi December 09, 2025

ডিজিটেল ডেস্ক : উইকিপেডিয়া (Wikipedia)ৰ বিষয়ে নজনা শিক্ষিত লোক বিশ্বত কমেইহে ওলাব। উইকিপেডিয়া হৈছে অনলাইন তথ্য কোষ। আগতে যিকোনো বিষয়ৰ তথ্য পাবলৈ 'জানানে' নামৰ তথ্যৰ সংকলন এখন ব্যৱহাৰ কৰাৰ অভিজ্ঞতা বহুতৰ আছে। বহু খণ্ডত প্রকাশিত এনচাইক্ল 'পেডিয়া ব্রিটেনিকা, এনচাইক্ল 'পেডিয়া এমেৰিকানা সাধাৰণ তথ্য সন্ধানীৰ বাবে দুর্লভ আছিল যদিও এনেকুৱা বিশালাকৃতিৰ 'তথ্যকোষ'বোৰেও কিছুমানৰ কিতাপৰ আলমাৰি শুৱনি কৰিছিল। এই তথ্যকোষবোৰত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰায় সকলো কথাই সন্নিৱিষ্ট হৈ থাকিলেও বৃহদাকৃতিৰ গ্ৰন্থবোৰৰ পৰা প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱাটো সহজ কাম নাছিল। কিন্তু 'অনলাইন এনচাইক্ল 'পেডিয়া 'উইকিপেডিয়া'ই আহি তথ্য লাভকৰাৰ ব্যৱস্থাটো আমাৰ ভাষাত 'ভাতৰ লগত পানী খোৱা'ৰ নিচিনা কৰি পেলালে। এই 'উইকিপেডিয়া'ৰ আৱিষ্কাৰৰ ফলত এতিয়া হাতৰ মুঠিত থকা ম'বাইল ফ'নটোতে বিশ্বব্রহ্মাণ্ডখন সোমাই থকাৰ দৰে হৈছে। লাগ বুলিলেই ম'বাইলৰ বুটাম টিপি বিশ্বৰ যিকোনো ঠাইৰ যিকোনো তথ্য যিকোনো মান্যতাপ্রাপ্ত ভাষাত পাব পৰা কৰিছে এই ব্যৱস্থাই। 

বিশ্বৰ সপ্তম আশ্চর্যকেইটাৰ দৰে গুগল, উইকিপেডিয়াকো আধুনিক বিশ্বৰ অন্যতম আশ্চৰ্যৰূপে অভিহিত কৰিব পৰা যায়। তথ্যপ্রাপ্তিৰ ক্ষেত্রত ই বিশ্ববাসীলৈ যেনেদৰে এক আশ্চর্যজনক উপহাৰ, ইয়াৰ নির্মাণো এক আশ্চর্য। 'উইকিপেডিয়া' হৈছে সামূহিক শক্তিৰে কৰিব পৰা বিস্ময়কৰ কামৰ সৰ্বশেষ উদাহৰণ। সকলো তথ্যৰ ভঁৰাল স্বৰূপ এই অনলাইন তথ্যকোষ নিৰ্মাণ কৰিছে সমগ্ৰ বিশ্বৰ এচাম স্বেচ্ছাসেৱীয়ে। এওঁলোকক 'উইকিপেডিয়ান' বুলি কোৱা হয়। এটা এন জি অ' 'উইকিপেডিয়া ফাউণ্ডেশ্যন'-এ এই মঞ্চখন পৰিচালনা কৰে আৰু মুক্ত সম্পাদনা ব্যৱস্থাৰ জৰিয়তে ইচ্ছুক স্বেচ্ছাসেবী 'উইকিপেডিয়ান'-এ ইয়াত বিশ্বৰ প্ৰতিটো প্ৰান্তৰ তথ্যবোৰ বিভিন্ন ভাষাত সন্নিৱিষ্ট কৰে। 'উইকি ছফটৱেৰ'ৰ জৰিয়তে ইয়াত তথ্যৰ সংযোগ আৰু সংশোধন কৰিব পৰা যায়। আমি যিকোনো ব্যক্তিয়েই এই 'উইকিপেডিয়া'ত স্বেচ্ছাসেৱী সম্পাদক হ'ব পাৰোঁ আৰু ইয়াত সন্নিৱিষ্ট কৰিব পাৰোঁ জনসমাজৰ বাবে প্রয়োজনীয় বুলি ভবা যিকোনো তথ্য। উল্লিখিত কথাখিনি 'উইকিপেডিয়া'ৰ বিষয়ে এখন ৰচনা যেন লাগিলেও ইয়াৰ উদ্দেশ্য কিন্তু সেয়া নহয়, মূল উদ্দেশ্য হৈছে সংঘবদ্ধ শক্তিয়ে কৰিব পৰা বিস্ময়কৰ কামৰ বিষয়ে উদাহৰণ দিয়া। সংঘবদ্ধ শক্তিয়েই ৰূপান্তৰ ঘটাব পাৰে। মহান বিপ্লৱবোৰ তাৰ উদাহৰণ। আনহাতে, উদ্দেশ্য মহান আৰু জনকল্যাণমুখী নহ'লে সংঘবদ্ধ শক্তিও পাছত কালৰ বুকুত নিশ্চিহ্ন হৈ পৰে। সন্ত্রাসবাদী শক্তি যিমানেই ডাঙৰ নহওক, তাৰ বন্দনা ভাল মানুহে নকৰে, নিন্দা কৰে। তেনে শক্তি নিঃচিহ্ন হৈ পৰা উদাহৰণ অলেখ। কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বত ঐক্যবদ্ধ ভাৰতীয় অহিংসা শক্তিয়ে প্রবল পৰাক্ৰমী ব্রিটিছক ভাৰত এৰিবলৈ বাধ্য কৰাইছিল। সেই শক্তি আজিও বিশ্ববন্দিত। সংঘবদ্ধ শক্তিয়ে বিশ্বত কৰা মহান মহান ৰূপান্তৰৰ কামবিলাকৰ লগত তুলনা নহ'লেও আমাৰ চৌপাশতে সীমিত পৰিসৰত সংগঠিত শক্তিয়ে কৰা চমকপ্রদ কামৰ উদাহৰণো বহুত আছে। কিন্তু ব্যক্তিকেন্দ্রিক আৰু ভোগবাদী মানসিকতাৰে আচ্ছন্ন হৈ পৰাৰ ফলত সংঘবদ্ধ শক্তিৰ মহত্ত্ব আৰু গুৰুত্ব অনুধাৱনৰ পৰিৱেশ যেন ক্রমান্বয়ে নোহোৱা হৈ আহিছে। কোনোবা ভাল উদ্দেশ্যত সংগঠিত হ'ব খুজিলেও তাত ৰাজনীতি সোমাই পৰি সমগ্র বিষয়কে দিকভ্রান্ত কৰি পেলোৱা দেখা যায়। 

তেনে অৱস্থাতে আশা-ভৰসাহীন পৰিৱেশৰ মাজতে বিশিষ্ট শিল্পী মানস ৰবীনে জাতীয় কর্মসংস্কৃতি ৰক্ষা আৰু বৰ্তমানৰ যুৱ প্ৰজন্মৰ মানসিকতাৰ ৰূপান্তৰৰ লক্ষ্য সন্মুখত লৈ ৰাজ্যৰ ডেকা-ডেকেৰীসকলক সংগঠিত কৰাৰ এক পদক্ষেপ আগবঢ়াইছে। 'বীন আর্মি' নাম দি মানস ৰব্বীনে সংগঠিত কৰিছে এই যুৱ প্ৰজন্মক। কোনো ৰাজনৈতিক লক্ষ্য-উদ্দেশ্য নাই তেওঁৰ। লক্ষ্য এটাই- কোম্পানীৰ প্ৰহৰী, শ্রমিকৰ কামৰ বাবে বহিঃৰাজ্যলৈ ঢপলিয়াই যাব লগা হোৱা যুৱ প্রজন্মটোক ৰাজ্যতে ৰাখি এনে কিছুমান কামত ব্ৰতী কৰোৱা, যিবিলাক কাম জাতিটোরে প্রায় এৰি পেলাইছে। এই যুৱ প্রজন্মটোরে এখন নতুন অর্থনৈতিক সংগ্রাম আগবঢ়াই নিয়াৰ সমান্তৰালকৈ যাতে হেৰাই যোৱাৰ উপক্রম ঘটা সামাজিক সংস্কৃতি আৰু পৰম্পৰাবোৰো ধৰি ৰাখি বৃহত্তৰ অসমীয়া সমাজখন পুনৰ বৰ্ণাঢ্য সংস্কৃতিৰে প্রাণৱন্ত কৰি তুলিব পৰা যায়, তাৰ বাবে 'ৰবীন আর্মি'ত যোগদান কৰা যুৱক-যুৱতীসকলক মানসিকভারে প্রস্তুত কৰিছে শিল্পীগৰাকীয়ে। বৰ গুৰুত্বপূর্ণ কথা। যিবোৰ বিষয়ক লৈ অসমৰ শুভ ভাবাপন্ন মানুহবোৰ উদ্বিগ্ন হৈ ছটফটাই আছে তাকে হাতে-কামে কৰিবলৈ আগবাঢ়িছে মানস ৰবীনে। এতিয়ালৈকে দুই সহস্রাধিক যুৱক ভর্তি হৈছে 'ৰবীন আর্মি'ত। নীৰৱে সমাজক সক্ষম আৰু সুন্দৰ কৰাৰ, মানসিকতা সলনি কৰাৰ সংগ্ৰাম এখন আৰম্ভ কৰা মানস ৰবীনৰ সতীর্থ হ'বলৈ যুৱ প্ৰজন্মৰ ২ সহস্রাধিক সন্তান আগবাঢ়ি অহাটো শুভলক্ষণ। 

আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা জাতীয় অর্থনীতি প্রায় ওলাই গৈছে। এক হৈ, ইজন সিজনৰ সমভাগী হৈ মাউখে উটা অসমীয়া সমাজখনত ঘুণে ধৰি সামাজিক গাঁথনিটো দুর্বল হৈ যাবলৈ ধৰিছে। তাক ৰুধিবলৈকে ওলাই আহিছে 'ৰবীন আর্মি'। যদি উদ্দেশ্য বিভ্রান্ত নহয়, যদি লক্ষ্য বিচ্যুত নহয়, যদি নিষ্ঠা-একাগ্রতা আৰু শ্রম শক্তিৰ অভাৱ নহয়, যদি ন্যস্ত স্বার্থজড়িত ৰাজনীতিৰ পৰা ঊর্ধ্বত থাকিব পাৰে, তেনেহ'লে 'ৰবীন আর্মি'ৰ শক্তি নেপোলিয়নৰ বাহিনীৰ দৰেই দুৰ্জেয় হৈ পৰিব পাৰে। সৰুকৈ আৰম্ভ হোৱা কিছুমান কামেই সঠিকভাৱে আগবঢ়াৰ ফলত বিশাল, কালজয়ী হৈ পৰে। মহাত্মা গান্ধীৰ অহিংস আন্দোলন এদিনতে বিশাল হৈ পৰা নাছিল, কলকাতাৰ এটা মেচত কেইজনমান কলেজীয়া ছাত্ৰৰ আড্ডাত জন্ম হৈছিল অসমীয়া ভাষা পুনৰুদ্ধাৰৰ যুগজয়ী সংগ্ৰামৰ ভেটি 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ। মানস ৰবীনৰ এক আপোচহীন ব্যক্তিত্ব আছে। তেওঁৰ নেতৃত্বৰ ব্যতিক্রম সংগ্রামখনেও জাতীয় জীৱনক শক্তিশালী কৰাৰ অৱকাশ আছে। সেই সংগ্রামখন যুগজয়ী হোৱাৰ মনে-প্রাণে কামনা প্রতিগৰাকী ভাল অসমীয়াই নিশ্চয় কৰিব।

Share This