সংবিধানেহে দিয়ে ভোটাধিকাৰ

dainik janambhumi August 29, 2025

দৈনিক জনমভূমিঃ ভোটদান কৰি জনপ্রতিনিধি নিৰ্বাচন কৰি আইন প্ৰণয়ন কৰা আৰু সেই আইনৰ প্ৰয়োগেৰে প্ৰশাসন চলোৱা ব্যৱস্থাই হ'ল গণতন্ত্র। গণ, অর্থাৎ ৰাইজে নিৰ্বাচন কৰা 'তন্ত্র' বা শাসন ব্যৱস্থা। ভাৰতত এই ব্যৱস্থাৰ প্ৰয়োগ আৰম্ভ হয় ব্রিটিছ শাসনতেই। অৱশ্যে সেয়া আছিল অত্যন্ত সীমিত ৰূপত। ভোটদানৰ অধিকাৰ সকলোৰে নাছিল। একালত সম্ভ্রান্ত লোক, মাটি- সম্পত্তি থকা বা কৰদাতাসকলৰহে ভোটদানৰ অধিকাৰ আছিল।

আমাৰ ভাৰতবৰ্ষৰ কথাই ধৰা যাওক, দেশৰ বৃহৎসংখ্যক লোক আছিল দৰিদ্ৰ, দলিত আৰু ভূমিহীন। জমিদাৰ ভূস্বামীৰ মালিকানাত থকা মাটিত জমিদাৰৰ স্বত্ব অনুসৰি খেতি বা আন শ্ৰম কৰি জীৱিকা অৰ্জন কৰা লোক। তেনে লোক কৰদাতা হোৱাৰ প্রশ্নই নাছিল। গতিকে ভোটাধিকাৰো সীমিত লোকৰহে আছিল। লাহে লাহে সজাগতা বৃদ্ধি পোৱাৰ ফলত ভোটাৰৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। দেশ স্বাধীন হোৱাৰ পাছত সংবিধান প্রণয়নৰ উদ্দেশ্যত গণ পৰিষদ গঠন হয়।

গণ পৰিষদে প্রতিনিধি বৰ্গৰ মাজত আলাপ-আলোচনা, বিতর্ক-পর্যালোচনাৰে নতুন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। খচৰা প্ৰস্তুতৰ কাৰণে গঠন কৰা সমিতিৰ সভাপতি হয় ড° বি আৰ আম্বেদকাৰ। আম্বেদকাৰে প্ৰাকৃতিক আইনৰ বিভিন্ন দিশ পৰ্যালোচনাৰে দেখুৱালে যে এখন দেশৰ নাগৰিকে যিহেতু জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰে, সেয়ে তেওঁ জন্মসূত্রেই ভোটাৰ আৰু প্রাপ্তবয়স্ক হোৱাৰ লগে লগে অৰ্থাৎ বিচাৰ- বুদ্ধিৰ বিকাশ হোৱাৰ লগে লগে ভোটাধিকাৰ পাব লাগে। ইয়াত ধন-সম্পদ, কৰ দিয়া আদি চৰ্ত হ'ব নালাগে। এয়াই হ'ল প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ধাৰণা। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ভাৰতৰ গণতন্ত্ৰৰ এটা বৈশিষ্ট্যৰূপে পৰিগণিত হ'ল। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ অৰ্থ হ'ল- সকলো প্রাপ্তবয়স্ক নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে মুক্ত মনে আৰু স্বাধীন চিন্তাৰে পৰিচালিত হোৱাটোৱেই আমাৰ সাংবিধানিক পৰম্পৰা। এই ভোটাধিকাৰ দুটা কাৰণত এজন নাগৰিকে হেৰুৱাব লগা হ'ব পাৰে- ১) যদিহে এজন লোক মানসিক বিকাৰগ্ৰস্ত হয় আৰু কোনো অপৰাধত আদালতে দোষী সাব্যস্ত কৰি কাৰাৰুদ্ধ কৰে। অন্যথা এই অধিকাৰ আন কোনো কাৰণত কৰ্তন নহয়।

ভোটাৰ তালিকা সংশোধনী প্রক্রিয়া এটা সময়ে সময়ে ঘটি থকা নিয়মীয়া ব্যৱস্থা। ভোটাধিকাৰ লাভ কৰাৰ বয়সপ্রাপ্ত হোৱাসকলৰ নাম তালিকাভুক্ত কৰা আৰু যিসকল ভোটাৰৰ ইতিমধ্যে মৃত্যু হৈছে নাইবা বাসস্থান তথা বাস কৰা এলেকা সলনি হয়, সেইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কোনো অঞ্চলত নতুনকৈ বাস কৰিবলৈ অহাসকলৰ নাম অন্তর্ভুক্ত কৰা হয়। প্রতি নির্বাচন আৰু উপ-নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধন কৰাটো নিয়মীয়া প্রশাসনীয় ব্যৱস্থা। এয়া কোনো বিশেষ ব্যৱস্থা নহয়। কিন্তু শেহতীয়াকৈ এনে এটা ভোটাৰ তালিকা সংশোধনীৰ বিশেষ ব্যৱস্থা কৰি লাখ লাখ প্রকৃত ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। প্রথমে এই সংশোধনী এনেধৰণে কৰা হৈছিল যে ভোটাৰে একো গমেই নাপাইছিল। নিৰ্বাচনৰ দিনা ভোটগ্রহণ কেন্দ্রলৈ গৈহে জানিব পাৰিছিল যে ভোটাৰ তালিকাত তেওঁৰ নাম নাই। উল্লেখযোগ্য এয়ে যে ভোটাৰ তালিকা সংশোধনী কোনো গোপন ব্যৱস্থা নহয় যে এই কাৰ্য সৰ্বসাধাৰণৰ অগোচৰত মনে মনে কৰিব লাগিব। হঠাতে বৃহৎসংখ্যক লোকৰ নাম নোহোৱা কৰা আৰু নতুন একাংশ লোকৰ নাম অন্তর্ভুক্ত হোৱা কথাটো চৰ্চালৈ আহিছিল যোৱা ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত।

এই সম্পৰ্কত বিৰোধী দলে তথ্যসহ দিয়া অভিযোগ নির্বাচন আয়োগে নাকচ কৰিছিল। দিল্লী-হাৰিয়ানা-মহাৰাষ্ট্ৰ আদিত এই বিষয় লৈ ৰাইজৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি হৈছিল। এই সমগ্ৰ বিষয়ৰ অঞ্চলভিত্তিক যথাযথ চৰমজিন তদন্তত ওলাই পৰে বৃহৎসংখ্যক অনিয়ম বা অন্য ভাষাত কেলেংকাৰি। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংবাদমেলত তন্ন তন্নকৈ ব্যাখ্যা কৰে। তথ্যসহ কেতবোৰ পোনপটীয়া প্রশ্ন উত্থাপন কৰে। এনে এটা গভীৰ ধৰণৰ বিষয়ৰ ওপৰত উত্থাপিত প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰিৱৰ্তে নির্বাচন আয়োগে চালে-বেৰে কোবোৱা এনে ধৰণৰ উত্তৰ দিছে যাৰ ফলত বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে।

অৱশেষত এই বিষয় উচ্চতম ন্যায়ালয়ত তোলা হৈছে। তথ্য-প্রমাণ সদৰী হোৱাৰ পাছতো কেন্দ্ৰৰ চৰকাৰে নেদেখা-নজনাৰ ভাও ধৰিছে। এই বিষয় লৈ বৰ্তমান সমগ্ৰ উত্তৰ ভাৰত আৰু বিশেষকৈ নির্বাচনমুখী বিহাৰ উত্তাল হৈ পৰিছে। বিহাৰত বৃহৎ বৃহৎ সভা-সমদলত লাখ লাখ মানুহ সমৱেত হৈ নিৰ্বাচন আয়োগক ভোট চোৰ আখ্যা দি গৰিহণা দিয়াৰ লগতে এই ভোেট চুৰিৰ পৃষ্ঠপোষকতাৰ বাবে কেন্দ্রীয় চৰকাৰক দায়ী কৰিছে।

ৰাইজৰ আস্থা হেৰুৱাই পৰাজয়ৰ আশংকাত শাসক মৰ্চাই এনে কৌশল অৱলম্বন কৰাৰ অভিযোগ উঠিছে। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ সংবিধানে নাগৰিকক দিছে। সংবিধানে দিয়া অধিকাৰ নিৰ্বাচন আয়োগে কেনেকৈ কৰ্তন কৰিব।

Share This