ডিজিটেল ডেস্ক: পাটনাৰ এটা বাতৰি। অলপতে প্রকাশ পাইছিল দৈনিক জনমভূমিতে। বাতৰি মতে, বিহাৰ চৰকাৰে ৰাজ্যখনৰ চাচাৰাম পৌৰ নিগমৰ অধীনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলক পথৰ কুকুৰৰ তথ্য সংগ্ৰহ কৰি নিগমক জমা দিবলৈ নির্দেশ দিছে। এই সম্পর্কে প্রকাশ পোৱা চৰকাৰী নির্দেশটোত কোৱা হৈছে যে বিদ্যালয়সমূহৰ পৰা এজনকৈ শিক্ষকক নডেল বিষয়া হিচাপে নিয়োগ কৰি বিদ্যালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলৰ পথৰ কুকুৰৰ তথ্য সংগ্ৰহ কৰিব লাগিব। আপাতদৃষ্টিত এই সৰু, সাধাৰণ বাতৰিটোৱে আমাৰ দেশৰ শিক্ষকসকলৰ বহুমুখী দায়িত্ব আৰু সামাজিক মর্যাদা সম্পকীয় বহু প্ৰশ্নৰ উদ্রেক কৰে। কাৰণ উল্লিখিত বাতৰিটো বিহাৰৰ হ'লেও শিক্ষকক অনাশৈক্ষিক দায়িত্বত নিয়োগ কৰাটো অসমকে ধৰি আন বহু ৰাজ্যত এতিয়া দস্তুৰ।
এই কথা ঠিক শিক্ষকৰ গুণগত চৰিত্ৰ, শিক্ষাদান সম্পর্কে আজিৰ সমাজত অভিযোগ দেধাৰ। যি সময়ত সমগ্ৰ সমাজখন ক্ষয়িষ্ণু হৈছে, যি সময়ত আন আন বৃত্তিত নিয়োজিতসকলৰো অধিকাংশ নিকা, দায়িত্ববোধ সম্পন্ন হৈ থকা নাই, সেই সময়ত এই সমাজৰে শিক্ষকসকল অকলেই জিলিকি থাকিব বুলি আশা কৰা ভুল। কিন্তু তাৰ পাছতো এনে এচাম শিক্ষক আমাৰ মাজত এতিয়াও আছে, যি নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰে বা কৰিব খোজে। বহুতে ভবাৰ দৰে শিক্ষাক 'পণ্য' বুলি নাভাবি এইসকলে সেৱা বুলি ভাবে, ভাবে গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্ক আৰু বান্ধোনৰ কথা। কিন্তু কেনা লাগে তেতিয়া, যেতিয়া এনে শিক্ষকক অজস্র অনাশৈক্ষিক কামত নিয়োজিত কৰি শিক্ষাদানৰ মূল উদ্দেশ্যৰ পৰা নিলগাই পেলোৱা হয়। নির্বাচন, বিভিন্ন পিয়ল, জৰীপৰ পৰা আৰম্ভ কৰি আজিৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক জড়িত হ'ব লগা অনাশৈক্ষিক কামৰ লেখ-জোখ নাই। ভাব হয়, চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক মান অধোগতি হোৱা বুলি সততে উঠা অভিযোগসমূহৰ এইটোও এটা কাৰণ নেকি বাৰু?
ইফালে বহু সময়ত বৰমূৰীয়াই ৰাজহুৱাভাৱে তুচ্ছ-তাচ্ছিল্য কৰি বহু শিক্ষকৰ নৈতিক মনোবল ভাঙি দিয়াৰ ঘটনাও সততে চকুত পৰে। ছাত্ৰৰ প্ৰতি সামান্য কঠোৰ হ'লেই জবাবদিহি কৰা অভিভাৱকৰ প্ৰসংগ আছেই- এনে বহু অভিভাৱকৰ বাবে শিক্ষকসকল কেৱল বেতনভোগী কর্মী। এনে অভিভাৱকে ঘৰুৱা খোৱাৰ মেজত সন্তানৰ সন্মুখতে তেওঁলোকৰ শিক্ষকৰ সম্পৰ্কত নিন্দা কৰে, সমালোচনা কৰে, যাৰ স্বাভাৱিক পৰিণতিত শিক্ষকৰ প্ৰতি সেই ছাত্ৰৰ শ্ৰদ্ধা ওপজাৰ বাট আৰম্ভণিতে বন্ধ হয়। গুৰু-শিষ্যৰ পৱিত্ৰ বান্ধোন পৰি ৰয় সুদূৰপৰাহত।
কুকুৰ গণনাৰ কামটো লঘু নহয়, নিশ্চয় ই এক গুৰুত্বপূৰ্ণ কাম। কিন্তু বুজাই নক'লেও হ'ব অঞ্চলটোৰ এজন শিক্ষকে যেতিয়া শ্রেণী কোঠাত উপস্থিত নাথাকি কুকুৰ গণনাৰ দৰে কামত নিয়োজিত হৈ থাকিব, তেনে সময়ত তেওঁৰ শিক্ষার্থীসকলৰ সন্মুখত নিজৰ মৰ্যাদা বচাই ৰখা যথেষ্ট জটিল। এনেধৰণৰ ঘটনা কিন্তু আমাৰ সমাজত সততে ঘটি আছে। চৰকাৰেই বিভিন্ন বহুমুখী কামত শিক্ষকসকলক নিয়োজিত কৰি এফালে শিক্ষকজনক শিক্ষাদানৰ মুখ্য কামৰ পৰা আঁতৰাই আনিছে আৰু আনহাতে তেওঁলোকৰ সামাজিক মর্যাদা হানি কৰিছে, যিটোৱে সমগ্র শৈক্ষিক পৰিৱেশটোৰ ক্ষতি সাধন কৰিছে।
অৱশ্যে এইখিনিতে এইটো কথাও উল্লেখ নকৰিলে সত্যৰ অপলাপ হ'ব যে শিক্ষকৰ সামাজিক মর্যাদা এচাম শিক্ষকে নিজেও হানি কৰি আহিছে। দৰাচলতে এই এচাম শিক্ষকৰ অ-শিক্ষকসুলভ আচৰণে সমগ্র শিক্ষক সমাজৰ মৰ্যাদা হ্রাস কৰিছে। সমাজত আইনৰ উপৰি নৈতিক, সামাজিক ধ্যান-ধাৰণা, পৰম্পৰাসমূহৰ এক সুকীয়া স্থান থাকে। বহু ক্ষেত্ৰত আইনৰ দৃষ্টিত দোষী নহ'লেও নৈতিকতা, সামাজিক ধ্যান-ধাৰণাত সেইবোৰ কাম গ্রহণীয় নহ'বও পাৰে। আৱেদনময়ী পোছাক আৰু দেহভংগীৰ নৃত্য কৰি ৰিলছ বনোৱা শিক্ষয়িত্ৰীগৰাকীক আমাৰ সমাজে এতিয়াও সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। সেইদৰে সুৰাৰ বটল হাতত লৈ ফে'চবুকত ফটো দিয়া শিক্ষকজনকো। সমাজে আন বৃত্তিলৈ চকু নিদিলেও শিক্ষক একোজনৰ সামাজিক আচাৰ-আচৰণত চকু দিয়ে। আমেৰিকাৰ শিক্ষক এজন আৰু আমাৰ মুলুকৰ শিক্ষক একোজনক একেখন নৈতিকতা আৰু সামাজিক আচৰণৰ তৰ্ভূত তুলি বিচাৰ কৰা নহয়। সেইবোৰ কথা আইনৰ দৃষ্টিত জগৰীয়া নহ'লেও সমাজে কিন্তু সহজে গ্রহণ নকৰে।
সমাজ আৰু চৰকাৰে শিক্ষকসকলৰ সামাজিক মর্যাদা সুৰক্ষিত কৰাত যিদৰে চকু দিব লাগিব, সেইদৰে শিক্ষসকলেও নিজৰ মৰ্যাদা নিজে বৰ্তাই ৰাখিবলৈ যত্নপৰ হ'ব লাগিব।