নির্বাচন আয়োগৰ বিশ্বাসযোগ্যতা

dainik janambhumi November 07, 2025

ডিজিটেল ডেস্ক : স্বাধীনতা পৰৱৰ্তী কালত স্বাধীন ভাৰতৰ প্ৰশাসনিক ব্যৱস্থা পৰিচালনাৰ বাবে এখন সংবিধান প্রণয়ন কৰিবলৈ গঠন কৰা হৈছিল গণ পৰিষদ। সকলো জাতি-গোষ্ঠী আৰু অঞ্চলৰ প্ৰতিনিধিত্বৰে গঠিত এই গণ পৰিষদে খচৰা সংবিধান প্রণয়ন কৰিবলৈ এখন সমিতি গঠন কৰি দিছিল, যাৰ অধ্যক্ষ আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন সংবিধান বিশেষজ্ঞ তথা ভাৰতীয় ৰাজনীতিৰ এজন প্রবাদপুৰুষ, পিছপৰা গোষ্ঠী-সম্প্রদায়ৰ অধিকাৰ প্ৰতিষ্ঠাৰ এজন হোতা ড° বি আৰ অম্বেদকাৰ। গণ পৰিষদৰ সভাপতি আছিল আন এগৰাকী আইনজ্ঞ তথা স্বাধীনতা সংগ্ৰামী ড" ৰাজেন্দ্ৰ প্ৰসাদ। দীর্ঘকাল ধৰি হোৱা নানা আলাপ-আলোচনা আৰু বিতৰ্কৰ অন্তত প্রস্তুত হৈছিল ভাৰতৰ সংবিধান। সংবিধানে দেশক এখন গণতান্ত্রিক আৰু সাৰ্বভৌম গণৰাজ্য ৰূপে ঘোষণা কৰাৰ লগতে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছিল। সংবিধানে আমাক সামাজিক-অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ আশ্বাস দিছিল। চিন্তা-মত প্রকাশ, বিশ্বাস আৰু উপাসনা বা ধর্মীয় বিষয়ত স্বাধীনতাৰ নিশ্চয়তা দিছিল। সা-সুবিধা তথা সামাজিক অৱস্থান আৰু বিশেষকৈ আইনৰ চকুত সকলো সমান-এই সমতাৰ আশ্বাস দিছিল। নাগৰিক আৰু নাগৰিকৰ মাজত ধর্ম-ভাষা-বর্ণ আদি বিষয়ত কোনো বৈষম্য নাথাকিব সেই ঘোষণা কৰিছিল। মনত ৰাখিব লগা কথা হ'ল ভাৰতৰ স্বাধীনতা সংগ্রামেহে বহু সৰু-বৰ স্বতন্ত্ৰ ৰাজ্যত বিভক্ত ভাৰত উপ-মহাদেশৰ এই প্রান্তক এখন সাংবিধানিক গণতন্ত্র ৰূপে প্রতিষ্ঠা দিছিল। 

গণতান্ত্রিক ব্যৱস্থাপনাৰ অধীনত বিশ্বৰ এক বৃহৎ জনসংখ্যাক সামৰি লোৱা বাবে ভাৰতক বিশ্বৰ বৃহত্তম গণতন্ত্র বোলা হৈছিল। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণয়ন প্রক্রিয়া চলি থাকোঁতে সাভাৰকাৰ, গোলৱালকাৰ, হেডগেৱাৰ আদি হিন্দুত্ববাদী নেতাই সংবিধানৰ ওপৰত বহু বিৰূপ মন্তব্য কৰিছিল, যিবোৰ তেওঁলোকৰ ৰচনাৱলীত এতিয়াও সুলভ। তেওঁলোকে ভাৰতৰ পুৰণি এখন শাস্ত্র মনুস্মৃতিকহে সংবিধানৰ আধাৰ হোৱাটো কামনা কৰিছিল। প্রাচীন কালত ৰচিত মনুস্মৃতি আছিল এখন বর্ণবাদী শাস্ত্র, য'ত সর্বসাধাৰণ (শূদ্র) লোকক অধিকাৰ ৰহিত কৰা আৰু উচ্চ বর্ণক বিশেষ অধিকাৰ প্ৰদানৰ পোষকতা কৰিছিল। তেনে বৈষম্যমূলক প্রাচীন শাস্ত্ৰৰ আধাৰত এখন আধুনিক আৰু গণতান্ত্রিক ৰাষ্ট্ৰ গঠন হ'ব নোৱাৰে। গণ পৰিষদে আমাক সেই কূপমণ্ডুকতাৰ পৰা ৰক্ষা কৰিছিল। সংসদীয় পদ্ধতিৰ গণতান্ত্রিক ৰাষ্ট্ৰত নাগৰিকৰ ভোটাধিকাৰ অৰ্থাৎ সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য। নাগৰিকে ভোট দি প্রতিনিধি নির্বাচন কৰিব আৰু নির্বাচিত প্রতিনিধিয়ে চৰকাৰ গঠন কৰি সংসদত আইন প্রণয়নেৰে আইনৰ শাসন নিশ্চিত কৰিব। এয়া গণতন্ত্ৰৰ প্ৰথা আৰু পৰম্পৰা। সেইবাবেই জনপ্রতিনিধি এটা নিকা-স্বচ্ছ তথা নিৰপেক্ষ ব্যৱস্থাৰ মাজেৰে যাতে নির্বাচিত হ'ব পাৰে, সেই কথা নিশ্চিত কৰিবলৈ তথা সুস্থ-মুক্ত-নিকা নির্বাচন পৰিচালনা কৰিবলৈ সংবিধানে গঠন কৰে নিৰ্বাচন আয়োগ। তিনিজনকৈ আয়ুক্তৰে গঠন হ'ব লগা নির্বাচন আয়োগ গঠনৰ বাবেও সংবিধানে ৰূপৰেখা তৈয়াৰ কৰি গৈছে। সেই অনুসৰি চৰকাৰ প্ৰধান অর্থাৎ প্রধানমন্ত্রী, বিৰোধী দলপতি আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ- এই তিনিজনীয়া নির্বাচক মণ্ডলীয়ে ভাৰতৰ নিৰ্বাচন আয়ুক্তক নির্বাচিত কৰিব। বিগত ২০১৪ বৰ্ষৰ লোক সভাৰ নিৰ্বাচনত বিজেপি দলৰ জয়, নৰেন্দ্ৰ মোদীৰ জয় সেই সাংবিধানিক ব্যৱস্থা অনুসৰিয়েই হৈছিল। এই ব্যৱস্থাক অধিক কার্যকৰী আৰু সক্রিয় ৰূপত প্রতিষ্ঠা দি গৈছিল একালৰ মুখ্য নির্বাচন আয়ুক্ত টি এন শেষানে। কিন্তু নৰেন্দ্ৰ মোদীৰ প্রধানমন্ত্ৰিত্বৰ কালত বিজেপি চৰকাৰে সংবিধানৰ নিৰ্বাচনী আয়ুক্ত নির্বাচন সম্পৰ্কীয় ব্যৱস্থাৰ সংশোধন ঘটাই তিনিজনীয়া নির্বাচন মণ্ডলীৰ পৰা একমাত্ৰ নিৰপেক্ষ ভোট- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আঁতৰাই তাৰ স্থানত এজন জ্যেষ্ঠ কেবিনেট মন্ত্রীক অন্তর্ভুক্ত কৰিলে। অর্থাৎ তিনিটা ভোটৰ ভিতৰত দুটা ভোট শাসক দলৰ হ'ব। ইয়াৰ ফলত নির্বাচন আয়োগৰ নিৰপেক্ষতা আৰু নাথাকিল। তাৰ বিপৰীতে সাংবিধানৰ ৰচকসকলৰ আশা-আকাংক্ষাক ধূলিসাৎ কৰি নিৰ্বাচন আয়োগক ক্ষমতাত থকা দলৰ বহতীয়া কৰি তোলা হ'ল। গণতান্ত্রিক-সাংবিধানিক ব্যৱস্থাৰ ওপৰত আঘাত কৰা হ'ল। নির্বাচন মুক্ত, নিকা আৰু নিৰপেক্ষ ৰূপত পৰিচালনা হোৱাৰ ওপৰত সন্দেহ আৰম্ভ হ'ল। অৱশেষত সেই সন্দেহ বিৰোধী নেতা বাহুল গান্ধীৰ নেতৃত্বত হোৱা গবেষণাত ধৰা পৰি গ'ল। 

শেহতীয়াকৈ হাৰিয়ানা বিধানসভাত কিদৰে ব্যাপক অনিয়মেৰে শাসক দলে জয়লাভ কৰিছিল সেই কথা সংবাদমেলত তথ্যসহকাৰে বাহুল গান্ধীয়ে ব্যাখ্যা-বিশ্লেষণ কৰি চমৎকৃত কৰিলে। ৰাহুল গান্ধীয়ে আগতেই এটা হাইড্রজেন বোমা ফুটুওৱা হ'ব বুলি আগজাননী দি থৈছিল। ইয়াৰ আগতেও 'ভোটাচুৰি' সম্পৰ্কীয় কিছুমান তথ্য আন প্রদেশ আৰু বিগত লোক সভাৰ নিৰ্বাচনৰ কিছুমান ভোট কেন্দ্রত সংঘটিত হোৱাৰ তথ্য প্রকাশ পাইছে। বর্তমান ডিজিটেল যুগ। ডিজিটেল যুগত তথ্য-পাতি গোপন কৰাটো সহজসাধ্য নহয়। আনহাতে উত্থাপিত অভিযোগ তথ্য-পাতিৰে খণ্ডন কৰাটো সহজ নহয়। গতিকে নির্বাচন আয়োগে এনে বিষয় সম্পৰ্কত চালে-বেৰে কোবোৱা মন্তব্য কৰি এৰাই চলিবলৈ চেষ্টা কৰিব। এয়া সাংবিধানিক গণতন্ত্ৰৰ বাবে অত্যন্ত বিপজ্জনক কথা। ৰাইজে ভোট নিদিলেও মেনেজ কৰা, অনুচিত উপায়েৰে সংগ্ৰহ কৰা ভোটেৰেই প্রার্থী জিকিব। হিতাধিকাৰী সৃষ্টি কৰি দেখুৱাব যাব যে এইসকলে চৰকাৰী দলক ভোট দিব। কিন্তু নিদিলেও নির্বাচন জিকাৰ উপায় থাকিব। গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক ভাবাদর্শক ধ্বংস কৰি একনায়কত্ববাদ-ফেচিবাদ প্রতিষ্ঠাৰ এটা প্রচেষ্টাহে যেন চলিছে। জনসাধাৰণ জাগ্রত নহ'লে বিপদ অনিবার্য।

Share This