আজিৰ সম্পাদকীয়, সার্বভৌমত্বৰ সংকট

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক: একোখন দেশৰ মাটি-পানী-বায়ু, প্রশাসন, সমাজ-সংস্কৃতিৰ ওপৰত সেই দেশৰ মানুহৰ সম্পূর্ণ কর্তৃত্বই স্বাধীনতা। যেতিয়া সেই স্বাধীনতা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত আৰু সন্মানিত হয়, এক কথাত ক'বলৈ গ'লে সেয়া হ'ল দেশ একোখনৰ সাৰ্বভৌমত্ব।

সার্বভৌমত্ব অবিহনে এখন দেশৰ স্বাধীনতা সীমিত বা সংকুচিত হয়। বহুক্ষেত্রত তেনে দেশ আন কোনো শক্তিশালী দেশৰ বহতীয়া হৈ পৰিব লাগে। শক্তিশালী ৰাষ্ট্ৰসমূহে তুলনামূলকভাৱে দুৰ্বল ৰাষ্ট্ৰ-ৰাজ্যসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে প্ৰধানকৈ দুটা কাৰণত, এটা হ'ল - নিজৰ শিবিৰৰ অনুগত ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰা আৰু আনটো হ'ল- সেই তুলনামূলকভাৱে দুৰ্বল ৰাষ্ট্ৰৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিজৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰা। 

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰতো আন ৰাষ্ট্ৰসমূহৰ ক্রয়-বিক্ৰয়ৰ ওপৰত এনে কিছুমান নীতি-নিয়ম আৰোপ কৰা-যাতে সেই ৰাষ্ট্ৰসমূহ ভৱিষ্যতে বাণিজ্যিকভাৱে শক্তিশালী হৈ উঠি বিশ্বত নেতৃত্ব বহন কৰা তথাকথিত বিশ্ব শক্তিসমূহৰ কাৰণে মূৰৰ কামোৰণি হৈ উঠিব নোৱাৰে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এই যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সমগ্র বিশ্বতে চলোৱা ত্ৰাসৰো এয়ে মূল কথা। 

আজিৰ তথ্য-প্রযুক্তিৰ ডিজিটেল যুগত এক শক্তিৰ প্ৰভুত্ব প্রায় অচল হৈ পৰিছে। বিশ্বৰ বিভিন্ন প্রান্তত নতুনকৈ নানা শক্তিয়ে মূৰ দাঙি উঠিছে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নানা শিবিৰৰ প্ৰতিদ্বন্দ্বিতা চলিছে। একালত যিদৰে গ্রেট ব্রিটেইন আছিল পুঁজিবাদ আৰু সাম্রাজ্যবাদৰ বুঢ়া সিংহ, আজি সেই অৱস্থাত উপনীত হৈছে আমেৰিকা বা মার্কিন সাম্রাজ্যবাদ। যিবোৰ শক্তিয়ে আমেৰিকাক উপেক্ষা কৰি বিশ্ব বাণিজ্যত এটা নতুন ধৰণৰ বিন্যাস তথা ব্যৱস্থা কৰিব খুজিছে- সেই শক্তিসমূহ আমেৰিকাৰ মূৰৰ কামোৰণি হৈ পৰিছে। এনে শক্তিবিলাকক ৰাজনৈতিকভাৱে দমন কৰিব পৰা অৱস্থাত আজি আমেৰিকা নাই। সেইবাবেই বল প্রয়োগ কৰিছে, সামৰিক শক্তিক ব্যৱহাৰ কৰিব লগা হৈছে। এয়া আমেৰিকাৰ শক্তিৰ পৰিচায়ক নহয়, বৰঞ্চ দুৰ্বলতাৰহে উৎকট প্রকাশ। 

বিশ্বৰ অন্যতম বৃহৎ খাৰুৱা তেলৰ ভাণ্ডাৰ থকা ভেনিজুৱেলাক ৰাজনৈতিকভাৱে নোৱাৰি সামৰিকভাৱে দখল কৰি তাৰ ৰাষ্ট্ৰপতিক আমেৰিকাই বন্দী কৰি আনিছে। ইয়াৰদ্বাৰাই ড'নাল্ড ট্রাম্পে সমস্ত আন্তঃৰাষ্ট্ৰীয় আইন আৰু প্ৰথাক মুকলিকৈ উলংঘা কৰিছে। এই কাৰ্যই কেৱল ভেনিজুৱেলাকে সংকটৰ মাজলৈ থেলি দিয়া নাই, বৰঞ্চ সমগ্ৰ বিশ্বৰে মজলীয়া ধৰণৰ ৰাষ্ট্ৰসমূহৰ বাবে ত্ৰাসৰ কাৰণ হৈ উঠিছে। ট্রাম্প তথা আমেৰিকাই বিশ্বত নিজৰ একছত্ৰী কর্তৃত্ব অব্যাহত ৰখাৰ বাবেই সমগ্র বিশ্বকে যেন তৃতীয় বিশ্ব যুদ্ধৰ ফালে ঠেলি দিছে। আন ৰাষ্ট্ৰৰ প্ৰধানসকলৰ মনতো ভীতিৰ সঞ্চাৰ কৰিছে। স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সংকটৰ এটা নতুন যুগত যেন আহি আমি উপনীত হৈছোহি।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জৱাহৰলাল নেহৰুৰ যুগৰ পৰাই ভাৰতবৰ্ষই এটা স্পষ্ট নীতি আৰু স্থিতি গ্রহণ কৰি আহিছে। শীতল যুদ্ধৰ যুগত নেহৰুৱে সমসাময়িক আন দুজনমান বিশ্ব নেতাৰ লগত সম্মিলিতভাৱে গোষ্ঠী নিৰপেক্ষতাৰ ধাৰণা আগবঢ়াইছিল। আমেৰিকা আৰু ৰাছিয়াৰ পৰা সমদূৰত্ব বৰ্তাই ৰাখিও আন বহুক্ষেত্ৰতে এই দুই দেশৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি চলাটো বহুদূৰ সম্ভৱ হৈছিল। এই বৈদেশিক নীতি পৰৱৰ্তী কালৰ প্ৰধানমন্ত্ৰী আৰু চৰকাৰসমূহেও অনুসৰণ কৰিছিল। অৰ্থাৎ দেশৰ স্বাধীনতা আৰু সার্বভৌমত্বৰ সুৰক্ষাৰ বিষয়ে অগ্রাধিকাৰ লাভ কৰি আহিছিল। কিন্তু শেহতীয়াকৈ আগ্রাসী আমেৰিকা তথা ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সন্মুখত ভাৰতে যেন পূৰ্বৰ বলিষ্ঠতা প্রদর্শন কৰাত কিছু ক্ষেত্ৰত ব্যর্থ হৈছে, তেনে এটা ধাৰণা ক্ৰমশঃ সচেতন নাগৰিকৰ মনত গঢ় লৈ উঠিছে। 

দীর্ঘকাল প্রধানমন্ত্রী হৈ থকা আমাৰ প্ৰধানমন্ত্ৰী এবাৰ আমেৰিকালৈ গৈ 'হাউডি মোদী' অনুষ্ঠানত ভাগ লৈ সেইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰা ট্রাম্পৰ পক্ষত 'ফিৰ এক বাৰ ট্রাম্প চৰকাৰ' বুলি দিয়া ধ্বনি সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। পিছে সেইবাৰ ট্রাম্প ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাস্ত হৈছিল। ৰাষ্ট্ৰপতি হৈ থাকোঁতে ট্রাম্পৰ ভাৰত ভ্ৰমণত গুজৰাটৰ এখন ষ্টেডিয়ামত এটা বিশেষ জাকজমকীয়া অনুষ্ঠানত সম্বর্ধনাও দেখুওৱা হৈছিল। ড'নাল্ড ট্রাম্পক বন্ধু বুলি সম্বোধন কৰি নানা ধৰণে আদৰণি-সম্বৰ্ধনা জনোৱাৰ পাছতো ট্রাম্পৰ ভাৰতৰ প্ৰতি মনোভাব ইতিবাচক বুলি প্রমাণিত নহ'ল। 

পহলগাম সন্ত্রাসবাদী আক্ৰমণ আৰু তাৰ পাছত ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে যি যুদ্ধ হৈছিল- সেই যুদ্ধ ভাৰতীয় পক্ষ সুবিধাজনক অৱস্থাত থাকোঁতেই হঠাতে 'যুদ্ধ বিৰতি' ঘোষণাৰ হেঁচা আহিছিল ড'নাল্ড ট্রাম্পৰ পৰা। তদুপৰি পাকিস্তানলৈ নানা সাহায্য আগবঢ়োৱা আৰু পাকিস্তানৰ ভাৰত-বিৰোধী স্থিতিক পৰোক্ষভাৱে উৎসাহিত কৰা কাৰ্যও গোপন হৈ থকা নাছিল। একাংশ ভাৰতীয় লোকক আমেৰিকাত যাৱতীয় নথি-পত্ৰ নথকা বুলি দাবী কৰি সামৰিক বিমানত হাত-ভৰি বান্ধি আনি ভাৰতৰ মাটিত নমাই থৈ যোৱা ঘটনাও আছিল ভাৰতৰ প্ৰতি অপমান আৰু সার্বভৌমত্বৰ অৱমাননা। ইয়াৰ পাছত চৰকাৰৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আমেৰিকাৰ এখন আদালতে। মাজে মাজে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম লৈ নানা ধৰণৰ অপমানসূচক মন্তব্য কৰাৰ কথা আছেই। 

এতিয়া আহিল এপষ্টিন ফাইলৰ কথা। নতুন ট্রেড এগ্রিমেন্ট বা বাণিজ্য চুক্তিৰ কথা।এই ঘটনাৰাজি স্বাভাৱিক ধৰণৰ ঘটনা যেন বোধ নহয়। ভাৰতবৰ্ষৰ ওপৰত ধাৰবাহিকভাৱে চাপ সৃষ্টি কৰি আমেৰিকাৰ ন্যস্তস্বার্থ চৰিতাৰ্থ কৰাৰ যেন এয়া এক ধৰণৰ অসামৰিক কৌশলহে। আমেৰিকাৰ মুনাফাৰ বাবে যেন ভাৰতৰ কৃষক-শ্রমিক আৰু নাগৰিকে কোনো মূল্য ভৰিব লগা নহয়, চৰকাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখক। দেশৰ সাৰ্বভৌমত্ব যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিব লাগিব।

Share This