ডিজিটেল ডেস্কঃ একবিংশ শতিকাৰ আটাইতকৈ বিস্ময়কৰ আৱিষ্কাৰসমূহৰ ভিতৰত শেহতীয়া আৱিষ্কাৰ হৈছে কৃত্রিম বুদ্ধিমত্তা, চমুকৈ এ আই (Artificial Intelligence)। এই এ আইৰ উদ্ভাৱন যিদৰে বিশ্বৰ বাবে চমক আছিল, ঠিক সেইদৰে ই বিভিন্ন ক্ষেত্রসমূহলৈ একপ্ৰকাৰৰ ভাবুকিও কঢ়িয়াই আনিছে।
আচলতে এ আই হৈছে এনে এক প্রযুক্তি, যি মানুহৰ বুদ্ধিমত্তাক যান্ত্রিকভাৱে আহৰণ কৰি ইয়াক প্রয়োগ কৰাই নহয়, ভবিষ্যদ্বাণীও কৰিব পাৰে। বিশেষকৈ শিক্ষণ, সমস্যাৰ সমাধান, সিদ্ধান্ত গ্রহণ, ভাষাৰ আয়ত্তকৰণ আদিত এ আইৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এ আইৰ মূল উপক্ষেত্ৰসমূহৰ ভিতৰত আছে মেচিন লার্নিং, য'ত স্পষ্ট প্রগ্রেমিং অবিহনে তথ্যৰ পৰা শিকে আৰু ছবি আৰু বাক্য চিনাক্তকৰণৰ দৰে কামৰ বাবে জটিল স্নায়ু নেটৱৰ্কৰ (neural networks) ব্যৱহাৰ কৰে।
সি যি নহওক, এ আইৰ এই বিকাশ আৰু প্রয়োগ একেদিনাই হোৱা বিষয় নহয়। যদিও যোৱা মাত্র কেইবছৰমানতহে ইয়াৰ সৈতে পৃথিৱীৰ মানৱ জাতিৰ পৰিচিতি গাঢ় হৈছে, কিন্তু ইয়াৰ গৱেষণা আৰু উন্নীতকৰণৰ প্ৰচেষ্টা বহু পুৰণি। তথ্য মতে, ১৯৪৩ চনত আমেৰিকাৰ বিজ্ঞানী ৱাৰেন মেককালোচ আৰু বালটাৰ পিটছে এ আইৰ স্নায়ু নেটৱৰ্কৰ বাবে মৌলিক পদক্ষেপ হিচাপে কৃত্রিম নিউৰনৰ প্ৰথম গাণিতিক আৰ্হি তৈয়াৰ কৰিছিল। ১৯৫০ চনত ইংৰাজ গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী এলান টুৰিঙে এ আইৰ তাত্ত্বিক ভেটি স্থাপন কৰে।
তেওঁ গৱেষণা-পত্র 'কম্পিউটিং মেচিনেৰী এণ্ড ইন্টেলিজেন্স'ত 'টুৰিং টেষ্ট'ৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত অর্থাৎ ১৯৫৬ চনত আমেৰিকাৰ কম্পিউটাৰ বিজ্ঞানী মার্ভিন মিনস্কি, এলেন নিউবেল, হার্বার্ট এ চাইমন আৰু ক্লড শ্বেননে জন মেককাৰ্থীৰ সৈতে মিলি ডার্টমাউথ সম্মিলন (Dartmouth Conference)ৰ আয়োজন কৰে। এই সন্মিলনক এ আইৰ জন্মৰ আনুষ্ঠানিক অধ্যয়ন ক্ষেত্ৰ হিচাপে গণ্য কৰা হয়।
ইয়াতে জন মেককার্থীয়ে 'আর্টিফিচিয়েল ইন্টেলিজেন্স' নামটো অর্থাৎ শব্দটোৰ উদ্ভাৱন কৰে। যাৰ বাবে মেককার্থীক 'আর্টিফিচিয়েল ইন্টেলিজেন্স'ৰ পিতৃ আখ্যাও দিয়া হয়। একবিংশ শতিকাৰ বিজ্ঞানী ফ্রান্স-আমেৰিকাৰ য়ান লেকান, কানাডাৰ যোছুয়া বেংগিঅ' আৰু ব্রিটেইনৰ জিঅ'ফ্ৰে হিণ্টনে এ আইৰ গভীৰ শিক্ষণৰ ক্ষেত্ৰত অভূতপূর্ব বিকাশ সাধন কৰে। এই তিনিওগৰাকীৰ হাততে এ আয়ে আজিৰ অৱস্থা পায়গৈ। যাৰ বাবে এই তিনিওগৰাকী বিজ্ঞানীক এ আইৰ 'গডফাদাৰ' বুলি অভিহিত কৰা হয়। তেওঁলোকক 'টুৰিং বঁটা'ৰেও সন্মানিত কৰা হয়। এ আইৰ আৱিষ্কাৰ আৰু বিকাশক লৈ বিশ্বজুৰি যি উছাহ আৰু আগ্রহৰ সৃষ্টি হৈছে, তাৰ বিপৰীতে শেহতীয়াকৈ এক শংকাজনিত পৰিৱেশো সৃষ্টি হৈছে। বিশেষকৈ ই মানুহৰ চিন্তাশক্তিতকৈ আগুৱাই যোৱা, মানুহৰ ভৱিষ্যৎ জীৱনৰ প্ৰৱল প্রত্যাহ্বান বুলি স্বয়ং এ আইৰ এগৰাকী অন্যতম গডফাদাৰ জেফ্রি হিন্টনেই আশংকা ব্যক্ত কৰিছে। অলপতে এক সাক্ষাৎকাৰত তেওঁ কৈছে যে কৃত্রিম বুদ্ধিমত্তাই এদিন বিশ্বত ৰাজত্ব কৰিবগৈ আৰু পৃথিৱীক পাৰমাণৱিক আক্ৰমণতকৈও অধিক ভয়ংকৰ মহাপ্ৰলয়ৰ দিশে লৈ যাব। ন'বেল বঁটা বিজয়ী বিজ্ঞানীগৰাকীয়ে এ আইক লৈ এলানি সকীয়নিও জাৰি কৰে। তেওঁ কয় যে এ আইৰ ভাবুকি প্রতিহত কৰাৰ উপায় এতিয়াই চিন্তা কৰিবৰ হ'ল। কিয়নো ভবিষ্যতে ই এনে এক অৱস্থাৰ সৃষ্টি কৰাৰ আশংকা আছে, যাক নিয়ন্ত্ৰণ কৰাৰ উপায় নোহোৱা হ'বগৈ।
তেওঁ বৰ্তমানৰ এ আই প্রণালীক আন গ্ৰহৰ প্ৰাণীৰ দৰে চোৱা উচিত বুলিও ব্যক্ত কৰে। তেওঁ কয় যে পাৰমাণৱিক অস্ত্ৰ কেৱল বিনাশকাৰী। কিন্তু ইয়াৰ বুদ্ধিমত্তা নাই। কিন্তু এ আয়ে নিজে আঁচনি প্রস্তুত কৰিব পাৰে। ইয়াৰ স্বয়ংক্রিয় অৱস্থাটোৱেই মানৱ জাতিৰ বাবে অতি ভয়াবহ। আমি এনেকুৱা এবিধ ব্যৱস্থা (system) তৈয়াৰ কৰিছোঁ, যি মানুহতকৈও অধিক বুদ্ধিমান হ'ব পাৰে। ই আন গ্ৰহৰ প্ৰাণীৰ দৰে, যাৰ বুজি পোৱাৰ ক্ষমতা আছে। সি যি নহওক, শংকাৰ কাৰণ এইটো নহয় যে, বিজ্ঞানী হিল্টনে সকীয়নি দিছে। শংকাৰ কথাটো হৈছে- হিল্টনে এই সকীয়নি দিছে এক বাস্তৱিক অভিজ্ঞতাৰ পৰা।
তেওঁ উল্লেখ কৰিছে যে, এনথ্রপিক নামৰ এটা কোম্পানীয়ে নিজৰ ক্লাউড অপাছ-৪ মডেল এ আইক লৈ এক গৱেষণা কৰিছিল। গবেষণাত এই মডেলে এগৰাকী অভিযন্তাক ব্লেকমেইল কৰাৰ চেষ্টা দেখা গৈছিল। মডেলটোৱে অভিযন্তাগৰাকীক তেওঁৰ ব্যক্তিগত জীৱন কাহিনী ৰাজহুৱা কৰাৰ ভাবুকি দিছিল, যাতে তেওঁ ইয়াক বন্ধ নকৰে। দেখাত তেনেই সাধাৰণ যেন লাগিলেও নিজক সুৰক্ষিত কৰি ৰখাৰ 'আচৰণ' শিকি পেলোৱা এ আইৰ এনে বিকাশে অদূৰ ভবিষ্যতে মানৱ জাতিৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে। যদি এনে বিকাশৰ অধিক ত্বৰান্বিত হ'বলৈ হ'লে এদিন এ আয়ে মানুহৰ সৈতে সমানে
সমানে যুঁজত নিবৃত্ত হ'বগৈ আৰু এই যুঁজত মানুহৰহে পৰাজয় নিশ্চিত হ'ব। তেতিয়া
মানুহে সৃষ্টি কৰা এ আই মানুহৰ বাবে আশীৰ্বাদ হৈ থাকিবগৈনে?