যুদ্ধই কৰা ক্ষতি

dainik janambhumi March 21, 2026

ডিজিটেল ডেস্ক : পুনৰ এবাৰ জ্বলিছে মধ্যপ্রাচ্য। যুদ্ধৰ দাৱানলত কম্পিত এতিয়া সমগ্র বিশ্ব। ইজৰাইল আৰু আমেৰিকাই ইৰানৰ ৰাজধানী তেহৰানকে ধৰি কেইবাখনো মহানগৰত আক্ৰমণ কৰি এই যুদ্ধৰ সূচনা কৰাৰ ২০ দিন অতিক্ৰম কৰিলে যদিও নিতৌ বৃদ্ধিহে পাইছে আক্রমণ-প্রত্যাক্ৰমণৰ ঘটনা। কাটাৰৰ সৰ্ববৃহৎ গেছ ঘাটিত ইৰানে আক্রমণ চলাইছে। আমেৰিকা আৰু ইজৰাইলৰে ইৰানৰ যুদ্ধখন সমগ্র মধ্যপ্রাচ্যলৈ সম্প্ৰসাৰিত হোৱাত বিশ্বজুৰি ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো এই প্রভাৱ নপৰাকৈ থকা নাই। যুদ্ধৰ ফলত তেল আৰু প্রাকৃতিক গেছ, এল পি জি, ইন্ধনৰ দাম ইতিমধ্যে বৃদ্ধি হৈছে। ভাৰততো এল পি জি চিলিণ্ডাৰৰ দাম ইতিমধ্যে বৃদ্ধি কৰা হৈছে। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ১৪৬.০৯ ডলাৰলৈ বৃদ্ধিয়ে (ইন্ডিয়া বাস্কেট) বিশ্বজুৰি পেট্রল-ডিজেলৰ মূল্য আকাশলংঘী কৰি তুলিছে। খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত ৭০.৯০ ডলাৰৰ পৰা ১৪৬.০৯ ডলাৰ হোৱাটো সঁচাকৈয়ে চিন্তনীয় কথা।

২৬ ফেব্ৰুৱাৰীত প্রতি লিটাৰ খাৰুৱা তেলৰ মূল্য আছিল ৭০.৯০ ডলাৰ। আন্তর্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল আমাৰ দেশৰ বাবে খাৰুৱা তেলৰ ব্যাপক মূল্যবৃদ্ধিয়ে দেশত পেট্রল-ডিজেল আৰু গেছৰ ব্যাপকভাবে উর্ধ্বমুখী কৰি তোলাৰ আশংকা তীব্ৰতৰ হৈ পৰিছে। এই ভয়ংকৰ যুদ্ধ অব্যাহত থাকিলে পেট্রল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে। ফলত আগন্তুক দিনবোৰত দেশৰ লাখ লাখ জনতা অনাহাৰে থাকিব যে সেয়া সাম্প্ৰতিক পৰিস্থিতিত নিশ্চিত হৈ পৰিছে। ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰা এই যুদ্ধৰ ভয়াৱহ পৰিণাম ভালেমান দেশে ভোগ কৰিব লাগিব। ভাৰততো বিভিন্ন ক্ষেত্রত বিৰূপ প্রভাৱ পৰিছে। মুম্বাই-বেংগালুৰুৰ দৰে চহৰত ইন্ধনৰ অভাৱত হোটেল-ৰেস্তোৰাঁ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। মূলধনী বজাৰত ব্যাপক খহনীয়াই দেখা দিছে। মুম্বাই শ্বেয়াৰ বজাৰত এটা দিনতে বিনিয়োগকাৰীয়ে ১২ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ইতিমধ্যে তেল আৰু এল পি জিৰ সংকটে সমগ্র বিশ্বতে দেখা দিছে। যোৱা ১৩ মাৰ্চত পঞ্জাবত ৰন্ধন গেছৰ নাটনিৰ বাবে পুৱাৰে পৰা লানি পাতি এগৰাকী ৬৬ বছৰীয়া লোকৰ অকাল মৃত্যু ঘটে। অসমতো সৰ্বত্ৰে ৰন্ধন গেছৰ কৃত্রিম নাটনিয়ে দেখা দিছে। প্রতিখন জিলাতে এজেন্সিয়ে এজেন্সিয়ে দীঘলীয়া লানি দেখা গৈছে। ক'লা বজাৰত ২২০০ টকা পর্যন্ত বিক্রী হৈছে প্রতিটো চিলিণ্ডাৰ। গুৱাহাটী মহানগৰীৰ হোটেল, ৰেস্তোৰাঁৰ লগতে পদপথত ভাত-চাহৰ দোকান দি জীৱন নিৰ্বাহ কৰি থকা লোকসকলৰ জীৱন-জীৱিকাত বাৰুকৈয়ে প্রভাৱ পৰিছে। আনহাতে, সম্পূর্ণ ইন্ধনৰ ওপৰত নিৰ্ভৰশীল আধুনিক কৃষি পদ্ধতি ক্ষতিৰ সন্মুখীন হৈছে। জলসিঞ্চন, পৰিবহণ আৰু যন্ত্র-পাতিৰ বাবেও ইন্ধন অতীব প্রয়োজনীয় আৰু এই ক্ষেত্ৰসমূহ যথেষ্ট ক্ষতিগ্রস্ত হ'ব।

তেলৰ দাম বৃদ্ধিৰ লগে লগে কৃষি কাৰ্য আৰু খাদ্য বিতৰণ ব্যৱস্থাতো ব্যাপক প্রভাৱ পৰিব। কভিড-১৯ৰ পাছত এই যুদ্ধই পুনৰ এবাৰ সংকটৰ গৰাহলৈ ঠেলি দিছে মানৱ সমাজক। ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটেৰেছে সকীয়াই দিছে যে শীঘ্ৰে এই যুদ্ধৰ অৱসান নঘটিলে বিশ্বৰ ৪.৫ কোটি লোক ভয়াৱহ ক্ষুধাৰ সম্মুখীন হ'ব। এই মানৱীয়ছ সংকটৰ পৰিপ্ৰেক্ষিতত মধ্যপ্রাচ্যৰ এই যুদ্ধৰ শীঘ্ৰে অন্ত পেলোৱাৰ দাবী জনায় গুটেৰেছে। ভাৰতৰ দৰে বিশাল জনসংখ্যা থকা দেশত যদি এইদৰে ইন্ধনৰ ব্যয় বৃদ্ধি, সাৰৰ নাটনি, যোগান শৃংখল ব্যাহত হৈ থাকে তেনেহ'লে শীঘ্রেই বহু লোক অনাহাৰে কটোৱাটো নিশ্চিত হৈ পৰিছে। চাহিদা অনুসৰি যোগান ব্যাহত হোৱাৰ লগে লগে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব। কৃষি খণ্ডতো যথেষ্ট প্রভাৱ পৰাটো নিশ্চিত, যিহেতু ভাৰতৰ পৰা ৫০-৬০ শতাংশ বাচমতী চাউল ইৰান, ইৰাক আদি দেশসমূহলৈ ৰপ্তানি হয়। যুদ্ধৰ ফলত ভাৰতে এই চাউলসমূহ ৰপ্তানি কৰাত ব্যৰ্থ হ'ব। চাহৰ ক্ষেত্ৰতো একেখিনি কথাই প্রযোজ্য। আনহাতে ভাৰতৰ কৃষি খণ্ডত প্রয়োজনীয় ৫০ শতাংশতকৈও অধিক সাৰ ভাৰতে পাৰস্য উপসাগৰীয় দেশসমূহৰ পৰা আমদানি কৰে। কিন্তু যুদ্ধৰ পৰা এই আমদানিত প্ৰভাৱ পৰাৰ ফলত ভাৰতৰ কৃষি উৎপাদনতো পৰাটো খাটাং। এই যুদ্ধৰ শাম কেতিয়া কাটিব সেয়া ক'ব নোৱাৰি যদিও এটা কথা ঠিক যে এই যুদ্ধই বিশ্ব অর্থনীতি বিধ্বস্ত কৰি মানৱ জাতিক এক ভয়ংকৰ সময়ৰ সন্মুখীন কৰাব। এমাহ নৌহওঁতেই যুদ্ধখনৰ যি ভয়াৱহ পৰিণতি আজি বিশ্বই প্রত্যক্ষ কৰিছে সেয়া আৰু অধিক দিন হ'লে কি পর্যায় পাব তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিশ্বৰ অগণিত জনতা। এই যুদ্ধই প্রত্যক্ষভাৱে যিমান ধন-জনৰ হানি কৰে তাতকৈ বহু বেছি পৰিমাণৰ ক্ষতি কৰি বিশ্ববাসীক আন এক সংকটৰ পিনে ঠেলি দিয়াটো খাটাং।

Share This