বিকাশৰ দিন

Dainik Janambhumi December 16, 2024

‘দেশ মানে কেৱল মাটি নহয়– দেশ মানে ইয়াৰ জনসাধাৰণ৷ জনতাৰ ৰূপান্তৰ ঘটাব পাৰিলেহে আমি এখন মহান ৰাষ্ট্ৰ পাম’– আধ্যাত্মিকতাৰ লগতে শৈক্ষিক, পৰিৱেশ সংৰক্ষণৰ বাবেও কাম কৰা আধ্যাত্মিক গুৰু সদগুৰুৰ দেশ সম্পৰ্কে এই ধাৰণাকেই গৰিষ্ঠসংখ্যক জনা-বুজা মানুহে বিশ্বাস কৰে৷ ‘বিকাশ’ শব্দটো এই ৰূপান্তৰকৰণৰ ধাৰণাটোৰ সৈতে সংযোগ হৈ থাকে৷

অৰণ্যৰ পৰা সভ্যতালৈ উত্তৰণৰ মানৱ জাতিৰ ৰূপান্তৰৰ প্ৰতিটো ঢাপে ঢাপে ‘বিকাশ’ৰ প্ৰৱণতাই প্ৰভাৱ পেলাই আহিছে৷ জুইৰ সৃষ্টিৰ পৰা আজিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশলৈকে অসংখ্য আৱিষ্কাৰ, উদ্ভাৱনে মানৱ সভ্যতাৰ ৰূপান্তৰ সম্ভৱ কৰি আহিছে৷ সভ্যতাৰ বাটকটীয়াসকলে সময়ৰ লগত সংগতি ৰক্ষা কৰি কিছুমান সংজ্ঞা নিৰ্ধাৰণ কৰে আৰু সেই সংজ্ঞােৰ আগবাঢ়ি যোৱাৰ এক পথ নিৰ্দেশনা ৰচনা কৰি দিয়ে৷ যুগে যুগে মানৱ জাতিৰ উত্তৰণ তেনে পথেৰে আগবাঢ়িয়েই সম্ভৱ হৈ আহিছে৷ মহাত্মা গান্ধীয়ে উপলব্ধি কৰিছিল যে কেৱল বস্তুগত আৰু অৰ্থনৈতিক উন্নতি মানেই উন্নয়ন নহয়, উন্নয়ন হ’ব লাগে নৈতিকতাসৰ্বস্ব, মূল্যবোধসম্পন্ন, উন্নয়নৰ লগত মানুহৰ মুক্তি আৰু মৰ্যাদা সংপৃক্ত হৈ থাকিব লাগিব৷ ড॰ ঊষা ঠক্কৰে তেওঁৰ ‘Gandhian Perspective of Development’ নামৰ প্ৰবন্ধটোত লিখিছে– ‘গান্ধীবাদী দৰ্শনৰ মূল বিষয়বস্তু হ’ল বজাৰে নহয়, মানুহ মূল্যই জীৱনটোক শাসন কৰিব লাগে৷ দৰিদ্ৰ নাৰায়ণক সেৱাই শাসনৰ মূল বিষয়বস্তু হোৱা উচিত৷’ গান্ধীজীৰ ‘সৰ্বোদয়’ সংজ্ঞাটোও হৈছে দেশবাসীৰ ৰূপান্তৰৰ বাবে সৃষ্টি কৰা এটা ধাৰণা৷

যঁতৰটোক তেওঁ সেই ৰূপান্তৰৰ প্ৰতীক ৰূপে দেশবাসীলৈ আগবঢ়াই দিছিল৷ জৱাহৰলাল নেহৰুৱে আকৌ শিশুবিলাকৰ মাজেৰে দেশৰ বিকাশৰ, ৰূপান্তৰৰ সপোন দেখিছিল৷ নেহৰুৱে কৈছিল– ‘The Children of today will make the India of tomorrow. The way we bring them up will determine the future of the country.’ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নৰ সংজ্ঞা হ’ল– ‘প্ৰকৃত উন্নয়ন কোনো এটা নিৰ্দিষ্ট খণ্ড বা নিৰ্দিষ্ট গোটৰ মাজত সীমাবদ্ধ হৈ নাথাকক, ই হ’ব লাগিব সাধুতাসম্পন্ন, সমাজৰ প্ৰতিটো স্তৰলৈকে বিয়পা প্ৰতিগৰাকী লোকক সাঙোৰা৷ সৰ্বাত্মক উন্নয়ন মানে হ’ল শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু অৰ্থনীতিৰ উন্নয়ন৷ সমন্বিত বিকাশৰ লক্ষ্য হ’ল কোনো অঞ্চল, কোনো গোষ্ঠীয়েই যাতে ইয়াৰ পৰা বাদ পৰি নাযায়৷ এনেদৰে যুগে যুগে বিভিন্নজনে নিৰ্ধাৰণ কৰা বিকাশৰ সংজ্ঞাৰে নিৰ্ণয় হোৱা পথেৰে ৰূপান্তৰৰ নিৰন্তৰ প্ৰক্ৰিয়া এটা চলি আছে আমাৰ ৰাজ্যত, দেশত আৰু সমগ্ৰ বিশ্বত৷ দুদিন পূৰ্বে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ‘বিকাশৰ বাৰ দিন’ নামৰ এক অভিযান৷ এই ‘বিকাশৰ বাৰ দিন’ হৈছে চৰকাৰখনৰ ‘বিকাশৰ যাত্ৰা’ৰ মাজৰে এটা অংশ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক স্কুটী, চাইকেল দিয়া, বঁটাৰ ধন দিয়া, জনসাহায্য দিয়া, ‘অৰুণোদয়’ৰ ধন, ৰেচন কাৰ্ড দিয়াকে ধৰি কিছুমান পৰ্যায় এই ‘বিকাশৰ বাৰ দিন’ত সম্পন্ন হ’ব৷ মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা আৰু হিতাধিকাৰীসকলৰ আঁচনি ৰূপায়ণ কৰা বিষয় লৈ আলোচনা-সমালোচনা বহু দিন ধৰি চলি আছে যদিও এনেধৰণৰ ‘বিকাশমূলক’ পদক্ষেপে জনসাধাৰণৰ মনত সন্তুষ্টি দিয়া বুলি এই কাৰণেই ভাবিব লাগিব যে এনেবোৰ পদক্ষেপৰ জৰিয়তে নিৰ্বাচনী ৰাজনীতিত শাসকীয় দলটো লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷

কিন্তু প্ৰশ্ন উঠিব যে এনেকুৱা ‘বিকাশ’-এ ৰূপান্তৰমুখী বিকাশ, মূল্যবোধসৰ্বস্ব বিকাশ, সৰ্বোদয়, সমন্বিত বিকাশ, সুস্থ বিকাশৰ সংজ্ঞাবিলাকৰ মৰ্মাৰ্থক প্ৰতিফলিত কৰিছে নে নাই? ৬০ নম্বৰ বা তাৰ ওপৰৰ নম্বৰ পোৱাসকলক স্কুটী-চাইকেল-আনন্দৰাম বৰুৱা বঁটা দিয়া হৈছে, ৬০ নম্বৰৰ কম পোৱা শিক্ষাৰ্থীসকলৰ কি হ’ব? ‘অৰুণোদয়’, ‘লাখপতি বাইদেউ’ নামৰ আঁচনিৰে কিছুমান মহিলাই বা আন কোনো আঁচনিৰে কিছু কৃষকে সামান্য পৰিমাণে আৰ্থিক সাহায্য লাভ কৰিলে, চাউল-ঘৰো পালে কোনোবাই কোনোবাই, কিন্তু অৰ্থনীতিক টনকিয়াল কৰিব পৰা উৎপাদনমুখী পৰিৱেশ এটা ৰচনা কৰিব কোনে? বৰ্তমানৰ নিৰ্বাচনী ৰাজনীতিত টিকি থাকিবলৈ হ’লে দলবিলাকে জনমোহিনী আঁচনি লোৱাৰ গত্যন্তৰ নোহোৱা হৈ পৰিছে৷ যোৱা দুটা দশকৰ ৰাজনীতিৰ ফচল এয়া৷

কংগ্ৰেছেও কৰিছিল, পূৰ্বৰ এন ডি এ চৰকাৰেও কৰিছিল, এতিয়াৰ চৰকাৰেও কৰিছে৷ কিন্তু দেশ বা ৰাজ্যৰ ভৱিষ্যতক এনেকুৱা আঁচনিবিলাকে সুৰক্ষিত কৰিব নে বিপদাপন্ন কৰিব, তাৰ বিৱেচনা যদি কৰা নহয় তেনেহ’লে দেশ-জাতিৰ ভৱিষ্যতৰ দুৰ্যোগৰ বাবে এতিয়াৰ ৰাজনীতিকসকলেই জগৰীয়া হ’ব লাগিব৷ যুগনায়কসকলে দিয়া বিকাশৰ সংজ্ঞাক সঠিক বিকাশৰ স্বাৰ্থতে অনুসৰণ কৰা উচিত

Share This