মাৰাত্মক এইচ আই ভি

dainik janambhumi August 30, 2025

ডিজিটেল ডেস্ক : সম্প্ৰতি ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে দ্রুতগতিত বৃদ্ধি পোৱা এইচ আই ভি নামৰ ভাইৰাছবিধৰ সংক্ৰমণৰ ঘটনা। অসমৰ প্রায় প্রতিখন জিলাতে এই ভয়ংকৰ ভাইৰাছবিধৰ সংক্ৰমণ ইমানেই বৃদ্ধি পাইছে যে ইয়াৰ প্ৰতি ৰাইজ সচেতন নহ'লে ভৱিষ্যৎ প্রজন্মৰ বিপদ আসন্ন। এইচ আই ভি নামৰ ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা এইডছ ৰোগ সমগ্র বিশ্বতে ভয়াৱহ ৰোগ হিচাপে চিহ্নিত হৈ আহিছে। তথ্য অনুসৰি প্ৰতি বছৰে সমগ্র বিশ্বতে প্রায় ১.৫ নিযুত লোক নতুনকৈ এইচ আই ভিৰ দ্বাৰা সংক্রমিত হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষা মতে ২০২৩ বৰ্ষৰ শেষলৈকে সমগ্র বিশ্বতে এইচ আই ভি এইডছ ৰোগত আক্রান্ত লোকৰ সংখ্যা ৩৯.৯ নিযুততকৈও অধিক। ইয়াৰে প্ৰায় ১.৪ নিযুত ১৫ বছৰ বয়সৰ তলৰ শিশু। ২০২৩ চনত এইডছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬.৩ লাখ। ইয়াৰে ৭৬ হাজাৰ ১৫ বছৰ বয়সৰ তলৰ শিশু। শেহতীয়াভাৱে আমাৰ ৰাজ্যখনৰ যোৰহাট, মাজুলী, মঙলদৈ, শোণিতপুৰ আদিত এইচ আই ভিত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু কম বয়সীয়া যুৱক-যুৱতীসকলৰ মাজত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা সন্দৰ্ভত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এ আৰ টি কেন্দ্ৰৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি ছিৰিঞ্জৰ যোগেদি ড্ৰাগছ সেৱন কৰাৰ পৰিণতিতেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই পর্যন্ত ২,১০৩গৰাকী এইচ আই ভি আক্রান্তই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্রহণ কৰি আছে। অৱশ্যে এই সকলোবোৰ আক্রান্ত যোৰহাটৰ নহয়। এইসকলৰ ভিতৰত আছে কাষৰীয়া শিৱসাগৰ, গোলাঘাট, মাজুলী আৰু নগালেণ্ডৰ পৰা অহা এইচ আই ভি আক্রান্ত। শেহতীয়াভাবে যোৰহাটৰ দুখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দেহত এইচ আই ভিৰ বীজাণু ধৰা পৰাটো যথেষ্ট উদ্বেগজনক কথা। উল্লেখযোগ্য যে প্রায় এবছৰ পূৰ্বেও যোৰহাটৰ চৰকাৰী শিশু পর্যবেক্ষণ গৃহৰ কেইবাজনো আৱাসী কিশোৰৰ দেহত এইচ আই ভিৰ বীজাণু ধৰা পৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। শোণিতপুৰতো যুৱচামৰ মাজত এই ৰোগৰ বীজাণু অধিক সংক্রমিত হৈছে। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত জিলাখনত ১০,৭০০ গৰাকী ব্যক্তিৰ মাজত চলোৱা পৰীক্ষাত ২২৪জনৰ দেহত এই ৰোগৰ বীজাণু ধৰা পৰে। ইয়াৰে সৰহসংখ্যকৰেই বয়স ১৮-২৬ বছৰৰ। ইয়াৰে ভিতৰৰ পাঁচগৰাকী হৈছে গৰ্ভৱতী মহিলা। চিকিৎসকৰ ভাষ্য অনুসৰি উদ্বেগজনকভাৱে এইচ আই ভি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হৈছে ড্রাগ সেৱন। যদিহে এয়াই হয় তেনেহ'লে ৰাজ্যত ড্ৰাগছৰ অবাধ প্রচলন এতিয়াও চলি থকাটো সত্য কথা।

এইচ আই ভি ভাইৰাছ মানুহৰ শৰীৰত কিদৰে বিয়পে সেই বিষয়ে বর্তমান সময়ত মানুহ অজ্ঞ নহয় বুলি ক'লেও ভুল কোৱা নহ'ব। কিয়নো ১৯৮১ চনত এইডছ প্ৰথমবাৰ চিনাক্ত হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে এই ভাইৰাছক লৈ নানা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশ্বৰ সকলো দেশৰ লোককে এইডছ ৰোগ সম্পর্কে সজাগ কৰা; এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা; এই ৰোগৰ বাবে হোৱা মৃত্যুৰ সংখ্যা কমোৱা; এই ৰোগত আক্রান্ত ব্যক্তি, তেওঁলোকৰ সন্তান আৰু পৰিয়ালৰ লোকসকল সমাজিক 'বৈষম্য আৰু অৱহেলাৰ সম্মুখীন নহ'বৰ বাবে ১৯৮৮ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাবধানত প্রতি বছৰে ১ ডিচেম্বৰ দিনটো সমগ্ৰ বিশ্বতে 'বিশ্ব এইডছ দিৱস' ৰূপে পালন কৰি অহা হৈছে। তৎসত্ত্বেও এই ৰোগৰ ভয়াৱহতা আজিৰ তাৰিখতো হ্রাস পোৱা নাই। কমক চাৰি ই 'বৃদ্ধিহে হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিৰ তথ্য অনুসৰি ২০১৫ চনত অসমত নতুনকৈ এইচ আই ভিত আক্রান্ত লোকৰ সংখ্যা আছিল ৯২৮জন। কিন্তু আজিৰ তাৰিখত এই সংখ্যাৰ কথা শুনিলে চকু কপালত উঠিব। সম্প্রতি ৰাজ্যখনত ৩৩,০০০ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি আছে। অসুৰক্ষিত যৌন সম্পর্ক, অসুৰক্ষিত ৰক্তগ্ৰহণ, দেহৰসৰ মিলন, বীজাণুমুক্ত নকৰা একেটা বেজীকে দুই-তিনিজনে ব্যৱহাৰ কৰা, একেটা বেজীৰে টাটু কৰা আৰু সংক্রমিত মাতৃৰ পৰা গৰ্ভৰ সন্তানলৈ এই ভাইৰাছ বিয়পে বুলি জনাৰ পাছতো দিনকদিনে ৰোগবিধত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো সমাজৰ বাবে অতি চিন্তাৰ কাৰক। অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিৰ তথ্য অনুসৰি বিগত তিনিটা বছৰত ৬৫ শতাংশ এইচ আই ভি আক্ৰান্তই হৈছে ছিৰিঞ্জৰ যোগেদি ড্রাগছ সেৱন কৰা লোক। ২০২০-২১ চনত এই সংখ্যা আছিল ৮.৫ শতাংশ। ২০২৩-২৪ চনত এই সংখ্যা হ'লগৈ ৬৫.৩ শতাংশ। অসম চৰকাৰে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে। মাজে সময়ে ঠাই বিশেষে এই ৰোগ ধৰা পেলোৱাৰ উদ্দেশ্যে পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হয় যদিও বহুক্ষেত্ৰত সমাজৰ বহু লোক এই পৰীক্ষাৰ পৰা আঁতৰত থাকে। যাৰ বাবে তেনে লোকৰ শৰীৰত ৰোগবিধৰ উপস্থিতি ধৰা নপৰে, যি অতি ভয়ানক কথা। এইচ আই ভিত আক্রান্ত এনে বহু যুৱক-যুৱতীও আছে যিসকলে তেওঁলোকৰ শৰীৰত ৰোগৰ অৱস্থিতিৰ কথা অৱগত নহৈ আন বহুতৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰে, যাৰ ফলত ভাইৰাইছবিধ ইজনৰ পৰা সিজনৰ শৰীৰত বিয়পে। ইয়াৰ বাবেও চৰকাৰে শীঘ্ৰে এক আইন প্রণয়ন কৰাটো জৰুৰী হৈ পৰিছে। বিবাহৰ সময়ত সমাজৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ তেজৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰি দিব লাগে। ইয়াৰ ফলত ৰোগবিধৰ সংক্ৰমণ যথেষ্ট পৰিমাণে হ্রাস পোৱাৰ লগতে বহুতৰ জীৱন ধ্বংস হোৱাৰ পৰা বাচিব।

Share This