দৈনিক জনমভূমিঃ সৎ আদর্শ দুর্লভ বস্তু নহয়, কিন্তু ইয়াক জনসমাজত প্রাসংগিক কৰি ৰখাটো সহজ কাম নহয়। সৎ আদর্শবিলাকক সমাজক প্রভাৱিত কৰিব পৰাকৈ বৰ্তাই ৰাখিবলৈ হ'লে ইয়াৰ হকে প্ৰচুৰ শ্রম লাগিব, ইয়াৰ বাবে এক পৰিৱেশ ৰচনা কৰিব পাৰিব লাগিব আৰু ইয়াক ৰক্ষণাবেক্ষণৰ উপযুক্ত ব্যবস্থা কৰিব লাগিব। আশ্বলি ব্রিলিয়ান্ট (Ashleigh Brilliant) নামব ইংলেণ্ডত জন্ম হোৱা আমেৰিকান লেখক তথা কার্টুনিষ্টগৰাকীয়ে এই বিষয়ত এটা সুন্দৰ উক্তি কৈ থৈ গৈছে।
তেখেতে কৈছে, "Good ideas are common what's uncommon are people who will work hard euongh to bring them about", হাজাৰ হাজাৰ বছৰীয়া চিন্তা-চর্চা, গবেষণা, কর্ম, ধর্মই মানর সমাজক দিয়া সততাৰ দীক্ষাৰে দীক্ষিত অলেখ ব্যক্তিব আদর্শময় জীৱন যুগ যুগ ধৰি সন্মুখত উদ্ভাসিত হৈ আহিছে যদিও তাক কিমানে অনুসৰণ কৰিছে, এই আদর্শবোৰে সমাজক কিমান প্রভাবিত কৰিবলৈ সক্ষম হৈছে সেইটো গুৰুত্বপূৰ্ণ কথা। এই প্রসংগ অনাৰ উদ্দেশ্য হ'ল অলপতে গুৱাহাটীত প্রাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকীৰ দুটা অনুষ্ঠান হৈ গ'ল। এটা চৰকাৰীভাৱে আৰু আনটো ৰাজ্যৰ একাংশ বুদ্ধিজীৱীৰ উদ্যোগত। ১৯৬০-ৰ পৰা ১৯৮০-ৰ দশকলৈকে ৰাজ্যৰ ৰাজনৈতিক-সামাজিক ক্ষেত্ৰখনত উজ্জ্বল হৈ উঠা এক ব্যক্তিত্বৰ নাম আছিল গোলাপ বৰবৰা। গোলাপ বৰবৰা মানেই সংগ্রাম।
সমাজৰ দৰিদ্র, উপেক্ষিত, পদদলিতসকলৰ বাবে কৰা সংগ্ৰামৰ মাজেৰে উত্থান ঘটিছিল এইগৰাকী সমাজবাদী আদৰ্শৰ ধ্বজাবাহী নেতাৰ, যিগৰাকীয়ে ৰাজ্যৰ ক্ষমতাৰ সৰ্বোচ্চ আসন (মুখ্যমন্ত্রী) খনত বহিবলৈ সক্ষম হোৱাৰ পাছতো তেওঁৰ জীৱনৰ নৈতিকতা, সততা, আদর্শ, দায়বদ্ধতাক বিসর্জন দিয়া নাছিল। শ্রমিকৰ বাবে কৰা সংগ্ৰামৰ বাবে গোলাপ বৰবৰাই বহুবাৰ কাৰাবাস খাটিব লগা হৈছিল। সর্বাধিক ১৯ মাহ কাল তেওঁ কাৰাৰুদ্ধ হৈ থাকিব লগা হৈছিল জৰুৰী অৱস্থাৰ সময়ত, যি সময়ত অসমৰ মুখ্যমন্ত্রী আছিল শৰৎ চন্দ্ৰ সিংহ। সেই শৰৎ চন্দ্ৰ সিংহই গোলাপ বৰবৰাক আখ্যা দিছিল 'বাজর্ষি' অভিধাবে। ৰজা হৈয়ো যিজনে ঋষিৰ দৰে জীৱন নিৰ্বাহ কৰিব পাৰে তেৱেঁইতো ৰাজর্ষি। সেই অর্থত শৰৎ চন্দ্ৰ সিংহও আছিল প্রকৃততে এজন ৰাজর্ষিয়েই। কিন্তু দুর্ভাগ্যজনকেই নহয় আশ্চর্যজনক কথা এয়ে যে ১৯৮০-ৰ দশকৰ পাছত গোলাপ বৰবৰা অসমৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত অপ্রাসংগিক হৈ পৰিল।
কেৱল গোলাপ বৰবৰা ব্যক্তিগৰাকীয়ে নহয় তেখেতে সমগ্ৰ জীৱন হৃদয়ত ধাৰণ কৰি থকা সমাজবাদী ৰাজনৈতিক আদর্শও আজি অচল টকা হৈ পৰিছে। অথচ এই সমাজবাদী আদৰ্শৰে ভাৰতীয় সমাজত মূল্যবোধৰ ৰাজনীতিৰ প্ৰসাৰ ঘটাই দেশৰ গণতান্ত্রিক ব্যৱস্থাটোক গণমুখী কৰি তুলিবলৈ, সুস্থ বিতর্কৰে সংসদীয় মঞ্চবিলাকক উদ্দীপিত কৰি ৰাখিবলৈ, স্বচ্ছ, নিকা আৰু দায়বদ্ধ শাসন ব্যৱস্থা এটাৰে সমাজৰ বিকাশ সাধিবলৈ কতজনে নিজক সমর্পণ কৰিছিল! ৰামমনোহৰ লোহিয়া জয়প্রকাশ নাৰায়ণ, আচার্য নৰেন্দ্র দেব, মিনু মাছানি, জে বি কৃপালিনী, ত্রিদীপ চৌধুৰী, শিৱদাস ঘোষ, নীহাৰ মুখার্জী, মধু লিমায়ে, মধু দণ্ডাবতে, জর্জ ফার্নান্ডেজ, বাজ নাৰায়ণ আদি নেতাসকলৰ উদ্যোগতে মূলতঃ দেশত সমাজবাদী আন্দোলনৰ সূচনা আৰু প্ৰসাৰ ঘটিছিল। অসমত এই ধাৰাটোৰ নেতৃত্ব দিছিল বিপিন পাল দাস, লক্ষ্মীপ্রসাদ গোস্বামী, শংকৰ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিবাৰণ বৰা, হৰেশ্বৰ গোস্বামী, হেম বৰুৱাৰ দৰে নেতাসকলে। লক্ষ্যধৰ চৌধুৰী, গৌৰীশংকৰ ভট্টাচার্য, গোলাপ বৰবৰা, সোণেশ্বৰ বৰা, ৰমণী বর্মন, বেণুকা দেবী বৰকটকী, দুলাল বৰুৱাৰ দৰে নেতাসকলে ৮০-ব দশকলৈকে এই ধাৰাটোৰ প্ৰৱাহ ৰাজ্যত অব্যাহত ৰাখি ৰাজ্যৰ বাজনীতিক গণমুখী কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছিল।
ইয়াৰ সমান্তৰালকৈ কমিউনিষ্ট আন্দোলন তথা ৰাজনীতিৰ অনুগামীসকলেও সুকীয়া সুকীয়া ধাৰাৰে 'স্বাধীনতা লাভৰ আগৰে পৰাই দেশৰ গণতন্ত্ৰ আৰু সমাজ ব্যৱস্থাক প্রভাবান্বিত কৰি কেনেকৈ সমাজবাদী আদৰ্শৰ এখন শ্ৰেণীহীন সমাজ গঢ়াৰ লক্ষ্যত নিজক সম্পূর্ণ কৰিছিল সেই ইতিহাস দোহৰাৰ প্ৰয়োজন নাই। তেনেকুৱা সংগ্ৰামৰ বাবেই মোহনলাল মুখার্জী, হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভা, খগেন বৰবৰুৱাৰ দৰে বিপ্লবী নেতাসকল কিংবদন্তি চৰিত্ৰ হৈ মানুহৰ হৃদয়ে হৃদয়ে আজিও স্থান লৈ আছে। স্বাধীনতা আন্দোলনত বিশেষকৈ ১৯৪২ চনৰ গণ আন্দোলনত সমাজবাদী ভাবাদর্শৰ নেতাসকল ভূমিকাই কেনেদৰে সংগ্ৰামখনক অগ্নিবর্ষী কৰি তুলিছিল সেই অধ্যায় ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে। ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে ১৯৮০-দশকত জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত হোৱা 'সম্পূর্ণ ক্রান্তি' আন্দোলন দেশৰ সমাজবাদী ধাৰাটোৰ এক অম্লান অধ্যায়। এই ইতিহাসবোৰৰ ভিত্তিতে গুৱাহাটীত একাংশ বুদ্ধিজীৱীৰ উদ্যোগত অনুষ্ঠিত গোলাপ বৰবৰা জন্ম শতবার্ষিকীৰ অনুষ্ঠানত ভাষণ দি বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্র যাদরে কৈছিল- 'সমাজবাদী আৰু বাওঁপন্থী ৰাজনীতিয়েই আচলতে ভাৰতৰ গণতন্ত্রক জনগণৰ গণতন্ত্ৰলৈ ৰূপান্তৰিত কৰিছিল। কংগ্রেছে ইয়াক 'অভিজাত গণতন্ত্র (Elite democracy) ৰূপে সীমাবদ্ধ কৰি ৰাখিব খুজিছিল।' একেবাৰে সত্য কথা। দেশৰ দলিত, নিষ্পেষিত, উপেক্ষিত শ্ৰেণীৰ মাজলৈ গণতন্ত্রক লৈ গৈছিল এই আদৰ্শৰ বাহক ৰাজনীতিকসকলেহে। ইয়েই আচলতে ভাৰতীয় গণতন্ত্রক প্রদান কৰিছিল বৈচিত্র্যময় ৰূপ।
কিন্তু সততাৰ, দায়বদ্ধতাৰ প্ৰতীক সেই ৰাজনীতিৰ, সেই ৰাজনৈতিক আদৰ্শৰ আজি অপমৃত্যু ঘটিল। ইমান গণমুখী ৰাজনীতিৰ কিয় এনেদৰে অপমৃত্যু ঘটিল তাৰ ব্যাখ্যা কাৰো হাতত নাই। দেশ নিৰ্মাণৰ বাবে এইবোৰ ভাল আদর্শ আছিল, কিন্তু ইয়াক জীয়াই ৰাখিব নোৱাৰাৰ কাৰণ হয়তো ব্রিলিয়ান্টে দি থৈ যোৱা উক্তিয়েই। ভাল আদর্শক জীয়াই ৰাখিবলৈও নিৰৱচ্ছিন্ন শ্রম লাগিব, ইয়াৰ সংৰক্ষণ, সংবহনৰ পৰিৱেশ ৰচনা কৰিব পাৰিব লাগিব। সেই কাম কোনে কৰিছে বা কোনে কৰিব প্রত্যেকেই নিজক সুধি চোৱা উচিত।