সংবিধানৰ সংজ্ঞা
Dainik Janambhumi
November 29, 2024
ৰাজনীতি বিজ্ঞানৰ শিক্ষাৰ্থীসকল, জনপ্ৰতিনিধিসকল (সকলো নহ’ব পাৰে), সংশ্লিষ্ট একাংশ বিষয়াক বাদ দি আমাৰ দেশৰ বেছিভাগ মানুহেই সংবিধানখনত কি আছে নাজানে, জনাৰ প্ৰয়োজনো নহয়৷ জনপ্ৰতিনিধি নিৰ্বাচিত হোৱাসকলেও নিজস্ব আৰাধ্য ভগৱানৰ নামতহে সংসদীয় মঞ্চবিলাকত শপত গ্ৰহণ কৰাৰ পৰম্পৰা বৰ্তি আছে, সংবিধানৰ নামত নহয়৷ যেনেদৰেই সংবিধানখনৰ ব্যৱহাৰ নহওক কিয় এটা কথা সকলোৱেই স্বীকাৰ কৰে যে আমাৰ দেশৰ গণতন্ত্ৰৰ মন্দিৰত সংবিধানখনেই বেদ, সংবিধানখনেই ভাগৱত-কীৰ্তন৷ দুদিন পূৰ্বে ৭৫সংখ্যক সংবিধান দিৱসত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ নেতৃবৰ্গই ভাৰতীয় সংবিধানখনৰ আত্মাৰ মহত্ত্বৰ কথা কৈছিল, ১৯৪৯ চনত ইয়াৰ প্ৰণয়নৰ সময়ৰ নেতাসকলৰ চিন্তাৰ উচ্ছতাৰ কথা কৈছিল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইদিনা দিয়া এক বক্তব্যত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড॰ ৰাজেন্দ্ৰ প্ৰসাদে কনষ্টিটিৱেণ্ট এছেম্বলী (সংবিধান পৰিষদ)ত দিয়া ভাষণত উল্লেখ কৰিছিল৷ ড॰ ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল– ‘দেশক ৫০গৰাকী সাধু মানুহৰ গোট এটা লাগে যিসকলে নিজতকৈ দেশৰ স্বাৰ্থক ঊধ্বৰ্ত ৰাখে৷ এই ‘দেশ প্ৰথম’ (Nation first) চেতনায়েই ভাৰতীয় সংবিধানখনক আহিবলগীয়া বহু বছৰলৈ জীৱন্ত কৰি ৰাখিব৷ মই সংবিধানে বিচৰা সেই মৰ্যাদাক পালন কৰাৰ চেষ্টা কৰি আছোঁ, মই কেতিয়াও ইয়াক চেৰাই যাবলৈ চেষ্টা কৰা নাই...৷’ আমাৰ সংবিধানত বৰ্তমান ৪৪৮টা অনুচ্ছেদ আছে (পূৰ্বতে আছিল ৩৯৫)৷ ২০২৩ বৰ্ষলৈকে সংবিধানৰ বিভিন্ন অনুচ্ছেদৰ ১০৬বাৰ সংশোধন ঘটোৱা হৈছে৷
সময়ৰ প্ৰয়োজনত এনে কৰা হৈ আছে সেয়া বেলেগ কথা, কিন্তু সংবিধানখনৰ অন্তৰ্নিহিত চেতনা (Spirit)ৰ উপলব্ধিয়েহে বৈচিত্ৰ্যময় ভাৰতীয় জীৱন-যাত্ৰাক স্বৰাজোত্তৰ সময়ছোৱাত বিশেষ আউল নলগাকৈ আগবঢ়াই নিয়াত সহায় কৰিছে৷ ৭৫সংখ্যক সংবিধান দিৱসত দিয়া ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও সেই অন্তৰ্নিহিত চেতনাৰ কথাই ক’লে৷ তেওঁ কয়, যদিওবা আমাৰ দেশৰ সেই সময়ৰ মনীষীসকলে ৩ বছৰ আলোচনাৰে এই সংবিধানখন প্ৰস্তুত কৰি উলিয়াইছিল, ইয়াত আচলতে নিহিত হৈ আছে সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ চিন্তা-চৰ্চা৷ ই আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ শক্তিশালী আধাৰশিলা৷ সংবিধানখনৰ এই মহত্ত্বক দেশনেতাসকলে ব্যক্ত কৰিলেও মাজে মাজে সংবিধানখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক আৰু ইয়াক লঘু কৰিবলৈ কিছুমান ন্যস্ত স্বাৰ্থজড়িত ৰাজনৈতিক চক্ৰই কৰা চেষ্টাই পৰিৱেশ তিক্ত কৰি তোলা দেখা যায়৷ এনেকুৱা এটা বিতৰ্ক হৈছে সংবিধানৰ প্ৰস্তাৱনাত ১৯৭৬ চনৰ এক সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা ‘ধৰ্ম নিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটাক লৈ হোৱা বিতৰ্ক৷ সেই সংশোধনী উচিত আছিল নে অনুচিত, সেই সংশোধনী ভাল নে বেয়া তাক লৈ মতবিৰোধ থাকিব পাৰে যদিও সংবিধানৰ অন্তৰ্নিহিত চেতনাক এই শব্দ দুটাই ক্ষতি কৰিছে নেকি সেইটোহে বিচাৰ কৰা উচিত৷ জন্মলগ্নৰ প্ৰস্তাৱনাটোত আছিল ‘We the people of India, having solemnly resolve to constitute India in to a Sovereign, Democratic, Republic and to secure all its citizen. এই প্ৰস্তাৱনাত ১৯৭৬ চনত Socialis (সমাজবাদী) আৰু secular (ধৰ্মনিৰপেক্ষ) শব্দ দুটা সংযোগ হ’ল৷ বিশেষ কিছুমান কথাৰ বাবে আৰু স্বাধীন ভাৰতৰ জন্মলগ্নৰ পৰিৱেশৰ বাবে শব্দ দুটাক লৈ প্ৰশ্ন উঠাত অস্বাভাৱিকতা নাই, কিন্তু যিহেতুকে হাজাৰ হাজাৰ বছৰীয়া ইতিহাসে আমাৰ দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটোক উদ্ভাসিত কৰি আহিছে আৰু মহান ভাৰতীয় পৰম্পৰাই সমতাৰ বাৰ্তাকে যুগ যুগান্তৰে বিলাই আহিছে, সেয়েহে শব্দ দুটা আনুষ্ঠানিকভাৱে প্ৰস্তাৱনাত অন্তৰ্ভুক্ত হোৱাত দেশবাসীৰ বেছিভাগেই ইয়াত অস্বাভাৱিকতা বোধ কৰা নাছিল, এতিয়াও কৰা নাই৷
তথাপি ইয়াক লৈ ব্যক্তিৰ মাজতে বিতৰ্ক সীমাবদ্ধ নাৰাখি উচ্ছতম ন্যায়ালয়লৈ ন্যায়িক বিবাদৰ ৰূপত ইয়াক লৈ যোৱা হ’ল৷ অৱশ্যে, দেশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন দুজনীয়া পীঠে শব্দ দুটাৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত জনোৱা আপত্তি গ্ৰাহ্য নকৰিলে৷ বিচাৰপীঠৰ বক্তব্য হ’ল– ১৯৪৯ চনেই হওক বা ১৯৭৬, সময়ৰ কোনো কথা নাই, নতুনকৈ সন্নিৱিষ্ট ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটাৰ জৰিয়তে দেশে দুটা নিজস্ব ব্যাখ্যাৰ সৃষ্টি কৰিছে৷ এটা হ’ল দেশে কোনো বিশেষ ধৰ্মক সমৰ্থন দিয়া নাই আৰু কাকো ধৰ্ম আচৰণত বাধাও দিয়া নাই৷ আনহাতে, ‘সমাজবাদী’ শব্দৰে দেশবাসীৰ অৰ্থনৈতিক আৰু সামাজিক ন্যায়ক প্ৰতিনিধিত্ব কৰা হৈছে৷ বিতৰ্কটো অনা হৈছে এইবাবে যে সংবিধান প্ৰণয়নৰ সময়ত যিহেতুকে দেশনেতাসকলে সংযোজন কৰিব নোখোজা শব্দ দুটা পাছত কিহৰ স্বাৰ্থত কৰা হ’ল!
ইয়াৰ সহজ উত্তৰ হয়তো হ’ব সেই দেশনেতাসকলে ভাৰতক হিন্দু ৰাষ্ট্ৰ বুলিও ঘোষণা কৰা নাছিল বা পুঁজিবাদী ৰাষ্ট্ৰৰো পৰিকল্পনা নাছিল তেওঁলোকৰ৷ ইয়াৰ জৰিয়তে তেওঁলোকে দেশখনৰ অন্তৰ্নিহিত ধৰ্মনিৰপেক্ষতা আৰু সমবিকাশৰ বাৰ্তাই দি থৈ গৈছে৷ এই বিতৰ্কৰ উচ্ছতম ন্যায়ালয়ে এনেদৰে অৱসান ঘটোৱাটো উচিত হৈছে৷ অৱশ্যে, সাংবিধানিক পীঠত বিষয়টো চূড়ান্ত হোৱা হ’লে কাৰো ক’বলৈ একো নাথাকিলহেঁতেন৷ সকলোৱে মনত ৰখা উচিত যে ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা প্ৰস্তাৱনাৰ পৰা উঠাই দিলেও দেশৰ চৰিত্ৰ সলনি হৈ নাযায়৷ এই চৰিত্ৰ হাজাৰ বছৰীয়া ইতিহাসে গঢ়া চৰিত্ৰ৷
Share This