দিল্লীয়ে কি কৰিব?

dainik janambhumi April 25, 2025

ডিজিটেল ডেস্কঃ ভূ-স্বর্গ কাশ্মীৰৰ অতি মনোৰম পহলগামৰ দৃষ্টিনন্দন বেছৰন উপত্যকাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰি থকা অৱস্থাত দিন-দুপৰতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ সন্ত্রাসবাদীয়ে বাছি বাছি অমুছলমান লোকক হত্যা কৰা লোমহর্ষক কাণ্ডই নতুন দিল্লীৰ সন্মুখত এটা অতি কঠিন প্রত্যাহ্বান থিয় কৰাই দিলে। দেশে স্বাধীনতা লাভ কৰা ক্ষণটোৰ পৰাই কাশ্মীৰ বিবাদে আমাৰ দেশক ভাৰাক্ৰান্ত কৰি আহিছে। স্বাধীন ভাৰতত দেশীয় ৰাজ্যবোৰৰ অন্তর্ভুক্তিকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে পাকিস্তানে কাশ্মীৰৰ এটা অংশ দখল কৰি (যাক পাক্ অধিকৃত কাশ্মীৰ বুলি কোৱা হয়) লোৱাৰ পিছৰ পৰাই যি সংঘাত আৰম্ভ হ'ল সেই মূৰ কামোৰণি আজিলৈকে দূৰ নহ'ল।

তৎপৰৱৰ্তী সময়ত ১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ মাজত হোৱা দুখন যুদ্ধ, ১৯৯৯ চনত হোৱা কার্গিল যুদ্ধৰ উপৰি ১৯৮৪ চনত হোৱা চিয়াচেন সংঘাতকে ধৰি সৰু-বৰ বহু সংঘর্ষ, প্রায় নিৰৱচ্ছিন্নভাবে চলি অহা সীমান্তৰ গুলীয়াগুলী, সীমান্তৰ সিপাৰৰ পৰা চলাই থকা সন্ত্রাসবাদী কাৰ্যকলাপ, কাশ্মীৰ উপত্যকাতো বহু সন্ত্রাসবাদী গোটৰ উত্থান আৰু হত্যালীলাই এই উপত্যকাক অবিৰতভাৱে উত্তপ্ত কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত ই সমগ্ৰ দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰতো প্রভাৱ পেলাই আহিছেই, দেশৰ অৰ্থনীতিকো সুদীর্ঘ দিন ধৰি প্ৰভাৱান্বিত কৰিছে। সেই দীঘলীয়া সংঘাতৰ অধ্যায়ৰ বিষয়ে দোহৰাৰ প্ৰয়োজন নাই, কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি মিত্রজোঁটৰ চৰকাৰে দেশৰ মছনদ অধিকাৰ কৰাৰ পাছত কাশ্মীৰৰ দৃশ্যপট লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিছিল। সন্ত্রাসবাদীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লৈ নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে, বিশেষকৈ গৃহ মন্ত্রী অমিত শ্বাহে যি শাসন কাশ্মীৰত আৰম্ভ কৰিলে সেয়াই সন্ত্রাসবাদৰ ভেটিটোক কেনেকৈ জোকাৰি পেলাইছে, সেয়া উপত্যকাটোৰ পৰিৱেশ-পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাসকলে জানে। জম্মু-কাশ্মীৰে ভাৰতত অন্তর্ভুক্তিকৰণৰ পাছত পাই অহা বিশেষ ৰাজ্যৰ মৰ্যাদা, দেশৰ ভিতৰতে থাকি স্বাধীন দেশৰ দৰে তাৰ প্ৰাদেশিক চৰকাৰে ভোগ কৰা ক্ষমতা এইখন চৰকাৰে উছন কৰি পেলাল সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ জৰিয়তে। সেই তেতিয়াৰ পৰা এতিয়ালৈকে কাশ্মীৰ উপত্যকাত পৰিৱেশ-পৰিস্থিতিয়ে কি ৰূপ লৈছে সেয়া দেশবাসীয়ে গম পোৱা বাবেই কাশ্মীৰৰ প্ৰতি জনসাধাৰণৰ আগ্রহ পুনৰ বৃদ্ধি পাইছে।

২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত জৈছ-ই-মহম্মদৰ আত্মঘাতী সন্ত্রাসবাদীয়ে চি আৰ পি এফৰ কনভয়ত আক্রমণ চলাই চি আৰ পি এফৰ ৪০জন জোৱানক হত্যা কৰা বা মাজে মাজে কূটাঘাতী কাম-কাজ চলাই থাকিলেও উপত্যকাটোৰ সাধাৰণ অৱস্থা অভাৱনীয়ভাবে শান্তিপূর্ণ হৈ পৰা বাবেই তাত স্থানীয় নিকায়ৰ, বিধানসভা, লোক সভাৰ নিৰ্বাচন বিলাকত ব্যাপক হাৰত স্থানীয় লোকে অংশগ্রহণ কৰে। দেশবাসীলৈ এই ইতিবাচক বাৰ্তাবোৰ গৈ থকা বাবে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰে। এই বছৰ পৰ্যটকৰ সংখ্যা বহুত বেছি। কেইটামান দশকৰ এয়া অভিলেখৰূপে চিহ্নিত হ'লেও আচৰিত হ'বলগীয়া নাই। দেশৰ অন্য প্রান্তৰ কথা বাদেই, অসমৰ পৰাই শ শ পর্যটক এইবাৰ কাশ্মীৰলৈ গৈছিল।

পহলগামৰ আক্ৰমণৰ দিনটোতো আনকি তাত অসমৰ বহু পর্যটক আছিল, যিসকলৰ সৌভাগ্যক্রমে প্রাণ ৰক্ষা পৰিছে। এতিয়া এটা প্রশ্ন বহু মানুহৰ মনলৈ আহিছে যে নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা এটা দশকত গঢ়া পৰিৱেশৰ বাবে তথা চৰকাৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ভৰসা কৰিয়েই দেশৰ অন্য অংশৰ মানুহবোৰৰ কাশ্মীৰ ভ্ৰমণলৈ আগ্রহ জন্মিছিল। 

মনত কোনো আশংকাৰ ভাব নৰখাকৈ মানুহবোৰে তাৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছিল। মুক্ত মনেৰে কাশ্মীৰ উপত্যকালৈ যোৱা মানুহবোৰৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি চৰকাৰে কিয় গুৰুত্ব নিদিলে? কিয় তাৰ আকর্ষণীয় পর্যটন স্থানবিলাকত স্থায়ী নিৰাপত্তাৰ ব্যৱস্থা কৰা নহ'ল? কাশ্মীৰত যোৱা কিছুদিনত সন্ত্রাসবাদী কার্যকলাপ কিছু কমিলেও তাৰ অৰ্থ এইটো নহয় যে সন্ত্রাসবাদ নির্মূল হৈছে। এনে অৱস্থাত বাৰম্বাৰ শান্তিৰ দাবী কৰি চৰকাৰে কিয় দেশবাসীক কাশ্মীৰ ভ্ৰমণলৈ প্রলোভিত কৰিছিল? এই প্রশ্নবোৰৰ উত্তৰ চৰকাৰে কেনেদৰে দিয়ে সেইটো ডাঙৰ কথা নহয়, উদ্বেগৰ কথাটো হ'ল জনসাধাৰণৰ বিশ্বাস ভংগ হ'ল। ইয়াৰ পাছত পুনৰ সেই উপত্যকা ভ্রমণলৈ যাবলৈ জনসাধাৰণে সাহস নকৰিব। এক কথাত ক'বলৈ গ'লে কাশ্মীৰ উপত্যকাৰ ক্ষেত্ৰত যোৱা এটা দশকত নৰেন্দ্ৰ মোদীৰ চৰকাৰখন যিমান আগবাঢ়িছিল, পহলগামৰ গণহত্যাই চৰকাৰক বহুখোজ পিছুৱাই দিলে। এই অৱস্থাটো চৰকাৰখনৰ বাবে এটা সাংঘাতিক প্রত্যাহ্বান। এই প্রত্যাহ্বান মোদী চৰকাৰে কেনেকৈ মোকাবিলা কৰে তালৈ দেশবাসীয়ে আগ্ৰহেৰে বাট চাব।

Share This