ডিজিটেল ডেস্কঃ লালকিল্লাৰ কাষত সোমবাৰে (১০ নৱেম্বৰ) সন্ধিয়া হোৱা বিস্ফোৰণটোৱে বহু কথাই মানুহৰ ভাবনালৈ আনি দিছে। এই লেখা যুগুত কৰাৰ সময়লৈকে চলন্ত অৱস্থাত আহি পুলিচ পইণ্টৰ ওচৰত ৰখোৱা গাড়ী এখনত কেনেকৈ বিস্ফোৰণটো ঘটিল, বিস্ফোৰণৰ কাৰণ কি, ইয়াৰ আঁৰত কোন জড়িত, সেই কথা সম্পূর্ণকৈ আৰু আনুষ্ঠানিকভাবে প্রকাশ পোৱা নাই যদিও এই ঘটনাত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্রাসবাদী জড়িত থকাটো প্রায় নিশ্চিত হৈছে। তদন্তই কি পোহৰলৈ আনিব সেইটো সময়ত গম পোৱা যাব, কিন্তু প্রাথমিক তদন্ত আৰু সমসাময়িক অন্য এক ঘটনাৰ অন্তৰালৰ কাহিনীয়ে দিল্লীৰ মাজমজিয়াৰ এই ভয়ংকৰ বিস্ফোৰণটো সন্ত্রাসবাদীয়েই সংঘটিত কৰা বুলি ধাৰণা ল'বলৈ কৌতূহলী লোকসকলক বাধ্য কৰাইছে আৰু তদন্ততো তাৰেই বহু তথ্য পোৱা গৈছে।
বিশেষকৈ উত্তৰ প্ৰদেশৰ ফৰিদাবাদত কালি জম্মু-কাশ্মীৰ আৰক্ষী আৰু ফৰিদাবাদ আৰক্ষীৰ যৌথ অভিযানত বহু অস্ত্র-শস্ত্ৰৰ সৈতে প্রায় ৩,০০০ কেজি বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাটোৰ সৈতে দিল্লীৰ ঘটনাটোৰ যোগসূত্ৰ থকাটো প্রতিপন্ন হৈছে। ফৰিদাবাদৰ বিস্ফোৰকৰ অধ্যায়টো পোহৰলৈ আহিছিল এটা আকস্মিক ঘটনাৰ জৰিয়তে। যোৱা অক্টোবৰৰ মাজভাগত কাশ্মীৰৰ নৌগাম আৰু শ্রীনগৰ এলেকাত জৈছ-এ-মহম্মদে লগোৱা কেতবোৰ প'ষ্টাৰ চকুত পৰিছিল শ্রীনগৰৰ এছ এছ পি জি ভি সুন্দীপ চক্ৰৱতীৰ। এনেকুৱা প'ষ্টাৰ ২০১৯ৰ পূৰ্বে কাশ্মীৰত সুলভ আছিল যদিও যোৱা ৫/৬ বছৰত দেখা পোৱা নগৈছিল। এই প'ষ্টাৰত নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ চলোৱা হ'ব বুলি ভাবুকি দিছিল সন্ত্রাসবাদী সংগঠনটোৱে। পহলগামৰ পৰ্যটক হত্যাৰ ঘটনাত জড়িত তিনি সন্ত্রাসবাদীক নিঃশেষ কৰা 'অপাৰেশ্যন মহাদেৱ'ত জড়িত থকা এছ এছ পি চক্ৰৱৰ্তীৰ প'ষ্টাৰবিলাক দেখি সন্দেহ হোৱাত তেওঁ লগে লগে তদন্ত আৰম্ভকৰোৱালে। সেই তদন্ততে ধৰা পৰিল 'জৈছ'ৰ তিনিজন 'অভাৰ গ্ৰাউণ্ড' সদস্য। এই 'অভাৰ গ্ৰাউণ্ড' সদস্যকেইজনে দিয়া তথ্যৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিলে ইৰফান আহমেদ নামৰ এজন মৌলৱীক।
সেই মৌলৱীজনৰ পৰাই আৰক্ষীয়ে পালে ফৰিদাবাদ, ছাহাৰানপুৰ, লক্ষ্ণৌ আৰু পুলৱামাত কৰ্মৰত ৪ গৰাকী চিকিৎসকৰ তথ্য, যাৰ পৰা আৰক্ষীয়ে কালি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি। উল্লেখযোগ্য যে এই চিকিৎসক ৪ গৰাকীৰ এগৰাকী ডাক্তৰ ওমৰ কাশ্মীৰৰ পুলৱামাত কৰ্মৰত, য'ত ২০১৯ চনত নিৰাপত্তা বাহিনীৰ ওপৰত চলিছিল সন্ত্রাসবাদীৰ ভয়াবহ আত্মঘাতী আক্রমণ আৰু এই আক্রমণত প্রাণ হেৰুৱাইছিল ৪০ জনকৈ চি আৰ পি এফৰ জোৱানে। ইফালে, সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ কাষত হোৱা বিস্ফোৰণটো যিখন আই-২০ গাড়ীত সংঘটিত হৈছিল, সেই গাড়ীখনৰ হাৰিয়ানাৰ পঞ্জীয়ন থাকিলেও, সেই গাড়ীখন ইতিমধ্যে কেইবাবাৰো বিক্রী হৈছিল আৰু গাড়ীখনৰ শেষৰজন গৰাকী আছিল তাৰিক নামৰ এজন ব্যক্তি। তাৰিকো পুলৱামাৰে, তেওঁ সম্প্রতি পলাতক। গতিকে দেখা গৈছে যে ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰ আৰু দিল্লীৰ গাড়ী বিস্ফোৰণ- এই দুয়োটা ঘটনাতে পুলৱামাৰ সংযোগ আছে। এই পটভূমিৰ পৰাই লালকিল্লাৰ কাষৰ বিস্ফোৰণটো সন্ত্রাসবাদীৰ দ্বাৰা সংঘটিত বুলি সন্দেহ কৰা হৈছিল আৰু অৱশেষত সিয়েই সত্য বুলি তদন্তত পোহৰলৈ আহিছে।
এতিয়া গুৰুত্বপূর্ণ-কথাটো বিজেপি দেশৰ ক্ষমতালৈ অহাৰ পিছত চৰকাৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে নজিৰবিহীন কঠোৰতা অৱলম্বন কৰিছে, কাশ্মীৰক সন্ত্রাসমুক্ত কৰিবলৈ চৰকাৰে কম কাম কৰা নাই। সন্ত্রাসবাদীক পুলিয়ে-পোখাই উভালিবলৈ সেনা-আৰক্ষী আৰু অন্যান্য বাহিনীসমূহক চৰকাৰে অনৱৰত ব্যস্ত কৰি ৰাখিছে। তথাপি কিন্তু সন্ত্রাসবাদীয়ে তাৰ মাজতে সুৰুঙা উলিয়াই সময়ে সময়ে কিছুমান ভয়াৱহ ঘটনা সংঘটিত কৰি আছে। একে আষাৰতে ক'ব লাগিব যে এই সুৰুঙাবোৰ বন্ধ কৰাত চৰকাৰ সম্পূর্ণ সফল হ'ব পৰা নাই। দিল্লীৰ ঘটনা সেই ব্যর্থতাৰে পৰিণতি। পৰিৱৰ্তিত ৰাজনৈতিক আৰু কূটনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইটো গভীৰ উদ্বেগৰ বিষয়। বিভিন্ন মাধ্যমত প্রকাশ পাইছেই যে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্কত ফাট মেলাৰ লগে লগে পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্ক পুনৰ গভীৰ হৈ আহিবলৈ ধৰিছে। এনে পৰিস্থিতিত সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানে ভাৰতক অস্থিৰ কৰি ৰখাৰ লক্ষ্যৰে জৈছ-এ-মহম্মদ, লস্কৰ-এ-তৈবাৰ দৰে সংগঠনসমূহক পুনৰ শক্তিশালী কৰি তুলি কূটাঘাতমূলক কাম-কাজত ব্যৱহাৰ কৰাৰ সুযোগ উলিয়াবলৈ বিচৰাটোত আচৰিত হ'ব লগীয়া নাই। ইতিমধ্যে প্রকাশ পাইছেই যে লস্কব-এ-তৈবাৰ মুৰব্বী হাফিজ ছয়ীদে বাংলাদেশৰ পৰা ভাৰতত কূটাঘাত চলোৱাৰ উদ্দেশ্যে সংগঠনটোৰ এজন কমাণ্ডাৰক বাংলাদেশত নিযুক্তি দিছে। সেই কমাণ্ডাৰজনে বাংলাদেশত ইতিমধ্যে জেহাদীক প্রশিক্ষণ দি কূটাঘাতৰ বাবে সাজু কৰাৰ কথা সন্ত্রাসবাদী সংগঠনটোৰ অন্য এজন কমাণ্ডাৰৰ ভিডিঅ' বার্তাতে প্রকাশ পাইছে।
গতিকে। কেৱল পাক সীমান্তৰ পৰাই নহয়, এতিয়া বাংলাদেশৰ পৰাও সন্ত্রাসবাদীৰ আক্ৰমণ চলাৰ আশংকা পদে পদে বিদ্যমান। সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা বিজেপি চৰকাৰৰ সন্মুখত এয়া এক সাংঘাতিক প্রত্যাহ্বান। দেশৰ ৰাজধানীতে যেতিয়া সন্ত্রাসবাদীয়ে আঘাত হানিব পাৰিছে; তেনেস্থলত দেশৰ আন অংশৰ মানুহ নিৰাপত্তাক লৈ সন্দিহান হোৱাটোৱেই স্বাভাৱিক। চৰকাৰে এই প্ৰত্যাহ্বান কেনেকৈ গ্রহণ কৰে, সন্ত্রাসবাদীক কেনেকৈ প্রতিহত কৰে- সেয়া লক্ষণীয় হ'ব।