জনজাতিকৰণৰ দাবীত পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্য। এই দাবী তথা ৰাজনৈতিক অধিকাৰ বিচাৰি উজনি অসমত মৰাণ জনগোষ্ঠী আৰু নামনি অসমত কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিশালসংখ্যক লোকে ৰাজপথলৈ ওলাই আহি জোঁৰ লৈ সুবিশাল সমদল উলিয়াই যিধৰণে শক্তি প্রদর্শন কৰিছে, তাৰ পৰাই ধাৰণা কৰিব পাৰি যে এই চেতনা কিমান গভীৰভাৱে প্রোথিত হৈ পৰিছে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী কৰা জনগোষ্ঠীসমূহৰ মাজত।
ৰাজ্যৰ ছয়টা জনগোষ্ঠী ক্রমে টাই আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰি ৰাজ্যৰ পৰিৱেশ উত্তাল কৰি অহাটো যোৱা দুটা দশকৰ জাতীয় জীৱন যাত্ৰাৰ এটা অংশ হৈ পৰিছে। ইয়াৰ মাজতে কলিতা জনগোষ্ঠীয়েও বৃহত্তৰ অসমীয়া জাতিসত্তাৰ মাজত নিজস্ব ঐতিহাসিক পৰিচয় আৰু স্বাধিকাৰ লাভৰ বাবে সংগ্রাম কৰাত সংগ্ৰামখনৰ পৰিসৰ বৃদ্ধি পাই গৈছে। এক কথাত ক'বলৈ গ'লে ৰাজ্যখনৰ প্রতিটো জাতি-জনগোষ্ঠীয়েই উভতি যাব খুজিছে পূৰ্বৰ পৰিচয়লৈ আৰু ঘূৰাই বিচাৰিছে পূৰ্বৰ গৌৰৱময় দিনবোৰৰ মৰ্যাদা। ভাৰতীয় সংবিধানৰ সংজ্ঞা অনুসৰি অনুসূচিত জনজাতিৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত পাঁচটা বৈশিষ্ট্যক ভিত্তি কৰা হৈছিল।
সেইকেইটা হ'ল আদিম চাৰিত্রিক বৈশিষ্ট্য, ভৌগোলিক বিচ্ছিন্নতা, সমাজৰ মূলসুঁতিৰ সৈতে একাত্ম হোৱাত সংকোচ, স্বকীয় সংস্কৃতি আৰু সমষ্টিগতভাৱে অর্থনৈতিক অনগ্ৰসৰতা। অসমত ছটা জনগোষ্ঠীয়ে জনজাতিৰ মর্যাদা বিচাৰি সংগ্রাম কৰি আছে, ইয়াৰ সমর্থনত সংবিধানে দিয়া অর্হতাসমূহ সংশ্লিষ্ট মঞ্চত প্রদান কৰিছে যদিও এটা কথা ক'ব লাগিব যে ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰা আৰু ঊনৈশ শতিকাত ব্ৰিটিছৰ শাসন আৰম্ভ হোৱাৰ পাছত তথা অন্যান্য সামাজিক বাধ্যবাধকতাৰ পৰিপ্ৰেক্ষিতত অসমৰ অতীতৰ জনগোষ্ঠীয় সমাজবোৰৰ জীৱনধাৰণ বহুলাংশে সলনি হৈ পৰিল। দেশে স্বাধীনতা লাভ কৰাৰ পাছত যিখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ ঐক্যবদ্ধ প্রচেষ্টা চলিল তাৰ পৰিপ্ৰেক্ষিতত প্রতিটো জনগোষ্ঠীৰ মধ্যবিত্তীয় পৰিয়ালবোৰৰ জীৱনধাৰণৰ চৰিত্ৰ প্রায় একেই হৈ পৰিল।
আনহাতে, সামগ্রিকভাৱে অসমীয়া সমাজখনে স্বৰাজোত্তৰ সময়ছোৱাত আত্মপ্রতিষ্ঠাৰ, জীৱন নির্বাহৰ নতুন এক বাতাৱৰণৰ মাজত সোমাই পৰা বাবে, ভাষিক জাতীয়তাবাদ, অর্থনৈতিক বৈষম্যৰ প্রতিবাদ, বহিৰাগতৰ আগ্রাসনৰ প্ৰতিবাদ, স্বাধীন অসমৰ দাবী আদি সংগ্রামকেইটামানে জাতীয় জীৱন ব্যাপকভাৱে প্রভাৱিত কৰি ৰখা বাবে জাতিৰ অংশীদাৰ বেছিভাগ জনগোষ্ঠীয়েই নিজস্ব জনগোষ্ঠীয় বিষয়বিলাক লৈ বিশেষ চিন্তা-ভাবনা কৰা নাছিল। অৱশ্যে তাৰ মাজতো জনজাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰাম চলিছিল। বড়ো, ৰাভা, মিছিং, কার্বি আদি অনুসূচিত
জনজাতিৰ ৰাজনৈতিক অধিকাৰৰ দাবীৰ সংগ্ৰামবিলাকে জাতীয় জীৱনৰ ৰূপটোৱেই সলনি কৰি পেলাইছিল আৰু এই সংগ্রামবোৰে উক্ত জনগোষ্ঠীসমূহক এটা পর্যায়লৈকে ৰাজনৈতিক অধিকাৰ দিবলৈ চৰকাৰক বাধ্য কৰাইছিল। জাতীয় জীৱনৰ এনে অৱস্থা তথা ৰূপান্তৰৰ প্রেক্ষাপটতে ৰাজ্যত আৰম্ভ হয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ আন্দোলন। সংবিধানৰ সংজ্ঞা অনুসৰি আজিৰ অৱস্থাত ৰাজ্যৰ ছটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মর্যাদা পাব লাগে নে নালাগে তাক লৈ বিতর্ক হৈ আছে, সদৌ অসম ট্রাইবেল সংঘকে ধৰি অন্য অনুসূচীভুক্ত জনজাতিক প্রতিনিধিত্ব কৰা সংগঠনবোৰে নতুনকৈ অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ বিষয়টোৰ বিৰোধিতা কৰি আছে যদিও এটা কথা মানি ল'ব লাগিব যে কিৰাট-কছাৰীৰ ১২টা ফৈদৰ ১০টাই ইতিমধ্যে জনজাতিৰ মর্যাদা পোৱাৰ পাছত কি যুক্তিত মৰাণ বা কোচসকলক বঞ্চিত কৰি ৰখা হ'ল?
আনহাতে, যদি চাৰিত্রিক বৈশিষ্ট্য, অর্থনৈতিক অনগ্ৰসৰতা, মূলসুঁতিৰ লগত মিলাৰ সংকোচ, স্বকীয় সাংস্কৃতিক বৈশিষ্ট্য আদি দিশবিলাকো চোৱা যায়, তেতিয়াহ'লে দেখা যায় যে উজনি আৰু নামনিৰ ভিতৰুৱা গাঁওবোৰত বসবাস কৰা উক্ত জনগোষ্ঠী দুটাৰ বেছিভাগ লোকেই জনজাতিকৰণৰ আওতাত পৰাৰ যোগ্য। তাতোকৈও গুৰুত্বপূর্ণ কথা হ'ল অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও মানি লৈছিল আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰেও নাকচ কৰা নাই। আনহাতে, কেন্দ্ৰীয় চৰকাৰেও অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ ব্যৱস্থাটো বন্ধ কৰা নাই। যোৱা ২০২৪ বৰ্ষতো দেশৰ কেইবাটাও জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান কৰি সংসদত বিধেয়ক গৃহীত কৰা হৈছিল। গতিকে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ দাবীৰ সংগ্ৰামক অযুক্তিকৰ বুলি কোৱাৰো অৱকাশ নাই। আন্দোলনৰ যুক্তিযুক্ততাক লৈ প্রশ্ন নাথাকিলেও এই আন্দোলনৰ নেতৃত্বৰ ভূমিকা কিন্তু স্বচ্ছ বুলি ক'ব নোৱাৰি। বহু সময়ত অভিযোগ উঠি আহিছে যে এই জনজাতিকৰণৰ সংগ্রামক এচাম নেতাই নিজৰ ৰাজনৈতিক উত্থান তথা আত্মস্বার্থ পূৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে।
জনজাতিকৰণৰ দাবীৰ গুৰুত্ব আৰু এই আন্দোলনৰ নেতাৰ গুৰুত্ব এই দুটা বিষয় বেলেগ বেলেগ দৃষ্টিকোণেৰে চৰকাৰে চোৱাৰ বাবেও বহু সময়ত বিভ্রান্তিকৰ অৱস্থাৰ সৃষ্টি নোহোৱাকৈ থকা নাই। যি কি নহওক পুনৰ জনজাতিকৰণৰ দাবীত পুনৰ উজনি আৰু নামনি অসম উত্তাল হৈ পৰাটো লক্ষণীয় বিষয়। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আগমুহূর্তত আন্দোলনটোৱে গুৰুতৰ ৰূপ ধাৰণ কৰাটোও গুৰুত্বপূর্ণ। আনহাতে, বিধানসভাৰ নির্বাচনো চমু চাপি আহিছে। এনে অবস্থাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আন্দোলনত নমা জনগোষ্ঠীকেইটাৰ উদগিৰণক কেনেভাৱে লয় বা বিষয়টো কেনেদৰে নিষ্পত্তি কৰে সেয়া লক্ষণীয় হ'ব।