আজিৰ সম্পাদকীয়, শক্তি প্রদর্শন

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক: কুৰি শতিকাৰ দুখন মহাযুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট সেনানায়ক তদানীন্তন ব্রিটিছ প্রধানমন্ত্রী, বিখ্যাত সাহিত্যিক উইনষ্টন চার্চিলে কৈছিল, 'Air superiority is the ultimate expression of Military power,' অর্থাৎ বায়ু সেনাৰ সৰ্বোচ্চ শক্তি অবিহনে দেশ এখনৰ সামৰিক সামর্থ্যৰ সৰ্বশেষ প্রদর্শন সম্ভৱ নহয়। 

দ্বিতীয় বিশ্ব যুদ্ধত মিত্র শক্তিৰ বিজয় সম্ভৱ হৈছিল আমেৰিকাৰ বায়ু সেনাৰ অদ্বিতীয় শক্তিৰ কাৰণে। ভাৰতীয় সশস্ত্র বাহিনীসমূহৰ জোৱানৰ মুঠ শক্তি হৈছে ২.৪ নিযুত। ইয়াৰ ১.৪ নিযুত সক্রিয় আৰু বাকী ১ লাখ সংৰক্ষিত জোৱান। এই সংখ্যাত অর্ধসামৰিক বাহিনীসমূহ অন্তর্ভুক্ত হোৱা নাই। এই দিশৰ পৰা ভাৰতীয় প্ৰতিৰক্ষা বাহিনী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। কিন্তু ইমান বিশাল জোৱানৰ শক্তিক লৈও ভাৰত ইমান দিনে সর্বশ্রেষ্ঠ প্ৰতিৰক্ষা শক্তি হ'ব নোৱৰাৰ কাৰণ ইয়াৰ বায়ু সেনা বাহিনী আছিল মূলতঃ পৰনিৰ্ভৰশীল। 

বিদেশী যুদ্ধ বিমান, বিদেশী যুঁজাৰু হেলিকপ্টাৰ, বিদেশী মিছাইলেৰে চলি আছিল ভাৰতীয় সেনা। কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দেশৰ ক্ষমতালৈ অহাৰ পাছৰ পৰা এই ক্ষেত্রত ছবিখন দ্রুতগতিত সলনি হ'বলৈ ধৰিছে। ভাৰতীয় সেনাক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ মোদী চৰকাৰে গ্ৰহণ কৰা অভিনৱ ব্যৱস্থা কিছুমানৰ প্রকাশ ঘটিল এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত। সাম্প্রতিক বিশ্বৰ অৱস্থা অতি স্পৰ্শকাতৰ। যোৱা ৩/৪ বছৰত বিশ্বই কেইবাখনো ক্ষেত্ৰীয় পৰ্যায়ৰ যুদ্ধৰ সন্মুখীন হৈছে। কেইখনমান যুদ্ধ বহিঃশক্তিৰ হেঁচাত বন্ধ হৈছে যদিও ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ এতিয়াও চলি আছে। 

আনহাতে, ড'নাল্ড ট্রাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত বিশ্বৰ সম্পৰ্কৰ দৃশ্যপট দ্রুতগতিত সলনি হ'বলৈ ধৰিছে। বিভিন্ন দেশৰ বিৰুদ্ধে শুল্ক যুদ্ধত অৱতীৰ্ণ হোৱা বাবে আমেৰিকাৰ লগত বহু দেশৰ সম্পৰ্কৰ বান্ধোন শিথিল হৈ পৰা পৰিলক্ষিত হৈছে। এনে সময়ত ট্রাম্পে গ্রীনলেণ্ড আৰু কানাডা দখল কৰাৰ হুংকাৰ দিয়াৰ পাছত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ফ্রান্স, ডেনমাৰ্কৰ দৰে ইউৰোপীয় ৰাষ্ট্ৰৰ আমেৰিকাৰ সৈতে সম্বন্ধৰ অৱনতি ঘটিছে। দুয়ো পক্ষই পৰস্পৰৰ বিৰুদ্ধে যুদ্ধত প্রবৃত্ত হোৱাৰো হুংকাৰ দিছে। আনহাতে, বিবাদ-সংঘাতত লিপ্ত কেইবাখনো ৰাষ্ট্ৰৰ মুৰব্বীয়ে পাৰমাণলিক অস্ত্র প্রয়োগৰ হুংকাৰ দিয়াৰ ফলত অধিক স্পৰ্শকাতৰ হৈ পৰিছে বিশ্বৰ পৰিস্থিতি। এনে অৱস্থাত নতুন দিল্লীৰ কৰ্তব্য পথত ২৬ জানুৱাৰীত হোৱা পেৰেড আছিল বিশেষভাৱে লক্ষণীয়। 

ভাৰতে এইবাৰ ইউৰোপৰ দুগৰাকী গুৰুত্বপূৰ্ণ নেতাক এই পেৰেডলৈ মুখ্য অতিথি ৰূপে আমন্ত্রণ জনাই আনে। নেতা দুগৰাকী হ'ল ইউৰোপীয় ইউনিয়নৰ অধ্যক্ষ উছুলা ভন ডেৰ লেয়েন আৰু ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্ট'নিঅ' ক'ষ্টা। দুয়োৰে সন্মুখত হোৱা ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত বিশেষভাৱে গুৰুত্ব দিয়া হয় ভাৰতীয় বায়ু সেনাৰ ক্রমবর্ধমান অস্ত্র-শক্তি আৰু এই ক্ষেত্ৰত আহৰণ কৰা স্ব-নিৰ্ভৰশীলতাক। ভাৰতে নিজাকৈ নিৰ্মাণ কৰা 'এডভান্সড্ লাইট হেলিকপ্টাৰ 'ধ্রুৱ' আৰু ইয়াৰ সশস্ত্ৰ প্ৰকাৰ (Armed Variant) কদ্র, এপাচি এ এইচ-৬৪ ইৰ লগতে 'নাগ' ক্ষেপণাস্ত্র ব্যৱস্থা এম কে-২, ব্রহ্মাছ ক্রুইজ ক্ষেপণাস্ত্র, 'আকাশ' এয়াৰ ডিফেন্স ছিষ্টেম, মধ্যম লক্ষ্যভেদী মাটিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ ব্যৱস্থা 'অভ্ৰ'ৰ প্ৰদৰ্শন আছিল গণৰাজ্য দিৱসৰ পেৰেডৰ অন্যতম মুখ্য আকর্ষণ। পেৰেডত স্থল, বায়ু আৰু নৌ সেনাৰ বিভিন্ন বাহিনীৰ শক্তি প্ৰদৰ্শনৰ ৰেলীৰ লগতে দেশত নির্মিত যুদ্ধবাহন 'তক্ষক', T-৯০ ভীষ্ম টেংক, বি এম পি-II ইনফেন্ট্ৰ কমবেট ভেহিকল 'সাৰথ', ধনুষ আর্টিলেৰী বন্দুক, 'দিব্যাস্ত্র' বেটেৰী আৰু বিশেষ কেতবোৰ ড্ৰ'ন প্ৰদৰ্শনৰ জৰিয়তেও দুই ইউৰোপীয় নেতাৰ আগত তুলি ধৰা হৈছিল বিশেষভাৱে সজ্জিত পেৰেডত। পেৰেডৰ আকাশী প্রদর্শনো আছিল চকুত লগা। ইয়াত অংশগ্রহণ কৰে ২৯খন যুদ্ধ বিমান, ১৬খন ফাইটাৰ জেট, ৪খন যুদ্ধাস্ত্র পৰিবাহী বিমান আৰু ৯খন যুঁজাৰু হেলিকপ্টাৰ। এইবোৰৰ ভিতৰত আছিল ছুখই-৩০ এম কে আই, মিগ-২৯, জাণ্ডৱাৰ ফাইটাৰৰ লগতে পৰিবহণ আৰু নিৰীক্ষণ বিমান চি-১৩০, চি-২৯৫ আৰু বায়ু সেনাৰ পি-৮১ এয়াৰ ক্রাফট। এই প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় প্রতিৰক্ষা শক্তি বিশেষকৈ বায়ু যুদ্ধৰ শক্তি, ড্র'ন শক্তিৰ ছবিখন, ভাৰতে নিজাকৈ যুদ্ধ বিমান, টেংক, ক্ষেপণাস্ত্র আদি নির্মাণত লাভ কৰা সফলতাৰ বাৰ্তাৰ বিশ্বলৈ প্ৰৱাহ ঘটিল। 

উল্লেখ কৰা উচিত যে স্থল সেনাৰ দৰে ভাৰতীয় বায়ু সেনাও বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। প্ৰতিৰক্ষাৰ এই বাহিনীকেইটা আছে ১,৩৫,০০০ জোৱান। থলুৱাভাৱে নির্মিতবিলাকৰ লগতে ৰাছিয়া আৰু পশ্চিমীয়া দেশৰ পৰা ক্ৰয় কৰা বিমানকে ধৰি ২৪০০ যুদ্ধ বিমান আছে এই বাহিনীৰ হাতত। আমেৰিকা আৰু ৰাছিয়াৰ পিছতে ই বিশ্বৰ তৃতীয় শক্তিশালী বায়ু সেনা বাহিনী। সেইদৰে ১৫০খন যুদ্ধ জাহাজ আৰু ছাবমেৰিনেৰে নৌ সেনাৰ শক্তিও উলাই কৰিব পৰা বিধৰ নহয়। সেই কাৰণেই বিশ্বৰ সাম্প্রতিক স্পৰ্শকাতৰ পৰিস্থিতিত ভাৰতৰ সৈতে সম্পর্ক গঢ়াত বিশ্বৰ দেশসমূহে গুৰুত্ব দিছে। গণৰাজ্য দিৱসৰ অতিথি হিচাপে থকাৰ লগতে ইউৰোপিয়ান ইউনিয়নে মঙলবাৰে ভাৰতৰ সৈতে কৰা সর্ববৃহৎ বাণিজ্যিক চুক্তি ভাৰতৰ সাম্প্রতিক গুৰুত্বৰে প্ৰতিফলন।

Share This