আজিৰ সম্পাদকীয়, উন্নয়নৰ মডেল আৰু প্ৰকৃতিৰ সংকট

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : দেশক দেশমাতৃকা বোলা হয়। জনমভূমিক মাতৃৰ লগত তুলনা কৰা বিশ্বত বহু দেশ আছে। সেইফালৰ পৰা প্ৰতিখন দেশেই মাতৃ স্বৰূপা। কিন্তু, সেয়ে হ'লেও সকলো মাতৃৰে মাতৃ আছে। সেয়া হ'ল বিশ্বপ্রকৃতি। আন কথাত, আই বসুমতী বা বসুন্ধৰা। এই বসুন্ধৰাই হ'ল সমগ্ৰ মানৱ জাতি, গছ-গছনি, জীৱ-জন্তু সকলোৰে মাতৃ। 'সভ্য' মানুহে 'আধুনিক' হোৱাৰ পাছত ক্রমে আই বসুন্ধৰাক অৱজ্ঞা কৰিবলৈ লৈছে। 

বিশ্বপ্রকৃতিৰ বুকুত আধুনিক শিল্পসমৃদ্ধ মানুহৰ আক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। ফলত প্রকৃতি মাতৃ ক্ষুব্ধ হৈছে। উগ্র ৰূপ লৈছে। যোৱা কিছুদিন ধৰি সমগ্ৰ ভাৰততে, আনকি ইউৰোপ-আমেৰিকাতো ক্ষুব্ধ প্রকৃতিয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰাৰ বাতৰি আহিছে। ইউৰোপত তাপমাত্রা বাঢ়িছে। আমেৰিকাতো সমুদ্র উপকূল অঞ্চলত বর্ধিত পানীয়ে নগৰবাসীক জলা-কলা খুৱাইছে। ভাৰতবৰ্ষত সৰু-বৰ প্ৰায় সকলো চহৰতে বানৰ তাণ্ডৱ, উষ্ণতা বৃদ্ধি, ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন আদি পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ প্ৰধান কাৰণেই হ'ল ভূ-প্রকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা গুৰুত্বপূৰ্ণ দিশবোৰক অৱজ্ঞা কৰি নগৰীকৰণত অত্যধিক গুৰুত্ব দিয়া। তথাকথিত পুঁজিবাদী বিকাশৰ সূত্ৰই বহনক্ষম উন্নয়নৰ ধাৰণা নামানে। তাৰ বাবেই আজি পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাজনিত সমস্যা বৃদ্ধি পাইছে।

শেহতীয়াকৈ, ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত পৰিৱেশ-পাৰিপার্শ্বিকতা অধ্যয়ন সংগঠনৰ দ্বাৰা প্ৰকাশিত তথ্য আৰু তালিকাত (Environment Performance Index) এশ ছয়সত্তৰখন দেশৰ তালিকাত ভাৰতৰ স্থান নির্ধাৰিত হৈছে এশ পয়সত্তৰ নং স্থানত। অর্থাৎ তলফালৰ পৰা দ্বিতীয়। এই কথা অত্যন্ত উদ্বেগজনক আৰু চিন্তনীয়। যোৱা সময়ছোৱাত, কেন্দ্রীয় চৰকাৰে পূৰ্বৰ পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনৰ বহুবোৰ দফা শিথিল কৰি দিয়াত, প্রকৃতি আৰু পাৰিপাৰ্শ্বিকতাৰ ক্ষতি কৰিব পৰা ধৰণৰ কাম-কাজ দেশত বৃদ্ধি পাইছে। নগৰীকৰণ (urbaniza-tion)ৰ পৰৱৰ্তী কালত, ইতিমধ্যে গঢ় লৈ উঠা মহানগৰ-চহৰসমূহে বর্ধিত চাহিদা পূৰণ কৰিব নোৱৰাত, একেটা অঞ্চলতে পুৰণা গাঁথনি ভাঙি নতুনকৈ বহুমহলীয়া অট্টালিকা, ব্যাৱসায়িক অতি আধুনিক নির্মাণসমূহ ধাৰাবাহিকভাৱে কৰি যোৱা হৈছে। 

পূৰ্বৰ বাট-পথবোৰ পৰিৱৰ্তিত পৰিস্থিতিত ঠেক হৈ পৰাত, তাক নতুনকৈ ফৰলেন-চিক্সলেন ৰূপত নিৰ্মাণ কৰা হৈছে। কিন্তু, নগৰৰ জল নিষ্কাশনৰ উপায় নলা-নর্দমাবোৰ সেই অনুপাতে বহল আৰু দ কৰা হোৱা নাই। তাৰ বিপৰীতে নতুন ফ্লাইঅ'ভাৰৰ নিৰ্মাণৰ ফলত, তাৰ অৱশেষ পৰিত্যক্ত জাবৰ, শিল-বালি আদি পানীয়ে কঢ়িয়াই নিয়াৰ ফলত, প্লাষ্টিকৰ বটল-পলিথিন আদি জমা হোৱাৰ বাবে নর্দমাৰ জল নিষ্কাশন ক্ষমতা হ্রাস পাইছে। ফলত তথাকথিত কৃত্রিম বানপানী বর্তমান নিয়মীয়া বানপানীত পৰিণত হৈছে। নগৰ উন্নয়নৰ নামত প্রতিবছৰেই হাজাৰ হাজাৰ কোটি টকা ব্যয় হৈ থকাৰ পাছতো এই অৱস্থা। যি গুজৰাট মডেলৰ কথা বৰ্তমানৰ চৰকাৰ আৰু চৰকাৰ চলোৱা দলৰ নেতাই বৰকৈ উল্লেখ কৰে, সেই গুজৰাটৰ ছুৰাট-আহমেদাবাদ আদি প্রধান চহৰ বানৰ কবলত। উন্নত মানৰ পথ-দলং আদি সকলো বিধ্বস্ত হৈ পৰিছে। মুম্বাই মহানগৰীত বাট-পথত সৰু চাৰিচকীয়া বাহন পানীত সম্পূর্ণ ডুব গৈছে। এয়া অতিবৃষ্টিৰ বাবে হোৱা নাই। অপ্রয়োজনীয় আৰু অপৰিকল্পিত নিৰ্মাণকাৰ্যৰ বাবে, আৰু বহনক্ষম উন্নয়নৰ সূত্ৰ অৱমাননা কৰি প্ৰকৃতিয়ে বহন কৰিব নোৱৰা বোজা প্ৰকৃতিৰ ওপৰত জাপি দিয়াৰ বাবে হৈছে। বিকাশ আৰু উন্নয়ন মানে নির্দিষ্ট কেইজনমান পুঁজিপতিৰ ব্যৱসায় আৰু সম্পদ বৃদ্ধি নহয়। সাধাৰণ জনতাক স্পর্শ নকৰা উন্নয়ন প্রকৃত নহয়। এয়া আলংকাৰিক উন্নয়নহে।

উন্নয়নৰ নিত্য নতুন প্রকল্পসমূহত পৰিৱেশ ক্ষতিকাৰক দিশবোৰ চৰকাৰে অৱজ্ঞা কৰাটো এটা আত্মঘাতী সিদ্ধান্ত হৈ পৰিব পাৰে। যিদৰে অৰুণাচল প্ৰদেশৰ ভবিষ্যতক লৈ আজি অৰুণাচলী ৰাইজ শংকিত হৈ পৰিছে, ঠিক তেনেদৰে আদানি গোষ্ঠীয়ে আন্দামান নিকোবৰত এটা বিশেষ প্রকল্প প্রতিষ্ঠা কৰিবলৈ গৈ ব্যাপক এটা অঞ্চলৰ বনাঞ্চল উচ্ছেদ কৰাৰ সিদ্ধান্তই কেৱল ভাৰতৰে নহয়, সমগ্র বিশ্বৰে প্ৰকৃতিবিদ আৰু পৰিৱেশ ৰক্ষা আন্দোলনৰ লগত জড়িত পক্ষসমূহক দুশ্চিন্তাগ্রস্ত কৰিছে। গোলকীয় উত্তাপ বৃদ্ধিৰ ফল ভাৰতেও ভুগিছে। প্রধান নগৰ-চহৰৰ তাপমাত্রা বৃদ্ধিয়ে নিতৌ অভিলেখ সৃষ্টি কৰিছে। চৰকাৰীভাৱে কিছু সংখ্যক গছপুলি ৰোপণ কৰি অৰণ্যৰ অভাৱ দূৰ কৰিব নোৱাৰি। নিকোবৰ দীপপুঞ্জৰ অৰণ্য এটা ভূ-প্রাকৃতিক ব্যৱস্থা। অৰণ্য মানেই বহু পৰিমাণৰ জীৱ-জন্তু, চৰাই, কীট-পতংগ, সৰীসৃপৰ আশ্রয় ভূমি। তেনে এলেকা কৃত্রিমভাৱে তৈয়াৰ কৰিব নোৱাৰি। তেনেস্থলত তাত স্বাভাবিকভাৱে গঢ় লৈ উঠা অৰণ্য অঞ্চল ধ্বংস কৰি তথাকথিত উন্নয়নমূলক প্রকল্প কৰিলে তাৰ পৰা হোৱা পৰিৱেশ-পাৰিপাৰ্শ্বিকতাৰ ক্ষতিও পূৰণ কৰিব নোৱাৰি। 

নগৰীকৰণৰ বৰ্তমান পৰ্যায়ত বাট-পথ বহল কৰাৰ নামত, ছেটেলাইট টাউনশ্বিপৰ নামত, পৰ্যটকৰ বাবে পঞ্চ তাৰকা হোটল নিৰ্মাণৰ নামত প্রকৃতি ধ্বংসকার্য চলাই যাব খোজা হৈছে। বাট-পথত যান-বাহনৰ ভিৰ, যান-জঁট আদিৰ বাবেই পথ বহল কৰা, ফ্লাইঅ'ভাৰ এখনৰ কাষতে আন এখন নিৰ্মাণ কৰাৰ প্ৰয়োজন আহি পৰিছে। কিন্তু, একে সময়তে যে দুচকীয়া, চাৰি চকীয়া, ছয় চকীয়া আদি বিভিন্ন বাহন আৰু গুৰু বাহনৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, সেই কথাও ঠিক। বাহনৰ সংখ্যাৰ অত্যধিক বৃদ্ধি যান-জঁটৰ অন্যতম প্রধান কাৰণ। পুঁজিবাদী ভোগবাদক প্রশ্রয় দিলে পৰিৱেশৰ প্ৰতি ভাবুকি আহিবই। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে প্ৰকৃতিৰ ৰোষত তথাকথিত উন্নয়ন বিধ্বস্ত হ'ব। সেইবাবেই আজি উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰা আমি শিক্ষা ল'ব লাগিব। অধিক মুনাফা বিচৰা বণিক গোষ্ঠীৰ হাতত চৰ্তহীনভাৱে দেশৰ উন্নয়নৰ দায়িত্ব এৰি দিলে, দেশ একোখনৰ ৰূপ বাহিৰে ৰং-চং হয়তো হ'ব, কিন্তু ভিতৰি কোৱাভাতুৰী হৈয়েই থাকিব। সেইবাবেই প্রকৃতি চেতনা আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা আজিৰ উন্নয়ন প্ৰক্ৰিয়াৰ অপৰিহাৰ্য অংগ হ'বই লাগিব।

Share This