আজিৰ সম্পাদকীয়, ডিজিটেল ডকাইতি

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক: দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ চাইবাৰ চেলে 'ডিজিটেল এৰেষ্ট'ৰ জৰিয়তে ঠগ-প্ৰৱঞ্চনা কৰা এক বৃহৎ চক্ৰ উৎখাত কৰাৰ বাতৰি প্ৰকাশ হৈছে। ধৃত অভিযুক্তদ্বয় আনিশ সিং আৰু মণি সিঙে নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বিভিন্নজনক ভয়-ভাবুকি দিয়া আৰু মানসিক হেঁচা প্রদানেৰে তেওঁলোকৰ পৰা মোটা অংকৰ ধন সৰকোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে দাখিল হোৱা ১৯০টাৰো অধিক অভিযোগৰ ভিত্তিত জানিব পৰা যায় যে দুয়োজনৰ বেংক একাউন্টলৈ ১০০ কোটি টকাৰো অধিক ধন হস্তান্তৰ হৈছিল। 

আৰক্ষীয়ে নিশ্চিত কৰিছে যে এই ধনসমূহ চাইবাৰ প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা হৈছিল। চাইবাৰ অপৰাধী চক্ৰটোৱে বহু লোকক ডিজিটেল এৰেষ্ট কৰি তেওঁলোকৰ বেংক একাউণ্টৰ পৰা লাখ লাখ টকা সৰকাই নিছিল। ১০০ কোটি টকা নিঃসন্দেহে এক বৃহৎ অংক, কিন্তু ভাৰতবৰ্ষৰ ডিজিটেল এৰেষ্টৰ জৰিয়তে লুট কৰা ধনৰ অংক ইয়াতকৈ বহু গুণ বেছি। দৰাচলতে এই বৃহৎ প্ৰৱঞ্চনাৰ জালখনত আনিশ সিং আৰু মণি সিং এটা মাত্র ক্ষুদ্র উদাহৰণহে- কিন্তু এই উদাহৰণে আমাক বুজাই দিয়ে এই সমগ্ৰ প্ৰৱঞ্চনাৰ ব্যাপ্তি আৰু ভয়াৱহতা। 

দেশৰ সাধাৰণ জনতাতো বাদেই, উচ্চতম ন্যায়ালয়ো এই ভয়াৱহ বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনাসমূহক লৈ চিন্তিত হৈ পৰিছে। যোৱা ৯ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ডিজিটেল এৰেষ্ট সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্রহণ কৰি দেশৰ চাইবাৰ অপৰাধীয়ে প্ৰৱঞ্চনাৰে প্ৰায় ৫৪ হাজাৰ কোটি টকা উলিয়াই নিয়া কার্যক ডকাইতি বুলি অভিহিত কৰে। 

মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশদ্বয় জয়মাল্য বাগচি আৰু এন ভি আঞ্জাৰিয়াৰ বিচাৰপীঠে ডিজিটেল প্ৰৱঞ্চনাৰে সৰকাই নিয়া ধন এখন সৰু ৰাজ্যৰ বাজেটৰ সমান হ'ব বুলিও মন্তব্য কৰে। বিচাৰপীঠে ডিজিটেল এৰেষ্টৰ জৰিয়তে হোৱা বিত্তীয় প্ৰৱঞ্চনাৰ পৰা সাধাৰণ ৰাইজক সুৰক্ষিত কৰিবৰ বাবে ৰিজার্ভ বেংক, দেশৰ অন্যান্য বেংকসমূহৰ লগতে গৃহ মন্ত্ৰ্যালয় আৰু টেলি কমিউনিকেশ্যন মন্ত্র্যালয়ক কঠোৰ এছ অ' পি জাৰি কৰাৰ বাবে নির্দেশ দিয়ে। ন্যায়ালয়ে বেংকসমূহক গ্রাহকৰ ধন জমা ৰখাৰ দায়বদ্ধতা বুজি উঠাৰ বাবে আৰু আন্তঃ এজেঞ্চি সমন্বয় বৃদ্ধি কৰাৰ বাবেও নিৰ্দেশ দিয়ে। ইফালে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে উচ্চতম ন্যায়ালয়ত উল্লেখ কৰে যে 'ডিজিটেল এৰেষ্ট'ৰ দৰে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰ্যালয় সমিতি গঠন কৰিছে। 

উল্লেখযোগ্য যে চাৰি সপ্তাহৰ পাছত উল্লিখিত ডিজিটেল প্ৰৱঞ্চনাৰ গোচৰটোৰ শুনানি পুনৰ গ্ৰহণ কৰা হ'ব আৰু তেতিয়ালৈ কেন্দ্রীয় চৰকাৰে ষ্টেটাছ ৰিপ'ৰ্ট দাখিল কৰিব লাগিব। এইবোৰ কথাৰ পৰা বুজা যায় বিচাৰটো যথেষ্ট গুৰুত্বপূৰ্ণ। উচ্চতম ন্যায়ালয়েও বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈ সকলোকে বিষয়টোৰ সম্পৰ্কত সচেতন কৰিবলৈ যত্ন কৰিছে।

উল্লেখযোগ্য যে দেশত ডিজিটেল এৰেষ্টৰ ঘটনা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। কেৱল ২০২৪ চনতে এনেধৰণৰ ২.২ নিযুত চাইবাৰ অপৰাধ সংঘটিত হৈছিল, য'ত সাধাৰণ গ্ৰাহকৰ একাউণ্টৰ পৰা প্ৰায় ২২ হাজাৰ কোটি টকা লুটি নিয়া হৈছিল। নেশ্যনেল চাইবাৰ ক্রাইম ৰিপ'টিং প'ৰ্টেলৰ তথ্য অনুসৰি, ২০২২ চনৰ পৰা ২০২৪ চনলৈ ভয়ংকৰ হাৰত বৃদ্ধি পালে ডিজিটেল এৰেষ্টৰ ঘটনা।

ডিজিটেল এৰেষ্ট বুলি ক'লে সাধাৰণতে চাইবাৰ অপৰাধীয়ে কোনো লোকক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে ভয়-ভাবুকিৰে ধন সৰকোৱাৰ এক ভয়াৱহ ফন্দিকে বুজা যায়। এইক্ষেত্ৰত সাধাৰণতে চাইবাৰ অপৰাধীয়ে কোনো এজন ব্যক্তিলৈ ফ'ন কৰি নিজকে পুলিচ, চি বি আই, আবকৰী, সামৰিক বাহিনী আদিৰ বিষয়া বুলি নিজৰ পৰিচয় দি বিভিন্ন মনে সজা অভিযোগত সংশ্লিষ্ট লোকজনক মানসিকভাৱে ভীতিগ্রস্ত কৰি ধন সৰকোৱাৰ ফন্দি ৰচে। ভাৰতবৰ্ষৰ আইনী পৰিভাষাত 'ডিজিটেল এৰেষ্ট' নামৰ কোনো কথা নাই যদিও শেহতীয়া চাইবাৰ অপৰাধৰ এনেধৰণৰ কৰ্মকাণ্ডক 'ডিজিটেল এৰেষ্ট' নামেৰে জনাজাত হৈছে। 

মন কৰিব লগীয়া কথাটো হ'ল ডিজিটেল এৰেষ্টৰ ভুক্তভোগীসকল সাধাৰণতে শিক্ষিত, কাৰিকৰী জ্ঞান থকা, ধনৱান লোকসকলেই হয়। চাইবাৰ অপৰাধীসকলে সাধাৰণতেই নেট বেংকিং কৰা, ডিজিটেল পেমেন্ট এপ ব্যৱহাৰ কৰা, ভাল বেংক বেলেঞ্চ থকা, ম'বাইল ফ'ন ব্যৱহাৰত অভ্যস্ত লোককে তেওঁলোকৰ 'চিকাৰ' ৰূপে নিৰ্বাচন কৰা দেখা যায়। সেইদৰে এক প্রতিবেদন অনুসৰি, উচ্চ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা লোকসকল এনে চাইবাৰ অপৰাধীৰ 'ভাল পচন্দ'। কাৰণ তেওঁলোকৰ একাউণ্টত সাধাৰণতে সৰহ পৰিমাণৰ ধন জমা থাকে, পদ মর্যাদা অনুসৰি সমাজৰ প্ৰতি অতি সচেতন আৰু সর্বোপৰি ডিজিটেল পৃথিৱীখনৰ সৈতে তেওঁলোক পৰিচিত যদিও এইক্ষেত্রত অতি পটু নহয়।

এনে পৰিপ্ৰেক্ষিতত এই ডিজিটেল প্ৰৱঞ্চকৰ কবলত নপৰাৰ এটা প্রাথমিক চর্ত হ'ল নিজে সচেতন হৈ চলা। অচিনাকি নম্বৰৰ প্ৰতিটো ফ'ন কল, মেছেজৰ প্রতি সচেতন তথা সন্দিহান হ'বই লাগিব। তদুপৰি চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৯৩০ হ'ল চাইবাৰ ঠগৰ দ্বাৰা প্ৰতাৰিতসকলৰ বাবে মুকলি কৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ। চাইবাৰ প্ৰৱঞ্চকৰ কবলত পৰি ধন হেৰাল বুলি বুজি পালে লগে লগে এই নম্বৰত ফ'ন কৰি অভিযোগ দিয়া উচিত।

Share This