ডিজিটেল ডেস্ক : উৎসৱৰ সময় শৰৎ। শৰতত দুর্গোৎসৱ, শৰতত বাস, শৰততে দীপাৱলীও। পোহৰৰ উৎসৱ দীপাৱলী। চাকিৰ পোহৰত জিলিকি উঠে দশোদিশ। বিশ্বাস, প্রদীপৰ আলোকত বিতাড়িত হয় অসূয়া, অমংগল। দীপাৱলীৰ চাকিৰ পোহৰত যেন উপনিষদৰ এই শ্লোকৰ প্ৰতিফলন হয়, 'অসতো মা সত্ গময়।/তমসো মা জ্যোতির্গময়।/মৃত্যোর্মা অমৃতং গময়। /ও শান্তি ও শান্তি ও শান্তি।' অর্থাৎ অসত্যৰ পৰা সত্যলৈ নিয়া, অন্ধকাৰৰ পৰা পোহৰৰ দিশে নিয়া, মৃত্যুৰ পৰা অমৰত্বলৈ লৈ যোৱা। সর্বত্র যেন বিয়পি পৰক শান্তিৰ বাৰ্তা। কিন্তু এইবাৰ অসমত দীপাৱলীৰ স্বৰূপ সুকীয়া। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য বিগত এটা মাহ এক অভূতপূর্ব গণবেদনাত নিমজ্জিত। সম্ভৱতঃ অসমৰ ইতিহাসতে এনেকৈ এটা মাহ সমগ্ৰ ৰাজ্য এনেধৰণৰ গণবেদনাত আক্রান্ত হৈ থকাৰ দৃষ্টান্ত পাবলৈ নাই। নিঃসন্দেহে এনে গণবেদনাৰ পৰিসৰ আৰু ব্যাপ্তি নিৰ্ভৰ কৰে মানুহজন কিমান পৰিচিত, তেওঁৰ ব্যক্তিত্ব আৰু কাম-কাজে তেনেদৰে প্রভাৱান্বিত কৰিছিল তাৰ ওপৰত। আজি জুবিনৰ বাবে অসমবাসীয়ে যি পৰ্যায়ৰ শোকত কাতৰ হৈছে তেনে শোক নিশ্চয় আন ভাৰতীয়ই অনুভৱ নকৰিব পাৰে। ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ সময়তো এনেধৰণৰ গণ বেদনাৰ ছবি প্রকাশ হৈছিল।
ইংলেণ্ড আৰু বেলছত তেওঁৰ মৃত্যুৰ পাছত বৃদ্ধি পাইছিল আত্মহত্যাৰ হাৰ- বিশেষকৈ ৰাজকুমাৰীৰ বয়সৰ মহিলাসকলৰ মাজত। প্রকৃততে চেলিব্রিটীসকলৰ লগত বহু সময়ত তেওঁলোকৰ অনুৰাগীৰ একপক্ষীয় এক বন্ধন সৃষ্টি হয়। কোনো কালে হয়তো লগ নোপোৱা তাৰকাকো অনুৰাগীয়ে নিজৰ অতিকে আপোন বুলি ভাবে। সেয়ে যেতিয়া সেই চেলিব্রিটীৰ মৃত্যু হয় তেতিয়া সেই বন্ধন ভাগি যায় আৰু শোকৰ বন্যা বয়। এই শোক নিজৰ আপোনজনক হেৰুওৱাৰ দৰেই। অসমীয়াৰ বাবে জুবিন কেবল এজন গায়ক বা শিল্পী নাছিল, আছিল এক সত্তা, এক পৰিচয়। সেয়ে জুবিনক হেৰুওৱাৰ অৰ্থ অসমীয়াই যেন নিজৰ সত্তা হেৰুৱাইছে, অস্তিত্ব হেৰুৱাইছে। এনে ক্ষেত্রত স্বাভাৱিকতেই এই দুখবোধ কেৱল ব্যক্তিগত হৈ নাথাকে, ই হৈ পৰে সামূহিক। সেয়ে জুবিনৰ মৃত্যুত প্রকাশ হৈছে এই অভূতপূর্ব গণবেদনা। এই গণবেদনাত নিমজ্জিত হৈ থাকোঁতেই আয়োজন হৈছিল দুর্গা পূজা। জুবিনক হেৰুওৱাৰ দুখত ম্রিয়মাণ অসমবাসীয়ে অতি স্বতঃস্ফূর্ত গতিৰে এই আয়োজন সীমিত কৰি পেলালে, উৎসৱৰ ৰং-ৰহইছ এৰি নিঃশব্দে কৰিলে মাথোঁ দেৱীৰ আৰাধনা। শোকত কাতৰ মানুহখিনিয়ে পৰিপক্কতা দেখুৱালে-কোনোধৰণৰ বিবাদ, বিতর্ক, সংঘাতৰ মাজলৈ নোযোৱাকৈ শোকৰ আচ্ছাদনেৰে ঢাকি পেলালে দুর্গোৎসৱৰ সমস্ত আয়োজন। এই শোকত ম্রিয়মাণ, কিন্তু বিচাৰ-বিবেচনাৰে পৰিপক্ক মানুহখিনিৰ সন্মুখলৈ এইবাৰ আহিছে দীপাৱলী। এই মানুহখিনিক জানো এই সময়ত কোনোবাই কোৱাৰ প্ৰয়োজন আছে দীপাৱলী কেনেকৈ পালন কৰিব লাগে? ফটকা ফুটাম নে নুফুটাম, বং-বিৰঙৰ লাইট জ্বলাম নে নজ্বলাম- এই সিদ্ধান্ত নিজে ল'ব পৰাকৈ শোকত কাতৰ এই মানুহখিনি পৰিপক্ক নহয় জানো? এনেকুৱা অৱস্থাত যদি কোনোবাই 'ফটোৱা জাৰি' কৰি জুবিনৰ মৃত্যুৰ বাবে এইবাৰ দীপাবলী অনুষ্টুপীয়া কৰিব, ফটকা নুফুটাব জাতীয় কথাৰে শোকাকুল মানুহখিনিৰ আৱেগ নিয়ন্ত্রণ কৰিব খোজে বা চৰকাৰৰ মুৰব্বীজনে যদি এই শোকাকুল, জুবিন মৃত্যুৰ ন্যায় বিচৰা মানুহখিনিৰ আগত ফটকা ফুটোৱা, বৰপেটাৰ আতচবাজীৰ কথা কৈ ফটকা ফুটাবলৈ উৎসাহ দিয়াৰ দৰে কথা কয় তেনেক্ষেত্ৰত এই সকলোবোৰেই কিন্তু এক অস্থিৰ-বিশৃংখল পৰিস্থিতিলৈ আগবঢ়াৰহে বাট দেখুৱায়। শোকত কাতৰ মানুহখিনিয়ে নিজৰ বিচাৰ-বিবেচনাৰে জানে কিমান পর্যায়ত শোকত কিমান পৰ্যায়ৰ আনন্দৰ বাবে তেওঁলোক মানসিকভাৱে সাজু। শোকৰ এই স্বতঃস্ফূর্ত গতিক আনে নিয়ন্ত্রণ কৰিবলৈ চেষ্টা চলালেই কিন্তু বিবাদ, মতানৈক্য, অস্থিৰতা আহিব। তাতোতকৈ ভয়ংকৰ কথা এই শোক প্রকাশৰ হীন-দেঢ়িক লৈ অনেকেই কিন্তু ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা চলাইছে।
এনে পৰিস্থিতিত ৰাইজে মনত ৰাখিব লাগিব জুবিনবিহীন অসমত এতিয়া জুবিন মৃত্যুৰ ন্যায়প্রাপ্তিহে সর্বাধিক অগ্রাধিকাৰ পাবৰ যোগ্য বিষয়। এই বিষয়টোৰ পৰা আঁতৰি যাব খোজা, বা আঁতৰাই নিব খোজা সকলো 'ইছ্যু'ৰ প্রতি যুক্তিনিষ্ঠ উদাসীনতা প্রকাশ কৰিব পৰাটোৱেই হ'ব জাতিটোৰ পৰিপক্কতাৰ পৰিচয়। জুবিনৰ মৃত্যুত কিমান শোক কৰিব আৰু দীপাৱলীত কিমান আনন্দ কৰিব সেয়া ব্যক্তি বিশেষৰ নিজস্ব বিচাৰ-বিবেচনালৈ এৰি কাৰো টুলুঙা, উচটনিমূলক কথা-কামলৈ মনোযোগ নিদি জুবিনৰ ন্যায়প্রাপ্তিত দিব লাগিব সর্বোচ্চ অগ্রাধিকাৰ। জাতিটোক জুবিনে বহুত দিলে, তেওঁৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাটো এতিয়া জাতিৰ দায়িত্ব- দীপাৱলীৰ চাকিৰ পোহৰে জাতিটোক অসত্যৰ পৰা সত্যলৈ যোৱাৰ বাট দেখুৱাওক।