বেচৰকাৰী মেডিকেল কলেজৰ চিকিৎসক

Kakali Deka August 25, 2025

ডিজিটেল ডেস্কঃ অভিভাৱকে নিজৰ সন্তানৰ বা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যৎ জীৱনটো আর্থিকভাৱে স্বচ্ছলৰূপে কামনা কৰাটো একো অস্বাভাৱিক কথা নহয়। প্রধানতঃ এই আর্থিকভাৱে স্বচ্ছল জীৱনৰ কামনাৰে চিকিৎসাক বৃত্তি হিচাপে ল'ব খোজা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সেয়ে দিনৌ বাঢ়িছে।

 অপ্রিয় হ'লেও সত্য দুৰ্গতজনৰ সহায়, ৰোগ-ব্যাধিৰ পৰা মানুহক মুক্তি দিয়া, মানৱতাৰ দৰে কথাবোৰ এই প্ৰসংগত কেতিয়াবা থাকিলেও অধিকাংশৰ ক্ষেত্ৰতে আর্থিক স্বচ্ছলতাহে মূল বিষয়। কোৱা হৈছেই ইয়াত অস্বাভাৱিকতা একো নাই। কিছুদিন পূৰ্বে চিকিৎসাৰ সৰ্বভাৰতীয় বাছনী পৰীক্ষা (নীট)ৰ ফল ঘোষণাৰ পাছত নামভর্তি প্রক্রিয়া চলি আছে। এনে সময়তে প্রকাশ হৈছে এক প্রতিবেদন, য'ত প্রকাশ হোৱা কিছুমান তথ্য কিন্তু বিশেষভাৱে মনোযোগ দিবলগীয়া। সৰ্বভাৰতীয় কেৰিয়াৰ মেগাজিন 'কেৰিয়াৰ্ছ ৩৬০'ৰ এক সমীক্ষাত প্রকাশ পোৱা মতে বৰ্তমান দেশৰ অন্ততঃ ৩২খন মেডিকেল কলেজৰ মেনেজমেন্ট কোটাত এম বি বি এছ পঢ়াৰ খৰচ ১ কোটি টকাতকৈও বেছি। এই সংখ্যা ২০২২ চনত আছিল ১৬খন কলেজ। চিকিৎসা বিজ্ঞানত ক'ৰ্চ ফীজ ১ কোটি টকাৰ অধিক হোৱা বেচৰকাৰী কলেজৰ সংখ্যা দেশত তিনি বছৰত বাঢ়িল প্রায় দুগুণ। অর্থাৎ চিকিৎসক হোৱাৰ হাবিয়াহ যেনেদৰে বাঢ়িছে তেনেদৰে মেনেজমেন্ট কোটাত ভর্তি হৈ চিকিৎসক পাঠ্যক্রম পঢ়াৰ সুযোগো ভাৰতত দ্রুতগতিত বাঢ়িব লাগিছে আৰু সেইদৰে ইয়াৰ লগত তাল মিলাই বাঢ়িছে 'ক'ৰ্চ ফীজ'। সমীক্ষাটোত প্রকাশ পোৱা মতেই চলিত শিক্ষাবৰ্ষত দেশৰ ৩২খন বেচৰকাৰী মেডিকেল কলেজৰ পাঁচ বছৰৰ এম বি বি এছ পঢ়াৰ খৰচ ১ কোটি টকাৰ বেছি। এই কলেজসমূহৰ অধিকাংশই পশ্চিম আৰু দক্ষিণ ভাৰতৰ। বেংক থাকিলেও বেচৰকাৰী মেডিকেল কলেজত আসন লোৱা বৰ সহজ নহয়- ইয়াৰ প্ৰধান কাৰণ টকাৰ অংক বাঢ়িছে অতি দ্রুতগতিত। বার্ষিক ফীজ বঢ়া নাই- এনেকুৱা কলেজ প্রায় বিৰল। অধিকাংশই লাখৰ হিচাপত বঢ়াইছে বার্ষিক মাচুল। প্রতিবেদনত প্রকাশ পোৱা মতে দেশৰ সবাতোকৈ ব্যয়বহুল দুখন মেডিকেল কলেজ হ'ল চেন্নাইৰ শ্ৰী বালাজী মেডিকেল কলেজ আৰু শ্ৰী ৰামচন্দ্ৰ ইনষ্টিটিউট অব হায়াৰ এডুকেশ্যন এণ্ড ৰিছাৰ্চ। ইয়াত চিকিৎসা বিজ্ঞানৰ স্নাতক মহলাৰ বার্ষিক ফীজ হ'ল ক্রমে ৩০ দশমিক ৫ লাখ আৰু ৩০ লাখ টকা। অৱশ্যে 'তুলনামূলকভাৱে কম খৰচ'ত বেচৰকাৰী মেডিকেল কলেজত পঢ়াৰ সুবিধাও আছে। এই ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে পুনেৰ ছিমবাছিছ মেডিকেল কলেজ ফৰ উইমেন। ইয়াত স্নাতক চিকিৎসা বিজ্ঞানৰ সমুদায় মাচুল প্রায় ৫০ লাখ। তালিকাত আছে দিল্লীৰ হামদর্দ ইনষ্টিটিউট অব মেডিকেল ছায়েন্স এণ্ড বিছাৰ্চৰ নামো। ইয়াতো সমুদায় ক'ৰ্চৰ মাচুল প্রায় ৬৫ লাখ। কিন্তু কম বুলি কোৱা এইবোৰ মাচুলো যে নিম্ন আয়ৰতো দূৰৰে কথা, মধ্যবিত্ত শ্রেণীৰো বহু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সাধ্যৰ বাহিৰত সেয়া সহজেই অনুমেয়।

উপৰুৱা দৃষ্টিত এই কথাখিনিত বিশেষ চিন্তাৰ কথা নাই- বেচৰকাৰী পাঠ্যক্ৰম পঢ়িছে, গতিকে মাচুল পৰিশোধ কৰিছে। কিন্তু একাংশ চিকিৎসক তথা সচেতন লোকে এই বিষয়টো আনধৰণেৰে পৰ্যবেক্ষণ কৰিছে যিটো উলাই কৰিব পৰা দিশ নহয়। তেওঁলোকৰ মতে বেচৰকাৰী প্ৰতিষ্ঠানত অধিক ধন পৰিশোধ কৰি গ্ৰহণ কৰা শিক্ষাই নিম্নমানৰ চিকিৎসক তৈয়াৰ কৰা কাৰবাৰটোত ইন্ধন যোগাব। উত্তীৰ্ণ হোৱাৰ পাছত চিকিৎসক হয়তো তেওঁ হ'ব, কিন্তু নীতি-নিয়ম, নৈতিকতা কিমান অনুসৰণ কৰিব তাক লৈ সন্দেহ আছে বহুতৰে। কাৰণ যি বিশাল পৰিমাণৰ অৰ্থ তেওঁ চিকিৎসক হ'বৰ বাবে ব্যয় কৰিব লগা হৈছে সেয়া 'সুদসহ' ওভতাই পাবলৈ 'স্বাভাৱিকতেই' বিচাৰিব আৰু এই বিচৰা কাৰ্যটোতে নীতি-নিয়ম, নৈতিকতা জলাঞ্জলি দি ধন ঘটা এটা মেচিন হৈ যোৱাৰ দুৰ্ভাবনাক নুই কৰিব নোৱাৰি। বেচৰকাৰী মেডিকেল শিক্ষানুষ্ঠানৰ দ্রুত বৃদ্ধি পোৱা জনপ্রিয়তা আৰু ইয়াৰ মহাৰ্ঘ্য ৰূপ দেখি অনেকেই মন্তব্য কৰিছে 'এয়াই আমাৰ দেশৰ চিকিৎসা-শিক্ষাৰ ভৱিষ্যৎ। আধুনিক চিকিৎসা বিজ্ঞানক পূর্ণ পৰ্যায়ত বেচৰকাৰীকৰণৰ দিশে লৈ যাব খুজিছে আমাৰ দেশে।' এনেই এই বস্তুবাদী পৃথিৱীত মানৱীয় কথা-কাণ্ডবোৰৰ দ্রুত অৱনতি ঘটিছে। কিন্তু তৎসত্ত্বেও সমাজে চিকিৎসকৰ পৰা মানৱীয় আচৰণ আশা কৰে, বহু সময়ত জ্ঞান কৰে ভগৱানৰূপেও আৰু সেয়ে যিবোৰ বৃত্তিক লৈ সমাজ সততে সচেতন তাৰ ভিতৰত চিকিৎসা বৃত্তি অন্যতম।

এটা কথা ঠিক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন নোপোৱা বহু মেধাৱী ছাত্র-ছাত্ৰীয়ে ব্যাপক মাচুল বৃদ্ধিৰ বাবেই বেচৰকাৰী চিকিৎসা শিক্ষা প্রতিষ্ঠানত যিদৰে নামভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, সেইদৰে কম মেধাৱী অনেক ছাত্র-ছাত্ৰীয়ে অৰ্থৰ বলতে বেচৰকাৰী চিকিৎসা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰি চিকিৎসক হোৱাৰ সুযোগ লাভ কৰিছে। স্বাভাৱিকতেই এইখিনিতে প্রশ্ন- শংকাৰ সৃষ্টি হৈছে কম মেধাৱী ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণে চিকিৎসকৰ সামগ্রিক মান নিম্নগামী কৰিব নেকি? গুণগত দিশৰ পৰা ভৱিষ্যতৰ একাংশ চিকিৎসক দুর্বল হ'ব নেকি? এইসকল চিকিৎসক কেৱল অর্থ সর্বস্ব হ'ব নেকি? চিন্তা বহুত, সমস্যা অলেখ।

অৱশ্যে এইবোৰ কথা কোনো কাৰণতে সাধাৰণীকৰণ কৰিব পৰা প্ৰসংগ নহয়। নিম্ন আয়ৰ পৰিয়ালৰ পৰা আহি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পঢ়ি পৰৱৰ্তী সময়ত 'ধন ঘটা মেচিন' যেন হৈ ৰোগীক টেঁটু চেপা দিয়া অনেক চিকিৎসকো এইখন সমাজে জানো প্রত্যক্ষ নকৰাকৈ থকা নাই।

Share This