MENU

ট্রাম্পৰ সন্ত্রাস

dainik janambhumi February 18, 2025

ডিজিটেল ডেস্ক: বিশ্বত এতিয়া ট্রাম্পৰ সন্ত্রাস চলিছে। দ্বিতীয়বাৰলৈ মার্কিন ৰাষ্ট্ৰপতিৰ পদত আৰোহণ কৰিয়েই ড'নাল্ড ট্রাম্পে এনেকুৱা শাসন আৰম্ভ কৰি দিছে যে নতুন ৰাষ্ট্ৰপতিজনৰ কাণ্ডত বিশ্বৰ বিভিন্ন দেশতো উদ্বিগ্ন হৈছেই, আমেৰিকাৰ অভ্যন্তৰতে ক্ষোভৰ তুঁহ জুই জ্বলা পৰিলক্ষিত হৈছে। ট্রাম্পৰ মনোভাব এনেকুৱা যে তেওঁৰ 'আমেৰিকা প্রথম' আৰু 'আমেৰিকাক পুনৰ মহান' কৰি তোলাৰ নীতি কাৰ্যকৰী কৰিবলৈ তেওঁ যিকোনো স্তৰলৈকে যাবলৈ সাজু। ট্রাম্পৰ কিছুমান কার্যকলাপে আমেৰিকাৰ পূৰ্বৰ চৰকাৰসমূহৰ নীতিৰ পোনপটীয়াকৈ উলংঘা কৰিছে, মার্কিন কংগ্ৰেছৰ সিদ্ধান্তক উলংঘা কৰিছে আৰু সমান্তৰালকৈ মার্কিন ন্যায়পালিকাৰ নিৰ্দেশক উলংঘা কৰিছে, যাৰ বাবে বহুতেই সন্দেহ কৰিবলৈ লৈছে যে এতিয়াই নহ'লেও অদূৰ ভবিষ্যতে আমেৰিকাত সাংবিধানিক সংকটৰ সৃষ্টি হ'ব পাৰে। 

বহুতে ট্রাম্পৰ আচৰণক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আমেৰিকাৰ আচৰণৰ লগত তুলনা কৰা পৰিলক্ষিত হৈছে। ট্রাম্পৰ যিবোৰ কাৰ্যকলাপক লৈ এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সেইবোৰ অৱশ্যে আকস্মিক বুলি ক'ব নোৱাৰি। মার্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত ট্রাম্পে এইবিলাক বিষয়ৰ অৱতাৰণা কৰিয়েই নিৰ্বাচনী প্রচাৰ চলাইছিল আৰু আমেৰিকাবাসীয়ে ট্রাম্পলৈ আগবঢ়াইছিল অবিশ্বাস্য সঁহাৰি। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰূপে দায়িত্ব গ্ৰহণৰ প্ৰথম দিনটোতে ট্রাম্পে অভিলেখসংখ্যক কার্যবাহী আদেশ (Executive Order)ত চহী কৰিছিল, যিটো পূৰ্বৰ কোনো মার্কিন ৰাষ্ট্ৰপতিৰ দিনত হোৱা নাছিল। ইয়াৰ ভিতৰত জন্মসূত্রে নাগৰিকত্ব ব্যৱস্থাৰ বিলোপ, প্ৰব্ৰজন নীতিৰ নবীকৰণৰ দৰে বিতর্কিত সিদ্ধান্তও আছে। তদুপৰি পেৰিছ জলবায়ু চুক্তি আৰু বিশ্ব স্বাস্থ্য সংগঠনৰ (হু) পৰা আমেৰিকা ওলাই অহাৰ সিদ্ধান্ত ক্ষমতাত বহিয়েই ট্রাম্পে ঘোষণা কৰে। ডাভোছৰ মঞ্চৰ পৰা ট্রাম্পে আন এটা দাম্ভিক সিদ্ধান্ত ঘোষণা কৰে যে আমেৰিকাত উৎপাদিত সামগ্ৰী যিবোৰ দেশে ক্রয় নকৰিব সেইবোৰ দেশৰ আমেৰিকালৈ ৰপ্তানি কৰা সামগ্রীত এশ শতাংশ শুল্ক আৰোপ কৰিব। এই সিদ্ধান্ত ভাৰতৰ বাবে পোনপটীয়া ভাবুকি বুলিয়েই ক'ব পৰা যায়। 

ইমানেই নহয়, আমেৰিকাৰ পৰম্পৰাগত নীতিক ক্ষমতালৈ আহিয়েই নস্যাৎ কৰি বিভিন্ন দেশক আমেৰিকাই দি অহা কিছুমান বিশেষ বিশেষ ধৰণৰ সাহায্য বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে ট্রাম্প প্রশাসনে। এনে সাহায্যক মার্কিন পুঁজিৰ 'অপচয়' বুলি গণ্য কৰিছে ট্রাম্পে। এই সিদ্ধান্তৰ পৰিণতিত উন্নয়নশীল ৰাষ্ট্ৰৰ বহু আঁচনি আৰু কাৰ্যসূচী বন্ধ হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। আন্তর্জাতিক বিষয়বিলাকলৈ লক্ষ্য কৰাসকলে গম পাইছেই যে ট্রাম্পৰ বন্ধ এনে প্রতিটো কার্যকলাপত প্রতিফলিত হৈছে স্বৈৰাচাৰী, একনায়কত্ববাদী শাসকৰ প্ৰৱণতা। আমেৰিকাৰ নীতিৰ বাবেই বিভিন্ন দেশৰ লোকৰ তালৈ প্রব্রজন ঘটি থাকে। তেনে এচাম লোকক এতিয়া অবৈধ বুলি চিনাক্ত কৰি তেওঁলোকক অশোভনীয় পন্থাৰে বিতাৰণ কৰিবলৈ সেনা নমাই দিছে। ইতিমধ্যে ৩খন মার্কিন সেনাৰ বিমান ভাৰতত নামিছেহি, য'ত হাত-ভৰি বন্ধা অৱস্থাত 'অবৈধ' বুলি গণ্য কৰা একাংশ ভাৰতীক লৈ অনা হৈছে। আমেৰিকালৈ যোৱা এইবোৰ মানুহ কিন্তু অপৰাধী নহয়। সংস্থাপনৰ আশাত সেই দেশত প্ৰৱেশ কৰিছিল এই লোকসকলে। কিন্তু তেওঁলোকক বিতাৰণ কৰা হৈছে চোৰ-ডকাইতৰ ক্ষেত্ৰত কৰা আচৰণেৰে। আমেৰিকাৰ নীতি-সংবিধান-আইনক বুঢ়া আঙুলি দেখুৱাই ট্রাম্পে জন্মসূত্রে লাভ কৰা নাগৰিকত্বৰ ব্যৱস্থা বাতিল কৰি দিলে। এতিয়া তাত জন্মলাভ কৰা নৱজাতকসকলৰ নাগৰিকত্বৰ পৰিচয় কি হ'ব, দম্পতীসকলেইবা কৰিব কি, সেই মানৱীয় দিশবোৰলৈ ট্রাম্পে কৰ্ণপাত কৰা নাই, একমাত্ৰ আমেৰিকাত শ্বেতাংগসকলৰ প্ৰভুত্ব অটুট ৰখাৰ স্বাৰ্থত। কেৱল ইমানেই নহয়, প্রায় প্রতিটো বিষয়তে প্ৰকট হৈছে ট্রাম্পৰ দম্ভালি। প্রতিবেশী কানাডাক ট্রাম্পে বিভিন্ন ধৰণে ভাবুকি দিছে। ইমানদিনে নিবিড় বন্ধুত্বৰে চলি অহা কানাডালৈ পঠিওৱা সামগ্ৰীৰ ক্ষেত্ৰত ট্রাম্পে ২৫ শতাংশ পর্যন্ত কৰ আৰোপৰ সিদ্ধান্ত লৈছে, কানাডাক আমেৰিকাৰ '৫১ সংখ্যক প্ৰদেশ' কৰাৰ, অৰ্থাৎ সার্বভৌম প্রতিবেশী ৰাষ্ট্ৰখন দখল কৰাত এক প্ৰকাৰৰ ভাবুকি দিছে। অৱশ্যে দেশখনৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডুৱে আমেৰিকাৰ এই দম্ভালিক কেৰেপ নকৰি ওলোটাই আমেৰিকাৰ সামগ্ৰী বৰ্জন কৰা তথা আমেৰিকালৈ কানাডাই ৰপ্তানি কৰা কিছুমান সামগ্ৰীত কৰ আৰোপ কৰাৰহে প্রতি-ভাবুকি দিছে। 

আনহাতে, ইউক্রেইন যুদ্ধৰ বিষয়ত ৰাছিয়াৰ সৈতে আলোচনাৰ বাবে পদক্ষেপ লৈ ট্রাম্প প্রশাসনে ছৌডি আৰবত এই আলোচনা অনুষ্ঠিত কৰাৰ যি উদ্যোগ লৈছে তাত ইউক্রেইন তথা আন ইউৰোপীয় ৰাষ্ট্ৰবিলাকক একাষৰীয়া কৰি ৰখাত ইউৰোপীয় ৰাষ্ট্ৰসমূহ অসন্তুষ্ট হৈ পৰিছে। এনেদৰে কেতবোৰ স্বৈৰাচাৰী সিদ্ধান্তৰে ট্রাম্প প্ৰশাসনৰ বিশ্বক অনুগত কৰি ৰখাৰ পৰিকল্পনাৰ ৰূপায়ণ আৰম্ভ হৈছে, তাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ আমেৰিকাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক প্রত্যাহ্বান জনোৱা সিদ্ধান্ত কিছুমানে দেশখনৰ অভ্যন্তৰতো বহুতকে ক্ষুব্ধ কৰি তুলিছে। 'ন্যায়পালিকাক প্ৰশাসনক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া নহ'ব' বুলি ট্রাম্পে প্ৰশাসনৰ তৰফৰ পৰা মুকলিকৈ সকীয়নি দিয়াত ন্যায়পালিকাৰ সৈতে ট্রাম্পৰ এক সংঘাত ইতিমধ্যে আৰম্ভ হৈ গৈছেই। ট্রাম্পৰ একালৰ সহযোগী কিছুমানেও ট্রাম্পৰ বৰ্তমানৰ স্বৈৰাচাৰী আচৰণৰ বিৰুদ্ধে মুকলি বিষোদগাৰ আৰম্ভ কৰিছে। এনেধৰণৰ অভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় অসন্তুষ্টি-প্রতিক্ৰিয়াবোৰ এসময়ত বিস্ফোৰণলৈ ৰূপান্তৰ হ'ব পাৰে বুলিও আশংকাৰ সৃষ্টি হৈছে। ইমান প্ৰতিক্ৰিয়া-বিৰুদ্ধাচৰণৰ মাজত ট্রাম্পৰ শাসন কেনেদৰে আগবাঢ়ে, সেয়া লক্ষণীয় হ'ব।

Share This