আজিৰ সম্পাদকীয়, সম্ভাৱনাৰ দুৱাৰ

dainik janambhumi December 23, 2025

ডিজিটেল ডেস্ক: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সম্ভাৱনাৰ এখন দুৱাৰ মুকলি কৰি থৈ গ'লহি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এই সম্ভাৱনাৰ দুৱাৰখন মুকলি হৈছে অঞ্চলটোৰ অর্থনৈতিক প্ৰগতিৰ তথা ইয়াৰ যুৱপ্ৰজন্মৰ সংস্থাপনৰ বাবে। আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজিৰ বিনিয়োগ কৰাটো বিকাশৰ এক সুদূৰপ্ৰসাৰী প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তেহে বহনক্ষম বিকাশ সম্ভৱ হ'ব পাৰে। এই দিশৰ পৰা চালেই এইবাৰৰ প্রধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ গুৰুত্বক অনুধাৱন কৰিব পাৰি। প্রধানমন্ত্রীয়ে এই যাত্ৰাত মুকলি কৰিলে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ দ্বিতীয়টো টার্মিনেল আৰু আধাৰশিলা স্থাপন কৰিলে নামৰূপৰ আসাম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানীৰ নতুন ইউৰিয়া-এমনিয়া সাৰ প্ৰকল্পটোৰ।

ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমযোগে বহুতেই বৰঝাৰৰ বিমান বন্দৰটোৰ নতুন টার্মিনেলটোৰ ছবি দেখা পাইছে। সৌন্দৰ্য আৰু আকাৰৰ দিশৰ পৰা এই নতুন টার্মিনেলটোৰ সৈতে গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰটো দেশৰ প্রথম সাতটা বিমান বন্দৰৰ ভিতৰত পৰিব। তদুপৰি, প্রকৃতি-ভিত্তিক আর্হিৰে নিৰ্মাণ কৰা এইটো দেশৰ প্ৰথম বিমান বন্দৰ। বিমান বন্দৰটোৱে দেশ-বিদেশৰ বিমান যাত্রীসকলক যে মুগ্ধ কৰিব সেইটো নিশ্চিত। তাতোকৈ ডাঙৰ কথা হৈছে এই বিমান বন্দৰটোক পূবৰ দেশবোৰৰ সৈতে ভাৰতৰ যোগাযোগৰ এক সেতু ৰূপে গঢ় দিয়াৰ লক্ষ্য আছে কেন্দ্রীয় চৰকাৰৰ। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় কার্গো বিমান যোগযোগৰ ক্ষেত্ৰত এই বিমান বন্দৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিব পাৰে। তদুপৰি, বিমান বন্দৰটোৱে বৰ্তমান সেৱা আগবঢ়াই অহা যাত্ৰীৰ সংখ্যা বৰ্তমানৰ বছৰি ৬,১৬০,১৫৭ৰ পৰা ১.৩ কোটিলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। সমান্তৰালকৈ বৃদ্ধি পাব কার্গো বিমানৰ সংখ্যাও। এই ছবিখনেই এটা কথা স্পষ্ট কৰি দিছে যে এই বিমান বন্দৰটোৱে অন্য অর্থনৈতিক সু-ফলৰ লগতে প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ এখন পৰিক্ষেত্ৰও নিৰ্মাণ কৰিব। 

জাগীৰোডত বর্তমান নির্মাণ হৈ থকা ছেমি কণ্ডাক্টৰ উদ্যোগটোৰ বাবেই মূলতঃ বৰঝাৰ বিমান বন্দৰৰ গুৰুত্ব বৃদ্ধি পাব। সেই উদ্যোগত উৎপাদিত ছেমি কণ্ডাক্টৰ 'চিপছ' দেশৰ বিভিন্ন অংশৰ লগতে বিদেশলৈ সৰবৰাহৰ কেন্দ্ৰস্থল হ'ব লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ। গতিকে, জাগীৰোড আৰু বৰঝাৰৰ সংযোগে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ কেনেদৰে ত্বৰান্বিত কৰিব সেয়া সহজেই অনুমেয়। 

আনহাতে, উজনি অসমৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক নগৰী নামৰূপত প্রধানমন্ত্রীয়ে আছাম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ যিটো নতুন এমনিয়া ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে সেইটো আমাৰ জাতীয় অর্থনীতিৰ বিকাশৰ সম্ভাৱনাৰ অন্য এখন দুৱাৰ হিচাপে পৰিগণিত হ'ব। ১০,৬০১ কোটি টকা ব্যয় সাপেক্ষ এই সাৰ প্ৰকল্পত বছৰি উৎপাদন হ'ব ১২.৭ লাখ টন ইউৰিয়া। এই সাৰ প্ৰকল্প হ'ব অত্যাধুনিক প্রযুক্তিসমৃদ্ধ, ইন্ধন অনুকূল এক বিশ্ব পৰ্যায়ৰ উদ্যোগ। ২০৩০ চনৰ পৰা উৎপাদন আৰম্ভ হ'বলগীয়া এই উদ্যোগটোৰ উৎপাদিত সাৰে অসম তথা উত্তৰ-পূবৰ সাৰৰ চাহিদাতো পূৰণ কৰিবই, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশৰ কৃষকৰো সাৰৰ প্ৰয়োজন পূৰণ কৰিব। নামৰূপৰ বৰ্তমানৰ সাৰ কাৰখানাটোৰ মৃতপ্রায় অৱস্থা হোৱা, ইয়াৰ তৃতীয়টো গোটে কোনোমতে সামান্য পৰিমাণৰ সাৰ উৎপাদন কৰি উদ্যোগটোৰ অস্তিত্ব বৰ্তাই ৰখা অৱস্থাত তাত চতুর্থ এটা নতুন গোট স্থাপন তথা তৃতীয়টো গোট মেৰামতি কৰি অধিক উৎপাদনক্ষম কৰি তোলাৰ দাবী উঠি আহিছিল, আন্দোলনো হৈছিল। তেনে সময়তে এমনিয়া-ইউৰিয়া উৎপাদনৰ নতুন প্রকল্পটো স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত এতিয়া সাৰ কাৰখানাটোৰ অস্তিত্বক লৈ সৃষ্টি হোৱা সংশয় দূৰতো হ'লেই অঞ্চলটোৰ তথা ৰাজ্যখনৰ বিকাশৰো পথ প্রশস্ত হৈ পৰিল। এনেকৈ ৰাজ্যখনত অর্থনৈতিক সমৃদ্ধিৰ নতুন নতুন দুৱাৰ মুকলি হৈছে। প্রধান মন্ত্ৰীগৰাকীয়ে উল্লিখিত দুয়োটা অনুষ্ঠানতে এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রগতিয়ে এক নতুন গতি লাভ কৰিছে। তেওঁ এই বুলিও কৈছে যে এয়া আৰম্ভণিহে। উত্তৰ-পূবৰ বিকাশৰ বাবে 'ডাবল ইঞ্জিন'ৰ চৰকাৰে ইয়াতকৈও বেছি কাম কৰিব। 

আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰধান অংগ হৈ পৰিব অসম তথা উত্তৰ-পূৰ্বাঞ্চল। বিজেপি চৰকাৰৰ আমোলত ৰাজ্যখনৰ পৰিৱেশ সলনি হোৱাটোক অস্বীকাৰ কৰাৰ উপায় নাই। বিভিন্ন আঁচনিৰ জৰিয়তে লাখ লাখ হিতাধিকাৰীক ধন দিয়া হৈছে, মহিলাসকলক আর্থিকভাবে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে উদ্যমিতা আঁচনিৰ অধীনত লাখ লাখ মহিলাক পুঁজিৰ যোগান ধৰা, যুৱপ্ৰজন্মক উদ্যোগ-ব্যৱসায়ৰ বাবে আগবাঢ়ি যাব পৰাকৈ প্রাথমিক পুঁজিৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত আন্তঃগাঁথনিৰ বিকাশৰ বাবেও চলি আছে নিৰন্তৰ কাম। ইয়াক লৈ ৰাজনৈতিক বাদানুবাদ চলিলেও চাৰিওফালে বিভিন্ন ধৰণৰ কাম চলি থকাৰ সত্যটোক কোনেও অস্বীকাৰ কৰিব পৰা নাই। সমগ্ৰ ৰাজ্যত ৰাস্তা-পদূলিৰ অভাৱনীয় ৰূপান্তৰ ঘটাটো অভাৱনীয় অধ্যায় বুলি বহুতেই মুকলিকৈয়ে ক'বলৈ লৈছে। ৰাজ্য চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি হৈ গৈ থকাৰ বাবে সমালোচনা হ'লেও বিকাশৰ অধ্যায়বোৰে এই সমালোচনাক গৌণ কৰি পেলোৱা পৰিলক্ষিত হৈছে। এনে সময়তে ছেমি কণ্ডাক্টৰ উদ্যোগৰ আগমন, ইউৰিয়া উদ্যোগৰ শিলান্যাস, বিমান বন্দৰৰ বিশ্ব মানৰ টার্মিনেল নিৰ্মাণৰ দৰে কামবিলাক আক্ষৰিক অর্থতেই চমকপ্রদ। অর্থনৈতিক পটভূমিৰ ৰূপান্তৰৰ এই পৰিৱেশৰ সুযোগ আমাৰ ৰাজ্যবাসীয়ে, বিশেষকৈ যুৱপ্ৰজন্মই কেনেকৈ গ্রহণ কৰে সেইটোহে মূল কথা।

Share This