ডিজিটেল ডেস্ক : অসমত বর্তমান উচ্ছেদক লৈ আকাশ-বতাহ গৰম হৈ পৰিছে। বেদখল উচ্ছেদ, চৰকাৰৰ ভূমিকা সন্দর্ভত একাংশ সংবাদ মাধ্যমত মুখ্যমন্ত্রীক প্রশংসাও কৰা হৈছে। এই মুহূৰ্তত অসমৰ আন সকলো সমস্য তল পৰিছে। প্রাকৃতিক ভাৰসাম্য ৰক্ষা, বতৰ পৰিৱৰ্তন আদি বিষয়বোৰ কেৱল কাকত-আলোচনীৰ প্ৰবন্ধ বা পাঠ্যপুথিৰ বিষয় হৈ আছে। যোৱা কেইটামান বছৰৰ ভাৰতবৰ্ষৰ উত্তৰ-পূবত বতৰ তথা জলবায়ু পৰিৱৰ্তনৰ কিছুমান লক্ষণ প্রকট হৈ পৰিছে। বিশেষকৈ বৰষুণৰ ক্ষেত্ৰত। অঞ্চল বিশেষত অতিবৃষ্টি আকৌ একে সময়ত কোনো কোনো অঞ্চলত অনাবৃষ্টি। অতিবৃষ্টিত চুবুৰীয়া অৰুণাচলৰ নদীবান্ধৰ পানী খুলি দিয়াৰ ফলত উত্তৰ অসমৰ নদীবান্ধৰ নামনি অঞ্চলবোৰ প্লাৱিত হয়। কৃষি, কৃষিভূমিৰ অনিষ্ট হয়। আকৌ বৰষুণৰ পৰিমাণ হ্রাস পালে নৈৰ পানী বান্ধে ধৰি ৰখাৰ ফলত নৈবোৰ শুকাই যোৱাৰ দৰে হয়। নৈপৰীয়া গাঁৱৰ কৃষিভূমি শুকাই যায়। এই দুয়োটা পৰিঘটনাতে ক্ষতিগ্রস্ত হোৱা শ্ৰেণীটো হ'ল আমাৰ খেতিয়ক শ্রেণী। অসমৰ খেতিয়ক শ্রেণীয়েই সবাতোকৈ বঞ্চিত আৰু নিপীড়িত শ্রেণী। বর্তমান অসমত এই ভৰ বাৰিষা শাওণ মাহত দেখা দিছে খৰাঙৰ সমস্যাই। নামনি অসমৰ পাঁচ-ছখন জিলাত আকস্মিকভাৱে বৰষুণৰ পৰিমাণ অত্যধিক হ্রাস পোৱাত বর্তমান সেই অঞ্চলক খৰাংগ্ৰস্ত এলেকা ঘোষণা কৰিব লগা হৈছে। খৰাঙে আন বহুকেইটা সমস্যাৰ আগজাননী দিয়ে। সেই বাবেই আগতীয়া সতৰ্কতা অৱলম্বনৰ বিশেষ প্রয়োজন।
ভৌগোলিকভাৱে প্ৰকৃতিৰ এটা অনুকূল অঞ্চলত অসমৰ অৱস্থান। অসমৰ সমাজ কৃষিজীবী। কাৰণ অতীজৰে পৰাই ইয়াৰ মানুহৰ ঘাই জীৱিকা কৃষি। কৃষিৰ লগত অৱধাৰিতভাৱেই জড়িত থাকে পশুপালন। শ্রীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ অনুবাদত এঠাইত নিজৰ জন্মগাঁৱৰ পৰিচয় দি লিখিছে- 'বটদ্ৰৱা নামে গ্রাম-শৎস্যে-মৎস্যে অনুপম।' এয়া একোখন অসমীয়া গাঁৱৰ পৰিচয়। শস্যৰ বাবে অনুকূল বতৰ আমাৰ আছিল- বতৰত প্রয়োজন অনুপাতে বৰষুণ হৈছিল। কিন্তু উত্তৰ ভাৰত, দক্ষিণ ভাৰতত কৃষিকাৰ্যৰ বাবে প্রয়োজনীয় বৰষুণ বতৰে নিদিয়ে। বহু ক্ষেত্রত কৃষিভূমিলৈ পানী যোগান ধৰিব লগা হয়। তাৰ বাবে নদীত সৰু বান্ধ দিব লগা হয়। কৃষিভূমিলৈ পানী ধৰাৰ বাবে আমাৰ চৰকাৰৰ এটা বিভাগেই আছে। নাম জলসিঞ্চন। কৃষি উৎপাদন বৃদ্ধিৰ বাবে আৰু কৃষিক এটা উদ্যোগ ৰূপে প্রতিষ্ঠাৰ বাবে পথাৰলৈ জলসিঞ্চন অত্যাৱশ্যকীয়। পঞ্জাব-হাৰিয়ানা, বিহাৰ-উত্তৰ প্ৰদেশ, ৰাজস্থান-কৰ্ণাটক, মহাৰাষ্ট্ৰ আদিৰ কৃষি জলসিঞ্চন নিৰ্ভৰ। অসমতো কৃষি ক্ষেত্ৰৰ বিকাশৰ লগে লগে খেতিপথাৰলৈ জলসিঞ্চনৰ প্ৰয়োজন বৃদ্ধি পালে। চৰকাৰী জলসিঞ্চন বিভাগে তাৰ বাবে নানা আঁচনিও ল'লে। যেতিয়া অনুকূল বতৰৰ বাবে স্বাভাৱিক পৰিমাণৰ বৰষুণ হয়, তেতিয়া জলসিঞ্চনৰ প্ৰয়োজন নাথাকে। কিন্তু একবিংশ শতিকাৰ কৃষি কেৱল বৰষুণ বা বতৰ নিৰ্ভৰ হৈ থাকিব নোৱাৰে। বতৰ নিৰপেক্ষ বিভিন্ন শস্যৰ খেতিৰ বাবে জলসিঞ্চন লাগিবই। অসমত আজি তাৰেই অভাৱ। শেহতীয়াকৈ বৰষুণৰ অভাৱ আৰু কৃষিভূমিৰ খৰাঙৰ আশংকাই জলসিঞ্চন সম্পর্কত ৰাইজক সজাগ কৰি তোলে। দেখা গ'ল বিভিন্ন বিষয়ত চৰকাৰৰ উন্নয়নমূলক কামৰ বৰ বৰ হৰফেৰে বিজ্ঞাপন দি ঢাক-ঢোল বজাই থকা চৰকাৰে শেহতীয়াকৈ অসমৰ জলসিঞ্চনৰ ক্ষেত্ৰত বিশেষ একো কৰা নাই। যোৱা পাঁচ বছৰত জলসিঞ্চনৰ বাবে বাজেটত আবণ্টিত ধনৰ পৰিমাণ পাঁচ হাজাৰ তিনিশ পঞ্চাশ কোটি। গড়ে বছৰি প্রায় এশকোটিৰো অধিক। কিন্তু শেহতীয়াকৈ দেখা গ'ল অসমৰ অধিকাংশ অঞ্চলৰ জলসিঞ্চন আঁচনিয়েই কার্যক্ষম অৱস্থাত নাই। এই কথাৰ পৰা ধাৰণা কৰিব পাৰি যে জলসিঞ্চন বিভাগটো চৰকাৰে প্ৰাথমিকতা দিয়া বিভাগৰ ভিতৰত নপৰে। কৃষি আৰু কৃষকৰ সমস্যা লৈ এই চৰকাৰ উদাসীন। এয়া অত্যন্ত পৰিতাপৰ কথা। অসম কৃষি ক্ষেত্রত স্বাৱলম্বী নহয়। কিন্তু স্থানীয়ভারে উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৰনিৰ্ভৰশীলতা কমে। এইবাৰ কৃষি ক্ষেত্রত প্রতিকূল বতৰৰ প্ৰভাৱ যদি পৰে তেন্তে অসমত উৎপাদন হ্রাস পোৱাটো নিশ্চিত। প্রতি পষেকত ধাৰ নল'লে নচলা ৰাজ্য এখনৰ উৎপাদন হ্রাস পোৱা মানে পৰনিৰ্ভৰশীলতা বৃদ্ধি পোৱা।
আগতে খৰাঙৰ পৰিণতি আছিল দুর্ভিক্ষ। চাহিদা অনুপাতে যদি খাদ্যশস্যৰ উৎপাদন নহয়, আমদানি-ৰপ্তানি ব্যৱস্তা নথকা কালত খৰাঙে দুর্ভিক্ষৰ বাৰ্তা বহন কৰিছিল। এতিয়া মূল্যবৃদ্ধি অভাব অনাটন বৃদ্ধিৰ বাৰ্তা দিয়ে। তদুপৰি এইবাৰ কৃষিৰ বতৰত হোৱা অবৈধ বেদখলকাৰী উচ্ছেদকার্যই খেতিয়ককো ক্ষতিগ্রস্ত কৰিছে। কঠীয়াতলীতো বুলড'জাৰ চলিছে। এটা ৰাজনৈতিক অস্থিৰতা বিয়পাই দিব খোজা হৈছে। অসমৰ ৰাজনীতিত খেতিয়কৰ সমস্যাই আগতেও গুৰুত্ব পোৱা নাছিল। বান আৰু খহনীয়াত কৃষিভূমি হেৰুৱাই বহু লোক আন অঞ্চলত গৈ বহিব লগা হয়। দীর্ঘদিন সেই মাটিত পট্টন নোপোৱাকৈ থাকি সেইসকল লোকেই এসময়ত বেদখলকাৰী বুলি চিহ্নিত হয়। বহু চর্চিত 'অসম চুক্তি'ত বান-খহনীয়াৰ দৰে অসমৰ জনজীৱনক বিশেষভাবে ক্ষতিগ্রস্ত কৰা, অর্থনীতিত নেতিবাচক প্রভাৱ পেলোৱা সমস্যাৰ উল্লেখ নহ'ল। পাছত সেই কথা ঢাকিবলৈ একাংশ সংগঠনে অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ দাবী জনাই দোষ সাৰিলে। জলসিঞ্চনক খেতিয়কৰ অধিকাৰ কৰি তুলিবলৈ আৰু থলুৱা ভূমিহীন কৃষকক কৃষিভূমি আবণ্টন দিবলৈ তেনেকৈ কোনো সংগঠনে দাবী তোলা দেখা নাযায়। কিন্তু সত্ৰৰ মাটিৰ প্ৰসংগ প্রায়ে উত্থাপন হয়। অথচ মাটি আৰু খেতিয়কৰহে সমন্ধ যুগ যুগান্তৰৰ বুলি কোৱা হয়। এইবাৰৰ খৰাঙে অনা বিপৰ্যয়ৰ পৰা শিক্ষা লৈ চৰকাৰে কথাবোৰ নতুনকৈ ভাবিবনে?