নিষ্প্রভ শৰতত দেৱীলৈ প্ৰাৰ্থনা

dainik janambhumi September 29, 2025

অসমৰ প্ৰকৃতিত দেখা পোৱা ছয় ঋতুৰ ভিতৰত শৰতেই সম্ভৱ এনেকুৱা এটা ঋতু, যি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বসন্তৰ সৈতে- প্রাচুর্য, মনোহাৰীত্ব আৰু হেঁপাহৰ তুলাচনীত। বসন্তৰ প্ৰতি জনগণৰ যি আকুল আৱেগ, অত্যুগ্ন হেঁপাহ সেই একেই আৱেগ-হেঁপাহ শৰতৰ প্ৰতিও। শৰৎ কিয় ইমান প্রিয় ঋতু? শৰতৰ সৈতেনো আমাৰ সম্পৰ্ক কিয়বা ইমান আৱেগেৰে গঁথা? বর্ষাই বিদায় লোৱাৰ বাবে? নে শীতে তাৰ আগমনি সংকেত দিয়াৰ বাবে? নে শেৱালি, কঁহুৱা, নিয়ৰ আৰু শুকুলা আকাশে প্রাকৃতিক সুষমাৰে সৃষ্টি কৰা বিচিত্র ৰূপ সুধাৰ আকৰ্ষণ। মুঠতে যিয়েই নহওক শৰতৰ আছে এক সুকীয়া আমেজ, নিজস্ব আৱেদন। শৰৎ যেন ঋতুৰ যাদুকৰ। চিত্ৰকৰো। শৰৎ আহিলেই সলনি হৈ যায় চৌদিশৰ ৰং, পোহৰ, সুবাস, শব্দ। বালিচৰত নাচি উঠে হাজাৰ-বিজাৰ কঁহুৱা। শুকুলা মেঘবোৰ ভাহি ফুৰে কমোৱা তুলা হৈ, মাজতে কেতিয়াবা নূপুৰ পিন্ধা চঞ্চলা কিশোৰীৰ লয়লাসেৰে নামি আহে ক্ষণস্থায়ী বৰষুণ।

চৌদিশে বিয়পি থাকে পাতল শীতলতা, বতাহত শেৱালিৰ সুবাস। মনোমোহা আৰু পৰিপূৰ্ণতাৰ যেন অন্য নাম এই শৰৎ। সেইবাবেই বসন্ত যিদৰে ঋতুৰাজ, শৰতো সেইদৰে ঋতুৰ ৰাণী!

আনহাতে, শৰতৰ অবিচ্ছেদ্য অংগ দুর্গোৎসৱ। বহু সময়ত এনে লাগে দুর্গোৎসৱৰ যেন শৰতৰেই অন্য নাম। কাৰণ হিন্দুৰ ধৰ্মীয় অনুষ্ঠান দুর্গোৎসৱে কেতিয়াবাই ধর্মীয় সীমা অতিক্রম কৰি গ্ৰহণ কৰিছে এক সার্বজনীন আনন্দোৎসৱৰ চৰিত্ৰ। হৈ পৰিছে সাৰ্বজনীন মিলন ক্ষেত্র। ধর্মীয় তাৎপর্য যিয়েই নাথাকক, এই উৎসৱ দেশৰ বিভিন্ন প্রান্তৰ লগতে বিশেষকৈ অসমৰ জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলোৰে আনন্দ প্ৰকাশৰ এক মনোৰম অনুষ্ঠান। ভাৰতবৰ্ষৰ দৰে এখন দেশত দুর্গোৎসৱৰ এই সার্বজনীনতা নিঃসন্দেহে তাৎপর্যপূর্ণ।

কিন্তু এই উৎসৱৰ আয়োজনৰ বাবে সময়, ধন-বিতৰ উপৰি লাগে মানুহৰ মনৰ প্ৰস্তুতি। মনৰ প্ৰস্তুতি নহ'লে উৎসৱৰ বিশাল আয়োজনেও মানুহক তৃপ্ত, পূৰ্ণ কৰিব পাৰে জানো? এইবাৰ শৰতক দুর্গোৎসৱৰ আনন্দেৰে আদৰিবলৈ অসমবাসীৰ মনবোৰ জানো স্বাভাৱিকভাৱে প্রস্তুত? মন আৰু হৃদয় যেতিয়া শোক-ক্ষোভ আৰু অস্থিৰতাৰে ভৰি থাকে, তেতিয়া উৎসৱৰ আয়োজনে সৃষ্টি কৰে অকাৰণ ক্লান্তিৰ। এই কথা দোহৰাৰ প্ৰয়োজন নাই অসমবাসীৰ হৃদয় কোঁৱৰ

জুবিন গাৰ্গৰ অপ্রত্যাশিত আৰু অস্বাভাৱিক মৃত্যুত সকলো ব্যথিত। ইতিমধ্যেই জুবিন বিয়োগৰ পৰৱৰ্তী সময়ত অসমবাসীয়ে নিজৰ আচৰণেৰে প্ৰকাশ কৰিছে জুবিনক তেওঁলোকে কিমান ভাল পাইছিল, জুবিনৰ মৃত্যুৱে তেওঁলোকৰ বাবে কি পৰ্যায়ৰ বেদনা কঢ়িয়াই আনিছে, কিমান শোকত তেওঁলোক কাতৰ। একে সময়তে এই মহানায়কৰ মৃত্যুত আছে ৰহস্য আৰু সন্দেহৰ গোন্ধ। এফালে ৰাইজৰ শোক, সন্দেহ, ক্ষোভ; আনফালে চৰকাৰৰ অনুসন্ধান- এই সকলো মিলি জুবিন গাৰ্গৰ বিয়োগৰ বেদনাত শৰৎ হৈ পৰিছে নিষ্প্রভ। শৰৎ যেন মৰহি গৈছে এইবাৰ অসমত। জুবিনৰ নামত ওলোৱা চকুপানীয়ে শোকার্ত মানুহখিনিক শৰতত হাঁহিবলৈ দিয়া নাই, দিয়া নাই আনন্দ কৰিবলৈ। বৰঞ্চ শোকার্ত হৃদয় আৰু অপৰিসীম ক্ষোভেৰে ৰাজ্যবাসীয়ে যেন এই শৰতত দেৱীক আৰাধনা কৰিছে

জুবিন মৃত্যুৰ প্ৰকৃত ৰহস্য উন্মোচিত হ'বলৈ, আৰু কেনেবাকৈ যদি কাৰোবাৰ প্ৰৰোচনা আৰু পৰিকল্পনাত এই মহানায়কৰ মৃত্যু হৈছিল তেনেহ'লে সেই অসুৰৰ বিনাস যেন দেৱীয়ে সম্ভৱ কৰি তোলে। এই মৰহা, নিষ্প্রভ শৰতত এয়েই দেৱীৰ ওচৰত অসমবাসীৰ আকুল প্রার্থনা। 'ঘৰৰ ল'ৰাটো'ৰ মৃত্যুৰ ন্যায় লাগে। আৰু লাগে এই 'সংগীতৰ ভগৱান'ৰ বাবে সৰগত শান্তিৰ এক নিৰলা পঁজা।

Share This