যুদ্ধ-বিৰতিৰ সময়ত

dainik janambhumi May 12, 2025

ডিজিটেল ডেস্কঃ পহলগামৰ নৃশংসতাই সমগ্র দেশকে স্তম্ভিত, শোকস্তব্ধ আৰু ক্ষুব্ধ কৰিছিল। ক্ষোভ আৰু উত্তেজনাৰে অস্থিৰ হৈছিল দেশৰ অধিকাংশ নাগৰিক। তেওঁলোকে আশা কৰিছিল- এই সন্ত্ৰাসৰ যোগ্য প্ৰত্যুত্তৰ দিব ভাৰতে। আশা কৰা ধৰণেৰেই যোৱা বুধবাৰে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা স্থানত নিখুঁত আক্রমণ চলায় ভাৰতীয় সেনাই। ভাৰতে জনাইছে, পহলগাম-কাণ্ডৰ দৰে সীমান্ত পাৰ হৈ কূটাঘাত যাতে পুনৰ ঘটাব নোৱাৰে সেয়ে সন্ত্রাসবাদীৰ প্ৰশিক্ষণ শিবিৰসমূহ ধ্বংস কৰি দিয়া হৈছে।

কিন্তু পট পৰিৱৰ্তন হৈছে ঘনে ঘনে। এনে সময়তে আমেৰিকাৰ মধ্যস্থতাত ১০ মে'ত স্থগিত হ'ল ভাৰত-পাকিস্তান যুদ্ধ। কিন্তু পৰিস্থিতি ভয়াৱহ হৈয়েই আছে, পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ শংকা আঁতৰা নাই। বিশেষকৈ যুদ্ধ-বিৰতি ঘোষণাৰ ৩ ঘণ্টাৰ পাছতে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাত পুনৰ গোলাবৰ্ষণ কৰা কথাটোৱে পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। ঘটনাই দৰাচলতে প্ৰমাণ কৰিছে বৈৰী ৰাষ্ট্ৰ পাকিস্তানক চিনা টান, বিশ্বাস কৰিব পৰাটোতো দূৰৰে কথা। অধিকাংশ ভাৰতীয়ই সেয়ে আশা কৰিছিল- এই যুদ্ধৰ গইনাৰে সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষক পাকিস্তানৰ ৰাজহাড় ভাঙি পেলাব পাৰিলে ভাল। বাৰম্বাৰ ভাৰতৰ ক্ষতি কৰা, পুলৱামা, পহলগামৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰ, হাফিজ ছয়ীদহঁতক এতিয়াও বধ কৰা নহ'ল। এইবোৰ আক্ষেপ বহুত ভাৰতীয়ৰ মনত জাগ্রত। যদিও এতিয়াই মন্তব্য দিয়া অতি সোনকাল হ'ব, তথাপি মধ্যস্থতাকাৰী আমেৰিকাৰ ভূমিকাক লৈয়ো ৰাইজৰ সন্দেহ আছে, এই ভূমিকা ভাৰতৰ হিতৰ বাবে 'বন্ধু'ৰ ভূমিকা নে ভাৰতৰ বৃহৎ বজাৰখনৰ লোভ? আছে নেকি এই 'বিৰতি'ৰ আঁৰত পাৰমাণবিক শক্তি যুদ্ধৰ শংকাৰ কথাও? এইবোৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় এতিয়াই নোলায়, সময়ে দিব ইয়াৰ উত্তৰ।

কিন্তু এই যুদ্ধৰ পৰিস্থিতিৰ মাজতে চকুত পৰা হৈছে সামাজিক মাধ্যমৰ এক সুকীয়া ৰূপ। এই দিনকেইটাত গণ মাধ্যমটো বাদেই, আনকি সামাজিক মাধ্যমতো যুদ্ধৰ বিভীষিকা, বাৰুদৰ গোন্ধ, সেনাৰ কুচকাৱাজেৰে যেন এক ভয়ংকৰ প্লাবন। দেশৰ প্ৰতি ভালপোৱা আৰু শত্ৰুৰ প্ৰতি অপৰিসীম ঘৃণা প্রকাশেৰে ভৰি পৰিছে সামাজিক মাধ্যম। ৰীল আৰু মিমত প্রকাশ হৈছে দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা, মৰম-ভালপোৱা আৰু বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতি ঘৃণা আৰু তাচ্ছিল্য ভৰা কৌতুক। ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণক সৰ্বস্তৰৰ ভাৰতীয়ই আন্তৰিক সমর্থন জনোৱাটো প্রকাশ ঘটিছে সামাজিক মাধ্যমত। দেশৰ গণতন্ত্ৰৰ বাবে এয়া অতি শুভ লক্ষণ যে যুদ্ধই আনিব পৰা বিপৰ্যয়ৰ কথা জানিও বৃহত্তৰ স্বাৰ্থৰ খাতিৰত দেশৰ জনগণ দল-মত নির্বিশেষে একত্রিত হৈ চৰকাৰ তথা সেনাৰ পক্ষত থিয় দিছে, এক হৈছে সকলো। আনকি সেনাৰ পুঁজিলৈ মুক্তহস্তে দান-বৰঙনি দিয়াৰ খবৰো আহিছে সামাজিক মাধ্যমৰ যোগেদি। সামাজিক মাধ্যমৰ এই ৰূপ দেখি বহুতৰে মনত প্রশ্ন হৈছে- একৈশ শতিকাত দেশপ্রেম প্রকাশৰ এয়া এক ন ৰূপ নেকি? এতিয়া ৰাজপথলৈ নোলোৱাকৈয়ো প্রতিবাদ হ'ব পাৰে, জনসভা অনুষ্ঠিত নকৰাকৈয়ো জনমত গঠন হ'ব পাৰে- ডিজিটেল যুগত জাতীয়তাবাদ, দেশপ্রেম প্রকাশৰ স্থানো হয়তো হ'ব পাৰে ডিজিটেল প্লেটফর্ম।

কিন্তু এইখিনিতে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলোৱেই কিছু সাৱধানতা অৱলম্বন কৰা আৰু বিবেচক হোৱাৰ প্রয়োজন। পৰিসংখ্যা অনুসৰি, ডিজিটেল মাধ্যম ব্যৱহাৰকাৰীৰ সংখ্যাত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত। অর্থাৎ দেশৰ এক বুজনসংখ্যক লোকে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰে, ব্যৱহাৰ কৰে সামাজিক মাধ্যম। এই সামাজিক মাধ্যমত যিকোনো কথাই তড়িৎ গতিত প্ৰচাৰ লাভ কৰে। সঁচা-মিছাৰ বিচাৰ নোহোৱাকৈয়ে বহু সময়ত 'খবৰ', 'মন্তব্য' সামাজিক মাধ্যমত ভয়ানকভাৱে বিয়পি পৰে। দেখা যায় সত্যাসত্যৰ বিচাৰ নকৰাকৈয়ে প্রধানতঃ আৱেগিকভাৱে এইধৰণৰ প'ষ্টবোৰ নিৰ্বিচাৰ 'ফৰৱাৰ্ড' কৰা হয়- বিয়পি পৰে সকলোতে। দৰাচলতে সামাজিক মাধ্যমত যেন সত্যতকৈয়ো দ্রুতগতিত বিয়পি পৰে আৱেগ। আৱেগৰ বেগ সত্যতকৈয়ো বেছি। আৰু এনে সময়তে একোটা ভুৱা প'ষ্টে জনসাধাৰণৰ মাজত সৃষ্টি কৰে বিভ্রান্তি-অসূয়া বিয়পে, ভাতৃত্ববোধত কেৰোণ লাগে, শত্ৰুৱে সিন্ধি দিয়াৰ সুৰুঙা বিচাৰি পায়। মনত ৰাখিব লাগিব শত্রু কেৱল সীমান্তৰ সিপাৰেই নাই, এই পাৰেও দেশপ্ৰেমিকৰ মুখা পিন্ধি কোনোবা শত্রু সোমাই থকাৰ আশংকাক নুই কৰিব নোৱাৰি, সেইবোৰ শত্ৰুৱে ভাঙিব খোজে দেশৰ নাগৰিকৰ একতাৰ ডোল। এই সুযোগ যেন তেওঁলোকে নাপায়, সামাজিক মাধ্যম যেন এই সুযোগ বিয়পোৱাৰ বাট নহয়, তাৰ বাবে সকলোৱে সচেষ্ট থকা প্রয়োজন। এই সময় সাৱধানে থকাৰ সময়, শত্রুৱে আসৈ নোপোৱাকৈ থকাৰ সময়। সেয়ে ৰীল, মিম, প'ষ্ট, মন্তব্য সামাজিক মাধ্যমলৈ প্ৰেৰণ কৰোঁতে সকলো সাৱধান হোৱা প্রয়োজন। বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমত থকাৰ দৰে সামাজিক মাধ্যমত কোনো সম্পাদক নাই। সেয়ে ইয়াত প'ষ্টসমূহ বাছনি কৰাৰ বা নিৰ্বাচন কৰাৰ বা সম্পাদনা কৰাৰ সুযোগ-সুবিধা নাই। প্ৰেৰণ কৰোঁতাজনে যি দিয়ে সেয়াই বাকীসকল অংশগ্রহণকাৰীয়ে লাভ কৰে। গতিকে প্ৰেৰণ কৰোঁতাজন সাৱধান নহ'লে, বিবেচক নহ'লে ফিৰিঙতিতে খাণ্ডৱ দাহ হোৱাৰ আশংকা সৰহ।

সন্ত্রাসবাদী আক্ৰমণৰ এক যোগ্য প্রত্যুত্তৰ ভাৰতে দিব লাগে- সেয়া প্রতিজন সচেতন ভাৰতবাসীয়েই কামনা কৰে। কিন্তু যোগ্য প্রত্যুত্তৰ মানে পূৰ্ণ পৰ্যায়ৰ এখন যুদ্ধনে? সচেতন ভাৰতবাসীয়ে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ কামনা কৰেনে? যুদ্ধ ধেমালি নহয়, ই জীৱন-মৰণৰ খেল। সামাজিক মাধ্যমত শত্রু দেশক এশিকনি দিয়াৰ নামত পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ সমৰ্থনত একাংশ সৰৱ হোৱা দেখা যায়। কিন্তু যুদ্ধৰ ভয়াৱহ দিশটোৰ প্ৰতি এওঁলোক সজাগ-সচেতন নে? ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ ভাৰত-পাক্‌ ক্রিকেট মেচ নহয়। এই যুদ্ধত হতাহত হ'ব বহুজন, হয়তো ভাগি পৰিব দেশৰ অৰ্থনীতি। সেইবোৰ দিশৰ কথাও ভাবিব লাগিব। এখন পূর্ণ পৰ্যায়ৰ যুদ্ধলৈ নোযোৱাকৈ কূটনৈতিক কৌশলেৰে শত্ৰু ৰাষ্ট্ৰক পৰাভূত কৰিব পৰাটোৱেই হ'ব পাৰে দেশৰ বাবে সবাতোকৈ সার্থক পদক্ষেপ। প্রকৃত বিজয়। প্রয়োজনত যুদ্ধৰ বিৰোধিতা নকৰাকৈয়ো ক'ব পাৰি যুদ্ধ হ'ব পাৰে অন্তিম বিকল্প, কিন্তু তেতিয়াও আমি মনত ৰাখিব লাগিব যুদ্ধ উৎসৱ নহয়, ই আনন্দৰ উদযাপনো নহয়। যুদ্ধ মানেই বিভীষিকা, যুদ্ধ মানেই ভয়াৱহতা।

Share This