দৈনিক জনমভূমিঃ কিছুদিন পূর্বে খোদ কেন্দ্ৰীয় চৰকাৰেই প্ৰচাৰ চলাইছিল যে চলিত বৰ্ষতে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিণত হৈছে। নিটি আয়োগৰ চি ই অ'ভি আৰ সুব্রমণিয়মে সগৌৰৱে প্ৰকাশ কৰিছিল যে ভাৰত চতুর্থ বৃহত্তম অর্থনীতি হোৱাৰ তথ্য দাঙি ধৰিছে আই এম এফে। বিশেষকৈ ভাৰতৰ জি ডি পি ৪ ত্রিলিয়ন ডলাৰত উপনীত হোৱাৰ পাছতে জাপানক চেৰাই ভাৰত এই গৌৰৱৰ অধিকাৰী হয়। স্বাভাৱিকতেই দেশবাসীক উৎফুল্ল কৰাৰে খবৰ।
প্ৰধানমন্ত্ৰী নবেন্দ্র মোদীয়েও কৈছে- ১৪০ কোটি জনতাৰ প্ৰচেষ্টাত ভাৰতবৰ্ষই দহৰ পৰা চতুর্থ স্থানলৈ উত্তৰণ ঘটাইছে আৰু এক শক্তিশালী অর্থনীতিত পৰিণত হৈছে। সি যি নহওক, এই কথা ভাবিয়েই ভাল লাগিব যে অর্থনীতিৰ দৌৰত বিশ্বৰ উন্নত, উন্নয়নশীল আৰু দ্রুত উন্নয়নশীল দেশসমূহৰ ভিতৰত ভাৰতে ইখনৰ পাছত সিখন দেশক পিছ পেলাই বর্তমান চতুর্থ স্থানত অৱতীৰ্ণ হৈছে। দৌৰৰ এই গতি অব্যাহত থাকিলে ভাৰতে এটা সুস্থিৰ স্থানত অৱতীৰ্ণ হ'বলৈ আৰু খুব বেছি দিন হয়তো নালাগিব। কিন্তু প্রকৃতাৰ্থতেই অর্থনীতিৰ সকলোবোৰ বিধি মানি ভাৰত শক্তিশালী ৰাষ্ট্ৰত পৰিণত হৈছেনে? বিশ্বৰ পঞ্চম স্থানত অবতীর্ণ এখন দ্রুত উন্নয়নশীল দেশ হিচাপে ইয়াৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হৈছেনে?
আত্মনির্ভৰশীলতা বাঢ়িছেনে? প্রধানমন্ত্রীয়ে এই কথাও কৈছে যে যোৱা সময়ছোৱাত দেশত দৰিদ্ৰৰ বাবে সর্বাধিক ধন ব্যয় কৰা হৈছে। অর্থাৎ, দৰিদ্ৰ জনগণৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে যাৰ দ্বাৰা জনগণে দুবেলা-দুমুঠি খাবলৈ পাইছে আৰু সকাহ লাভ কৰিছে। এই কথা সত্য যে বিগত সময়ছোৱাত দেশৰ দৰিদ্ৰ জনগণক চৰকাৰীভাৱে বিনামূলীয়াকৈ চাউল দি অহা হৈছে, একাউণ্টত মাহে মাহে ধন ভৰাই দিয়া হৈছে, খেতি কৰিবলৈও ছিজন অনুসৰি ধন দিয়া হৈছে। সেইদৰে ৰাস্তা-পদূলি, দলং-উৰণীয়া সেতু আদি নিৰ্মাণ কৰা হৈছে। দৰিদ্ৰ ৰাইজে ধন চুবলৈ পাইছে, খৰচ কৰিব পাৰিছে আৰু ধুনীয়া পথেৰে অহা-যোৱা কৰিব পাৰিছে, আত্মসন্তুষ্টি লভিছে। আৰু এই দৰিদ্ৰ শ্ৰেণীটোক সকাহ দিবৰ বাবে ধাৰৰ উপৰি ধাৰ লৈ চৰকাৰ জুৰুলা হৈছে। ধাৰৰ বোজাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে আকৌ ৰাজহুৱা উৎপাদন ক্ষেত্রসমূহ এখনৰ পাছৰ আনখন পুঁজিপতিক বিক্ৰী কৰি গৈ আছে। ইবিধৰ পাছত সিবিধ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। কৰকে ধৰি অৰ্থনীতিৰ আন আন ক্ষেত্রসমূহতো চৰকাৰী সংগ্ৰহ বৃদ্ধি কৰি গৈ আছে। প্রশ্ন হয়- এয়াই অর্থনৈতিক উন্নতি নেকি?
ধাৰৰ মেটমৰা বোজা, আত্মনিৰ্ভৰশীলতা নোহোৱাকৈ কেনেদৰে অৰ্থনৈতিক উন্নতি? আৰু ধাৰ লৈ কৰা অর্থনৈতিক উন্নয়নৰ স্থায়িত্বই বা কিমান? দেশত এনেকুৱাও হৈছেগৈ যে চৰকাৰে দৰিদ্ৰৰ কথা অধিক চিন্তা কৰা দেখুৱাই যেন মধ্যবিত্তীয় চামৰ ওপৰত হেঁচা বঢ়াই গৈছে। যাৰ বাবে মধ্যবিত্তীয়-নিম্ন মধ্যবিত্তীয় চামৰ মাজত নানান অনাহত ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে। বহুতে অভিযোগ কৰে যে গ্রাম্য দৰিদ্ৰ ৰাইজে শাক-পাচলিকে ধৰি কৃষিকার্য, পশুপালন আদি ঘৰতে কৰিব পাৰে। চৰকাৰে চাউল দিছে, ধন দিছে, চিকিৎসা দিছে। তেওঁলোকে প্রফেশ্যনেল টেক্স, ইনকাম টেক্স আদি একো দিব নালাগে। সেইফালৰ পৰা গ্ৰাম্য দৰিদ্ৰ লোকৰ উপাৰ্জন তথা আত্মনির্ভশীলতা বাঢ়িব লাগিছিল। কিন্তু বাস্তবিকতে তেনে হৈছেনে? বৰং তেওঁলোক ক্রমাৎ পৰনিৰ্ভৰশীল হৈ পৰা তথা কর্মবিমুখ হোৱা অবস্থাই গ্রাম্য অর্থনীতিলৈ সংকট নমাই অনাৰহে আশংকা কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে আকৌ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত চামে চৰকাৰী খণ্ডই হওক, বে-চৰকাৰী খণ্ডই হওক মূৰ ঘমাই হাতৰ ঘড়ী চাই কাম কৰিব লাগে। তেওঁলোকে চৰকাৰী সকলোবোৰ কৰ আদায় দিব লাগে। দামৰো দাম ভৰি চাউল-দাইলৰ পৰা পেট্রল-ডিজেললৈকে সকলোবোৰ ক্ৰয় কৰিব লাগে। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশ মধ্যবিত্তীয় লোক। এই মধ্যবিত্তীয় চামৰ দেশৰ অর্থনীতিলৈ অৱদানো যথেষ্ট। তাৰ পাছতো তেওঁলোক চৰকাৰী আঁচনিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত অর্থাৎ তেওঁলোকৰ বাবে কোনো চৰকাৰী আঁচনি নাই। এই কথা অপ্রিয় সত্য যে এই চামটোৰ অধিকাংশই মাহৰ উপাৰ্জনেৰে কাণে কাণ মাৰিহে পৰিয়াল ভৰণ-পোষণ দিব পাৰে। অথচ এই কথা তেওঁলোকে কাকো ক'বও নোৱাৰে, দেখাবও নোৱাৰে। যোৱা সময়ছোৱাতে দেশত বহু মধ্যবিত্তীয় পৰিয়ালত আত্মহননৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। দেশত প্রতিদিনেই এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে আছে। নেশ্যনেল ক্রাইম ৰেকৰ্ড ব্যুৰ'ৰ তথ্য মতে ভাৰতবৰ্ষত সংঘটিত আত্মহননৰ ঘটনাসমূহৰ অন্যতম কাৰণ হৈছে অর্থনৈতিক সংকট।
কভিডৰ পাছৰ পৰা দেশত এনে সংকট বৃদ্ধি পাইছে। ২০২১ চনত দেশত ১.৬৪ লাখ লোক আত্মঘাতী হৈছিল, য'ত ৪০ শতাংশৰ কাৰণ আছিল অর্থনৈতিক। অর্থাৎ কম উপার্জন, কর্মহীনতা আৰু ধাৰৰ বোজাৰ বাবেই তেওঁলোকে অনাকাংক্ষিত পথ বাছি লৈছিল। এনেবোৰ ঘটনা দেশ আৰু দহৰ বাবেই মুঠেই মংগলজনক নহয়। সেয়ে নিটি আয়োগ, আই এম এফ, প্রধানমন্ত্রী মোদীৰ ঘোষণা আৰু বক্তব্যই 'কর্ণসুখ' দিলেও বাস্তবক্ষেত্রত বিষয়টো চিন্তিত হৈয়ে আছে। সেয়ে বহুতে প্রশ্ন উত্থাপন কৰিছে- আমাৰ দেশ যদি জাপানতকৈ আগেই বাঢ়িছে, তেতিয়াহ'লে জাপানৰ লোকতকৈ আমাৰখিনি মানুহৰ জীৱন ধাৰণৰ শৈলী অৱনমিত কিয়? যোৱা সময়ছোৱাত বিজেপি চৰকাৰে আমাৰ দেশত দীঘলীয়া কার্যকাল চলাইছে। তেওঁলোকৰ শাসনত দেশৰ দৰিদ্ৰ শ্রেণীটো ক্রমাৎ আত্মনির্ভৰশীল হৈ উঠিব লাগিছিল। সেইদৰে ইয়াৰ কাৰ্যব্যবস্থাও হ'ব লাগিছিল। হ'ব লাগিছিল ধাৰৰ বোজা হ্ৰাসৰ ব্যৱস্থা। দৰিদ্ৰৰ বাবে প্ৰণয়ন কৰা হিতাধিকাৰী আঁচনিবোৰো ক্ৰমাৎ সংকুচিত হৈ আহিব লাগিছিল, চৰকাৰী অযথা ব্যয় হ্রাস পাব লাগিছিল। সকলো শ্ৰেণীৰ লোকৰ সকাহ হোৱাকৈ হ্রাস পাব লাগিছিল বন্ধন গেছ, পেট্র-ডিজেলকে ধৰি দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম। অথচ এইবোৰ এতিয়াও দেখা নগ'ল। এতিয়া এই সকলোবোৰ দেখি-শুনি থাকি দেশৰ দ্রুত অর্থনৈতিক উন্নয়ন হোৱা বুলি জনগণ পতিয়ন যাবই বা কিদৰে?