আজিৰ সম্পাদকীয়, এল নিনোৰ প্ৰভাৱ

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : 'এল নিনো' শব্দটো আমাৰ মুলুকৰ সাধাৰণ মানুহে শুনা বৰ বেছি দিন হোৱা নাই। এই শব্দটো এতিয়া আমাৰ ৰাজ্যৰ সৈতেও সাঙোৰ খাই পৰিছে। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে অৰুণাচল, ধেমাজি, জোনাইৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহি, যোৱা বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যৰ তিনিগৰাকী মন্ত্রী, সতীর্থ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক লৈ বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে অনুষ্ঠিত কৰা পৰ্যালোচনা সভাৰ অন্তত সাংবাদিক মেলত কয় যে সম্প্রতি আমাৰ দেশ 'এল নিনো'ৰ গুৰুতৰ পৰিস্থিতিৰ গ্ৰাসত পৰিছে, আৰু অসমৰ ১২খন জিলাও এই পৰিস্থিতিৰ ফলত প্ৰভাৱিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট জিলাসমূহৰ কৃষকসকল ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। 

'এল নিনো' হ'ল বিষুৱ ৰেখাৰ কাষত মধ্য আৰু পূর্ব প্রশান্ত মহাসাগৰৰ জলপৃষ্ঠত সৃষ্টি হোৱা এক উষ্ণ অৱস্থা। 'এল নিনো'ৰ সময়ত পূবৰ পৰা পশ্চিমলৈ বলা শক্তিশালী বতাহে প্রশান্ত মহাসাগৰৰ সেই উষ্ণ জলৰাশিৰ এছিয়ালৈ প্ৰৱাহ ঘটোৱাৰ বিপৰীতে দক্ষিণ আমেৰিকাৰ উপকূললৈ প্ৰৱাহ ঘটায় শীতল, পুষ্টি সমৃদ্ধ জলৰাশি। আমি 'এল নিনো' শব্দটো দেৰিকৈ শুনিলেও প্রতি ৭-৯ বছৰৰ ব্যৱধানত এই প্রাকৃতিক পৰিঘটনা ঘটি থাকে। এইবাৰ 'এল নিনো'ক 'ছুপাৰ এল নিনো' বুলি কোৱা হৈছে এইবাবেই যে এইবাৰ প্রশান্ত মহাসাগৰীয় জলৰাশিৰ উষ্ণতা গড় হাৰতকৈ ২ ডিগ্রী চেন্টিগ্রেড অধিক বৃদ্ধি পাইছে। ফলত এইবাৰ ইয়াৰ কু-প্ৰভাৱবোৰ পূৰ্বতকৈ বেছি হোৱাৰ আশংকা কৰিছে পৰিৱেশবিদসকলে। কাৰণ, এই 'ছুপাৰ এল নিনো'য়ে প্রাকৃতিক চাপৰ প্ৰণালীটোত প্রভাৱ পেলাই জলীয়ভাপ সমৃদ্ধ দক্ষিণ-পশ্চিম মৌচুমী বতাহক দুৰ্বল কৰি তোলে। ইয়াৰ পৰিণতিত বৰষুণ কমে, বৃহৎ অঞ্চল খৰাঙৰ কবলত পৰে, গ্ৰীষ্মপ্ৰৱাহৰ মাত্রা অধিক কৰে। অন্য প্ৰভাৱৰ লগতে ঠায়ে ঠায়ে সৃষ্টি হ'ব জল-সংকটৰ। এই প্রাকৃতিক পৰিঘটনাবিলাকে দেশৰ কৃষি ক্ষেত্ৰত কি প্ৰভাৱ পেলাব সেয়া সহজেই অনুমেয়। 

কেন্দ্রীয় কৃষি মন্ত্ৰীগৰাকীয়ে বুধবাৰে গুৱাহাটীত সেই পৰিস্থিতিৰ কথাকে ক'লে। দেশৰ বিকাশত বহু নন বিষয়ৰ সংযোগ ঘটিছে যদিও এতিয়াও ভাৰতীয় অর্থনীতিৰ মেৰুদণ্ড হৈ আছে কৃষি। কৃষি খণ্ডই দেশৰ অৰ্থনীতিলৈ ১৮ শতাংশ অৱদান আগবঢ়ায়। দেশৰ ৪৬ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। তেনে অৱস্থাত 'ছুপাৰ এল নিনো'ৱে দেশৰ অর্থনীতিলৈ কি সংকট আনিব তাকো অনুমান কৰা কঠিন নহয়। অৱশ্যে, জাপানৰ 'এজেঞ্চি ফৰ মেৰাইন- আর্থ ছায়েন্স এণ্ড টেকন 'লজি' নামৰ সংস্থাটোৱে কৈছে যে অহা জুলাই মাহৰ পৰা ভাৰত মহাসাগৰত এটা 'ধনাত্মক প্ৰৱাহ (Positive wave)ৰ সৃষ্টি হ'ব পাৰে (ইয়াক Positive Indian Ocean Dipole (IOD) বুলি কোৱা হয়), যাৰ ফলত ছুপাৰ এল নিনোৰ প্ৰভাৱ কিছু হ্রাস পাব পাৰে, কাৰণ এই 'ধনাত্মক প্রৱাহ'এ শীতল জলীয় বাষ্প প্রৱাহ ঘটায়। সেয়া এক বেলেগ অধ্যায়, কিন্তু বর্তমান শালি খেতিৰ বতৰত দেশত বতৰৰ বৰ্তমান যি এক ভয়াৱহ অৱস্থা হৈছে সেয়া অতি চিন্তনীয়, প্রকাশিত তথ্য মতে, জুন মাহটো যোৱা ১২ বছৰৰ ভিতৰত আটাইতকৈ খৰাং বতৰ ৰূপে চিহ্নিত হৈছে আৰু ১৯০১ চনৰ পৰা আজিলৈকে বতৰৰ এনে অৱস্থা পঞ্চমবাৰলৈ হৈছে। চলিত জুলাই মাহটোতো দেশত গড় হাৰতকৈ কম বৰষুণ হ'ব বুলি বতৰ বিজ্ঞানীসকলে পূর্বানুমান কৰিছে। গৰাকী দেশৰ বহু জিলাত কৃষিজীৱী লোকসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, বতৰৰ এই অৱস্থাৰ বাবে জুন মাহত শস্য সিঁচাৰ পৰিমাণ অভাৱনীয়ভাবে কম হৈছে। 

২০২৫ বৰ্ষৰ এই সময়তে কৃষকে ২৩.৬৫ নিযুত হেক্টৰ মাটিত শস্য সিঁচিছিল, এইবাৰ সেই পৰিমাণ ১৮.২৭ নিযুত হেক্টৰলৈ কমিল প্রতিকূল বতৰৰ বাবে। ধান, মাহ, তৈল বীজ, কপাহ, কুঁহিয়াৰ, মৰাপাট আদিৰ খেতি কৰাৰ বতৰ এই গ্ৰীষ্মৰ সময়খিনি। সাধাৰণতে হোৱা ৭০% বৰষুণৰ ওপৰত এই খেতি নিৰ্ভৰ। কিন্তু পৰিৱৰ্তিত বতৰে জীৱন-যাত্রা অন্য বহু দিশলৈ পৰিৱৰ্তন অনাৰ সমান্তৰালকৈ খেতিপথাৰবোৰত পোনপটীয়াকৈ আঘাত হানিছে। এইবাৰৰ ছুপাৰ 'এল নিনো'ৱে কৃষি ক্ষেত্ৰখনক আৰু অধিক ক্ষতিগ্রস্ত কৰিব বুলি সংশ্লিষ্ট সকলোপক্ষই আশংকা ব্যক্ত কৰিছে। গুৱাহাটীত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ বক্তব্যত সেই আশংকাৰে প্ৰতিফলন ঘটিল। 

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে প্রকাশ কৰা মতে, এইবাৰ দেশৰ মুঠ ৩১৫খন জিলাক এল নিনোৱে ক্ষতিগ্রস্ত কৰিব। ইয়াৰে ১১১খন জিলাত জলসিঞ্চনৰ ব্যৱস্থা ২৫ শতাংশতকৈও কম আছে। প্রাপ্ত তথ্য মতে, 'এন নিনো' সাধাৰণতে ৯ৰ পৰা ১২ মাহলৈকে থাকে। যদি এয়ে হয় তেনেহ'লে উল্লিখিত জিলাসমূহৰ জনসাধাৰণ, বিশেষকৈ কৃষকসকলৰ অৱস্থা কি হ'ব সেয়া নক'লেও বুজি পোৱা যায়। কৃষি মন্ত্রীয়ে কৈছে আমাৰ ৰাজ্যৰ ১২খন জিলাও প্ৰভাৱিত হ'ব। নিশ্চিতভাৱে এয়া এক গুৰুতৰ সংকটৰ সময়। আমাৰ ৰাজ্যত কিছুমান অঞ্চলত বৰষুণ হৈছে বা ঠায়ে ঠায়ে বানপানী হৈছে যদিও বৃহৎ অংশত এই জুলাই মাহৰ ভৰ খেতিৰ বতৰত পথাৰবোৰত খৰাং সদৃশ অৱস্থা বিৰাজ কৰিছেই। পানীৰ অভাৱত বহুতেই শালি খেতিৰ কঠীয়াই পাৰিব পৰা নাই। উজনি অসমৰ ধানৰ ভঁৰালসদৃশ তিতাবৰৰ কৃষকে মূৰত হাত দি বৰষুণলৈ অপেক্ষা কৰিবলগীয়া হৈছে। আন বহু ঠাই একে দশা। এই দুৰ্যোগৰ ৰাজ্যবাসীয়ে কেনেদৰে সন্মুখীন হ'ব, চৰকাৰে কেনেদৰে সহায় কৰিব সেয়া লক্ষণীয় হ'ব।

Share This